মহাজোঁটত থকাৰ বাবে বিপিএফৰ আসন হ্রাস হ’লঃ বিধায়ক দুর্গাদাস বড়ো
সাক্ষাৎগ্রহণঃ গুণজিৎ ভট্টাচার্য
…কংগ্রেছ আৰু ইউডিএফৰ একাংশ বিধায়কে মন্তব্য আগবঢ়াইছে যে মহাজোঁটত থকাৰ বাবেহে বিপিএফে চাৰিখন আসন লাভ কৰিছে৷ মহাজোঁটৰ পূর্বে বিপিএফে আগৰ ২টাকৈ বিধানসভা নির্বাচনত ১০–১২খন আসন লাভ কৰিছিল৷ গতিকে এইবাৰ নির্বাচনত আমি চাৰিখন আসনহে লাভ কৰিলোঁ৷ এই পৰিসংখ্যাটো চালেই এটা কথা স্পষ্ট হয় যে মহাজোঁটত থকাৰ বাবেহে আমি আসন হেৰুৱালোঁ৷ আমাৰ ৰাজনৈতিক অংক শুদ্ধ নাছিল৷ আনহাতে, আমাৰ দলীয় নেতা হাগ্রামা মহিলাৰীয়ে সততে কৈ আহিছে যে বিপিএফৰ পৰিসৰ কেৱল বিটিচিতেই সীমাবদ্ধ…
বিধানসভা আৰু বিটিচিৰ দুয়োটা নির্বাচনতে বিপিএফ পৰাজয়ৰ সন্মুখীন হৈছে৷ ইয়াৰ বিপৰীতে বিজেপি আৰু ইউপিপিএলৰ উত্থানে বিটিচিত বিপিএফৰ ভৱিষ্যৎ কিছু সংকটলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে৷ বিপিএফৰ পুনৰ উত্থান হ’বনে?
ঃ বিটিচিত বিপিএফ সংকটৰ সন্মুখীন হোৱা নাই৷ বিটিচি নির্বাচনৰ প্রসংগ উল্লেখ কৰি মই কওঁ– আমি নির্বাচনত ১৭খন আসন পাইছিলোঁ৷ সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নাম্বাৰ ২১খন আসনো আমাৰ যোগাৰ হৈছিল৷ কিন্তু সেই সময়ত ৰাজ্য চৰকাৰৰ মন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইউপিপিএল আৰু বিজেপিয়ে যৌথভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা বুলি ৰাজ্যপালক পতিয়ন নিওৱাত আমাক চৰকাৰ গঠন কৰিবলৈ দিয়া নহ’ল৷ আপুনি বিধানসভা নির্বাচনৰ কথা উল্লেখ কৰিছে৷ এই প্রসংগত মোৰ পোনপটীয়া উত্তৰ হ’ব– নির্বাচনত যদিও আমি কেইবাখনো আসন হেৰুৱাইছোঁ, তাৰ পিছতে বিটিএডিৰ অন্তর্গত প্রতিখন জিলা সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰি বিপিএফে সাংগঠনিকভাৱে নিজৰ শক্তিশালী স্থিতি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ সেয়ে নহয়, আমাৰ ভগ্ণী সংগঠনসমূহকো শক্তিশালী কৰা হৈছে৷ আমি এই অধিৱেশন অনুষ্ঠিত কৰা সময়ত প্রত্যক্ষ কৰিলোঁ যে বহু অঞ্চলত বিপিএফৰ তৃণমূল পর্যায়ৰ কর্মীয়ে এতিয়াও আমাৰ দলক শক্তিশালী কৰাৰ বাবে উঠি–পৰি লাগিছে৷ দলৰ সভাপতি হাগ্রামা মহিলাৰীয়ে এনেধৰণৰ প্রতিখন সভাত উপস্থিত থাকি দলৰ কর্মীৰ মনোবল শক্তিশালী কৰাৰ লগতে তৃণমূল কর্মীক উৎসাহিত কৰিছে৷ লক্ষণীয় দিশটো হ’ল যে যদিও বিটিচিত ইউপিপিএল আৰু বিজেপিৰ শাসন চলি আছে, তাৰ পিছতো আমাৰ সভাবোৰত ৰাইজৰ উপস্থিতিয়ে এনে এখন ছবি দাঙি ধৰিছে যে বিটিচিত এতিয়াও বিপিএফৰ চৰকাৰ আছে৷ এই কথাটো মই এই কাৰণে জোৰ দি ক’ব পাৰিছোঁ যে ইউপিপিএলৰ বহু নেতা–কর্মীয়ে এতিয়া তেওঁলোকৰ নিজৰ দলৰ এবছৰীয়া চৰকাৰক লৈ তীব্র অসন্তুষ্টিত ভুগিছে৷ বিটিচিপ্রধান প্রমোদ বড়োৰ কাম–কাজক বেয়া পোৱাই নহয়, ক্ষোভৰ উদ্গীৰণ ঘটাই বিটিচিৰ এই চৰকাৰ সলনি কৰাৰো দাবী তুলিছে৷ আনকি হৰিশিঙাৰ ইউপিপিএলৰ নির্বাচিত কার্যবাহী সদস্যগৰাকীয়ে প্রমোদ বড়ো এণ্ড কোম্পানীৰ বিটিচিৰ আসন বিজেপিক বিক্রী কৰাৰো অভিযোগ তুলিছে৷ বহু অঞ্চলত এতিয়া ইউপিপিএলৰ সদস্যই বিপিএফলৈ আহিব বিচাৰিছে৷ আমি আচৰিত হৈছোঁ যে ইউপিপিএল নেতৃত্বাধীন বিটিচিৰ চৰকাৰখনে শেহতীয়াকৈ নিজ দলৰ তৃণমূল কর্মীকে সন্তুষ্ট কৰিব পৰা নাই৷ অকল সন্তুষ্টই নহয়, চৰকাৰখনৰ কাম–কাজক লৈও চৰম অনিশ্চয়তাত ভুগিছে তৃণমূল কর্মী৷ আনকি ইউপিপিএল দলৰ সদস্যৰ পৰাও কামৰ বাবদ এই চৰকাৰখনৰ একাংশই ২০–৩০ শতাংশ কমিছন লোৱাৰো অভিযোগ উঠিছে৷ গতিকে, দেখা গৈছে যে বিটিচিত বিপিএফ সংকটলৈ যোৱা নাই৷ ইউপিপিএলৰ এবছৰীয়া কাম–কাজেই চৰকাৰখনৰ ভাবমূর্তি ম্লান কৰিছে আৰু ইয়াৰ পৰা বিপিএফ সাংগঠনিকভাৱে শক্তিশালী হৈছে৷ আপোনাক মই উদাহৰণ এটা দিওঁ– কিছুদিন পূর্বে বিটিচি চৰকাৰে বিটিআৰৰ বর্ষপূর্তি পালন কৰিলে৷ বিটিআৰ চুক্তিত বর্ষপূর্তিত এই চুক্তিখন সম্পূর্ণ কৰা বুলিও ইউপিপিএলে দাবী তুলিলে৷ কিন্তু স্থানীয় ৰাইজে বিটিআৰ চুক্তিত কি কাম হ’ল, সেয়া আজিলৈকে প্রত্যক্ষ কৰিব পৰা নাই৷ বিগত এবছৰত বিটিচি চৰকাৰখনে কেৱল আভুৱা–ভাঁৰিছে৷ বিটিআৰ চুক্তিৰ বর্ষপূর্তিত প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে ঘোষণা কৰিব লাগিছিল যে তেওঁলোকে কেন্দ্রৰ পৰা কিমান পৰিমাণৰ ধন আনিবলৈ সক্ষম হ’ল, কিমান পৰিমাণৰ ক্ষমতা বিটিচিলৈ হস্তান্তৰ হ’ল, কিমানসংখ্যক যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ল৷ কিন্তু সেই ক্ষেত্রত প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰখন নিৰুত্তৰ৷ বিটিচিৰ চাৰিখন জিলাৰ উপায়ুক্তসকলক এগৰাকী সচিব পর্যায়ৰ ক্ষমতা প্রদান কৰি দৰাচলতে বিটিচিৰ প্রায় সকলো ক্ষমতা দিছপুৰৰ হাতলৈহে নিছে৷ কার্যবাহী সদস্যসকলৰ ক্ষমতা এতিয়া সীমিত৷ পৰিতাপৰ বিষয়টো হ’ল যে বিগত ১৫ বছৰত বিপিএফৰ চৰকাৰ থকা সময়ত বিটিচিত তৃতীয় আৰু চতুর্থ বর্গত নিযুক্তি দিব পাৰিছিল৷ কিন্তু শেহতীয়াকৈ আমি প্রত্যক্ষ কৰিছোঁ যে ৰাজ্য চৰকাৰখনে তৃতীয় আৰু চতুর্থ বর্গৰ চাকৰিৰ ক্ষেত্রত এখন ব’ড গঠন কৰিছে৷ অর্থাৎ বিটিচিৰ অধীনত এতিয়াৰে পৰা তৃতীয় আৰু চতুর্থ বর্গৰ চাকৰি দিয়াটো বিটিচি চৰকাৰৰ বাবে সম্ভৱ নহ’ব৷ এই বিষয়বোৰে ইউপিপিএলক যিদৰে ৰাইজৰ মাজত আস্থাহীন কৰিছে, তাৰ বিপৰীতে বিপিএফক পুনৰ ৰাইজে আঁকোৱালি ল’বলৈ আগবাঢ়ি আহিছে৷
বিজেপিক উৎখাতৰ বাবে যোৱা নির্বাচনত বিপিএফে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হৈছিল৷ কিন্তু পুনৰ দিছপুৰত বিজেপি চৰকাৰ গঠনৰ পিছত বিপিএফ মহাজোঁটৰ পৰা আঁতৰি আহিল৷ সেয়াই নহয়, বিপিএফে এতিয়া শাসকীয় পক্ষৰ লগত থিয় দিছে৷ এয়া সুবিধাবাদী ৰাজনীতি নহয়নে? বিপিএফক ৰাইজে এতিয়া কি ধৰণে গ্রহণ কৰিব?
ঃ বিটিচিত এতিয়া বিপিএফৰ সভাত অতিকমেও ২–৩ হাজাৰ লোক সমৱেত হয়৷ সমৱেত লোকসকল দলীয় কর্মী তথা সমর্থকহে৷ ইয়াৰ দ্বাৰা প্রমাণ হয়– বিটিচিত এতিয়াও যথেষ্ট শক্তিশালী বিপিএফ৷ এতিয়া আপুনি সোধা সুবিধাবাদী ৰাজনীতিৰ প্রশ্ণটোলৈ আহোঁ– কংগ্রেছ আৰু ইউডিএফৰ একাংশ বিধায়কে মন্তব্য আগবঢ়াইছে যে মহাজোঁটত থকাৰ বাবেহে বিপিএফে চাৰিখন আসন লাভ কৰিছে৷ মহাজোঁটৰ পূর্বে বিপিএফে আগৰ ২টাকৈ বিধানসভা নির্বাচনত ১০–১২খন আসন লাভ কৰিছিল৷ গতিকে এইবাৰ নির্বাচনত আমি চাৰিখন আসনহে লাভ কৰিলোঁ৷ এই পৰিসংখ্যাটো চালেই এটা কথা স্পষ্ট হয় যে মহাজোঁটত থকাৰ বাবেহে আমি আসন হেৰুৱালোঁ৷ আমাৰ ৰাজনৈতিক অংক শুদ্ধ নাছিল৷ আনহাতে, আমাৰ দলীয় নেতা হাগ্রামা মহিলাৰীয়ে সততে কৈ আহিছে যে বিপিএফৰ পৰিসৰ কেৱল বিটিচিতেই সীমাবদ্ধ৷ গতিকে ৰাজ্যত যি দলৰে চৰকাৰ নহওক, সেই চৰকাৰৰ ওপৰত আমি নির্ভৰশীল হ’ব লাগে৷ বিটিচিত আমি কেতিয়াবা শাসকৰ ভূমিকাত, কেতিয়াবা আমি বিৰোধীৰ ভূমিকাত থাকিম৷ কিন্তু উন্নয়নৰ কাম আগুৱাই নিবলৈ আমি দিছপুৰত যি দলৰ চৰকাৰ গঠন হয়, সেই চৰকাৰৰ ওপৰতেই নির্ভৰশীল হ’বলগীয়া হয়৷ গতিকে আমাৰ বিধায়কসকলে উন্নয়নমূলক কাম–কাজ কৰিবলৈ হ’লে চৰকাৰৰ ওচৰলৈ যাবই লাগিব৷ বিপিএফৰ মূল কথা হ’ল, বিটিচিৰ উন্নয়নৰ বাবে আমি ৰাজ্যত যি দলৰ চৰকাৰেই নাথাকক, সেই দলৰ চৰকাৰকে সমর্থন দিম৷ শেহতীয়াকৈ আমি বিজেপিৰ মিত্রজোঁটৰ চৰকাৰক সমর্থন দিছোঁ৷ আগন্তুক সময়ছোৱাত ৰাজ্যসভা নির্বাচন, ৰাষ্ট্রপতি নির্বাচন, উপ–ৰাষ্ট্রপতি নির্বাচন আদিৰ ক্ষেত্রত আমাৰ বিধায়কসকলক দলে যিধৰণে নির্দেশনা দিয়ে, সেই দায়িত্ব পালন কৰিবলৈ আমি সাজু৷
বিজেপিৰ লগত ৰাজনৈতিক মিত্রতা নোহোৱাকৈ বিধায়িনী দলৰ মিত্রতা হ’ল বিপিএফৰ৷ কিন্তু বিটিচিত বিজেপি আৰু ইউপিপিএলৰ মিত্রতা আছে, তাৰ বিপৰীতে বিটিচিত আপোনালোক বিৰোধী৷ এনে বিষয়বোৰে বিটিচি অঞ্চলত প্রভাৱ নেপেলাবনে? বিপিএফে এইধৰণে মিত্রতাৰ বাবে আগবঢ়াৰ উদ্দেশ্য কি?
ঃ আপুনি চাওক, হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফে দুবাৰকৈ কংগ্রেছৰ সৈতে মিত্রতা কৰি ১০–১২খন আসন লাভ কৰিছে৷ একেদৰে বিজেপিৰ সৈতে মিত্রতা কৰি বিগত নির্বাচনত ১২খন আসন লাভ কৰিছে৷ বিটিচিৰ ৰাইজে কেৱল উন্নয়ন বিচাৰে আৰু ৰাইজৰ কথা মতেই দল চলে৷ ৰাইজে আমাক গ্রহণ কৰিব নে নাই, সেয়া বিগত নির্বাচনসমূহত স্পষ্ট হৈছে৷ অর্থাৎ আমি চৰকাৰ গঠন কৰিবলগীয়া দলৰ সৈতে নথকাৰ বাবে বিগত নির্বাচনত আমি ক্ষতিৰ সন্মুখীন হৈছোঁ৷ আপোনাৰ প্রশ্ণটোৰ প্রসংগতেই কওঁ– দেশৰ বিভিন্ন ঠাইত মিত্রতাৰ ক্ষেত্রত বেলেগ বেলেগ সমীকৰণ চলে৷ কেন্দ্রত যেতিয়া দেৱেগৌড়াৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, তেতিয়া তাত অসম গণ পৰিষদ অংশীদাৰ আছিল আৰু মন্ত্রিত্ব লাভ কৰিছিল অগপই৷ দেৱেগৌড়া নেতৃত্বাধীন চৰকাৰখন চলিছিল কংগ্রেছৰ সমর্থনত৷ অর্থাৎ কংগ্রেছৰ সমর্থনত চলা চৰকাৰখনতে অগপ অংশীদাৰ আছিল৷ তাৰ বিপৰীতে কিন্তু অসমত কংগ্রেছ আৰু অগপ শত্রু৷ এই বিষয়বোৰ ৰাজনীতিত স্বাভাৱিক৷ পৰিস্থিতিত দলে বিভিন্ন সিদ্ধান্ত ল’ব পাৰে৷ বিপিএফৰ বাবে যি সময়তেই যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই পৰিস্থিতিৰ লগত মিলি গৈ সিদ্ধান্ত লৈছিল৷ আন এটা কথা কওঁ– শাসকীয় দলৰ একাংশ নেতা তথা মন্ত্রী–বিধায়কে শেহতীয়াকৈ এনেধৰণৰ বক্তব্য আগবঢ়াইছে যে বিৰোধী বিধায়কৰ কোনো কাম–কাজৰ ক্ষমতা নাই৷ কার্যতঃ বিৰোধীক তেওঁলোকে উলাই কৰা বুলি আমাৰ অনুভৱ হয়৷ গতিকে এনেধৰণৰ উদ্দেশ্যৰ বিপৰীতে বিপিএফে চৰকাৰৰ সৈতে মিলি থাকি বিটিচিৰ উন্নয়ন কৰাৰ বাবেহে চৰকাৰৰ ওচৰত থিয় দিছে৷
বিটিচিত বিপিএফৰ সাংগঠনিক স্থিতি পূর্বতকৈ দুর্বল যেন পৰিলক্ষিত হৈছে৷ ২০২৬ চনৰ নির্বাচনৰ বাবে দলটোক শক্তিশালী কৰাৰ কাৰণে কি কার্যব্যৱস্থা হাতত লৈছে? ইউপিপিএলৰ সৈতে আপোনালোকৰ মিত্রতা হ’ব নেকি?
ঃ এটা কথা স্পষ্ট, বর্তমান ইউপিপিএলৰ সৈতে মিত্রতাৰ কোনো সম্ভাৱনাই নাই৷ দলৰ সভাপতি হাগ্রামা মহিলাৰীয়ে স্পষ্ট কৰি দিছে যে ইউপিপিএলৰ সৈতে কোনোধৰণৰ মিত্রতা নহয়৷ বিপিএফৰ লক্ষ্য হ’ল আগন্তুক ২০২৪ চনৰ আগলৈকে কোনো নির্বাচন নাই৷ গতিকে আমাৰ দলৰ সাংগঠনিক কাম–কাজ সফল কৰাৰ যথেষ্ট সুযোগ৷ আপুনি কোৱাৰ দৰে আমাৰ দল দুর্বল হোৱা নাই৷ বিগত নির্বাচনত আমাৰ ভোটৰ হাৰ সর্বাধিক৷ আপোনালোকে প্রত্যক্ষ কৰি আছে যে কংগ্রেছকে ধৰি একাংশ দলৰ পৰা অনেক সদস্য–নেতাৰ বিজেপিলৈ গমন হৈছে৷ বিটিচিতো শাসনৰ পৰা আঁতৰি যোৱাৰ পিছত বিপিএফৰ পৰা দলীয় কর্মী–নেতা শাসকীয় দললৈ যাব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া নহ’ল৷ ইয়াৰ কাৰণ হ’ল– আমাৰ দলীয় কর্মীসকলে উমান পাইছে যে বিপিএফৰ এটা ভাল দিন আহিব৷ অন্ততঃ চাৰি বছৰৰ পিছত আমি ভাল ফল দেখুৱাবলৈ সক্ষম হ’ম৷ আন এটা দিশ হ’ল, পূর্বে বিটিচিত হাগ্রামা মহিলাৰীৰ প্রতিদ্বন্দ্বী নাছিল৷ অর্থাৎ হাগ্রামা মহিলাৰীয়ে কিমান পৰিমাণৰ ভাল কাম কৰিছে অথবা কেনেধৰণৰ নেতা, তাক জুখি চাবলৈ প্রতিদ্বন্দ্বী নাছিল৷ কিন্তু ইউপিপিএলৰ উত্থানে হাগ্রামা মহিলাৰীক জুখি চাবলৈ ৰাইজক সুযোগ দিলে৷ হাগ্রামা মহিলাৰীৰ শাসন উত্তম আছিল নে বর্তমানৰ প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ শাসন উত্তম, সেয়া ৰাইজে জুখি চোৱাৰ সুযোগ পাইছে৷ জুইত সোণ পুৰি উজলোৱাৰ দৰে বিপিএফৰ শেহতীয়া পৰাজয়ে হাগ্রামা মহিলাৰীক ৰাজনীতিত সোণৰ দৰে উজলাই তুলিছে৷