মাছ আৰু অসমীয়া জনজীৱন একেটি মুদ্রাৰে ইপঠি–সিপিঠি৷ অসমৰ সমাজ–সংস্কৃতি আৰু জনজীৱনৰ লগত অতি ওতপ্রোতভাৱে সংপৃক্ত হৈ থকা শতীলৰক্তী প্রাণীটিয়েই মাছ৷ স্বাদ, পৰিপুষ্টি, বজাৰ দৰ, চাহদা আদি সকলো দিশৰ পৰা এইবিধ জলজীৱ একক, অনন্য আৰু অদ্বিতীয়৷ সেয়েহে মীন পালন আৰু মীন পালকসকল আমাৰ সমাজ জীৱনৰ অভিন্ন অংগ৷ প্রায় পাঁচ লাখ হেক্টৰ মীন সম্পদৰ প্রাচুর্যৰে ভৰপূৰ আমাৰ সুজলা–সুফলা বিনন্দীয়া ৰাজ্যখনৰ গ্রামীণ অর্থনীতিৰ ক্ষিপ্র বিকাশ আৰু অধিক কর্মস্থল সৃষ্টিৰ বাবে মীন খণ্ডৰ সম্ভাৱনীয়তাৰ কথা নকৈ দোহৰাৰ প্রয়োজন নাই৷ ২১৬টা মৎস্য প্রজাতিৰে বিস্তৃত আমাৰ ৰাজ্যখন প্রাকৃতিক মীন সম্পদৰে ভৰপূৰ সুজলা–সুফলা বিনন্দীয়া ধৰণী৷ আজি ১০ জুলাইৰ দিনটো দেশৰ মীন খণ্ডৰ বাবে এক সোণালী দিন৷ সমগ্র দেশতে দিনটো উদ্যাপিত হ’ব ৰাষ্ট্রীয় মীন পালক দিৱস হিচাপে৷ ১৯৫৭ চনৰ এই দিনটোকে প্রখ্যাত মীন বিজ্ঞানী ড০ হীৰালাল চৌধুৰীয়ে উৰিষ্যাৰ আংগুল মীন পামত সংশ্লিষ্ট তত্তাৱধায়ক বিষয়া ড০ কে এইচ আলিকুনহিৰ যৌথ প্রয়াসত এই দিনটোতে বহুদিনীয়া নিৰৱচ্ছিন্ন গৱেষণাৰ ফলত আবিষ্ট প্রজননেৰে কার্প জাতীয় মাছৰ পোনা উৎপাদন সম্ভৱ কৰি তুলিছিল৷ প্রথমতে লাচিম ভাঙোন, Cirrhinus reba) মাছৰ এইদৰে পোনা উৎপাদন সম্ভৱপৰ হৈছিল৷ আৰু পৰৱর্তী সময়ত ভাৰতীয় আৰু বিদেশীমূলৰ আন মাছসমূহতো আবিষ্ট প্রজনন সম্ভৱ হৈছিল৷ এই কৌশলত মাছৰ মস্তিকৰ তলিভাগৰ পৰা সংগ্রহ কৰা পিটুইটাৰী গ্রন্থিৰ প্রৰস প্রস্তুত কৰি এক নির্দিষ্ট বেজীৰে মাছৰ দেহত প্রয়োগ কৰি আবিষ্ট প্রজনন সংঘটিত কৰা হয়৷ এই সফলতাই দেশৰ মীন খণ্ডক অতিকৈ উজ্জীৱিত কৰি তোলে৷ ফলত মীনপালকসকলে পোনাৰ বাবে কেৱল প্রকৃতিৰ ওপৰতেই নির্ভৰ কৰি থাকিব লগা সমস্যাৰ অৱসান ঘটিল আৰু সঠিক সময়ত সঠিক জোখৰ নির্দিষ্ট প্রজাতিৰ পোনো থাওঁকতে উপলব্ধ হ’ল৷ দেশৰ বিভিন্ন প্রান্তত বহুকেইটা পোনা উৎপাদন কেন্দ্র গঢ়ি উঠিল আৰু ক্রমাৎ প্রায়বোৰ অঞ্চলতে মীন পোনাৰ সমস্যাটো জোৰা মাৰিব পৰা অৱস্থা হ’ল৷ লগে লগে ন ন ব্যক্ত্যি/প্রতিষ্ঠান/ উদ্যোগী আদি মীন পালনৰ প্রতি আগ্রহান্বিত হ’ল আৰু অন্তর্দেশীয় মীন পালনে এক নতুন গতি লাখ কৰে৷ আজি দেশৰ মুঠ ঘৰুৱা উৎপাদনত মৎস্য খণ্ডৰ বৰঙণি ১.২ শতাংশ আৰু কৃষি খণ্ডৰ মুঠ ঘৰুৱা উৎপাদনৰ ৭.২৮ শতাংশ৷
ভাৰতীয় মীন খণ্ডৰ পুৰোধা ব্যক্তি ড০ হীৰালাল চৌধুৰীৰ জন্ম হয় ১৯২১ চনৰ ২১ নৱেম্বৰত৷ ১৯৫৫ চনত মার্কিন যুক্তৰাষ্ট্রৰ ঔৱার্ন বিশ্ববিদ্যালয়ৰ পৰা মীন ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ আৰু ১৯৬১ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সন্মান অর্জন কৰে৷ পোনতে চিলেট মহাবিদ্যালয়ত প্রবক্তা আৰু পৰৱর্তী সময়ত ভাৰতীয় পশু গৱেষণা প্রতিষ্ঠানত গৱেষক হিচাপে কর্মজীৱন আৰম্ভ কৰি পাছলৈ মীন বিষয়ক গৱেষণাত মনোনিৱেশ কৰে৷ ১৯৪৮ চনত কেন্দ্রীয় অন্তর্দেশীয় মীন গৱেষণা প্রতিষ্ঠানত কাৰিকৰী বিষয়া হিচাপে কর্মত যোগ দি মীন সম্পর্কীয় বিশেষকৈ মৎস্য প্রজনন সম্পর্কীয় গৱেষণাত মনপুতি লাগি পৰে৷ তেখেতে ৰাষ্ট্র সংঘৰ খাদ্য আৰু কৃষি সংগঠন, SESFDEC) ফিলিপাইন বিশ্ববিদ্যালয় আদি সন্মানীয় অনুষ্ঠানত উচ্চ মর্যাদাৰে সেৱা আগবঢ়োৱাৰ উপৰি মালয়েছিয়া, ছুদান, ৰাছিয়া আদি দেশতো তেওঁ সুখ্যাতিৰে সেৱা আগবঢ়াইছিল৷ উল্লেখ্য যেSESFDECত থকাকালীন সময়ত তেওঁ ঈষৎ লৱণীয় পানীৰ অতি চাহিদাযুক্ত দুগ্ধ মাছChanos chanos বাMilkfish ৰো সফল আবিষ্ট প্রজনন সম্ভৱপৰ কৰি মৎস্য খণ্ডলৈ আন এক অৱদান আগবঢ়ায়৷ দেশৰ বাবেই গৌৰৱ যে ১৯৭৫ চনতPacific Science Congress–এ ড০ চৌধুৰীক ‘আবিষ্ট প্রজননৰ পিতৃ’ উপাধিৰে সন্মানিত কৰে৷ বিশ্বৰ প্রায় ৯০খনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক যাঁচিছে সন্মানীয় ডক্টৰেট উপাধি৷ তদুপৰি ‘চন্দ্র কলা হোৰা’ সোণৰ পদক, ৰফি আদমেদ কিডৱাই বঁটা আদিৰে সন্মানিত ড০ চৌধুৰীক ভালেমান আন্তর্জাতিক সংস্থাই যাঁচিছে সন্মানীয় সদস্য পদ আৰু কলিকতা বিশ্ববিদ্যালয়ে প্রতিষ্ঠা কৰিছে তেওঁৰ নামত আসন৷ মাছৰ আবিষ্ট প্রজনন বিষয়ক তেওঁ প্রস্তুত কৰা তথ্যচিত্রখনে ভাৰতৰ ৰাষ্ট্রপতিৰ সোণৰ পদক, জর্মানীৰSilver bear পুৰস্কাৰ আৰু ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ শ্রেষ্ঠ তথ্যচিত্রৰ পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷ ২০১৪ চনৰ ১২ ছেপ্ঢেম্বৰত ৯৩ বছৰ বসয়ত এই বিশিষ্ট বিজ্ঞানীজনৰ দেহাৱসান ঘটে৷
মীন সম্পদৰাজিৰ যথোচিত ব্যৱস্থাপনা আৰু প্রযুক্তিৰ সফল প্রয়োগেৰে ৰাজ্যখনত লীন বিপ্লৱ নিৰৱচ্ছিন্নভাৱে আগুৱাই নিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে মীন বিভাগে জয়যাত্রা অব্যাহত ৰাখিছে৷ আমাৰ ৰাজ্যতো মৎস্য আৰু পোনা উৎপাদন ক্রমাৎ আশাপ্রদভাৱে বাঢ়িব ধৰিছে৷ অৱশ্যে এতিয়াও অনেক কৰণীয় অস্বীকাৰ কৰিব নোৱাৰি৷ বর্তমান প্রায় ৫২১টা কার্যক্ষম পোনা উৎপাদন কেন্দ্র আৰু প্রায় ১০০০জন হাপা পোনা উৎপাদকে মুঠ পোনা উৎপাদন কৰে ৯৫১৯ নিযুত ফ্রাই পোনা৷ ৰাজ্যত উৎপাদন হয় বছৰেকত ৩৭৩ নিযুত কিলোগ্রাম৷ ৰাজ্যত সামগ্রিকভাৱে মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম মীন নীতি, ১৯৫৩ (সংশোধিত ২০০৫) আৰু অসম মীন পোনা আইন, ২০০৫ বলৱৎ কৰা হৈছে৷ উল্লেখ্য যে মীন পোনা আইন, ২০০৫ৰ আধাৰত অসম মীন পোনা নীতি, ২০১০ ইতিমধ্যে গৃহীত হৈছে৷ দেশৰ ভিতৰত এনেধৰণৰ এইয়া প্রথম প্রচেষ্টা৷ ৰাজ্যত আশানুৰূপ মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এই আইনসমূহে সামৰি লোৱা দিশসমূহ আমি জানি লৈ কার্যতঃ পৰিণত কৰাটো একান্তই বাঞ্ছনীয়৷ এই সকলোখিনি জানি লৈ বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়োৱাটো এজন সচেতন নাগৰিক হিচাপে আমাৰ কেৱল কর্তব্যই নহয়, দায়িত্বও৷ সুখৰ কথা যে মীন পালনৰ জৰিয়তে প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্যৰ এক বুজনসংখ্যক জনসাধাৰণে আত্মসংস্থাপন সুনিশ্চিত কৰিছে৷ মীন পালনক কোৱা হয় সূর্যোদয় খণ্ড৷ মীন ক্ষেত্রখনৰ লগত জড়িত সমূহ ব্যক্তি তথা জনসাধাৰণৰ সচেতনতা আৰু সহযোগিতা অবিহনে এই আইনসমূহ ৰূপায়ণ অসম্ভৱ৷ বিশেষকৈ আমি স্ব–বংশীয় প্রজনন (মাক পুতেক, বাপেক জীয়েকৰ প্রজনন), বর্ণসংকৰ প্রজনন (একেটা উৎপাদন কক্ষতে বিভিন্ন প্রজাতিৰ প্রজনন) আদি বাৰণ কৰিব লাগিব৷ আমি সকলোৱে এই আইন দুখনৰ প্রতি আনুগত্য প্রকাশ কৰি ৰাজ্যৰ মৎস্যকুল সংৰক্ষণ আৰু গুণগত মানৰ মীন পোনাৰ যোগান সুনিশ্চিত কৰিব লাগিব৷
আশাৰ ৰেঙনি যে মীন পালনৰ সম্ভাৱনীয়তাৰ পৰা মুনাফা আহৰণ কৰি এক গৰিষ্ঠসংখ্যক নিবনুৱা যুৱক–যুৱতী, গৃহিণী, আত্মসহায়ক গোট, বেচৰকাৰী সংস্থা, মীন সমবায় সমিতি আৰু এক বুজনসংখ্যক কর্মঠ হিতাধিকাৰীয়ে আত্মসংস্থাপন লাভ কৰিছে৷ এওঁলোকৰ পদাংক অনুসৰণ কৰি নিবনুৱা যুৱক–যুৱতীসকল আৰু জনসাধাৰণে মীন পালনক উত্তম পেছা হিচাপে গ্রহণ কৰাৰ সময় সমাগত৷ আজি মীন পালক দিৱসৰ পবিত্র ক্ষণত এয়াই হওক আমাৰ পণ৷