নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংকেশ্বৰৰ বিআৰ’ৰ কার্যালয় কণ্টেইনমেণ্ট জ’ন

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ’) গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কার্যালয়ৰ মুৰব্বী তথা অতিৰিক্ত সঞ্চালকপ্রধান (এ ডি জি) প্রবীণ কুমাৰ হনুমন্ত সিং, ষ্টাফ অফিচাৰ ৰাম অৱতাৰ খুৰলকে ধৰি কেইবাজনো বিষয়া, অভিযন্তা আৰু জোৱান ক’ভিডত আক্রান্ত হোৱাৰ পিছত ৮ জুলাইত স্বাস্থ্য বিভাগৰ এছ অ’ পি অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে মুখ্য কার্যালয় চৌহদক দহ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন বা অৱৰুদ্ধ ক্ষেত্র হিচাপে ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে এ ডি জি, তেওঁৰ ষ্টাফ অফিচাৰকে ধৰি কেইবাজনো বিষয়া–ভিযন্তাই ক’ভিড প্রতিষেধকৰ দ্বিতীয় পালি লোৱাৰ পিছতো ক’ভিডত আক্রান্ত হোৱা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে৷ অৱশ্যে আক্রান্তসকলৰ বেছিভাগৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকৰ চৌহদত চিকিৎসক, চিকিৎসাকর্মীসহ চিকিৎসাৰ সু–ব্যৱস্থা থকা বাবে আক্রান্তসকলক চৌহদতে সুকীয়াকৈ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ বর্তমান মুখ্য কার্যালয়ৰ প্রধান প্রৱেশদ্বাৰ বন্ধ কৰি চৌহদলৈ আহ–যাহ সম্পূর্ণ বন্ধ কৰি দিয়া হৈছে৷ উল্লেখ্য যে বিগত বর্ষৰ ২৪ মার্চত প্রথমবাৰৰ বাবে বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কার্যালয় চৌহদক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছিল৷ বর্তমান চৌহদত থকা সকলো কার্যালয় বন্ধ ৰখা হৈছে আৰু সকলোকে নিজ নিজ আৱাসত থাকিবলৈ নির্দেশনা দিয়া হৈছে৷

You might also like