নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী

  • দিগন্ত দাস

সমীয়া জাতিৰ নিচিনা কৃতজ্ঞতাপৰায়ণ জাতি আচলতে এই বিশ্বতেই বিৰল ৷ গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সর্বানন্দ সোণোৱাললৈকে অসমীয়া জাতিয়ে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাইজক সেৱা কৰিবলৈ সর্বোচ্চ আসনখনত বহুৱাবলৈ কোনো ক্ৰুটি ৰখা নাই ৷

আমি জনা হোৱাৰ পূর্বৰ কাহিনী বাৰু বাদ দিলোঁ৷ আমি বুজা হোৱাৰ পিছৰ সময়খিনিতেই দেখা পালোঁ অসমীয়া জাতিৰ কৃতজ্ঞতাবোধৰ নমুনা ৷ অসম আন্দোলনৰ ফলত ছাত্র আন্দোলনৰ পৰা চিধা ৰাজ্যখনৰ ৰাজনীতি চম্ভালিবলৈ অসমৰ ৰাইজে নির্দেশ দিছিল অসম গণ পৰিষদক ৷ বিশ্বৰেই প্রথমটো ৰাজনৈতিক দল অসম গণ পৰিষদ যিয়ে ছাত্র সংগঠনৰ পৰা পোনে পোনে চৰকাৰ গঠন কৰিবলৈ সমর্থ হৈছিল ৷ অসমীয়া জাতিয়ে সদৌ অসম ছাত্র সন্থাৰ সভাপতিৰ পৰা মুখ্যমন্ত্রীয়েই বনাই দিলে প্রফুল্ল কুমাৰ মহন্তক ৷ এয়াই জাতিটোৰ কৃতজ্ঞতা প্রকাশৰ ভাষা ৷

তাৰ পিছত হিতেশ্বৰ শইকীয়া ৷ এতিয়ালৈকে প্রয়াত শইকীয়াৰ সমষ্টিটো পৰিয়ালৰ মাজতেই সীমাবদ্ধ হৈ আছে, সেয়া যেনিবা প্রয়াত শইকীয়াৰ পত্নী বা পুত্রৰ জৰিয়তেই হওক ৷ পূর্বৰ ভুলৰ পৰা শিকি পৈণত হ’বলৈ সুবিধা দি পুনৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দি আকৌ মুখ্যমন্ত্রী বনাই দিলে মহন্তক ৷ কিন্তু জাতিৰ কৃতজ্ঞতাৰ ভাষা বুজি নোপোৱা অকৃতজ্ঞ প্রফুল্ল কুমাৰ মহন্তক ৰাইজে কেনেকুৱা শাস্তি প্রদান কৰিব লগা হ’ল, সেয়া কোৱা বাহুল্যহে মাথোঁ ৷ মহন্তক শাস্তি দি শাসনৰ বাঘজৰী ৰাইজে এইবাৰ অর্পণ কৰিলে নিকা আৰু সৎ ভাবমূর্তিৰে ১৯৭১ চনৰ পৰা কংগ্রেছী ৰাজনীতিত বিৰাজমান তৰুণ গগৈক ৷ এবাৰ দুবাৰ নহয় তিনিবাৰকৈ ৰাইজে সেৱা কৰিবলৈ সুবিধা দি এইবাৰ ১৯৮৩ চনৰ ভয়ানক আই এম ডি টি আইন বাতিলকৰণৰ যুদ্ধত নিয়োজিত কৰা সর্বানন্দ সোণোৱালকো চৰকাৰৰ উচ্চতম আসনখনত বহুৱাই দেখাই দিলে, সঁচা অর্থত অসমীয়া জাতি কিমান বেছি কৃতজ্ঞতাবোধ থকা এটা জাতি ৷

এয়া আমাৰ চকুৰ সন্মুখত দেখা পোৱা আৰু অনুভৱ কৰিব পৰা ঘটনা ৷ জাতিটোৱে যিমান পাৰি সিমান কৃতজ্ঞতা প্রকাশ কৰিছে আৰু জাতিটোৰ কৃতজ্ঞতাক বুঢ়া আঙুলি দেখুৱাই জাতিটোৰ আশা–আকাংক্ষাক বেত্রাঘাত কৰি আহিছে অকৃতজ্ঞ ইজনৰ পিছত সিজন নেতাই ৷ প্রফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া কিম্বা তৰুণ গগৈৰ ভুলসমূহ অনুধাৱন কৰি সদায় সঠিক পথতেই থাকিব বুলি তীব্র আশা কৰা হৈছিল সর্বানন্দ সোণোৱালৰ ক্ষেত্রত ৷ কিন্তু দেখা গ’ল অসমীয়াই আৰু এবাৰ ভুল কৰিলে ৷ ভুল বুলি কোৱাটো সঠিক নহ’ব, কাৰণ জাতিটোৱে ঠগ খালে ৷ যিজন নেতাই আই এম ডি টি আইনৰ নিচিনা কংগ্রেছৰ ভয়ানক আৰু বিপজ্জনক এক কাৰচাজি ওফৰাই পেলাই জাতীয় নায়ক হৈ পৰিছিল, সেইজন নেতাই কি কাৰণে ধৰিব নোৱাৰা হ’ল যে আই এম ডি টিৰ নিচিনাই কেবৰ পৰা এতিয়া ‘কা’ হোৱা আইনখনো সমানেই বিপজ্জনক জাতিটোৰ কাৰণে ৷ জাতীয় নায়কক কোনোবাই যদি প্রাক্তন জাতীয় নায়ক আখ্যা দিছে, কোনোবাই আকৌ জাতীয় বিশ্বাসঘাতক কিম্বা কোনোৱে জাতীয় শত্রু আখ্যাৰে আখ্যায়িত কৰিছে ৷ ১৯৮৩ ত কংগ্রেছে আই এম ডি টিৰ জৰিয়তে যিদৰে বাংলাদেশী মুছলিম ভোটবেংক সৃষ্টি কৰিব লৈছিল, ২০১৯ত মাত্র ধর্মটো সলনি কৰি বাংলাদেশী হিন্দু ভোটবেংকৰ সৃষ্টিৰে বিজেপিয়ে জাপি দিলে ‘কা’ ৷ দুয়োখন আইনেই সমানে বিপজ্জনক ৷ কিন্তু দুর্ভাগ্যজনকভাৱে কংগ্রেছৰ আইনখন বাতিল কৰা মানুহজনেই বিজেপিৰ আইনখনৰ ক্ষেত্রত পোষণ কৰিছে এক লজ্জাজনক স্থিতি ৷ সর্বানন্দ সোণোৱাল ইমান স্থিতিহীন দুর্বল কণ্ঠৰ নেতা হ’ব বুলি আমাৰ নিচিনা কোনোৱে ধাৰণা কৰিব পৰা নাছিল ৷ নাগৰিকত্ব সংশোধনী আইনখনক লৈ ইমান হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টিয়েই নহ’লহেঁতেন যদি সর্বানন্দ সোণোৱালৰ স্পষ্ট স্থিতি বা নীতি নির্ধাৰণৰ সিদ্ধান্ত বলিষ্ঠ হ’লহেঁতেন ৷ এতিয়া আৰু সকলোৰে আনন্দ সর্বানন্দ হৈ থকা নাই ৷

১৯৯৯ চনত সদৌ অসম ছাত্র সন্থাৰ বৰপেটা অধিৱেশনত সর্বানন্দ–সমুজ্জ্বল যুটিয়ে সভাপতি–সম্পাদক পদৰ পৰা বিদায় লৈছিল ৷ আমি তেতিয়া সেই অধিৱেশনখনৰ সক্রিয় কর্মী ৷ অধিৱেশনখনত সর্বানন্দ সোণোৱালৰ ভাষণ এতিয়াও আমাৰ কাণত যেন বাজি আছে ৷ সর্বাদা আৰু সমুজ্জ্বলদাৰ ভাষণ এনেদৰে দেহ–মনত প্রৱাহিত হৈছিল যে তেওঁলোকৰ ভাষণত উদ্বুদ্ধ হৈয়ে সেই বছৰতেই অসমৰ তৃতীয়খন মহাবিদ্যালয় মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বাকৰিত মই প্রদান কৰা ভাষণৰ ফলাফল স্বৰূপেই মহাবিদ্যালয়খনৰ সন্মানীয় উপ–সভাপতিৰ পদত নির্বাচিত হ’বলৈ সমর্থ হৈছিলোঁ ৷ সর্বাদা বিধায়ক হ’ল, সাংসদ হ’ল, কেন্দ্রীয় মন্ত্রী হ’ল আৰু ৰাজ্যখনৰ সম্পূর্ণ শাসনৰ নিয়ন্ত্রণৰ মূল মানুহজন অর্থাৎ মুখ্যমন্ত্রী হ’ল ৷ যাৰ ভাষণৰ আৱেগত আপ্লুত হৈ বা যিয়ে আমাৰ দেহ–মনত জাতীয়তাবাদ জগাই তুলিছিল, সেই একেজন মানুহৰেই দুটা দশক পিছত এনেহেন দুর্বল কণ্ঠ হ’ব বুলি সপোনতো ভবা নাছিলোঁ ৷

সর্বানন্দ সোণোৱাল সর্বকালৰ অতি দুর্বল হোমৱর্কৰ অধিকাৰী মুখ্যমন্ত্রী হিচাপে ইতিমধ্যেই পৰিগণিত হৈছে ৷ এতিয়ালৈকে কোনো ইছ্যুতেই স্পষ্ট স্থিতি ৰাজহুৱাভাৱে প্রকাশ কৰিব নোৱাৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দলটোৰ কেন্দ্রীয় নেতৃত্বৰ ক্ষেত্রত দেখা যায় ‘শাৰীৰিক ভাষা’ (বডী লেংগুৱেজ) অতি দৃষ্টিকটু ৷ জ্যেষ্ঠ নেতাৰ নিজা বাসভৱন বা চৰকাৰী কোঠাৰ ভিতৰৰ কথাতো সুকীয়া ৷ কিন্তু ৰাজহুৱা স্থানত মুখ্যমন্ত্রী এজনৰ বডী লেংগুৱেজ বা শাৰীৰিক ভাষাই নেতা হিচাপে সবল আৰু দুর্বল বহু দিশৰেই ভাব ব্যক্ত কৰে ৷ এইক্ষেত্রত সোণোৱালৰ প্রদর্শন সঁচাকৈয়ে আমনিদায়ক ৷ সদৌ অসম ছাত্র সন্থাৰ মজিয়াত সর্বাদা কিমান বলিষ্ঠ বা নির্ণায়ক(Decisive) আছিল, সেয়া ওচৰৰ পৰা গম নাপালেও দেখাত লাগিছিল যে সভাপতি হিচাপে সর্বাদা বলিষ্ঠ নেতাই আছিল ৷ নক’লেও হ’ব যে সদৌ অসম ছাত্র সন্থাক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত দৃশ্যমান আৰু চর্চিত হোৱা ছাত্র সংগঠন হিচাপে কৰি তোলা নেতা দুজনেই হৈছে সর্বাদা আৰু সমুজ্জ্বলদা ৷

কিন্তু মুখ্যমন্ত্রী হিচাপে সর্বানন্দ সোণোৱালৰ নেতৃত্ব অতি দুর্বল ৷ অনেক উদাহৰণৰ ভিতৰত শেহতীয়াকৈ গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বৰ ‘কেব’ সংক্রান্তত নতুন দিল্লীৰ আছাম হাউছত অনুষ্ঠিত আলোচনাত মুখ্যমন্ত্রী সোণোৱালৰ ভূমিকা আছিল নিন্দনীয় ৷ ড০ হিমন্ত বিশ্ব শর্মাই আঁত ধৰা সভাখনত সোণোৱালে কি কৰিছিল বা কৈছিল, সেয়া যদি জানিব বিচাৰে তেনেহ’লে সোণোৱালৰ নেতৃত্ব কি পর্যায়লৈ গতি কৰিছে, সেয়া বুজাত আপোনাৰ অকণো অসুবিধা নহ’ব ৷

গৃহমন্ত্রী পর্যায়ৰ সভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা সদৌ অসম ছাত্র সন্থাই এক সুদৃঢ় নেতৃত্ব আশা কৰিছিল যদিও ছাত্র সংগঠনটোৰ সেই আশা মুহূর্তৰ ভিতৰতেই ধূলিসাৎ হৈ পৰিছিল ৷ গৃহমন্ত্রী আৰু আছুৰ সভাখনত তেওঁৰ উশাহ আৰু নিশাহৰ কাৰণে যিমানখিনি শব্দ ওলায় তাৰ বাহিৰে সর্বানন্দ সোণোৱালৰ মুখৰ পৰা এটা টু শব্দও ওলোৱাটো দূৰৰ কথা কোনো শব্দই তাত বহি থকা ছাত্র সন্থাৰ নেতৃত্ব বা বিষয়াসকলে শুনিবলৈ নাপালে ৷ এইজনেই আমাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৷ এখেতেই বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম, জাতি–জনগোষ্ঠীৰ নিমিত্তে নিষ্ঠাৰে আৰু দৃঢ়তাৰে আগুৱাই যোৱাৰ সপোন দেখুৱায় ৷

অসমীয়াই যিমানেই কৃতজ্ঞতা প্রকাশ নকৰক আমাৰ এইসকল নেতা পিছে অকৃতজ্ঞ ৷

You might also like