শেহতীয়াভাৱে মুখ্যমন্ত্রী নির্বাচন প্রক্রিয়াটো অনিশ্চয়তাৰ মাজত থাকোঁতে অসমীয়া নিডজ চেনেল এটাৰ মুখ্য সম্পাদক এজনে মন্তব্য কৰিছিল– ‘এইখন অসম জনজাতিপ্রধান ৰাজ্য৷ গতিকে এজন জনগোষ্ঠীয় মুখ্যমন্ত্রীক আঁতৰাই এজন ডচ্চ বর্ণৰ মানুহক মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰাব নে নকৰায়, সেই দিশবিলাকো আছে৷’ কোৱা বাহুল্য যে মন্তব্যটোত আলোচ্য ব্যক্তি দুজন সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মা৷
একবিংশ শতিকাতো এনে বর্ণবাদী চিন্তা সঁচাকৈ দুর্ভাগ্যজনক৷ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত জনজাতীয় সুঁতিটোৰ সৈতে আমাৰ সম্পর্কত দুখ লগাকৈ ফাট মেলিছিল৷ এনেধৰণৰ চর্চাৰ পৰিণতিক্রমে এই ব্যৱধান আৰু অধিক বৃদ্ধি হ’ব পাৰে৷ অৱশ্যই স্মৰণযোগ্য যে জাতি–বর্ণ, ডচ্চ–নীচ আদিৰ অচিলাৰে যোগ্যজনক বঞ্চিত কৰাৰ অভিসন্ধি ভাৰতীয় ইতিহাসত অর্বাচীন নহয়৷ এনেবোৰ কু–ভিসন্ধিয়েই কর্ণ, একলব্য আদিক কৰুণ নায়কত পৰিণত কৰি থৈছে৷ চন্দ্রগুপ্ত, মহাজ্ঞানী সত্যকামেও ইয়াৰ পৰা পৰিত্রাণ পাবলৈ সক্ষম হোৱা নাছিল৷ দাসী জবলাৰ পুত্র সত্যকাম পিতৃ পৰিচয়হীন আছিল বাবে শিক্ষাদানৰ ক্ষেত্রত যিকোনো গুৰুৱেই তেওঁক নিৰাশ কৰিছিল৷ সত্যকাম আছিল অতি অনুসন্ধিৎসু স্বভাৱৰ৷ এক বিৰাট সম্ভাৱনাময় প্রতিভা৷
এদিন নাৱৰীয়া এজনে সত্যকামক বুজাইছিল– ‘পঢ়া–শুনাৰ প্রয়োজন নাই৷ নাও চলোৱা শিকি ল৷ তাৰেই পেট প্রৱর্তাব পাৰিবি৷’ শিশু সত্যকামৰ প্রতিপ্রশ্ণ– ‘পেট পূৰোৱাটোৱেই যদি শিক্ষালাভৰ ডদ্দেশ্য হয়, তেতিয়াহ’লে ব্রহ্মচাৰীসকলে ভিক্ষা মাগি খায় কিয়?’ অন্য এদিন মাতৃয়ে কপালত হাত থৈ শৰীৰটো তপত হোৱা বুলি কওঁতে সত্যকামে মাকক ডভতি ধৰিছিল– ‘মা, অগ্ণি হৈছে ডত্তাপৰ আকৰ, তেতিয়াহ’লে মই অগ্ণি নেকি, মা?’ মাকে অ বুলি সামৰি থ’লে৷ সত্যকামৰ ওলোটা প্রশ্ণবাণ– ‘যিহেতু অগ্ণি সূর্যতো বিদ্যমান, তেতিয়াহ’লে মই কি সূর্য নেকি, মা?’ এনেধৰণৰ জ্ঞানপিপাসু আছিল সত্যকাম৷ দৰাচলতে প্রশ্ণ কৰাতেই জীৱনৰ নিৰন্তৰতা কিম্বা সার্থকতা৷
এদিন গংগাৰ তীৰত হৰিদ্রূমত গৌতম মুনিক সত্যকামে শিক্ষাদানৰ বাবে খাটনি ধৰিলে৷ গৌতম মুনিয়ে ক’লে– ‘কুল আৰু গোত্রৰ শ্রেষ্ঠত্ব মোৰ শিষ্যত্ব প্রদানৰ পূর্বচর্ত৷’ তেতিয়া সত্যকামে অতি বিনয়ীভাৱে ক’লে যে মাতৃয়ে জনোৱা মতে তেওঁ একাধিক পুৰুষৰ সেৱা কৰি আহিছে৷ গতিকে মোৰ প্রকৃত পিতৃ পৰিচয় জনাটো সম্ভৱ নহয়৷ ডত্তৰ শুনাৰ পিছত গুৰুৱে আশ্চর্যজনকভাৱে সত্যকামক শিক্ষাদানৰ সিদ্ধান্ত লৈছিল৷ ৰজাকে আদি কৰি সমাজৰ বিদ্বানসকলেও কথাটোৰ প্রতিবাদ কৰাত মুনি গৌতমৰ মত আছিল– অতীতৰ গোপন সম্বন্ধৰ কথা মুকলিকৈ প্রকাশ কৰাৰ সৎ সাহস কিমানগৰাকী মাতৃৰ আছে? কিন্তু জবলাই কেৱল সত্যৰ আশ্রয় লৈছে৷ সত্যৰ গর্ভত সদায় সত্যই বিৰাজমান৷ সঁচা কোৱা আৰু শুনাৰ যাৰ প্রকৃত সাহস আছে, সিয়েই সর্বোত্তম জ্ঞানৰ প্রকৃত অধিকাৰী৷ বিদ্যাদানৰ ক্ষেত্রত জাতি–কুল–গোত্রৰ সলনি জ্ঞানৰ অভিলাষাই পূূর্বচর্ত হোৱা ডচিত৷
একেই প্রতিবাদৰ সুৰ ধ্বনিত হৈছিল চন্দ্রগুপ্তৰ ৰাজভিষেকৰ সময়তো৷ জাতত শূদ্র এজন ৰাজসিংহাসনত কিয়? চাণক্যই চন্দ্রগুপ্তৰ শ্রেষ্ঠত্বৰ কথা স্মৰণ কৰোৱাত সমাজৰ বিদ্বানসকলৰ মর্মান্তিক প্রশ্ণটো আছিল– শূদ্র কেতিয়াৰ পৰা শ্রেষ্ঠত্বৰ আওতালৈ আহিল? পৰম্পৰাগত মানসিকতাৰে এই প্রশ্ণৰ অৱতাৰণা আছিল স্বাভাৱিক৷ কথিত আছে যে আদিপুৰুষ বিৰাটৰ মুখ, কান্ধ, ডৰু আৰু ভৰিৰ পৰা ক্রমে ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্রৰ জন্ম হৈছিল৷ অৱলীলাক্রমে তদানীন্তন সমাজ ব্যৱস্থাৰ ৰক্ষণশীল ধাৰাৰ প্রবক্তাসকলে শূদ্রক হীন বুলি ক’ব বিচাৰিছিল৷
চাণক্যই বিৰোধিতা কৰিছিল এইবুলি– অন্য এটা তত্ত্ব অনুসৰি বিৰাট পুৰুষৰ নাভিৰ পৰা সৌৰজগতৰ আৰু ভৰিৰ পৰা পৃথিৱীৰ সৃষ্টি হোৱা বুলিও প্রবাদ আছে৷ তেতিয়াহ’লে যি পৃথিৱীয়ে আমাক ধাৰণ কৰিছে, সেই পৃথিৱীও হীন নেকি? আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰাৰ সময়ত ডচ্চ–নীচৰ বিচাৰ কৰিছিল জানো?
শাস্ত্রতো সত্ব, তম আৰু ৰজ গুণৰ ব্যাখ্যা বর্ণ অর্থাৎ ৰঙৰ সহায়ত দিবলৈ প্রয়াস কৰা হৈছে৷ সত্ব, ৰজ আৰু তম– এই তিনিটা গুণে ক্রমে বগা, ৰঙা আৰু কৃষবর্ণৰ প্রতি ইংগিত দিয়ে৷ সত্ব গুণৰ অধিকাৰী অর্থাৎ সমাজৰ আধ্যাত্মিক আৰু বৌদ্ধিক পথ প্রদর্শনকাৰীসকল ব্রাহ্মণ বোলা হৈছিল৷ ৰজ গুণপ্রধানসকল নির্ভীক আৰু যুদ্ধবিদ্যাত পার্গত আছিল আৰু সমাজক সুৰক্ষা প্রদান কৰিবলৈ সক্ষম আছিল৷ তেওঁলোকক ক্ষত্রিয় বোলা হৈছিল৷ সন্মিলিতভাৱে তম আৰু ৰজ গুণপ্রধান ব্যক্তিসকলে দৈনন্দিন প্রয়োজনসমূহ পূৰণৰ জৰিয়তে সমাজৰ পালনৰ দায়িত্ব লৈছিল আৰু তেওঁলোকক বৈশ্য বোলা হৈছিল৷ আনহাতে, যিসকল তম গুণপ্রধান আছিল, অর্থাৎ যিসকলে সমাজৰ সেৱাৰ দায়িত্ব গ্রহণ কৰিছিল, তেওঁলোক শূদ্র হিচাপে পৰিচিত হৈছিল৷ গতিকে বুজা যায় যে বর্ণ প্রথাৰ দূৰ–দিগন্তলৈকে অন্ততঃ জন্মৰ সৈতে কোনোধৰণৰ সম্পর্ক নাছিল৷ ই আছিল সম্পূর্ণৰূপে বৃত্তিগত বর্গীকৰণ৷ জন্ম আধাৰিত মুঠেও নাছিল৷
চাণক্যৰ স্থিতি আছিল একেবাৰেই পোনপটীয়া– কাৰোবাৰ সামাজিক অথবা আধ্যাত্মিক বিকাশৰ পথ ৰুদ্ধ কৰা সমাজ ব্যৱস্থা কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ প্রতিজন ব্যক্তিৰেই নিজৰ ভাগৰ শ্রম নির্বাচনৰ স্বাধীনতা থকাটো বাঞ্ছনীয়৷ প্রতিজন ব্যক্তিয়েই একো একোগৰাকী প্রবল সম্ভাৱনাৰ গৰাকী৷ গতিকে সম্ভাৱনাৰ দুৱাৰ ডন্মোচনৰ বাবে পাৰস্পৰিক সহযোগিতাসমৃদ্ধ সমাজ ব্যৱস্থাহে সদায় আদর্শনীয়৷
ক’ৰবাত আৰম্ভ কৰি কোনোবাখিনি পালোঁহি৷ এটা কথাত বোধহয় কাৰোৱেই দ্বিমত নাই যে যিকোনো বিষয়তে হকে–বিহকে ড০ হিমন্ত বিশ্ব শর্মাৰ পথ ৰুদ্ধ কৰিব বিচৰাটো একাংশৰ বাবে এটা দস্তুৰত পৰিণত হৈছে৷ মুঠৰ ওপৰত মানুহজনক ধৰাশায়ী কৰিবলৈ সম্ভাব্য কোনো পথেই বাদ পৰিবলৈ দিয়া হোৱা নাই৷ কিন্তু জাতি–বর্ণৰ ভিত্তিত কৰা সংশ্লিষ্ট পৰিকল্পনা তেওঁৰ বিৰুদ্ধে ৰচিত নিকৃষ্ট অভিসন্ধিসমূহৰ ভিতৰত অন্যতম৷ মানুহজনৰ শত্রুৰ যেন অভাৱ নাই৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ছোৱাত মাতৃৰ সৈতে সাঙুৰি মানুহজনক অশ্রাব্য গালি–গালাজ পৰা হ’ল, মানুহজনৰ মৃত্যুপর্যন্ত কামনা কৰা হ’ল৷ গতিকে বিভিন্ন সময়ত ন–পুৰণি ৰাজনৈতিক বিৰোধীসকলৰ দ্বাৰাই হওক কিম্বা একাংশ জাতীয় সংগঠন, বুদ্ধিজীৱী, সংবাদ গোষ্ঠীৰ দ্বাৰাই নহওক কিয়, মানুহজনক ৰণত পেলাবলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চক্রবেহু ৰচিত হৈ আহিছে৷ এই পৰম্পৰা আজিও চলি আছে, অনাগত দিনতো চলি থাকিব৷ দায়িত্বভাৰ গ্রহণ কৰিয়েই ড০ হিমন্ত বিশ্ব শর্মাই প্রতিটো ক্ষেত্রতে অতি আগ্রাসী পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ গৰু, চুপাৰি, ড্রাগ্ছ, কয়লা আদিৰ ছিণ্ডিকেটৰ দৰে অপৰাধ জগতখনত মোক্ষম আঘাত হানিছে৷ ডচ্চ পর্যায়ৰ আৰক্ষী বিভাগৰ লোকপর্যন্ত জালত পৰিছে৷ কিন্তু এটা কথা মনত ৰখা ভাল যে এনেধৰণৰ অপৰাধী চক্রসমূহ সদায় শক্তিশালী৷ ৰাজনৈতিকভাৱেও, বিত্তীয়ভাৱেও৷ ৰাজনৈতিক আশীর্বাদপুষ্ট নহ’লে এনেবোৰ চক্র মুঠেও তিষ্ঠি থাকিব নোৱাৰে৷ প্রণিধানযোগ্য যে প্রতিখন চৰকাৰৰেই একো একোটা ভগ্ণী সংগঠন থাকে৷ ইয়াক মাতৃ সংগঠন বুলি ক’লেও ক’ব পাৰি৷ এই সংগঠনসমূহে সদায় নিজাববীয়াকৈ সমান্তৰালভাৱে প্রশাসনীয় ব্যৱস্থা এটা চলাই ৰাখিব বিচাৰে৷ তেনেদৰে সমান্তৰাল প্রশাসনীয় ব্যৱস্থা এটা চলাই থাকিবলৈ এওঁলোক একেবাৰে সুবিধাজনক অৱস্থা এটাত থাকে৷ গতিকে অপৰাধ জগতৰ সৈতে এওঁলোকৰ সম্পর্ক মুঠেই নুই কৰা নাযায়৷ সেয়েহে এনেবোৰ চক্রত আঘাত হানিবলৈ বিচৰাটো একপ্রকাৰ জানি–শুনি জুইত হাত ভৰোৱাৰ লেখীয়া৷ ড০ হিমন্ত বিশ্ব শর্মাৰ পূর্বসূৰীসকলে স্থিতাৱস্থাৰ সৈতে সহবাস কৰাটোকে শ্রেয় বুলি মানি লৈছিল৷ তেওঁলোকে এই দুঃসাহস কৰা নাছিল, কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই কৰিছে৷ আনহাতে, অপৰাধী ব্যক্তিসকল কিন্তু সর্বদা সংগঠিত৷ সমাজৰ সাধু লোকসকলক সংগঠিত কৰাটো কঠিন, কিন্তু ইয়াৰ বিপৰীতে অসাধুসকল স্বতঃস্ফূর্তভাৱেই সংগঠিত৷ গতিকে এই কথাটোত মুঠেও সন্দেহ নাই যে অচিৰেই ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে এই চক্রসমূহে সংগঠিতভাৱে এক অভেদ্য চক্রবেহু ৰচনা কৰিব৷ কাৰণ জীৱিকাহাৰা ব্যক্তি যিকোনো মুহূর্তত ভয়ংকৰহৈ ডঠিব পাৰে৷ জীৱিকা হেৰুওৱা ব্যক্তিয়ে যিকোনো পর্যায়লৈ নামিব পাৰে৷ লাগিলে সেই জীৱিকাৰ পথ সতেই হওক বা অসতেই হওক৷ গতিকে এই চক্রবেহু ভেদিবলৈ ড০ হিমন্ত বিশ্ব শর্মাই এতিয়াৰ পৰাই নিজকে সাজু কৰি ৰাখক৷ অৱশ্যে বিভিন্ন সময়ত এনেধৰণৰ নতুন নতুন প্রত্যাহ্বানৰ মুখামুখি হৈয়েই অগ্রগামী হ’ব লাগিব৷ কোনেও আজিপর্যন্ত ইয়াৰ পৰা পৰিত্রাণ পোৱা নাই৷ নৰেন্দ্র মোদীকো অসহিষুতাৰ দৰে এক বিমূর্ত ধাৰণাৰে ধৰাশায়ী কৰিবলৈ প্রয়াস কৰা হৈছিল৷
প্রতিৰোধ অবিহনে প্রাপ্তি অসম্ভৱ৷ ই এটা ধাৰাবাহিক প্রক্রিয়া৷ কেৱল সময়ভেদে ইয়াৰ ৰূপ বেলেগ বেলেগ৷ প্রতিৰোধ–প্রতিহত কৰাৰ ক্ষমতাই নির্ণয় কৰে মানুহৰ সফলতাৰ মাপকাঠী৷ ড০ হিমন্ত বিশ্ব শর্মায়ো নিজৰ ওপৰত আৰু অসমৰ জনসাধাৰণৰ ওপৰত আস্থা ৰাখি জনকল্যাণকামী মানসিকতাৰে নিৰন্তৰ কাম কৰি যাওক৷ বিশ্বাস সদায় ফলদায়ক৷ অসমৰ জনসাধাৰণেও মুখ্যমন্ত্রীৰ ভুল–ত্রুটিবোৰ আঙুলিয়াই দি থাকক আৰু গঠনমূলকভাৱে সমালোচনা কৰি যাওক৷ ড০ হিমন্ত বিশ্ব শর্মা যিমান দিনলৈ জনতাৰ আস্থাভাজন হৈ থাকিব, সিমান দিনলৈ তেওঁৰ ৰাজনৈতিক কক্ষপথ সুৰক্ষিত হৈ থাকিব৷ জনতাৰ আস্থাই হয়তো তেওঁৰ বিৰুদ্ধে ৰচিত হেজাৰ চক্রবেহু ভেদ কৰাৰ মূলমন্ত্র হিচাপে বিবেচিত হ’ব৷