নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য’তেই খিলঞ্জীয়াৰ প্রভুত্ব তাতেই বিজেপিৰ দপদপনি

-সাক্ষাৎগ্রহণ গুণজিৎ ভট্টাচার্য

প্ৰশ্নঃ অসমত বিজেপি এতিয়া যথেষ্ট শক্তিশালী৷ দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা দলটোৰ সাংগঠনিক দিশ টনকিয়াল৷ এনে ভাল দিনত আপুনি দলটোৰ দায়িত্ব পালে, কি ধৰণে আগুৱাই নিব দলটোক৷ প্রথম তিনিটা পদক্ষেপ কি হ’ব?
– দলৰ নতুন তথা গুৰুত্বপূর্ণ দায়িত্ব কেন্দ্রীয় নেতৃত্বই মোৰ ওপৰত ন্যস্ত কৰা বাবে মই যথেষ্ট আনন্দিত৷ দলটো আজি শক্তিশালীৰূপে পৰিগণিত কৰাত জ্যেষ্ঠ নেতাসকলৰ অৰিহণা যথেষ্ট বেছি৷ দায়িত্ব লাভৰ বেছি দিন অতিক্রম কৰা নাই৷ কিছু পৰিকল্পনা প্রস্তুত কৰি তুলিছোঁ৷ কি ধৰণে আগবাঢ়িম, তাক উল্লেখ কৰাৰ পূর্বে মই ক’ব বিচাৰোঁ যে ২০১৬ চনত প্রথমবাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত এখন অ–কংগ্রেছী চৰকাৰ গঠন হ’ল৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে বিগত পাঁচটা বছৰে যি সফলতাৰে ৰাজ্যখনৰ উন্নয়নমূলক কাম–কাজ কৰিবলৈ সক্ষম হ’ল, তাৰ ফলশ্রুতিতেই ২০২১ চনৰ নির্বাচনত পুনৰ বিজেপিক অসমৰ ৰাইজে আদৰি ল’লে৷ ইয়াৰ বাবে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এখন সুৰক্ষিত, বিকশিত, স্বাভিমানী অসম গঢ়াৰ বাবে ৰাজ্যবাসীয়ে আমাৰ ওপৰত যি বিশ্বাস ৰাখিছে, সেই বিশ্বাস আগত লৈয়ে আমি আগবাঢ়িব বিচাৰিছোঁ৷ বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপৰত ৰাইজৰ যি গভীৰ আস্থা আৰু বিশ্বাস আছে, সেই আস্থা–বিশ্বাসক পাতনি হিচাপে লৈ ইতিমধ্যে চৰকাৰখনৰ লগতে দলো আগবাঢ়িছে৷ ইয়াৰ পাতনিস্বৰূপে আমি যদি চাওঁ– মুখ্যমন্ত্রী ড০ শর্মাই সকলো ক্ষেত্রতে সক্রিয় আৰু শক্তিশালী ভূমিকা গ্রহণ কৰিছে৷ একমাত্র তেওঁৰ দায়িত্বত থকা বিভাগেই নহয়, সকলো বিভাগৰ প্রতি বিশেষ নজৰ দিয়াৰ লগতে সমগ্র শাসন ব্যৱস্থাটোক প্রণালীবদ্ধ কৰাৰ বাবে কাম–কাজ কৰিছে৷ প্রতিখন জিলালৈ মন্ত্রীৰ ভ্রমণ, আৰক্ষীৰ ক্ষেত্রত আমূল পৰিৱর্তন, বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আৰু এক সৌহার্দ্যপূর্ণ সম্পর্ক ৰাখি বিভাগসমূহৰ কাম–কাজ সহযোগিতাৰে আগুৱাই নিয়াৰ ক্ষেত্রত পদক্ষেপ লৈছে৷ বিশেষকৈ তৃণমূল পর্যায়ত আৰক্ষী আৰু চক্র বিষয়াৰ কাম–কাজ অধিক ক্ষিপ্র কৰাৰ বাবে ৰাজনৈতিক হেঁচা নোহোৱা কৰিছে আৰু প্রশাসন ব্যৱস্থাৰ প্রতি যাতে ৰাইজৰ আস্থা বৃদ্ধি পায়, সেই ক্ষেত্রত যোৱা দুমাহতে এক ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিছে৷ আপুনি উল্লেখ কৰা ধৰণে দলক আগুৱাই নিয়াৰ ক্ষেত্রত তিনিটা পদক্ষেপ নহয়, আমি কেইবাটাও পদক্ষেপ গ্রহণ কৰিছোঁ৷ নতুন দায়িত্ব লৈ আমি কিছু প্রত্যাহ্বানৰ সন্মুখীন হৈছোঁ৷ এই প্রত্যাহ্বান কোনো বিৰোধী দল বা আন শক্তিৰ পৰা অহা নাই৷ সেয়া হৈছে, দলটোক অধিক শক্তিশালী কৰাৰ প্রত্যাহ্বান৷ আমাৰ সন্মুখত চাৰিটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন আছে৷ এই উপ–নির্বাচনত আমাৰ সফলতা মূল লক্ষ্য৷ এই লক্ষ্যৰে ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ৷ তৃণমূল পর্যায়ত দল যি ধৰণে সক্রিয় হৈ আছে, সেয়া যেন স্তিমিত নহয়৷ তাৰ বাবে তৃণমূল কর্মীৰ সৈতে যোগাযোগ চলাই দলক আগুৱাই নিয়াৰ কিছু পদক্ষেপ গ্রহণ কৰা হৈছে৷ আমাৰ মূল লক্ষ্য হ’ল– চৰকাৰৰ সৈতে একেলগে অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন শ্রেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰা৷ দলে এতিয়াৰে পৰা লোকসভা নির্বাচনৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ আমাৰ সন্মুখত নির্বাচনৰ বাবে যদিও কিছু সময় আছে, সেয়া যথেষ্ট নহয়৷ লোকসভা নির্বাচনত পুনৰ দলক শক্তিশালীভাৱে অৱতীর্ণ কৰোৱাটো আমাৰ প্রথম কাম৷ সমান্তৰালভাৱে হিতাধিকাৰীৰ সৈতে সু–সম্পর্ক বজাই ৰখা, বিধায়কসকলৰ জৰিয়তে চৰকাৰ তথা দলৰ উন্নয়নমূলক আঁচনি সঠিক ৰূপত দাঙি ধৰাটোৱেই আমাৰ প্রাথমিক দায়িত্ব আৰু কাম৷ সদ্যসমাপ্ত নির্বাচনত বিজেপি মিত্রজোঁটক ৭৪টা সমষ্টিত ৰাইজে জয়যুক্ত কৰাইছে৷ এই সমষ্টিসমূহৰ লগতে আমি কিছু ভোটত পৰাজিত হোৱা সমষ্টিসমূহৰ দায়িত্বও গ্রহণ কৰি যাব লাগিব৷ এই সমষ্টিসমূহত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাটো হ’ব আমাৰ মূল লক্ষ্য৷

প্ৰশ্নঃ বিজেপিলৈ এতিয়া কংগ্রেছৰ নেতা–কর্মীৰ সোঁত বৈছে৷ এটা নিশাৰ ভিতৰতে কংগ্রেছৰ আদর্শ এৰি বহু নেতাই বিজেপিলৈ আহিছে৷ নতুন বিজেপিৰ হেঁচাত পুৰণি বিজেপিসকল এলাগী হৈ পৰা পৰিলক্ষিত হৈছে৷ অসমত দলটোৰ খোপনি ধৰি ৰখাত পুৰণি নেতা–কর্মীসকলৰ অৱদান গুৰুত্বহীন হৈ পৰাটো দলৰ বাবে ক্ষতিকাৰক নহ’বনে? এওঁলোকৰ বাবে কি কৰিব আপুনি?
ঃ আপুনি উল্লেখ কৰা ধৰণে বিজেপিত কোনো নেতা–কর্মী এলাগী নহয়৷ সকলো নেতা–কর্মীয়েই একো একোজন শক্তিশালী যোদ্ধা৷ নিশ্চিতভাৱে দলৰ শক্তিশালী স্থিতি দেখি বিজেপিলৈ বহু লোক আহিছে৷ কিন্তু আমাৰ মূল নীতি হ’ল– জ্যেষ্ঠসকলক শ্রদ্ধা, কনিষ্ঠসকলক মৰম৷ এই নীতিৰে দল চলি আছে৷ এটা কথা ঠিক যে যাৰ নেতৃত্ব দিব পৰা গুণ আছে, তেওঁৰ নেতৃত্ব আমি মানিবই লাগিব৷ বিজেপিলৈ অহা কোনো নেতা–কর্মীৰ যদি দলক আগুৱাই নিয়া বা দলক শক্তিশালী কৰাৰ গুণ আছে, কার্যদক্ষতা আছে, তাক আমি স্বীকাৰ কৰিবই লাগিব৷ সেইজনক আগস্থান দিয়াৰ লগতে পুৰণি নেতা–কর্মীসকলকো সমানেই গুৰুত্ব দি দলটোক সুশৃংখলাবদ্ধভাৱে আগুৱাই নিয়াটোৱে আমাৰ প্রধান কর্তব্য৷ বিজেপিলৈ নতুন বহু লোকৰ আগমন ঘটিছে৷ এই লোকসকলে দলৰ নীতি–আদর্শ মানি দল শক্তিশালী কৰাত আগভাগ লৈছে৷ এটা কথা স্পষ্ট যে বিজেপিত ব্যক্তিতকৈ দল ঊর্ধ্বত আৰু দলতকৈ দেশ ঊর্ধ্বত৷ আমাৰ ইয়াত সকলো নেতা, সকলো কর্মী৷ দলৰ আদর্শৰ লগত যিয়ে মিলি গৈছে, তাকেই আমি আদৰি লৈছোঁ৷ দল আৰু চৰকাৰৰ কাম–কাজ দেখিলেই পৰিলক্ষিত হ’ব যে কিদৰে জ্যেষ্ঠ–পুৰণি আৰু নতুন নেতাসকলৰ সমিলমিলেৰে দলে কাম–কাজ চলাই আছে৷

প্ৰশ্নঃ সদ্যসমাপ্ত নির্বাচনত দুটা দিশ স্পষ্ট হৈ পৰিছে৷ উজনিত বিজেপিক ভোটাৰে আঁকোৱালি লোৱাৰ বিপৰীতে নামনি অসমত দলটো প্রায় বিধ্বস্ত হৈছে৷ সংখ্যালঘু ভোটাৰ এতিয়া সম্পূর্ণৰূপে বিজেপিবিৰোধী৷ ৫০টা সমষ্টি এতিয়া বিৰোধীৰ দখলত৷ এই সমষ্টিবোৰত দলক শক্তিশালী কৰাৰ বাবে কেনেধৰণৰ পৰিকল্পনা কৰিছে?
ঃ সংখ্যালঘু ভোটাৰ বিজেপিবিৰোধী বুলি কোৱাটো সঠিক নহ’ব৷ ৰাজ্যৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া সংখ্যালঘু লোক এতিয়াও বিজেপিৰ সমর্থনত আছে৷ যদি সদ্যসমাপ্ত নির্বাচনৰ ফলাফলৰ দিশটো চোৱা হয়, তেন্তে নামনিৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰীত আমি প্রায় বিধ্বস্ত হৈছোঁ৷ সেয়া হৈছে জনগাঁথনিৰ পৰিৱর্তনৰ বাবে৷ এই অঞ্চলত জনগাঁথনিৰ হাৰ যিধৰণে বৃদ্ধি হৈছে, তাৰ ফলতেই বিজেপিৰ ভোট কম হৈছে, আমাৰ ক্ষতি হৈছে৷ এয়া দলৰ বাবেই নহয়, ৰাজ্যবাসীৰ বাবেও চিন্তনীয় বিষয়৷ য’তেই খিলঞ্জীয়াৰ প্রভুত্ব আছে, তাতেই বিজেপিৰ দপ্দপনি আছে৷ নামনিৰ তিনিখন জিলাৰ লগতে দৰং, নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাতো ক্রমাৎ জনগাঁথনিৰ পৰিৱর্তনে আমাৰ খিলঞ্জীয়াসকলৰ বাবে সংকট কঢ়িয়াই আনিছে৷ দলে ৰাজনৈতিক দিশেৰে এই বিষয়বোৰ পর্যবেক্ষণ কৰিছে৷ ইতিমধ্যে চৰকাৰেও এই উদ্বেগজনক পৰিস্থিতিক লৈ কিছু পলিচী গ্রহণৰ বাবে চিন্তাচর্চা আৰম্ভ কৰিছে৷ যিহেতু আমি ৰাজনৈতিক দল, আমাৰ মূল লক্ষ্য হৈছে– এই সমষ্টিসমূহত দলৰ স্থিতি শক্তিশালী কৰা৷ আপুনি কোৱা ধৰণে সদ্যসমাপ্ত নির্বাচনত বিৰোধীৰ দখললৈ যোৱা প্রায় ৫০টা সমষ্টিৰ অধিকাংশই নামনি অসমৰ৷ নিশ্চিতভাৱে আমি ৰণকৌশল সলনি কৰিম৷ এই জিলাকেইখনত থকা খিলঞ্জীয়া সংখ্যালঘু ভোটাৰে নিশ্চিতভাৱে তেওঁলোকৰ অস্তিত্বৰ প্রতি অহা ভাবুকিৰ দিশটোক লৈও চিন্তা কৰিব৷ জনগাঁথনিৰ এই পৰিৱর্তনৰ বাবে আমি বটদ্রৱা, মঙলদৈ, বকো, ছয়গাঁও– এই সমষ্টিকেইটা শেহতীয়াভাৱে হেৰুৱাবলগীয়া হৈছে৷ এই বিষয়বোৰক লৈ ইতিমধ্যে দলত গভীৰ আলোচনা হৈছে৷

প্ৰশ্নঃ বিটিচি নির্বাচনত আপুনি গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিছে, কিন্তু সদ্যসমাপ্ত নির্বাচনত বিজেপিয়ে বিশেষ সাফল্য নাপালে৷ মাত্র দুখন আসনহে লাভ কৰিলে৷ আনহাতে, আপোনালোকৰ মিত্র দল ইউপিপিএলেও আশানুৰূপ ফল নাপালে৷ বিটিএডিত বিজেপিক এতিয়াও ৰাইজে আদৰি লোৱা নাই নেকি? কি কয় আপুনি?
ঃ বিটিএডিৰ অন্তর্গত ১২টা সমষ্টিত আমি মিত্র দল ইউপিপিএলৰ সৈতে আসন বুজাবুজিৰে অৱতীর্ণ হৈছিলোঁ৷ আমাৰ লক্ষ্য আছিল অতিকমেও ১০খন আসন দখল কৰা৷ ইয়াৰ পৰিৱর্তে আমি ৮খন আসন দখল কৰিলোঁ৷ এই ফলাফল আমাৰ বাবে সুখৰ নহয় যদিও প্রথমবাৰৰ বাবে অৱতীর্ণ হোৱা এই নির্বাচনত আমি আৰু মিত্র দলে মই ভাবোঁ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছোঁ৷ বিটিএডিৰ এই ১২টা সমষ্টিত প্রথমবাৰৰ বাবে ৰাজনৈতিক পৰিৱর্তন হৈছে৷ বিটিএডি অঞ্চলৰ ৰাইজে পৰিৱর্তন বিচাৰিছে আৰু এই পৰিৱর্তন বিজেপি আৰু মিত্র দলৰ জৰিয়তে অহাটো আশা কৰিছে৷ ৰাইজে সেয়েহে ৮টা সমষ্টিত আমাক সমর্থন দিছে৷ গতিকে আগন্তুক দিনত আমি অধিক কাম কৰিব লগা আছে৷ বিটিএডিৰ অন্তর্গত দুটা সমষ্টিত হ’ব লগা উপ–নির্বাচনত মিত্র দলৰ সৈতে আমি প্রতিনিধিত্ব কৰিম৷ এই সিদ্ধান্তবোৰ পৰৱর্তী সময়ত আলোচনা কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে বিটিচিপ্রধান প্রমোদ বড়োৰ সৈতেও দলৰ সাংগঠনিক দিশৰ কৌশল সম্পর্কে আলোচনা কৰা হৈছে৷ বহু পৰিকল্পনা আছে আৰু ইয়াক সোনকালে ৰূপায়ণ কৰা হ’ব৷

প্ৰশ্নঃ দল–চৰকাৰ একেলগে আগুৱাই নিয়াৰ কথা উনুকিয়াইছে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ নির্বাচনী প্রতিশ্রুতি ৰূপায়ণৰ লগতে এনআৰচি, আন্তঃৰাজ্যিক সীমা সমস্যা আদি ইছ্যুক কিদৰে সভাপতি হিচাপে আপুনি আগুৱাই নিব৷
ঃ দল আৰু চৰকাৰ একেলগে আগবঢ়াটো এক পৰিপক্বতাৰ পৰিচয়৷ আপুনি লক্ষ্য কৰিব– ২০১৬ চনৰ পৰাই দল আৰু চৰকাৰে একেলগে কাম কৰাৰ বাবে আমি দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছোঁ৷ দল আৰু চৰকাৰৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ পৰিৱর্তে ক্রমাৎ ওচৰ চাপি গৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণৰ পিছতেই সঘনে কার্যালয়লৈ আহি দলীয় কর্মীক উদ্বুদ্ধ কৰিছে৷ সমান্তৰালভাৱে চৰকাৰী আঁচনিসমূহ ৰাইজৰ ওচৰলৈ নিয়াত দলৰ কর্মীসকলে সমষ্টিয়ে সমষ্টিয়ে হাতে–কামে লাগিছে৷ আগন্তুক সময়তো দল আৰু চৰকাৰে একেলগে কাম কৰাৰ বহু পৰিকল্পনা প্রস্তুত হৈছে৷ নিশ্চিতভাৱে ৰাজনৈতিক দল হিচাপে ৰাজ্যৰ মূল সমস্যা এনআৰচি, আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্রত আমি চৰকাৰৰ ওচৰত দায়িত্বসহকাৰে বিষয়বোৰ উত্থাপন কৰিম৷ কিন্তু ইয়াৰ পূর্বেই মুখ্যমন্ত্রী ড০ শর্মাই এনআৰচি পুনৰীক্ষণৰ প্রয়োজনীয়তা আৰু আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপসমূহ উল্লেখ কৰিছে৷ দলৰ যি নীতি, চৰকাৰে সেই ধৰণে আগবাঢ়িছে৷ পৰৱর্তী সময়তো ৰাইজৰ মৌলিক সমস্যাৰ লগতে মূল সমস্যাসমূহ চৰকাৰৰ সৈতে আলোচনা কৰি আমি সমাধানৰ পথ উলিয়াবলৈ চেষ্টা কৰিম৷

You might also like