মৃত্যু, মহামাৰী, লকডাউন ইত্যাদি…
- জিতামণি ফুকন
ইংৰাজী সাহিত্যৰ ছাত্রী হিচাপে আৰু তাৰো আগতে সমাজ বিজ্ঞানত, পৃথিৱীৰ বুৰঞ্জীত ‘দ্য গ্রেট প্লেগ’ বা ‘দ্য ব্লেক ডেথ’ৰ বিষয়ে পঢ়িছিলোঁ৷ এছিয়া মহাদেশত উৎপত্তি হৈ গোটেই ইউৰোপীয় দেশকে ধৰি সমগ্র পৃথিৱীতে বিয়পি পৰিছিল সেই মহামাৰী প্লেগ৷ সমগ্র বিশ্বৰ পাঁচ ভাগৰ এক অংশ জীৱনৰ অৱসান ঘটাইছিল সেই মহামাৰীয়ে৷ গাৰ নোম শিয়ৰি উঠা পৰিসংখ্যা আৰু ইয়াৰ ফলাফলে মাত্র এটাই কথা সোঁৱৰাই দিয়ে যে জীৱশ্রেষ্ঠ মানুহৰ হাতত খুব কমেই শক্তি আছে যাৰ দ্বাৰা আমি আমাৰ ভাগ্য নির্ণয় কৰিব পাৰোঁ৷ বুৰঞ্জীৰ পাত লুটিয়ালে পোৱা যায়, কেৱল ‘দ্য ব্লেক ডেথ’–এই নহয়, ভিন্ন সময়ত ভিন্ন সংকট আহিছে মানৱ সমাজলৈ, বিশেষকৈ মহামাৰী ৰূপত ৷
৫৪১ শতিকাত ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আৰু আৰব দেশত উদ্ভৱ হৈছিল ‘প্লেগ অৱ জাষ্টিনিয়ান’ আৰু প্রায় পঞ্চাশ মিলিয়ন মানুহৰ মৃত্যু হৈছিল৷ ইয়াৰ পিছত প্রায় ১৬৬৫ খ্রীষ্টাব্দলৈকে ভিন্ন সময়ত বিশ্বৰ ভিন্ন প্রান্তত প্লেগ ৰোগবিধে মহামাৰী ৰূপত দেখা দিছিল৷ শিক্ষা, বিজ্ঞান তথা প্রযুক্তিবিদ্যাৰ অভাৱৰ বাবে মানৱ সভ্যতা জোকাৰি যোৱা এই মহামাৰীবোৰৰ উৎস তথা চিকিৎসা মানুহৰ বাবে সাঁথৰ হৈ পৰিছিল৷ মানুহে ভাবিছিল বা ভাবিবলৈ বাধ্য হৈছিল যে যাৰ প্রতিষেধক শক্তি শৰীৰত বেছি তেওঁলোকহে এনে ৰোগৰ পৰা বাচি থাকিব পাৰিছিল৷ তাৰ বাহিৰে আন একো উপায় নাছিল৷ ১৩৪৭ খ্রীষ্টাব্দত কিছুমান উন্নত বিজ্ঞানসন্মত ধাৰণাৰ লোকে বর্তমান ইটালীৰ ৰাগুচা চহৰত জাহাজত দেশৰ মাটিলৈ ঘূৰি অহা নাৱিকসকলক ‘কোৱাৰেণ্টাইন’ বা ‘অন্য মানৱ সংস্পর্শ’লৈ নাহি অকলশৰীয়াকৈ থাকিবলৈ বাধ্য কৰিছিল আৰু বিশ্বত প্রথমবাৰৰ বাবে ‘কোৱাৰেণ্টাইন’ৰ ধাৰণাৰ প্রৱর্তন ঘটাইছিল৷ ১৬৬৫ খ্রীষ্টাব্দত শেষবাৰৰ বাবে লণ্ডন চহৰখনত মৃত্যুৰ ৰণশিঙা বজাইছিল এই প্লেগ মহামাৰীয়ে আৰু সাত মাহৰ ভিতৰত প্রায় এক লাখ মানৱ জীৱনৰ অৱসান ঘটাইছিল৷ পিছৰ কালত আৰু দুবিধ মহামাৰীয়ে উল্লেখযোগ্যভাৱে মানৱ জীৱনৰ ওপৰত প্রভাৱ বিস্তাৰ কৰি গৈছিল, সেয়া হ’ল ‘সৰু আই’ আৰু ‘ক’লেৰা’৷ অন্যান্য কিছুমান ৰোগেও বিভিন্ন সময়ত বিভিন্ন ঠাইত কিছু ধ্বংসাত্মক ৰূপ ধাৰণ কৰিছে৷ উদাহৰণস্বৰূপে নাম ল’ব পাৰি ইব’লা, বার্ড–ফ্লু ইত্যাদি৷ সংখ্যাগত হিচাপ যিয়েই নহওক লাগিলে বা ইয়াৰ চিকিৎসা যিমানেই সফল বা অসফল নহওক লাগিলে, মানৱ সভ্যতাৰ বাবে সংকট কঢ়িয়াই অনা এইবোৰ মহামাৰীৰূপী দানৱে আমাক কি শিকাই থৈ গৈছে? বর্তমানে চলি আছে ক’ৰোনা ভাইৰাছ বা ক’ৰোনা ৰোগ৷ আজিলৈকে বিশ্বজুৰি ক’ৰোনাত মৃত্যুৰ সংখ্যা প্রায় ৬১,২০৫জন৷ এই লেখাটো প্রকাশ হোৱাৰ সময়লৈ হয়তো ইয়াৰ সংখ্যা দুগুণ হ’ব৷ লাখ হিচাপত মৃত্যু সমাগত, যিহেতু ইয়াৰ প্রসাৰিত ৰূপ অতি ক্ষিপ্র৷ বিজ্ঞানৰ দিশত আমি যথেষ্ট উন্নতি সাধিছোঁ বুলি যিমানেই দাবী নকৰোঁ লাগিলে, ক’ৰোনাৰ প্রতিৰোধ কৰিবলৈ আমি আজিও অপাৰগ ৷
২০০৮ চনত এগৰাকী আমেৰিকান লেখক ‘চিলভিয়া ব্রাউনে’ তেওঁৰ দ্বাৰা সৃষ্ট ‘দ্য এ’ণ্ড অৱ ডেইজ’ত ক’ৰোনা ভাইৰাছৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল৷ লেখকৰ মতে এই ভাইৰাছবিধ ২০২০ চনত হঠাৎ দেখা দিব, বহুতো মানুহৰ মৃত্যু হ’ব আৰু ই আকৌ হঠাৎ নোহোৱাও হ’ব আৰু তাৰ দহবছৰৰ পিছত আকৌ দেখা দিব৷ সেইবাৰৰ পিছত এই ভাইৰাছবিধ চিৰদিনৰ বাবে পৃথিৱীৰ পৰা নোহোৱা হ’ব৷ এই কিতাপখন আৰু উক্ত ভৱিষ্যদ্বাণীৰ পৃষ্ঠাটো ‘চ’ছিয়েল মিডিয়া’ত যথেষ্ট চর্চাও হোৱা দেখা গৈছে৷ অন্য এখন উপন্যাস ‘দ্য আইজ অৱ ডার্কনেছ’তো (লেখক ডিয়ন কনটজ) এনে এক মহামাৰীৰ ইংগিত দিছিল৷ শেহতীয়াভাৱে এখন চিনেমাই সকলোৰে মাজত আশ্চর্যৰ সৃষ্টি কৰিছে, সেইখন হ’ল ২০১১ চনত আমেৰিকাত মুকলি হোৱা ‘কণ্টাজিয়ন’৷ ২০২০ চনৰ প্রতিটো ঘটনা ২০১১ চনতে হুবহু বর্ণিত হৈছে ৷
সকলোবোৰ ঘটনা–পৰিঘটনাই এতিয়া পৃথিৱীবাসীক আচম্বিত কৰি তুলিছে৷ আমাৰ ভাৰতবর্ষত মৃত্যুৰ হাৰ কম যদিও প্রতিদিনে আঠশ–নশ মৃতদেহ ড্রাকেৰে পেলোৱা ইটালীৰ যি দৃশ্য, সেয়া লোমহর্ষক৷ স্পেইন, ফ্রান্স তথা জার্মানীৰ দৰে দেশসমূহত মৃত্যুৰ হাৰ চিকিৎসা বিজ্ঞানৰ নিয়ন্ত্রণৰ বাহিৰত৷ চীনৰ ৱুহান চহৰৰ এখন সাগৰীয় খাদ্যসামগ্রীৰ বজাৰৰ পৰা উৎপত্তি হোৱা উক্ত ভাইৰাছবিধে চীনাসকলক বহুলভাৱে ক্ষতি কৰিব পৰা নাই৷ চীনত মৃত্যুৰ হাৰ অন্য দেশৰ তুলনাত শেহতীয়াভাৱে কম আৰু চিকিৎসা বিজ্ঞানৰ নিয়ন্ত্রণৰ ভিতৰত আছে৷ ভৱিষ্যদ্বাণী যিয়েই নহওক বা ইয়াৰ সত্যাসত্য যিমানেই নাথাকক লাগিলে এতিয়া আমাৰ কৰণীয় কি? হয়, এই মহামাৰীৰ পৰিপ্রেক্ষিতত লকডাউন বা আত্মগোপন এটা এটা সুন্দৰ ব্যৱস্থা৷ কাৰণ ই জনসংক্রমণ ৰোধ কৰাত বহুলাংশে সহায় কৰে ৷
চৰকাৰী তথা চিকিৎসা শাস্ত্রই আদেশ–নুৰোধ কৰা সকলোবোৰ নিয়মাৱলী মানি চলাৰ উপৰি আমাৰ কিবা কৰণীয় আছেনে বা থাকিব পাৰেনে? আছে, নিশ্চয় আমাৰ কৰণীয় আছে৷ তাৰে এটা প্রধান আৰু প্রথম কৰণীয় হ’ল আমাৰ স্বাস্থ্যখণ্ডৰ উন্নতি সাধন৷ সকলো দেশে নিজৰ নিজৰ স্বাস্থ্যখণ্ডত বিশেষ মনোযোগ দিয়াৰ অৱকাশ আহি পৰিছে৷ মানৱ জাতিৰ দেহত প্রতিষেধক শক্তি বৃদ্ধিৰ বাবে গৱেষণাৰ লগতে ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে৷ জনসংখ্যা বিস্ফোৰণ, কীটনাশক ঔষধৰ ব্যৱহাৰ, পৰিৱেশ প্রদূষণ, উচ্চ প্রটিনযুক্ত মুখৰোচক খাদ্য ইত্যাদিয়ে মানৱ জাতিৰ মাজত ভাৰাসাম্য ৰক্ষ্যা কৰাত প্রত্যাহ্বান ৰূপে দেখা দিছে৷ যদি চিলভীয়া ব্রাউনীৰ ‘দ্য এ’ণ্ড অৱ ডেইজ’ৰ ভৱিষ্যদ্বাণী সঁচা হয়, অনাগত দহ বছৰৰ পিছত মানৱ জাতি আৰু এটা সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে৷ ইয়াৰ সম্ভাৱনাক একেবাৰে উলাই কৰিব পৰাও নাযায়, কাৰণ দেখা গৈছে যে মানৱ জাতি কেইবাবাৰো প্লেগ মহামাৰীৰ সন্মুখীন হৈছে আৰু ই ধ্বংসস্তূপত পৰিণত কৰি গৈছে মানৱ জীৱন তথা সকলো স্থাৱৰ–স্থাৱৰ সম্পত্তি৷ গতিকে, সকলো সম্ভাৱনীয়তাক আগত ৰাখি, সকলো ধৰণৰ শংকা–সংশয়ৰ পৰা ঊর্র্ধ্বত আহি আমি সকলোৱেই হাতত হাত ধৰি মানৱ জাতিৰ কল্যাণৰ হকে কাম কৰোঁ আহক৷