লর্ড জিম
অনেক সময়ত এনেকুৱা হয় যে আপুনি হয়তো এজন ডাঙৰ লেখক বা এখন ভাল কিতাপৰ কথা বহুত দিনৰ পৰা শুনি আছে, কিন্তু কষ্ট কৰি কিতাপখন বিচাৰি পঢ়িবলৈ বিশেষ একো আগ্রহ অনুভৱ কৰা নাই৷ কিন্তু হঠাৎ যদি কেনেবাকৈ আপোনাৰ কোনোবা শ্রদ্ধাভাজন মানুহৰ মুখত তেনে লেখকৰ উচ্ছ্বসিত প্রশংসা শুনিবলৈ পায়, তেতিয়া তেওঁৰ কিতাপ পঢ়ি চাবলৈ আপুনি নিশ্চয় অদম্য তাড়না অনুভৱ কৰে৷ জীৱনত বহুত কিতাপ তেনেকৈয়ে পঢ়া হয়৷
যোছেফ কনৰাডৰ প্রতি মই প্রথম আকৃষ্ট হৈছিলোঁ বার্ট্রাণ্ড ৰাছেলৰ এখন ৰচনা পঢ়ি৷ বার্ট্রাণ্ড ৰাছেলে’Portraits From Memory And Other Essays’ নামৰ এখন কিতাপ লিখিছিল৷ তেওঁৰ চিত্রশালাত যিসকল বিখ্যাত লোকে স্থান পাইছিল, তেওঁলোক আছিল– জর্জ বার্নাড শ্ব’, এইচ জি ৱেলছ, যোছেফ কনৰাড, জর্জ ছাণ্টায়ানা, এলফ্রেড নর্থ হোৱাইটহেড, ছিডনী আৰু বিয়েট্রিচ ওৱেব, ডি এইচ লৰেঞ্চ, লর্ড জন ৰাছেল আৰু জন ষ্টুৱার্ট মিল৷ প্রত্যেকটো নামেই বিশ্ববন্দিত৷ কিন্তু আটাইকেইখন ৰচনা একাধিকবাৰ গভীৰ মনোযোগেৰে পঢ়ি মোৰ মনত ধাৰণা হৈছে যে ৰাছেলে আটাইতকৈ বেছি শ্রদ্ধা আৰু তীব্র আকর্ষণ অনুভৱ কৰিছিল যোছেফ কনৰাডৰ প্রতি৷ কনৰাডৰ আগত হোৱা প্রথম আলাপ আৰু পৰিচয়ৰ বর্ণনা কৰি ৰাছেলে লিখিছে– ‘আমাৰ প্রথম সাক্ষাততে কথা পাতি থাকোঁতেই আমাৰ দুয়োৰে মাজত ঘনিষ্ঠতা ক্রমাৎ বাঢ়ি গ’ল৷ জীৱনৰ স্থূল আৰু তুচ্ছ কথাবোৰ তৰপে তৰপে ভেদ কৰি আমি অৱশেষত কেন্দ্রস্থ অগ্ণিকুণ্ডত প্রৱেশ কৰিলোঁ৷ এনেকুৱা অভিজ্ঞতা মোৰ জীৱনত আগতে কেতিয়াও হোৱা নাছিল৷ আমি পৰস্পৰৰ চকুলৈ চালোঁ৷ এনে এক দুর্গম ঠাইত দুয়োকো একেলগে দেখা পাই আমি যেন আধা আতংকিত আৰু আধা নিচাগ্রস্ত হৈ পৰিলোঁ৷ মোৰ সেই সময়ৰ অনুভূতি আছিল উন্মত্ত প্রেমৰ নিচিনা তীব্র আৰু সর্বগ্রাসী৷ মই হতবুদ্ধি হৈ তেওঁৰ পৰা বিদায় ল’লোঁ, আৰু বাহ্যিক জগতৰ তুচ্ছ কথা–কাণ্ডবোৰৰ মাজত বাটেই বিচাৰি নোপোৱা হ’লোঁ৷’
প্রবন্ধটোৰ সামৰণি মাৰি ৰাছেলে আকৌ লিখিছে– ‘কুঁৱাৰ তলীৰ পৰা দেখা আকাশৰ তৰা এটাৰ নিচিনাকৈ তেওঁৰ তীব্র আৱেগমণ্ডিত মহত্ত্ব মোৰ স্মৃতিত এতিয়াও উজ্জ্বল হৈ আছে৷ সেই পোহৰ মই যেনেকৈ পাইছিলোঁ তাৰ ভাগ যেন আনকো দিম তেনে এটা ভাব মোৰ মনত জাগৰুক হৈ আছে৷’
ৰাছেলৰ নিচিনা মানুহৰ মুখত কনৰাডৰ এনে উচ্চ প্রশংসা শুনাৰ পিছত তেওঁৰ কিতাপ পঢ়িবলৈ তীব্র ইচ্ছা অনুভৱ নকৰাকৈ থাকিব পাৰিনে?
ৰাছেলৰ মতে কনৰাডৰ সর্বশ্রেষ্ঠ উপন্যাস হ’লThe Heart of Darkness৷ আনহাতে, ন’বেল বঁটা বিজয়ী ফৰাছী ঔপন্যাসিক আঁদ্রে জিদৰ মতে কনৰাডৰ সর্বশ্রেষ্ঠ উপন্যাস হ’ল লর্ড জিম৷ সাহিত্যৰ বিচাৰত এনে মত পার্থক্য একো আচৰিত হ’বলগীয়া কথা নহয়৷ কনৰাডে নিজেও তিনিজন মহান ৰাছিয়ান ঔপন্যাসিক টলষ্টয়, ডষ্টয়েভ্স্কি আৰু টুর্গেনেভৰ মাজত টুর্গেনেভক বাকী দুজনতকৈ ওপৰত স্থান দিছিল৷ কিন্তু পৃথিৱীৰ আন কোনো মানুহে তেওঁৰ সেই বিচাৰ কেতিয়াও মানি নলয়৷ পৃথিৱীৰ আন কোনো সমালোচক আৰু সাহিত্যৰসিকেই টুর্গেনেভক টলষ্টয় আৰু ডষ্টয়েভ্স্কিৰ লগত একে শাৰীতে স্থান নিদিয়ে৷ লর্ড জিমৰ বিষয়ে আৰু এটা সৰু কথা এইখিনিতে উল্লেখ কৰি থ’ব পাৰি৷ ভিনচেণ্ট ষ্টাৰেট নামৰ এজন সমালোচকেBest Loved Books of the Twentith Century নামৰ এখন কিতাপ লিখিছে৷ তেওঁ কুৰি শতিকাৰ বাছকবনীয়া কিতাপবোৰৰ যিখন তালিকা কৰিছে, তাত কিন্তু লর্ড জিমেহে ঠাই পাইছেThe Heart of Darknessৰ কাৰণে তাত ঠাই হোৱা নাই৷
কিন্তু এহো বাহ্য৷
মই এই দুয়োখন কিতাপেই পঢ়িছোঁ, আৰু মই গোটেই জীৱনত যিকেইখন কিতাপ গভীৰতম মনোযোগ দি পঢ়িছিলোঁ, সেইকেইখন কিতাপৰ ভিতৰত এই দুখন কিতাপ বিশেষভাৱে উল্লেখযোগ্য৷ মই মোৰ একাধিক লেখাত ছেগা–চোৰোকাকৈ এই দুয়োখন কিতাপৰ কথা উল্লেখ কৰিছোঁ৷ অর্থাৎ মই ক’ব খুজিছোঁ যে কিতাপ দুখনে মোৰ মনত অতি দ’কৈ দাগ কাটিছে৷ কিন্তু কিতাপ দুখনৰ বিষয়ে মই কি ভাবোঁ, সেই কথা জানি পাঠকসকলৰ একো লাভ নহ’ব, কাৰণ কনৰাডৰ উপন্যাসৰ বিষয়ে কর্তৃত্বসুলভ মন্তব্য দিবলৈ মই যোগ্যতা অর্জন কৰা নাই৷ বৰং মই কিতাপ দুখনৰ বিষয়ে কৃতবিদ্য সমালোচকসকলে কি মন্তব্য কৰিছে, সেইটোহে উল্লেখ কৰিব খোজোঁ৷ তেতিয়া হয়তো অসমীয়া পাঠকসকলে কিতাপ দুখন পঢ়িবলৈ আগ্রহ অনুভৱ কৰিব৷ ন’বেল বঁটা বিজয়ী ফৰাছী লেখক আঁদ্রে জিদে লর্ড জিমৰ বিষয়ে লিখিছে ঃ ‘মোতকৈ প্রাচীন লেখকসকলৰ ভিতৰত মই যোছেফ কনৰাডৰ বাহিৰে আন কাকো চিনি পোৱা নাছিলোঁ, ভাল পোৱা নাছিলোঁ,… আৰু মই ভাবোঁ যে মই তেওঁৰ মাজত যিটো বস্তু ভাল পাইছিলোঁ সেইটো হ’ল এক ধৰণৰ সহজাত মহত্ত্ব৷ কঠোৰ আৰু অৱজ্ঞাপূর্ণ৷ মহত্ত্ব সামান্য পৰিমাণে বেপৰোৱা মহত্ত্ব৷ সেই একেধৰণৰ মহত্ত্বকে তেওঁ লর্ড জিমৰ চৰিত্রতো আৰোপ কৰিছে৷ এই বস্তুটোৱেই লর্ড জিমক পৰিণত কৰিছে মই জনা সকলো কিতাপৰ ভিতৰত আটাইতকৈ সুন্দৰ আৰু আটাইতকৈ বিষণ্ণ কিতাপত৷ লগতে সি হৈ উঠিছে এখন সার্থকতম উপন্যাস৷’
মোৰ ভোটটো বোধহয় লর্ড জিমেই পাব৷
কেইবছৰমানৰ আগৰ কথা৷The Hindu নামৰ বাতৰিকাকতখনত এটা হূদয়বিদাৰক ঘটনাৰ খবৰ প্রকাশ পাইছিল৷ এখন স্কুলত হঠাৎ জুই লাগিল৷ তিনি মহলীয়া স্কুল ঘৰটোৰ চালখন আছিল খেৰৰ৷ দ্বিতীয় মহলাৰ পৰা তললৈ নমা খটখটিটো আছিল তেনেই ঠেক৷ তলৰ পাকঘৰটোৰ পৰা আকস্মিকভাৱে বিয়পি পৰা জুইৰ লেলিহান শিখাই যেতিয়া ক্রমাৎ ওপৰলৈ গতি কৰি গোটেই ঘৰটো গ্রাস কৰি ধৰিলে, তেতিয়া তলৰ দুটা মহলাত থকা কিছুমান ছাত্র আৰু শিক্ষকে জুইৰ আক্রমণৰ পৰা পলাই নিজৰ প্রাণৰক্ষা কৰিবলৈ সমর্থ হ’ল৷ সেই সময়ত স্কুলখনত ১৯৩গৰাকী ছাত্র–ছাত্রী উপস্থিত আছিল৷ ওপৰ মহলাত থকা ছাত্র–ছাত্রীসকলৰ পক্ষে ঠেক খটখটিয়েদি তললৈ নামি নিজৰ প্রাণৰক্ষা কৰা সম্ভৱ নহ’ল৷ ৯৬টি শিশু জীয়াই জীয়াই পুৰি মৰিল৷ আন বহুতো শিশুৱে আধামৰা অৱস্থাত মৃত্যুৰ বিৰুদ্ধে যুদ্ধ কৰি থাকিল৷ দৃশ্যটো ইমান মর্মন্তুদ যে বাতৰিকাকতখনে ছবিবোৰ প্রকাশ কৰিবলৈ ভয় কৰিছে বুলি নিজেই ঘোষণা কৰিছে৷ কেৱল মোৰ নিচিনা মানুহবোৰৰ মনলৈ বাৰে বাৰে এটা প্রশ্ণ আহিছে৷ যিজন ঈশ্বৰৰ নামত মানুহে যুগ যুগ ধৰি নিজৰ ভিতৰতে কটা–মৰা কৰি ভাইৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰি আহিছে, সেই ঈশ্বৰজন প্রায় এশটা নিষ্পাপ ফুলকুমলীয়া শিশু জীয়াই জীয়াই পুৰি মৰা সময়ত ক’ত আছিল?
মানুহৰ চৰিত্রৰ পৰীক্ষা হয় চৰম সংকটৰ সময়ত৷ এই ভয়াৱহ অগ্ণিকাণ্ডত দগ্ধ হোৱা গায়ত্রী নামৰ এজনী আঠ বছৰীয়া ছোৱালীক তাইৰ খুৰাকে আধামৰা অৱস্থাত উদ্ধাৰ কৰিছিল৷ কিন্তু সেই আঠ বছৰীয়া অকণমানি ছোৱালীজনীয়ে নিজৰ প্রাণ কণ্ঠাগত হোৱাৰ সময়তো সেহাই সেহাই খুৰাকক অনুৰোধ কৰিছিল তাইৰ বন্ধু আন এজনী ছোৱালীক উদ্ধাৰ কৰিবলৈ৷ তাৰ কেইমুহূর্তমানৰ পিছতে তাইৰ মৃত্যু হৈছিল৷
কিন্তু স্কুলখনৰ শিক্ষকসকলে কি কৰিছিল? অগ্ণিদগ্ধ এটা শিশুকো উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰি, সিহঁতক আওমৰণে মৰিবলৈ এৰি দি, বেছিভাগ শিক্ষকেই নিজৰ প্রাণ লৈ তাৰ পৰা পলাইছিল৷ এনেকুৱা অন্ততঃ চাৰিজন শিক্ষকৰ নাম বাতৰিকাকতত প্রকাশ পাইছিল৷ তেওঁলোকে বাৰু জুইৰ গ্রাসৰ পৰা নিজৰ প্রাণ লৈ পলাল কিন্তু তেওঁলোকৰ কাপুৰুষতা আৰু অমানৱীয়তাৰ স্মৃতিয়ে তেওঁলোকৰ অন্তৰত যিখন নৰকৰ জুই জ্বলাই থাকিব, তাৰ পৰা তেওঁলোকে পলাই সাৰিব কেনেকৈ?
এই নৰাধম শিক্ষককেইটাৰ কথা বাতৰিকাকতত পঢ়ি থাকোঁতে মোৰ মনলৈ আহিছিল লর্ড জিমৰ কাহিনী৷
লর্ড জিমৰ কাহিনীটো থূলমূলকৈ হ’ল এনেকুৱা ঃ
মালয় দ্বীপপুঞ্জৰ পৰা প্রায় ৮০০ মুছলমান তীর্থযাত্রীক লৈ ‘পাটনা’ নামৰ এখন জৰাজীর্ণ জাহাজ মক্কা অভিমুখে গৈ আছিল৷ জাহাজখনৰ কাপ্তানজন আছিল এজন জার্মান৷ ভাৰত মহাসাগৰেদি গৈ থাকোঁতে জাহাজখনে জলমগ্ণ আন এখন জাহাজৰ ভগ্ণাৱশেষৰ লগত খুন্দা খালে৷ জাহাজখনৰ তলী ফুটিল৷ আঠশজন যাত্রীৰ বেছিভাগেই তেতিয়া টোপনিত অচেতন৷ আসন্ন সর্বনাশৰ কথা কোনেও নাজানে৷ জাহাজখন ডুবিবই বুলি নিশ্চিত হৈ জার্মান কাপ্তানজনে আঠশজন অসহায় যাত্রীৰ কথা সমূলি নাভাবি নিজৰ তিনিজন সহকর্মীক লৈ এখন সৰু নাৱত উঠি ৰাতিৰ আন্ধাৰত পলায়ন কৰিলে৷ জাহাজখনৰ শ্বিপ মেইট আছিল এজন ইংৰাজ ঃ জিম৷ কিছুসময় দ্বিধাগ্রস্ত হৈ থকাৰ পিছত তেৱোঁ অৱশেষত আঠশজন যাত্রীক মৃত্যুৰ মুখত এৰি দি নিজৰ প্রাণ লৈ পলাল৷
কিন্তু ভাগ্যৰ ফেৰত জাহাজখন নুডুবিল৷ আটাইবোৰ যাত্রীকেই ঠিক সময়ত উদ্ধাৰ কৰা হ’ল৷ কিন্তু জার্মান কাপ্তানজনকে ধৰি পাঁচজন ইউৰোপীয় অফিচাৰে কেনেকৈ যাত্রীসকলৰ কথা সমূলি চিন্তা নকৰি নিজৰ প্রাণ লৈ পলাইছিল সেই কথা জনাজনি হ’ল৷ তেওঁলোকৰ বিচাৰ হ’ল, আৰু যথাসময়ত তেওঁলোকৰ শাস্তি হ’ল৷ জার্মান কাপ্তানজনকে ধৰি চাৰিজন নাৱিকৰ কাৰণে ঘটনাটো সিমানতে অন্ত পৰিল৷ কেৱল অন্ত নপৰিল জিমৰ কাৰণে৷ বৰং তেওঁৰ কাৰণে আচল ঘটনাৰ তেতিয়াৰ পৰা আৰম্ভণিহে হ’ল৷
এটা দুর্বল মুহূর্তত তেওঁ কেনেকৈ চৰম কাপুৰুষতা আৰু স্বার্থপৰতাৰ পৰিচয় দিছিল, সেই বিষাদময় স্মৃতিয়ে তেওঁক এক মুহূর্তৰ কাৰণেও লগ নেৰা হ’ল৷ তেওঁ পাপৰ প্রায়শ্চিত্তৰ উপায় বিচাৰিবলৈ ধৰিলে৷ প্রায়শ্চিত্তৰ এটাই মাত্র উপায় আছে ঃ এবাৰ তেওঁ যিটো কাম কৰিবলৈ ব্যর্থ হৈছিল, দ্বিতীয়বাৰ তেওঁ ঠিক সেই কামটোকেই কৰিব লাগিব৷ এবাৰ তেওঁ কাপুৰুষৰ দৰে নিজৰ প্রাণ লৈ পলাইছিল এইবাৰ তেওঁ বীৰৰ দৰে পৰার্থে প্রাণ বিসর্জন দিব লাগিব৷
ধ্যান–গম্ভীৰ হূদয়েৰে জিমে সেই সুযোগৰ প্রতীক্ষা কৰিবলৈ ধৰিলে৷ তেওঁৰ প্রতীক্ষা ব্যর্থ নহ’ল৷ অৱশেষত এদিন সেই সুযোগ আহিল৷ প্রায়শ্চিত্তৰ সন্ধানত তেওঁ দিহিঙে–দিপাঙে ঘূৰি ফুৰিলে৷ অৱশেষত তেওঁ মালয়ৰ পাটোছান নামৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা হৈ পৰিছিল৷ গাঁওখনৰ মানুহৰ সেৱাতেই তেওঁ নিজৰ জীৱন উছর্গা কৰিছিল৷ অচিৰেই তেওঁ গাঁওখনৰ মানুহবোৰৰ মুখিয়াল হৈ পৰিছিল, আৰু মানুহবোৰে তেওঁক নতুন নাম দিছিল– টুৱান জিম, অর্থাৎ লর্ড জিম৷ যিবোৰ মানুহৰ সেৱাত জিমে নিজৰ জীৱন উছর্গা কৰিছিল, সেই মানুহবোৰৰ কাৰণে তেওঁ এদিন মৰিবলৈকো সুযোগ পালে৷ গাঁওখনৰ শত্রুবোৰে এদিন গাঁওখন আক্রমণ কৰিলে৷ অর্থাৎ দুখন গাঁৱৰ দুটা ফৈদৰ মাজত যুদ্ধ হ’ল৷ জিমৰ সেই যুদ্ধত অংশ লোৱাৰ কোনো প্রয়োজন নাছিল৷ কিন্তু সেই যুদ্ধখনক তেওঁ নিজৰ পাপৰ প্রায়শ্চিত্তৰ সুযোগ বুলি গ্রহণ কৰিলে৷ যুদ্ধত অংশ লৈ তেওঁ স্বেচ্ছাই মৃত্যুবৰণ কৰিলে৷ কনৰাডৰ প্রায় সকলো কাহিনীৰে বক্তা আৰু ব্যাখ্যাতা মার্লোৰ ভাষাত ‘Pitiless wedding with a shadowy ideal of conduct.’
লর্ড জিমৰ প্রকৃত তাৎপর্য অতি সুন্দৰকৈ ব্যাখ্যা কৰিছে ভিনচেণ্ট ষ্টাৰেটে৷ তেওঁ লিখিছে– ‘লর্ড জিমৰ কাহিনী দক্ষিণ সাগৰত জাহাজ ডুবাৰ কাহিনী নহয় সামুদ্রিক অভিযানৰ কাহিনী নহয়৷ লর্ড জিমৰ কাহিনী হ’ল মানুহৰ আত্মাৰ জাহাজ ডুবাৰ কাহিনী, মানুহৰ আত্মাৰ অভিযানৰ কাহিনী৷’ যোছেফ কনৰাডৰ বেছিভাগ উপন্যাসৰেই বিষয়বস্তু হ’ল আত্মাৰ নিঃসংগতম মুহূর্তৰ মানুহৰ নৈতিক সংকটৰ কাহিনী৷ লর্ড জিমৰ কাহিনীয়ে আমাক মনত পেলাই দিয়ে ক’লৰিজৰAncient Marriner-ৰ কথা৷