লেখকৰ যন্ত্রণা
লিখিবলৈ সময় নোপোৱাৰ যন্ত্রণা কিমান ভয়ংকৰ হ’ব পাৰে সেই কথা অনুভৱ কৰিব পাৰিব কেৱল সেইসকল লোকেহে, যিসকল লোকে কেৱল লিখাৰ কামতেই নিজৰ সমগ্র জীৱন উচর্গা কৰিছে, আৰু একমাত্র লিখাৰ মাজতেই বিচাৰি পাবলৈ চেষ্টা কৰিছে জীয়াই থকাৰ সার্থকতা৷ অৱশ্যে লিখাৰ কামটো হ’ব পাৰে ভীষণ যন্ত্রণাদায়ক৷ এজন লেখকে যেতিয়া অনুভৱ কৰে যে তেওঁ যেনেকৈ লিখিব খুজিছে তেনেকৈ লিখিব পৰা নাই, তেওঁৰ মগজৰ অন্ধকাৰ গুহাবোৰৰ পৰা শব্দবোৰ ওলাই আহিব খোজা নাই, বা ওলাই আহিলেও সিহঁতে লেখকৰ শাসন মানিব খোজা নাই, তেতিয়া তেওঁ নিজৰ ওপৰতেই বিশ্বাস হেৰুৱাই পেলাই অসহায় যন্ত্রণাত ছটফটাবলৈ ধৰে৷ অন্ততঃ কিছুসময়ৰ কাৰণে হ’লেও জীৱনটো তেওঁৰ কাৰণে হৈ পৰে অর্থহীন আৰু অসার্থক৷ লিখাৰ কামটো যন্ত্রণাদায়ক হ’ব পাৰে, কিন্তু ই এনে এক যন্ত্রণা, যাৰ মাজত এজন লেখকে তেওঁৰ জীৱনৰ চৰম সার্থকতা বিচাৰি পায়৷ আৰু সেই কাৰণেই তেওঁ সেই যন্ত্রণাৰ ওচৰত বাৰে বাৰে আত্মসমর্পণ কৰে৷ সেই যন্ত্রণাৰ অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে ৷
যোৱা কিছুদিন ধৰি লিখাৰ যন্ত্রণাৰ পৰা বঞ্চিত হৈ মই ইমান বেছি যন্ত্রণা পাবলৈ ধৰিছিলোঁ যে জীৱনটো মোৰ কাৰণে খুব বিবর্ণ আৰু বিস্বাদ হৈ পৰিছিল৷ মোৰ বয়স বাঢ়ি গৈ আছে, লিখিবলৈ মোৰ হাতত খুব বেছি সময় নাই, এনে এটা অনুভূতিয়েও মোক অস্থিৰ কৰি তুলিছিল ৷ সাংবাদিকতাৰ পৰা অব্যাহতি পাবলৈ কৰা চেষ্টাও বাৰে বাৰে ব্যর্থ হৈছিল৷ এই আটাইবোৰ হতাশা, অস্থিৰতা আৰু অৱসাদৰ হেঁচাত মই যেতিয়া পিষ্ট হ’বলৈ ধৰিছিলোঁ, তেতিয়া মোলৈ সহায়ৰ হাত আগবঢ়াই দিলে ভিনচেণ্ট ভেন গঘে৷ তেওঁৰ এখন চিঠি পঢ়ি মোৰ মন প্রশান্তিৰে ভৰি গ’ল ভৱিষ্যতলৈ মই আকৌ আশাৰ চকুৰে চাব পৰা হ’লোঁ৷ মানুহৰ জীৱনত শিকাৰ কেতিয়াও শেষ নহয়৷ ভেন গঘৰ এই কণমানি চিঠিখনে মোক আকৌ এবাৰ অর্থপূর্ণভাৱে জীয়াই থাকিবলৈ আৰু কাম কৰিবলৈ প্রেৰণা দিলে ৷
মোৰ জীৱনৰ ওপৰত ভিনচেণ্ট ভেন গঘৰ বিৰাট প্রভাৱ পৰিছে৷ মই মোৰ আত্মজীৱনীত সেই কথা বিস্তাৰিতভাবে লিখিছোঁ৷ তেওঁৰ বিষয়ে এটা দীঘলীয়া প্রবন্ধও লিখিছোঁ৷ আত্মহত্যা কৰি মৃত্যুবৰণ কৰাৰ সময়ত ভিনচেণ্ট ভেন গঘৰ বয়স হৈছিল মাত্র ৩৭ বছৰ৷ এই চুটি জীৱনকালত তেওঁ প্রায় দুহাজাৰখন ছবি ঁকাৰ উপৰি কেইজনমান আত্মীয় আৰু বন্ধু–বান্ধৱলৈ আঠশখন চিঠি লিখিছিল৷ প্রায় ৬০ বছৰৰ আগতে সেই চিঠিবোৰ এজন প্রকাশকে কিতাপ আকাৰে প্রকাশ কৰি উলিয়াইছে৷ কিতাপখন মই এতিয়ালৈকে পঢ়ি পোৱা নাই কিন্তু কবি ডব্লিউ এইচ অডেনে ভেন গঘৰ চিঠিবোৰৰ ওপৰত মন্তব্য কৰি ১৯৫৯ চনৰ এপ্রিল সংখ্যা এনকাউণ্টাৰত লিখা এটা প্রবন্ধ পঢ়ি মই চিঠিবোৰৰ বক্তব্য সম্পর্কে মোটামুটিভাৱে এটা ধাৰণা কৰিব পাৰিছোঁ ৷
ভেন গঘৰ ৩৭ বছৰীয়া চুটি জীৱনটো আছিল অন্তহীন দুখ–কষ্ট, সংঘাত আৰু যন্ত্রণাৰে পৰিপূর্ণ৷ তেওঁ কোনোদিনে পেট ভৰাই খাবলৈ পোৱা নাছিল৷ তেওঁ নাৰীৰ দ্বাৰা বাৰে বাৰে নির্মমভাৱে প্রত্যাখ্যাত হৈছিল৷ নিজৰ জীৱন কালত তেওঁ বিক্রী কৰিব পাৰিছিল মাত্র এখন ছবি৷ তদুপৰি মানসিক ৰোগৰ দ্বাৰা তেওঁ এনেভাৱে আক্রান্ত হৈছিল যে জীয়াই থাকিবলৈ ভয় কৰি তেওঁ মাত্র ৩৭ বছৰ বয়সতে আত্মহত্যা কৰি নিজৰ জীৱনৰ অৱসান ঘটাইছিল৷ কিন্তু নিজৰ অন্তৰ উজাৰ কৰি লিখা আঠশখন চিঠিত তেওঁৰ হতাশা, যন্ত্রণা বা পৰাজয় ফুটি উঠা নাই ফুটি উঠিছে গভীৰ প্রশান্তি, আত্মবিশ্বাস আৰু জীৱনৰ প্রতি অন্তহীন প্রেম৷ চিঠিবোৰ পঢ়ি অডেনে মন্তব্য কৰিছে–In spite of everything, the final impression is one of triumph ৷
ভেন গঘৰ যিখন চিঠিয়ে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছে আৰু যিখন চিঠিৰ বিষয়ে কবৰ কাৰণেই এই প্রবন্ধৰ অৱতাৰণা – সেই চিঠিখন মই পঢ়িবলৈ পাইছোঁ ভেন গঘৰ ৫৫খন ছবিৰ এখন এলবাম তথা আর্ট বুকত৷ আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰিবলৈ যোৱা মোৰ এজন বন্ধুৱে সেই আর্ট বুকখন কিনি আনি মোক উপহাৰ দিছিল৷ তলত চিঠিখনৰ মুকলি অনুবাদ দিয়া হ’ল৷ ভেন গঘে সেই চিঠিখন লিখিবৰ সময়ত তেওঁৰ বয়স হৈছিল ৩০ বছৰ৷ তেওঁৰ জীৱনৰ আৰু মাত্র সাতটা বছৰ বাকী আছিল৷ নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি তেওঁ এই চিঠিখনত লিখিছিলঃ ‘মই কাম কৰি থাকোঁ, আৰু মূর্খৰ দৰে মই মাত্র এটা কথা জানো– কেইবছৰমানৰ ভিতৰতে মই এখন নির্দিষ্ট ছবি আঁকি শেষ কৰিব লাগিব৷ মই খুব বেছি লৰা–ঢ়পৰা কৰাৰ কোনো প্রয়োজন নাই৷ তেনে কৰি একো লাভ নহ’ব৷ কিন্তু মই পৰিপূর্ণ প্রশান্তি আৰু স্থিৰতাৰ মাজত কাম কৰিব লাগিব যিমানদূৰ সম্ভৱ মই প্রতিদিনে নিয়মিতভাৱে নির্দিষ্ট সময়ৰ কাৰণে কাম কৰিব লাগিব৷ এই পৃথিৱীখনৰ বুকুৱেদি মই ৩০টা বছৰ খোজ কাঢ়িছোঁ, সেই কাৰণে পৃথিৱীখনৰ প্রতি মই একধৰণৰ ঋণ আৰু কর্তব্য অনুভৱ কৰোঁ৷ সেই ঋণ আৰু কর্তব্যই হ’ল পৃথিৱীখনৰ লগত মোৰ একমাত্র সম্পর্ক৷ কৃতজ্ঞতাৰ চিন স্বৰূপে মই এৰি থৈ যাব খোজো কেইখনমান ছবি৷ কোনো এক বিশেষ ধৰণৰ শিল্পৰুচি তৃপ্ত কৰাটো মোৰ ছবি ঁকাৰ উদ্দেশ্য নহয়৷ মই মাত্র প্রকাশ কৰিব খোজোঁ আন্তৰিক আৰু অকৃত্রিম মানসিক অনুভূতি৷ সেইটোৱেই হ’ল মোৰ জীৱনৰ লক্ষ্য৷’