‘জার্নাল অৱ লীডাৰশ্বিপ এণ্ড অর্গেনাইজেচন ষ্টাডিছ’ৰ সম্পাদক তথা মেনেজমেণ্ট বিষয়ৰ খ্যাতানামা বিশেষজ্ঞ ফ্রেড লুথান্সে নেতৃত্ব সন্দর্ভত এষাৰ তাৎপর্যপূর্ণ কথা কৈছে৷ তেওঁৰ মতে, নেতাৰ আচৰণে তেওঁৰ অধীনস্থসকলৰ কার্যফল আৰু সন্তুষ্টিৰ ওপৰত প্রভাৱ পেলায়৷ শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মন্ত্রী পৰিষদৰ দপ্তৰ সাল–সলনি ঘটোৱাত কথাষাৰ মনলৈ আহিল৷ তেওঁ এটা গুৰুত্বপূর্ণ বিভাগৰ পৰা নেতা অর্থাৎ মন্ত্রীজনক অপসাৰণ কৰি বিভাগটো আন এজন ব্যক্তিৰ হাতত অর্পণ কৰিছে৷ বিভাগটোৰ মুৰব্বীজনক কিয় হঠাতে সলনি কৰিবলগীয়া হ’ল বা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কিহৰ তাডনা–তাগিদাত পৰি সিদ্ধান্তটো ল’বলগীয়া হ’ল, তাৰ ব্যাখ্যা বিভিন্নজনে বিভিন্ন ধৰণে কৰিছে৷ কোনোৱে কৈছে, পাখি কাটিলে৷ কোনো কোনো মহলৰ মতে, যোগ্যজনৰ হাতত বিভাগটো তুলি দিয়া হ’ল৷ একাংশৰ মত ঃ ‘চৰকাৰৰ ভাবমূর্তি উজ্জ্বলৰ উদ্দেশ্যে মুখ্যমন্ত্রী সোণোৱালে সিদ্ধান্তটো লৈছে৷’ আন বহুতৰে মতে, এইটো অৱধাৰিত আছিল৷ বিভাগটোৱে গৰিমা হেৰুৱাবলৈ ধৰিছিল৷ কথাটো আমিও অনুভৱ কৰিছিলোঁ৷ আচলতে অনুভৱ নহয়, একপ্রকাৰ আতংকিত হৈ পৰিছিলোঁ যে বিভাগটো পুনৰ আগৰ অন্ধকাৰাচ্ছন্ন পৃথিৱীখনলৈ উভতি যাব নেকি
ইমানখিনি কোৱাৰ পাছত পাঠকৰ অনুমান কৰাত নিশ্চয় অসুবিধা হোৱা নাই যে শিক্ষা বিভাগৰ কথা ক’বলৈ বিচৰা হৈছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমৰ শিক্ষা বিভাগ তথা শিক্ষা ক্ষেত্রখনে এটা নতুন যুগত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে বিভাগটোক লৈ অসমৰ জনসাধাৰণৰ আশা–প্রত্যাশাও বৃদ্ধি পাইছিল৷ এসময়ত অনিয়ম–কেলেংকাৰি, অৰাজকতাৰ বাবে চৰম ঘৃণা আৰু হতাশাৰে চর্চিত হৈ থকা বিভাগটোক লৈ সংবাদ মাধ্যমৰো শিৰোনাম ক্রমশঃ সলনি হ’বলৈ ধৰিছিল৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে তেওঁ বিভাগটোক সাফল্যৰ চূডান্ত শিখৰত স্থাপিত কৰিছিল৷ কিন্তু মানুহৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিৱেশ এটা কাম–কাজৰ জৰিয়তে গঢ় লৈ ডঠিছিল৷ পৰৱর্তী কালত সেই ধাৰাবাহিকতাক আগবঢ়াই নিয়াৰ গুৰু দায়িত্ব যিগৰাকী ব্যক্তিৰ হাতত পৰিছিল, তেওঁ তাক কাংক্ষিত ধৰণে আগবঢ়াই নিয়াত ব্যর্থ হ’ল৷ তেওঁৰ কিছুমান কাম, কিছুমান কথাই অধীনস্থসকলৰ কার্যফল আৰু সন্তুষ্টিত বিপৰীত প্রভাৱহে পেলাইছিল৷ আনকি, এনেকুৱাও দিন আহিল যে ‘মই এইটো অর্থত কথাখিনি কোৱা নাছিলোঁ’ বুলি মন্ত্রীগৰাকীয়ে নিজৰ ভিন্ন বক্তব্য নতুবা মন্তব্য সন্দর্ভত ৰাজহুৱাকৈ স্পষ্টীকৰণ দি থাকিবলগীয়া হ’ল৷ শিক্ষা বিভাগত তেনে দুর্দিন বিগত ডেৰ দশকত অহা মনত নপৰে৷ এনে অৱস্থাত বিভাগটোৰ মুৰব্বীজনক আঁতৰাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে একপ্রকাৰে জনসাধাৰণৰ আশা–আকাংক্ষাৰ প্রতিফলন ঘটালে৷
সংশোধিত নাগৰিকত্ব আইনখনক লৈ অসমত এতিয়া অস্থিৰ পৰিৱেশ৷ ব্রহ্মপুত্র ডপত্যকাত বিতর্কিত আইনখন বাতিলৰ দাবীত তীব্র আন্দোলন চলি আছে৷ ৰাজ্যখনত সমদল, প্রতিবাদী সভা, শিল্পী সমাজৰ ব্যতিক্রমী আন্দোলন, সর্বস্তৰৰ জনসাধাৰণ ব্যাপক অংশগ্রহণ আদি সকলো প্রত্যক্ষ হৈছে৷ সন্দেহ নাই, আইনখনৰ সপক্ষে দৃঢ় স্থিতি গ্রহণ কৰা চৰকাৰৰ সপক্ষে এই মুহূর্তত সকলো জনসাধাৰণ নাই৷ জনতাৰ মাজত আস্থাহীনতাৰ পৰিৱেশ সৃষ্টি হৈছে, অসন্তুষ্টি বাঢ়িছে৷ ৰাজপথত, দেৱাল লিখনত, সংবাদ মাধ্যমৰ ভিন্ন লেখাত নতুবা নিডজ চেনেলৰ আলোচনাবোৰত ইয়াৰ প্রতিফলন ঘটি আছে৷ কিন্তু এনে পৰিৱেশৰ মাজতো শিক্ষা বিভাগত নতুন মুৰব্বীজনৰ আগমনে চৰকাৰক লৈ অসন্তুষ্ট জনসাধাৰণৰ মাজত সুখানুভূতিৰ সৃষ্টি কৰিছে৷ ইয়াৰ কাৰণ এটাই, শিক্ষাৰ সৈতে দেশ আৰু জাতিৰ ভৱিষ্যৎ জডিত হৈ আছে৷ ই আপোচৰ বিষয় নহয়৷
সমাজত মানৱ সম্পদক সবাতোকৈ মূল্যৱান সম্পদ বুলি গণ্য কৰা হয়৷ শিক্ষা অবিহনে এই সম্পদবিধৰ ডন্নয়ন সম্ভৱ নহয়৷ সেয়ে আজি সমগ্র বিশ্বতে শিক্ষাক্ষেত্রখনত অধিকৰ পৰা অধিক বিনিয়োগ কৰাৰ তাগিদা বাঢ়িছে৷ শিক্ষা ব্যৱস্থাটোক সময়ৰ সৈতে খাপ খুৱাই আগবঢ়াই লৈ যোৱাৰ প্রয়াসো সমানেই চলিছে৷ এইক্ষেত্রত শিক্ষাৰ তিনিওটা স্তৰৰ (প্রাথমিক, মাধ্যমিক আৰু ডচ্চতৰ) ডত্তৰণ ঘটোৱাটো সময়ৰ দাবী৷ অসমত এই তিনিওটা স্তৰক জনসাধাৰণৰ আশা–আকাংক্ষাৰ প্রতিফলন ঘটাই তথা যুগসাপেক্ষ কৰি তোলাৰ দায়িত্ব মন্ত্রীগৰাকীয়ে ল’ব লাগিব৷ কথাতে কোৱা হয়, জ্ঞান সাধনাৰ শীর্ষবিন্দু বুলি কোনো কথা নাথাকে৷ আমাৰ সকলো অর্জন হ’ব বুলি আনকি ডন্নত ৰাষ্ট্র নতুবা জাতিও আত্মসন্তুষ্টিত ভুগি হাত সাবটি বহি নাথাকে৷ বৰং নিৰন্তৰ গৱেষণাৰ জৰিয়তে ডৎকর্ষ সাধনৰ চেষ্টা চলাই গৈ থাকে৷ ইয়াৰ তুলনাত অসমৰ শৈক্ষিক জগতখনৰ সমস্যা সীমাহীন৷ শিক্ষাদানৰ পৰা প্রশাসনিক ব্যৱস্থালৈকে সকলোতে আছে সমস্যাৰ বিশাল বিশাল দেৱাল৷ শিক্ষামন্ত্রীয়ে এই সীমাবদ্ধতাৰ মাজতো বিভাগটোক গতি আৰু নতুন মাত্রা দান কৰি মানৱ সম্পদ গঢ়াৰ ক্ষেত্রখনক আগবঢ়াই নিবই লাগিব৷ মন্ত্রীগৰাকীৰ বর্তমানত শিক্ষা বিভাগটোৰ পৰা জনসাধাৰণৰ প্রত্যাশা অধিক বৃদ্ধি পাব৷ অতীতত এনে প্রত্যাশা পূৰণ কৰিয়েই তেওঁ শিক্ষামন্ত্রী হিচাপে জনসাধাৰণৰ আস্থাভাজন হৈ পৰিছি, যাৰ বাবে বিভাগটোৰ অৱনতি দেখিলে আজিও হাজাৰজনে বিভাগটোত তেওঁৰ অনুপস্থিতি অনুভৱ কৰে৷ বহুতৰে অন্তৰ বেদনাবিদ্ধ হয়৷
আমি বিচাৰিম, অসমৰ শিক্ষাক্ষেত্রখনত নতুন ডদ্যম, নতুন শক্তি আৰু নতুন বিশ্বাসৰ আগমন ঘটক৷ প্রাথমিক স্তৰৰ পৰা ডচ্চ শিক্ষাৰ স্তৰলৈ সর্বত্র নতুন পৰিৱেশ সৃষ্টি হওক৷ মাতৃভাষাৰ বিদ্যালয় শক্তিশালী হওক৷ শেহতীয়াকৈ সংবাদ মাধ্যমত এটা আশাভৰা বাতৰি প্রচাৰিত হৈছে৷ ৰাজ্যখনৰ কেইবাখনো মাতৃভাষাৰ বিদ্যালয়ত নামভর্তিৰ বাবে অভিভাৱকে ওৰেনিশা শাৰীপাতি প্র–পত্র এখন হাতত তুলি ল’বলৈ অপেক্ষা কৰিছে৷ ব্যক্তিগত খণ্ডৰ আগ্রাসনৰ সময়ছোৱাত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ এনে সুখবৰে আশাবোৰত সাৰ–পানী যোগায়৷ এনে ভাল খবৰবোৰ প্রতিটো খণ্ড পর্যায়ৰ পৰা আহক, তেনে হেঁপাহ এটাৰ নজনাকৈয়ে নিজৰ মাজত গজালি মেলে৷ ইয়াৰ বাবে শিক্ষাৰ মান অধিক ডন্নত কৰিব লাগিব৷ পাঠ্যক্রম, বিদ্যালয়ত পাঠদান, শিক্ষকৰ মান, বিভাগীয় প্রশাসনিক ব্যৱস্থাৰ ডন্নতি সাধন নোহোৱাকৈ তেনে দিন এটাৰ কল্পনা কৰিব নোৱাৰি৷ ৰাজ্যখনত যিকেইখন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ডন্নত ফলাফলে জনসাধাৰণক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে, একেধৰণৰ চৰকাৰী সা–সুবিধা লাভ কৰি আন বিদ্যালয়ে কিয় স্তৰটো লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেইটো অধ্যয়নৰ বিষয় হোৱা ডচিত৷ লগতে বিদ্যালয়সমূহে সন্মুখীন হৈ অহা সমস্যাৰো সমাধান হ’ব লাগিব৷ বর্তমানৰ শিক্ষামন্ত্রীগৰাকীৰ গৃহ সমষ্টিৰ এখন বিদ্যালয়ৰ কথা ‘নিয়মীয়া বার্তা’ৰ কালিৰ সংখ্যাত প্রকাশ পাইছে৷ এখন হাইসুকলত যদি ১৫গৰাকীকৈ শিক্ষকৰ পদ খালী থাকে, বিদ্যালয়খনে কিদৰে মানৱ সম্পদ গঢ়িব? তেনেদৰে শিক্ষকৰ অভাৱত ভোগা বিদ্যালয় অসমত বহু আছে৷ বডো মাধ্যমৰ বিদ্যালয়ো অনুৰূপ সমস্যাৰে জর্জৰ৷ শিক্ষকৰ অভাৱ দূৰ কৰাটো আজিৰ তাৰিখত অতি দৰকাৰী৷ আশা কৰোঁ, শিক্ষামন্ত্রীয়ে অসমৰ শিক্ষাক্ষেত্রখনক নতুন গতি প্রদান কৰিব৷