সন্ধিয়াটো বাজি উঠে ৰূপালী টিলিঙাৰ মাতেৰে
- ড০ বসন্ত কুমাৰ ভট্টাচার্য
চাইকেলখনৰে সৈতে মোৰ সম্পর্ক জনা–বুজা হ’বৰে পৰা ৷ মোৰ পিতাৰ এখন চাইকেল আছিল আৰু সেইখন মোৰ সাত–আঠ বছৰ বয়সতে পিতাই ক্রয় কৰিছিল৷ মোৰ ঘৰ নলবাৰী চহৰৰ পৰা পাঁচ কিলোমিটাৰমান পশ্চিমত অৱস্থিত বাউসীয়াপাৰা গাঁৱত ৷ সৰু থাকোঁতে পিতাই মোক চাইকেলত তুলি নলবাৰী চহৰলৈ দুর্গাপূজা, ৰাসপূজা, শ্যামাপূজা আদি উৎসৱ–পার্বণ দেখুৱাবলৈ আনিছিল ৷ সেই যে সৰুকালতে চাইকেলত উঠা অভ্যাস গঢ়ি উঠিছিল, তেতিয়াৰে পৰা সাম্প্রতিকলৈকে আৰু উভতি চাবলগীয়া হোৱা নাই ৷ দহ/বাৰ বছৰমান বয়সত মই মোৰ খুৰা প্রয়াত কালীনাথ শর্মাৰ পৰা প্রশিক্ষণ লাভ কৰি চাইকেল চলাবলৈ শিকাৰ পিছৰে পৰা সেইখন মোৰ প্রাণৰো প্রাণৰ/মনৰো মনৰ লগৰী হৈ পৰিল আৰু নক’লেও হ’ব যে সেইখনত উঠিয়েই মই নলবাৰী গর্ডন স্কুলত হাইস্কুলীয়া আৰু নলবাৰী কলেজত কলেজীয়া শিক্ষা ল’বলৈ সমর্থ হওঁ৷ অকল সিমানেই নহয়, চাইকেলেৰে গাঁৱৰ ঘৰৰ পৰা অহা–যোৱা কৰি মই নলবাৰী কলেজতো সুদীর্ঘকাল শিক্ষকতা কৰোঁ ৷
সম্প্রতি মই নলবাৰী চহৰৰ বিদ্যাপুৰৰ বাসিন্দা ৷ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিলেও মই সামাজিক কাম–কাজৰ পৰা আঁতৰি থকা নাই৷ ফলস্বৰূপে চাইকেলৰ প্রয়োজনো শেষ হোৱা নাই৷ তাহানিৰ দৰে বিভিন্ন কাৰণত নাতিদূৰৈৰ কোনো এখন ঠাইলৈ অথবা বজাৰ–সমাৰ কৰিবলৈ হাটলৈ–বাটলৈ যাবলগীয়া হ’লে আজিও চাইকেলখনেই মোৰ বাহন ৷
সঁচা কথা, ক’ৰবালৈ যাবলগীয়া হ’লে চাইকেলখন এৰি থৈ মই পদূলিত ভৰি থ’ব নোৱাৰোঁ৷ ইয়াৰ কাৰণে মই জ্যেষ্ঠ–কনিষ্ঠ বন্ধু–বান্ধৱ, শুভাকাংক্ষী, ছাত্র–ছাত্রীৰ নানান প্রশ্ণৰো সন্মুখীন হৈছোঁ৷
যথাঃ ভট্টদেৱ, আপুনি এই বয়সতো চাইকেল চলাই আছে?
: ভট্টদেৱ, চাইকেল আপুনি নেৰিবই নেকি?
: ছাৰ, চাইকেল চলাবলৈ এৰা নাই নেকি? ইত্যাদি ৷
অকল প্রশ্নৰেই সন্মুখীন হৈছোঁনে? নহয়৷ চাইকেলখনক সামৰি মোক লৈ মোৰ প্রিয় ছাত্র, সাম্প্রতিক সময়ৰ জনপ্রিয় কবি প্রণৱ কুমাৰ বর্মনে এটা কথা–কবিতাও ৰচনা কৰিছে৷ পাঠক সমাজৰ জ্ঞাতার্থে কবিতাটোৰ কিয়দংশ তলত তুলি দিলোঁঃ
…‘চহৰখন বাজি উঠে৷ সন্ধিয়াটো বাজি
উঠে ৰূপালী টিলিঙাৰ মাতেৰে৷ ওখ
মানুহজনৰ চেতনাই চুব খোজে উৰি
ফুৰা ধৱল মেঘবোৰ৷… চহৰখনৰ
শতিকাজোৰা নিঃসংগতাক সংগ দিয়ে তেওঁৰ চাইকেলখনৰ
কেৰ্ কেৰ্ কেৰ্ শব্দ আৰু থেকেচাত
বাজি উঠি বিয়পি যোৱা সেই ৰূপালী টিলিঙাৰ
ভগ্ণ মাতে’…৷ (ৰূপালী টিলিঙাৰ মাত)৷
যি কি নহওক, মোৰ চাইকেলখন মোৰ সাহস– মোৰ শক্তি– মোৰ বন্ধু– মোৰ সহচৰ– মোৰ অনুচৰ৷ চাইকেলখনত উঠি পথ পৰিভ্রমণ কৰিলে মই পাওঁ পৰম আনন্দ৷ অৱশ্যে মানুহৰ ভিৰৰ মাজত মই কেতিয়াও চাইকেল নচলাওঁ৷ তদুপৰি যান–বাহনেৰে ভর্তি আলিবাটতো চাইকেলখন ঠেলি খোজ কাঢ়িয়েই অহা–যোৱা কৰোঁ৷ বজাৰ–সমাৰলৈ গ’লে সততে চাইকেলখনকেই সংগী কৰি লওঁ আৰু শাক–পাচলিৰে ভর্তি মোনাখন চাইকেলখনৰ হেণ্ডেলত ওলোমাই খোজ কাঢ়ি ঘৰলৈ উভতি আহোঁ৷
শেষত এষাৰ কথা নক’লে এই লেখাটো অসম্পূর্ণ হৈ ৰ’ব৷ মই মোৰ জীৱন কালছোৱাত সাতখন চাইকেল হেৰুৱাইছোঁ৷ এতিয়া চলাই থকাখন মোৰ আঠ নম্বৰ চাইকেল৷ অৱশ্যে মই প্রথমখন চাইকেল হেৰুওৱাৰ পিছত যিকেইখন চাইকেল কিনিছোঁ, সেইকেওখনেই পুৰণা চাইকেল Second hand)৷ সেইকাৰণেই মোৰ চাইকেলৰ বেলটোৰ বাহিৰে আন অংগ–প্রত্যংগবোৰ ডাঙৰকৈ বাজে৷
কিমধিকমিতি ৷