নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাধিত জীৱনৰ নাচোন

  • অৰ্ণৱ শইকীয়া

 (১)

হাজাৰ বছৰৰ আগতে মোৰ চুবুৰীয়া বন্ধুজনে মোক ক’লে, ‘জীৱনৰ প্রতি মোৰ বিতৃষ্ণা উপজিছে ৷ জীৱনটো এক বিষাদ–সংগীতৰ বাহিৰে যেন আন একোৱেই নহয় ৷’

আৰু কালি যেতিয়া মই এখন মৰিশালিৰ কাষেদি পাৰ হৈ গৈছিলোঁ, মোৰ সেই বন্ধুজনৰ সমাধিৰ ওপৰত জীৱনে নৃত্য কৰি থকা মই দেখা পাইছিলোঁ –‘And yesterday I passed by a cemetery and saw life dancing upon his grave .’

মৃত্যুক নসাৎ কৰি জীৱনৰ জয়গান গাবলৈ গৈ যেতিয়া আমাৰ বাবে সহস্র লক্ষ শব্দও পর্যাপ্ত নহয় যেন অনুভৱ হয়, ইয়াত খলিল জ্ব্রিানে সেয়া কৈ পেলাইছে মাত্র দুকুৰিমান শব্দৰ ভিতৰতেই৷ জীৱনৰ প্রতি ওপজা অনীহাৰ মাজেৰেই হয়তো সমাপ্তি ঘটিছিল সেই চুবুৰীয়া বন্ধুজনৰ জীৱন৷ সেই জীৱনৰ বিশেষত্ব একোৱেই নাছিল নিশ্চয়কৈয়ে৷ কিন্তু বন্ধুজনৰ মূল্যহীন বুলি ভবা জীৱনটোৰ সমাধিৰ ওপৰতো জীৱনৰ নৃত্য হাজাৰ বছৰৰ পিছতো ?

অসমীয়া গ্রন্থসমূহৰ পিছত যেতিয়াৰে পৰাই ইংৰাজী ভাষাত লিখিত বা ইংৰাজীলৈ অনূদিত গ্রন্থসমূহৰ মাজত জীৱনৰ সুধা বিচাৰ্বিলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰে পৰা আজিলৈকে যি দুজনৰ সৃষ্টিৰ মাজত অৱগাহন কৰি সদায় অনির্বচনীয় পুলক অনুভৱ কৰোঁ, সেই দুজন হ’ল খলিল জিব্রান আৰু ভিনচেণ্ট ভেন গখ্ ৷ আৰু যেতিয়াই মোৰ মনলৈ খলিল জিব্রানৰ ওপৰত উল্লেখিত অণুগল্পটি আহিছে, অৱলীলাক্রমে মোৰ মনলৈ আহিছে ভিনচেণ্ট ভেন গখ্ৰ নামো৷ বিশ্বৰ অসংখ্য চিত্র সমালোচকে গখ্ৰ ছবিসমূহৰ আলোচনা আবঢাইছে আৰু আমিও প্রায়েই চিত্রসমূহৰ ৰসাস্বাদন কৰোঁ সেই সমালোচকসকলৰ দৃষ্টিৰে গৈয়েই৷ কিন্তু কেতিয়াবা ছবিসমূহে আমাৰ ভাব–সাগৰত জোৱাৰ তোলে অন্য ভাবনাৰ কিছুমান ঢৌৱেৰেও৷ কথাটো চিকিৎসক তথা সুলেখিকা জয়শ্রী ঢাগোহাঁয়েও কয় যেতিয়া আমি কোনো ছবিৰ কথা আলোচনা কৰিছোঁ৷ গতিকে ওপৰত উল্লেখ কৰি অহা জিব্রানৰ অনুভৱৰ ছন্দৰ স’তে আমি কেতিয়াবা ভিনচেণ্টৰ ছবিতো সেই ছন্দৰ সন্ধান বিচাৰি পোৱাটো একো আচৰিত কথা নহয় ৷

I cannot live without love, without a woman– এয়া আছিল ভিনচেণ্টৰ অকপট স্বীকাৰোক্তি৷ কিন্তু  কোনোদিনেই পেট ভৰাই খাবলৈ নোপোৱা, ঈপ্সিত নাৰীৰ দ্বাৰা বাৰে বাৰে নিষ্ঠুৰভাৱে প্রত্যাখ্যিত ভিনচেণ্টৰ জীৱনো এটা শোকগীতিৰ বাহিৰে যেন আন একোৱেই নাছিল৷ প্রতিসাঁজ আহাৰৰ বাবেই তেওঁ চাই থাক্বি লগা হৈছিল ভায়েকৰ পৰা অহা টকাকেইটালৈ৷ সপ্তাহ–দহ দিন অনাহাৰে থকাৰ পিছতো যেতিয়াই ভায়েকৰ পৰা সামান্য হ’লেও টকা আহিছিল, সেয়াৰে তেওঁ প্রথমেই কিনিছিল ৰং আৰু কেনভাছহে৷ ক্ষুধাত উন্মাদ হৈ তেওঁ বহুবাৰ ৰংবোৰকে খাই পেলাইছিল ক’ব নোৱৰাকৈয়ে ৷ সেইদৰেই আহাৰৰ অবিহনে তেওঁৰ দিন চলি গৈছিল যদিও তেওঁৰ বাবে অকল্পনীয় আছিল ৰং–তুলিকাবিহীন জীৱনহে৷

আর্লচৰ উজ্জ্বল বেলিটোৱে ভিনচেণ্চটক সদায় হাত্বাউলি মাতিছিল৷ বেলিৰ উজ্জ্বল হালধীয়া ৰঙেই হৈ পৰিছিল শিল্পীজনৰো হূদয়ৰ ৰং৷ দিনৰ পিছত দিন পেটত খুদকণ নপৰিলেও বেলিৰ দৰেই যেন উজলি আছিল তেওঁৰ বুকুৰ ভিতৰৰ আন এখন জগত৷ শৰীৰে লগ এৰিলেও ভিনচেণ্টক লগ এৰা নাছিল বেলিৰ ৰঙে ৷ কিন্তু শৰীৰৰ প্রয়োজনীয়তাক জানো সকলো সময়তে অস্বীকাৰ কৰা যায়?

কাজেই লিয়া হৈছিল ভিনচেণ্ট ভেন গখ্ ৷

১৮৮৯ চনৰ মে’ মাহৰ ৮ তাৰিখৰ পৰা প্রায় ডেৰটা ছৰ ভিনচেণ্ট ভেন গখ্ কার্যতঃ ন্দী হৈ আছিল মানসিক চিকিৎসালয়ত৷ কিন্তু  চিকিৎসালয় কর্তৃপক্ষই তাতেই ষ্টুডি’ হিচাপে ৱহাৰ কৰ্বিলৈ ভিনচেণ্টক এটা কোঠাৰ ৱস্থা কৰি দিছিল৷ কোঠাটোৰ খিৰিকীয়েদিয়েই বাহিৰৰ পৃথিৱীখনলৈ চাই চাই ইখনৰ পিছত সিখন ছবি আঁকি গৈছিল আধাবলিয়া শিল্পীজনে৷ ছবি আঁক্বিলৈ মাজে মাজে সহযোগী এজনৰ স’তে চিকিৎসালয়ৰ চাৰিবেৰৰ বাহিৰলৈ যোৱাৰো অনুমতি তেওঁক দিয়া হৈছিল৷ মানসিক চিকিৎসালয়ত কটোৱা মুঠ ৪৪৪টা দিনত তেওঁ প্রায় তিনিশ ছবি ঁকাৰ উপৰি দুশখনমান পত্র লিখিছিল৷ চিকিৎসালয়ৰ খিৰিকীয়েদি চালেই ভিনচেণ্টৰ চকুত পৰিছিল বিস্তীর্ণ খেতিপথাৰ, চাইপ্রেছ গছবোৰ আৰু দূৰৈৰ শাৰী শাৰী পাহাৰবোৰ৷ চাইপ্রেছ গছবোৰ সাধাৰণতে েবছিকৈ গজিছিল সমাধিক্ষেত্রেবাৰতহে৷ পার্থিৱ জগত, মৃত্যু আৰু সৰগৰ মাজৰ সেতুৰ প্রতীকৰূপে এই চাইপ্রেছ গছবোৰ পৰিগণিত হৈছিল৷ কিন্তু চিকিৎসালয়ত থকাৰ সময়ছোৱাত ভিনচেণ্টক আটাইতকৈ বেছি আকর্ষণ কৰিছিল সেই চাইপ্রেছ গছেবাৰেই৷ ৰ’দৰ সপোন কঢিয়াই লৈ ফুৰা শিল্পীজনক কাষলৈ মাতিছিল মৃত্যুৰ প্রতীকস্বৰূপ চাইপ্রেছ গছবোৰে৷ সূর্যমুখীৰ দৰে চিৰউজ্জ্বল ছবি ঁকা ভিনচেণ্টৰ ছবিত স্থান লৈছিলহি সেই গছবোৰে আৰু ৰ’দৰ দৰেই উজ্জ্বল হালধীয়াৰ মাজত চকুত লগাকৈ কেনভাছ অধিকাৰ কৰিছিল কাৰুণ্য আৰু অপার্থিৱতাৰ প্রতীক নীলাই৷ ‘সমাধিত জীৱনৰ নাচ’ বর্ণিত খলিল জ্ব্রিানৰ দুটা শাৰীৰ সেই অণুগল্পই মোৰ মনলৈ যিকেইখন ছবিৰ স্মৃতি কঢিয়াই আনে, সেই ছবিকেইখন ভিনচেণ্টে আঁকিছিল মানসিক চিকিৎসালয়ত কটোৱা জীৱনৰ আটাইতকৈ কঠিন সময়ছোৱাত ৷

অতি সংঘাতময় শেষৰ দুবছৰত অঁকা ভিনচেণ্টৰ ছবিবোৰৰ এটা চকুতলগা বৈশিষ্ট্য হ’ল ছবিৰ ঢৌ waves) আৰু পকনীয়া বা চাকনৈয়াবোৰ swirls)৷ সমালোচকসকলৰ মতে এইবোৰে শিল্পীজনৰ সেই সময়ৰ মানসিক অস্থিৰতা তথা উন্মাদনাকে প্রকট কৰি তোলে৷ অত্যধিক ৰঙৰ প্রয়োগৰ ফলত ছবিৰ ঢৌ বা চাকনৈয়াবোৰ কেনভাছৰ হু ওপৰলৈ উঠি আহিছিল৷ যন্ত্রণাময় এই পৃথিৱীক এৰি যোৱাৰ সুতীব্র বাসনা এটাই অহৰহ ক্রিয়া কৰি আছিল ভিনচেণ্টৰ অৱচেতন অস্থিৰ মনত আৰু তাৰেই প্রভাৱ পৰিছিল তেওঁৰ সেই সময়ৰ সৃষ্টিতো৷ মৃত্যুৰ প্রতীকস্বৰূপ চাইপ্রেছ গছেবাৰক বিষয় কৰি তেওঁ যিবোৰ ছবি আঁকিছিল, ইখনৰ পিছত সিখনত তেওঁৰ সেই মৃত্যুচেতনা যেন তীব্রৰ পৰা তীব্রতৰ হৈ উঠিছিল৷ জীৱনৰ উচ্ছ্বলতাৰ প্রতীকস্বৰূপ হালধীয়াক লাহে লাহে যেন গ্রাস কৰি আহিছিল বিষণ্ণতাৰ নীলাই৷ সদায় উজ্জ্বল হালধীয়াৰে নিজৰ প্রতিকৃতি ঁকা শিল্পীজনে শেষখন আত্মপ্রতিকৃতিত ৱহাৰ কৰিছিল সেই অস্থিৰ নীলা ৰঙৰ ঢৌেবাৰ৷ তাত তেওঁক দেখা গৈছে অত্যন্ত বিষণ্ণ আৰু ভাগৰুৱা ৰূপত৷ ‘ষ্টাৰী নাইট’ৰ এঘাৰটা তৰাৰ মাজতো সমালোচকসকলে সন্ধান পাইছে বিশ্বাসত মূর্ত হৈ থকা মৃত্যুৰ পিছৰ কোনো সৰগীয় জগতৰে গঢি উঠা ভিনচেণ্টৰ মানসিক সংযুতিৰ ৷

আপাত দৃষ্টিত ই স্পষ্ট যে ‘চাইপ্রেছেছ’, ‘ৰোড উইথ চাইপ্রেছ এণ্ড ষ্টাৰ’, ‘চাইপ্রেছ উইথ টু ৱমেন’, ‘কটেজ এণ্ড চাইপ্রেছেছ’, ‘ষ্টাৰী নাইট’ বা ‘কর্নফিল্ড এণ্ড চাইপ্রেছেছ’ আদি ছবিত মৃত্যুৰ প্রতীক চাইপ্রেছ গছেবাৰেই প্রথমেই আমাৰ দৃষ্টি আকর্ষণ কৰে৷ প্রতিখন চিত্রতেই দেখা যায় এক সাংগীতিক গতিশীলতা৷ কোনো ছন্দত যেন হালি–জালি নাচিছে চাইপ্রেছ গছবোৰেও৷ আমাৰ চকুৰ সমুখত যেন সেয়া জীৱনক নস্যাৎ কৰি মৃত্যুৰ বিজয়ী নাচোনহে৷ কিন্তু ছবিবোৰত আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ আকাশ, জোন, তৰা, ডাৱৰ, পাহাৰবোৰ, ঘেঁহুৰ পথাৰ বা মানৱ অৱয়ৱবোৰক৷ এইেবাৰেই পৃথিৱীৰ মানুহৰ জীৱন৷ এই সকলোেবাৰতে সেই একেই গতিশীলতা৷ চাইপ্রেছ গছেবাৰৰ স’তে একেটা ছন্দতেই যেন নাচোন জীৱনৰো৷ ছবিবোৰত মৃত্যুৰ প্রতীক চাইপ্রেছ গছবোৰৰ বৈচিত্র্যহীনতাৰ বিপৰীতে কিন্তু প্রতিখন ছবিতে বিচিত্র ৰূপ জীৱনৰ৷ মানসিক চিকিৎসালয়ৰ সমীপৰ প্রায় একেখিনি ঠাইতে বহি একেটি লেণ্ডস্কেইপকে লৈ ৰাতি আঁকি সৃষ্টি কৰিছিল ‘ষ্টাৰী নাইট’ আৰু দিনৰ ভাগত আঁকিছিল ‘কর্নফিল্ড এণ্ড চাইপ্রেছেচ’৷ ‘ষ্টাৰী নাইট’ত বৈচিত্র্যহীন মৃত্যুৰ ইংগিত বহন কৰা চাইপ্রেছজোপাক যেন নস্যাৎ কৰি নাচি উঠিছে জোন, আকাশ, তৰা আৰু সেই একেই মৃত্যুলৈ পিঠি দি ‘কর্নফিল্ড এণ্ড চাইপ্রেছেচ’ত জীৱনে নৃত্য কৰিছে আকাশ, পাহাৰ আৰু উজ্জ্বল হালধীয়া ঘেঁহুৰ পথাৰখনত৷ ‘ৰোড উইথ চাইপ্রেছ এণ্ড ষ্টাৰ’ত গোটেই পৃথিৱী নৃত্যৰতা৷ সমালোচকৰ মতে চাইপ্রেছ গছকেন্দ্রিক পূবৰ ছবিেবাৰত থকা শিল্পীজনৰ মৃত্যুচেতনা আটাইতকৈ শক্তিশালী ৰূপত প্রকাশ পাইছে এই ছবিখনতেই৷ পথেদি বাট বুলা অন্তহীন ‘যাত্রা’ৰ ওপৰত সর্বগ্রাসী ৰূপ লৈ থিয় দিয়া চাইপ্রেছজোপাৰ একাষে  সন্ধ্যাতৰাটি আৰু আনকাষে ন–জোন৷ যেন এটি জীৱনৰ অস্ত আৰু ন–জীৱনৰ মাজত একমাত্র সেতু সেই চাইপ্রেছজোপা৷ কিন্তু ছবিখন চালে এনে ভাব এটায়ো মোৰ মনত ঢৌ খেলি যায় যেন মৃত্যুৰ প্রতীকস্বৰূপ চাইপ্রেছজোপালৈ চূডান্ত ঔদ্ধতাৰে পিঠি দিহে াট বুলিছে জীৱনে সেই দুটি মানৱ অৱয়ৱৰ ৰূপত৷ নৃত্যৰত পথেদি কর্ত্ব্য অভিমুখী যাত্রা এখন ঘোঁৰাগাডীৰ৷ ‘চাইপ্রেছেচ উইথ টু ৱমেন’ শীর্ষক ছবিখনতো নৃত্যৰত আকাশ আৰু একেই ছন্দত নচা বৈচিত্র্যহীন চাইপ্রেছ গছবোৰৰ তলৰ বিচিত্র উজ্জ্বল বননিৰ মাজেৰে বাট বুলিছে দুগৰাকী নাৰীয়ে৷ নাতিদূৰৈত এটি কুটীৰ৷ যি নাৰী আছিল ভিনচেণ্টৰ জীৱনী শক্তি, ছবিখনত সেই নাৰী শিল্পীজনৰ জীৱনৰ প্রতি থকা অদম্য াসনাৰ বাহিৰেনো কি হ’ব পাৰে?

I am quite at the end of my canvas and as soon as you can I beg you to send me 10 metres. Then I shall attack the cypresses and the mountains. ছবিৰ বাবে কেনভাছ নোহোৱা হোৱাত চিকিৎসালয়ৰ পৰাই ভায়েকলৈ এইবুলি লিখিছিল ভিনচেণ্টে৷ কথাষাৰত মৃত্যুৰ প্রতীক চাইপ্রেছেবাৰৰ মাজতেই জীৱনৰ যুঁজৰ এক সুৰো আমাৰ কাণত াজি উঠে৷ সমালোচকসকলে শিল্পীজনৰ চাইপ্রেছকেন্দ্রিক ছবিেবাৰত অদূৰৰ মৃত্যুৰ স্বল উপস্থিতি আৱিষ্কাৰ  কৰিলেও সেই মৃত্যুলৈ পিঠি দি একে ছন্দত নচা জীৱনৰ নৃত্যক যেন সদায় অস্বীকাৰ কৰি আহিছে৷ পদে পদে সংগ্রাম আৰু সংঘাত থাকিলেও শিল্পীজনৰ জীৱনগাথাক জীৱনৰ প্রতি এক অন্তহীন তৃষাৰ নিদর্শন হিচাপে অভিহিত কৰিছে লেখক আৰভিং ষ্ট’নে,Lust for Life৷ সেয়ে ভিনচেণ্টে ৰং–তুলিকাৰে সেই বিশেষ ছবিকেইখনত কোৱা কথাৰে প্রতিধবনি যেন আমি শুনো এই লেখাৰ আৰম্ভণিতে উল্লেখ কৰা খলিল জ্ব্রিানৰ সেই শাৰী দুটিত৷ ভিনচেণ্টৰ সেই  বিশেষ ছবিকেইখনতো যেন আমি দেখা পাওঁ সমাধিৰ ওপৰত জীৱনৰ নাচ৷

চকুৰেও মনিব নোৱৰা ক’ৰোনা CORONA) নামে অভিহিত সামান্য প্রাণীটোৱে হঠাতে আজি সমগ্র বিশ্বকেই যেন মানৱ চিৰিয়াখানালৈ ৰূপান্তৰিত কৰিলে৷ যেন প্রথম্বাৰৰ বাবে অৱধাৰিত হৈ আহিল মানুহৰ পৰাজয়৷ কিন্তু হেমিংৱেৰ ভাষাৰেই ক’ব পাৰি– মানুহক ধবংস কৰি পেলাব পাৰিলেও পৰাস্ত কৰ্বি নোৱাৰি৷ বিশ্বত্রাস ক’ৰোনাৰ বিৰুদ্ধে বিশ্বৰ মানুহৰ হৈ যুঁজ দ্বিলৈ ওলাই আহিল স্বাস্থ্যকর্মী, চাফাইকর্মী আৰু আৰক্ষীৰ লোক৷ ডাঁৰৰ বা তৰি ডাঁৰে আমাক দি থাকিল সংবাদকর্মীসকলে৷ হাতলৈ অফুৰন্ত সময় অহাত আমি ব্যস্ত হৈ পৰিলোঁ ফেইচ্বুক, টুইটাৰ, ৱাটছএপ আদি বিভিন্ন সামাজিক মাধ্যমত৷ আৰু ফেইচ্বুকত ভাইৰেল হৈ পৰা মাত্র সাতাইশ ছেকেণ্ডৰ এটি ভিডি’ই ক্ষন্তেকৰ বাবে যেন কঁপাই তুলিলে মোৰ নিজস্ব পৃথিৱী৷ ভিডি’টো এই ভাৰতৰে কোনোবা এখন চিকিৎসালয়ৰ৷ ত্রাস আৰু মৃত্যুৰ অন্য নাম হৈ পৰা ক’ৰোনাত (ক’ভিড–১৯) আক্রান্ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মনোৰঞ্জনৰ বাবে এটি হিন্দী গীতৰ তালে তালে নাচ নাচিছে সমস্ত শৰীৰ বিশেষ পোছাকেৰে আবৃত  দুগৰাকী স্বাস্থ্যকর্মীয়ে৷ বিছনাৰ পৰা ৰোগীৰ দৃষ্টি নৃত্যৰত দুই স্বাস্থ্যকর্মীৰ ওপৰত৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ইতিমধ্যেই প্রাণ হেৰুৱাইছে হুকেইজন চিকিৎসাকর্মীয়েও৷ কিন্তু সেই মৃত্যুভীতিক যেন চূড়ান্তভাৱে তাচ্ছিল্য কৰিছে নৃত্যৰত সেই চিকিৎসাকর্মীদুগৰাকী ৷ মৃত্যুলৈ পিঠি দি কোনো পৰিস্থিতিতেই হাৰ মান্বিলৈ প্রস্তুত নোহোৱা মানুহৰ অদ্ভুত ছন্দৰ এক নৃত্য আৱিষ্কাৰ কৰিছিলোঁ ভিনচেণ্টৰ চাইপ্রেছকেন্দ্রিক ছবিেবাৰত, সেই একেই নাচ খলিল জিব্রানৰ ৰচনাত আৰু সাতাইশ ছেকেণ্ডৰ সেই ভিডি’টোতো৷ অনুভৱ হৈছিল, সৃষ্টিৰ পাতনিৰ দিনৰে পৰা সর্বগ্রাসী মৃত্যুৰ বিৰুদ্ধে পৃথিৱীৰ মানুহৰ অন্তহীন যুঁজৰ প্রতীক যেন চিকিৎসালয়ত কর্মৰত অৱস্থাত স্বাস্থ্যকর্মীসকলৰ সেই অভূতপূর্ব নাচ ৷

ভিনচেণ্টৰ ছবিতেই হওক, খলিল জিব্রানৰ দুটি শাৰীৰ সেই অণুগল্পতেই হওক বা সেই সাতাইশ ছেকেণ্ডৰ ভিডি’টোতেই হওক, সকলোতেই কেৱল জীৱনৰ জয়গান ৷ সমাধিৰ ওপৰত জীৱনৰ নাচ৷ বৈচিত্র্যহীন মৃত্যুৰ বিপৰীতে সৌন্দর্য তথা ৈবচিত্র্যৰে ভৰা জীৱন৷ কণ্টকাকীর্ণ হ’লেও জীৱন কেৱল জীৱনেই৷ জীৱনৰ স’তে হাতত হাত ধৰি আগ্বাঢে মৃত্যুৱে৷ কিন্তু যিকোনো  প্রতিকূল পৰিস্থিতিতো বিচলিত নহৈ জীৱন উদযাপন বা সমাধিৰ ওপৰতো নাচ নাচিবলৈ কৰা দুর্জেয় সাহেই পৃথিৱীৰ মানুহৰ গৌৰৱ ৷

You might also like