নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰ

দিগন্ত দাস

২০১৬ চনত অসমৰ ৰাজনৈতিক পট পৰিৱর্তন দেশৰ ৰাজনৈতিক ইতিহাসত খোদিত হৈ ৰ’ব৷ ৰাজনৈতিক দিশত ২০১৬ৰ নির্বাচন অনেক কাৰণত এক ব্যতিক্রমী নির্বাচনত পৰিণত হৈছিল৷ কোনেও নভবাকৈয়ে ভাৰতীয় জনতা পার্টীয়ে চৰকাৰ গঠন কৰিলে আৰু নির্বাচনৰ চাৰি মাহ আগলৈ কোনো ৰাজনৈতিক পণ্ডিতেও হয়তো কল্পনা কৰা নাছিল যে সর্বানন্দ সোণোৱালো কেতিয়াবা অসমৰ মুখ্যমন্ত্রী হ’ব৷ কিন্তু ভাজপাৰ চৰকাৰ হ’ল আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ ৰাইজে হিলদ’ল ভাঙি ভোট দিবলৈ আহিল পোন্ধৰ বছৰীয়া কংগ্রেছৰ শাসন ওফৰাই অকল পৰিৱর্তনৰ নামত ই ভি এমৰ বুটাম টিপিলে লক্ষ লক্ষ জনতাই আৰু এই জনতাৰেই মাজৰ এজন আছিলোঁ মই নিজেই৷ আনকি পৰোক্ষভাৱে নির্বাচনী প্রচাৰতো ভাগ লৈছিলোঁ পৰিৱর্তনকামী চৰকাৰখন প্রতিষ্ঠা কৰিবলৈ৷
এই কথাখিনি এই কাৰণেই লিখিলোঁ যে পিছৰ কথাখিনি পঢ়ি যাতে চৰকাৰবিদ্বেষী বা অন্য কোনোবা দলৰ সমর্থক আখ্যা নিদি নিজৰেই এজনৰ ভাষ্য বুলি গঠনাত্মকভাৱে কথাখিনি উপলব্ধি কৰে৷
আমাৰ সকলোৰে সর্বাদা, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়া হোৱাৰ পূর্বে কেতিয়াও ভবা নাছিলোঁ সর্বাদা আপেক্ষিকভাৱে এগৰাকী সবল মুখ্যমন্ত্রী নহ’ব৷ কিন্তু লাহে লাহে মুখ্যমন্ত্রী সোণোৱাল ডাঙৰীয়াই নিজৰেই কেতবোৰ কাজ–কর্মত মানুহজন শক্তিশালী যে নহয় সেয়া প্রমাণ কৰি দিছে৷ এইক্ষেত্রত অজস্র উদাহৰণ দাঙি ধৰিব পৰা সমল আমাৰ হাতত আছে যদিও কাকতৰ সীমিত পৰিসৰত সমস্ত কথা নিলিখি মাত্র কেইটামান দিশহে উনুকিয়াই দিব বিচাৰিছোঁ৷
সোণোৱাল ডাঙৰীয়াই সততে অসমখনক দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসমুক্ত আৰু প্রদূষণমুক্ত কৰি তুলিবলৈ অহোপুৰুষার্থ কৰিব বুলি প্রথমৰ পৰাই চিঞৰি আহিছে৷ লগত জাতি–মাটি–ভেটিৰ শ্লোগান৷ দুই–এটা ক্ষেত্রত চেগা–ছোৰোকাকৈ সৰু সৰু কাম হৈছে যদিও বেছিভাগ ক্ষেত্রতেই সোণোৱাল ডাঙৰীয়াৰ এই কথাখিনি মিলা নাই৷ ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ বিভাগ আৰু আয়ত্তাধীন বিষয়খিনি দৃশ্যমান নকৰিলে সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ আছে বুলি ক’বলৈও মস্কিল হ’লহেঁতেন৷
বাকী কথালৈ যোৱাৰ আগতে সোণোৱাল ডাঙৰীয়াৰ দুর্নীতিমুক্ত অসমৰ কথালৈকে আহোঁ৷ বেলেগ কথাটো বাদেই আৰু বাকী প্রান্তৰ কথাটোও একাষৰীয়াকৈ ৰাখি মাত্র মোৰ গৃহ জিলাখনৰ কথাকেই সামৰি ক’ব খুজিছোঁ৷ মোৰ ঘৰ বৰপেটাত৷ বাকী বাদ দিয়ক বৰপেটাৰ মানুহ হিচাপেই কৈছোঁ, লাজ–মান কাটি কৰি কৈছোঁ যে যেতিয়ালৈকে এইজন সভাপতিক লৈ সোণোৱাল ডাঙৰীয়াই দুর্নীতিমুক্ত অসমৰ কথা আওৰাব, তেতিয়া আকাশলৈ থুৱাই মুখখন পাতি তলত ৰৈ থকাৰ নিচিনাই হয়৷ সভাপতিজনৰ বিৰুদ্ধে দুর্নীতিৰ বহু ভয়ংকৰ অভিযোগ আনহে নালাগে নিজৰ দলৰেই কিছু নেতা কিম্বা কর্মী–বিষয়ববীয়াক সুধিলেই জলজল–পটপটকৈ ওলাই পৰিব৷ স্বয়ং এগৰাকী সভাপতিৰ দুর্নীতি আৰু প্রতিদিনেই কাকতে–পত্রই বিভিন্ন সংবাদ মাধ্যমত কয়লা, চুপাৰি, চোৰাং গৰুৰ সৰবৰাহ সংক্রান্তীয় অলেখ–জস্র তথ্যসম্বলিত ছিণ্ডিকেট কেলেংকাৰিৰ খবৰ৷
জাতি–মাটি–ভেটিক লৈ বহুত চিঞৰ–বাখৰ হৈছে৷ দুই–এটা কামো কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ কিন্তু উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রাক্তন উগ্রপন্থী দেৱলাল গার্লোছা যেতিয়ালৈকে মুখ্য কার্যবাহী সদস্য হৈ থাকিব, তেতিয়ালৈকে এই জাতি–মাটি–ভেটিৰ শ্লোগান বা দুর্নীতিমুক্ত অসমৰ কথা আওৰাই নথকাই ভাল চৰকাৰখনৰ কাৰণে৷ দেৱলাল গার্লোছাই দুর্নীতিৰ সকলো সীমা অতিক্রমি পাহাৰীয়া জিলাখনত এক সন্ত্রাসৰ সৃষ্টি কৰিছে বুলি প্রতিদিনেই জিলাখনৰ ১৯টা জাতি–জনগোষ্ঠীৰ প্রতিনিধিয়ে অভিযোগ উত্থাপন কৰাই নহয়, নতুন দিল্লীত গৈ ৰাষ্ট্রীয় সভাপতিক অভিযোনামাও দাখিল কৰি আহিছে৷ দেৱলাল গার্লোছাই আৰু এক সাংঘাতিক কাম কৰি পেলালে৷ ডিমা–হাছাওৰ সদৰ হাফলঙত থকা একমাত্র অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয়খন একপ্রকাৰ ধ্বংস কৰি পেলালে৷ শুনি আচৰিত হ’ব ১৯৫৪ চনত স্থাপিত সেই বিদ্যালয়খন আছিল ষষ্ঠ অনুসূচীৰ ৰূপকাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে৷ এক কথাত হেৰিটেজ বিল্ডিঙলৈ পর্যবসিত হ’ব লগা ‘গোপীনাথ বৰদলৈ এল পি স্কুল’খনৰ গৃহটো ভাঙি সেই স্থানত ব্যৱসায়িক কেন্দ্র স্থাপনৰ দিহা কৰিছে বিজেপি নেতা তথা প্রাক্তন সন্ত্রাসবাদীজনে৷ কেৱল এয়াই নহয়, স্কুলখনত ৩৪ বছৰ ধৰি কার্যনির্বাহ কৰি অহা অৱসৰলৈ মাত্র ৩ বছৰ থকা স্কুলখনৰ প্রধান শিক্ষয়িত্রী শ্রীমতী শকুন্তলা কেম্প্রাইক বদলি কৰি নিযুক্তি দিছে অনা অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ত৷ দেৱলালৰ দুষ্কার্যৰ তালিকাখন সীমাহীন৷ মাত্র সোণোৱাল ডাঙৰীয়াই দুর্নীতি আৰু জাতি–মাটি–ভেটিৰ কথা ক’লেই এনেকুৱা ধৰণৰ উদাহৰণেই যথেষ্ট চৰকাৰৰ স্থিতিহীনতাৰ, য’ত প্রাক্তন সন্ত্রাসবাদী দেৱলালে কোনোবাই বিৰুদ্ধাচৰণ কৰিলেই পূর্বতে কৰা সন্ত্রাসময় কামৰ কথা সোঁৱৰাই বিভিন্ন বিষয়া–কর্মচাৰীক ভয়–ভীতি দেখুৱাই সন্ত্রস্ত কৰি ৰখাৰ অলেখ অভিযোগ তথা গুৱাহাটী উচ্চ ন্যায়ালয়েও পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী আৰু কার্যবাদী সদস্য ক্রমে পূর্ণেন্দু লাংথাছা আৰু নিন্দু লাংথাছাৰ হত্যাকাণ্ডৰ তদন্তৰ বিতং তথ্য অহা ১৩ মার্চৰ পূর্বে ন্যায়ালয়ত দাখিলৰ আদেশ দিছে, য’ত দেৱলাল প্রত্যক্ষভাৱে জড়িত থকাৰ চাক্ষুস প্রমাণৰ অভিযোগ আছে৷ তাৰ পিছতো সোণোৱাল ডাঙৰীয়াই কি স’তে কয় সন্ত্রাসমুক্ত অসমৰ কথা৷ দুর্নীতি অথবা বিভিন্ন ক্ষেত্রৰ খাম–খেয়ালিয়ে চৰকাৰখনক যেন ভাৰাক্রান্ত কৰি পেলাইছে৷ দুই–এটা বিভাগৰ বাদে বেছিভাগ বিভাগৰেই নিযুক্তিৰ প্রক্রিয়া অথবা পৰীক্ষাসমূহ স্বচ্ছ, নিকা অথবা আসোঁৱাহহীনভাৱে কৰিব নোৱাৰাটো চৰকাৰখনৰ কাৰণে যিদৰে বিৰক্তিকৰ কথা হৈছে একেদৰে মুখ্যমন্ত্রী হিচাপে চৰম দুর্বলতাৰ পৰিচয় দাঙি ধৰিছে৷
বৰপেটাত দলৰ সভাপতিজনে দুর্নীতিৰ ভূ–স্বর্গত পৰিণত কৰিছে৷ ৰাকেশ পাল আৰু দলৰ সভাপতিজনৰ মাজত খুব বেছি পার্থক্য নাই৷ উৎকোচ যিহেতু ৰচিদ প্রদান কৰি নলয়, তাৰ প্রমাণ বিচাৰিবলৈ ৰাকেশ পালসদৃশ তদন্ত লাগিব৷ উৎকোচ দি চাকৰি বিক্রী অথবা ঠিকাৰ কাম বিক্রীৰ কাহিনী মুখ্যমন্ত্রীজনে গম নাপালেও কিন্তু বৰপেটাৰ মানুহৰ মুখে মুখে৷ দলৰ সভাপতিজনৰ বা প্রাক্তন সন্ত্রাসবাদী দেৱলালৰ কাহিনীবোৰ যদি সোণোৱাল ডাঙৰীয়াই গম পোৱা নাই, তেনেহ’লে ক’ৰবাত নহয় ক’ৰবাত তেখেতৰ নেটৱর্ক ফেইল হৈছে অথবা হোমৱর্ক কম হৈছে আৰু যদি কথাবোৰ গম পায়ো গম নোপোৱাৰ ভাও ধৰিছে, কিম্বা চকীখনৰ স্বার্থত আপোচ কৰিছে তেনেহ’লে আমি ক’বলৈ বাধ্য হ’ম যে সর্বানন্দ সোণোৱালে দ্বৈত চৰিত্রত অভিনয় কৰিছে৷
এইখিনি আছিল সোণোৱাল ডাঙৰীয়াই আওকাণ কৰি অহাৰ পিছত বহু মানুহৰ লগত বিভিন্ন সময়ত কৰি অহা কথা–বতৰাৰহে বহিঃপ্রকাশ৷
বিদেশীমুক্ত অসমৰ কথা কৈ কৈ বহু শব্দ–বাক্য আমাৰ মন–মগজুত বহুৱাই পেলোৱা আছুৰ সেইজন সর্বাদা এতিয়া আৰু নাই, যেন ক’ৰবাত তেওঁ হেৰাই গ’ল৷
নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ হোৱাৰ পূর্বে বিধেয়কখনৰ কথা আৰম্ভ হওঁতেই বৰেণ্য সাংবাদিক হোমেন বৰগোহাঞিয়ে ‘জুইৰ লগত ধেমালি’ শীর্ষক লেখাটোৱে চৰকাৰখনক সকীয়নি প্রদান কৰাৰ পিছত ফেচবুক, টুইটাৰকে আদি কৰি বিভিন্ন ছ’চিয়েল নেটৱর্কিং ছাইটত বৰগোহাঞি ছাৰৰ লেখাটোৱে সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ‘কেব’ৰ পৰা ‘কা’ হোৱাৰ পিছত সৃষ্ট অসমৰ আন্দোলন সহজে নিয়ন্ত্রণত ৰাখিব পাৰিলেহেঁতেন৷ ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছত থকা সময়ৰে পৰাই এই বিধেয়কখনৰ সমর্থন কৰি আহিছিল আৰু এতিয়াও নিজৰ মতত অটল থাকি প্রথমৰ পৰাই খোলাখুলিভাৱে বিধেয়কখনৰ সমর্থনত নিজৰ যুক্তি আগবঢ়াই আহিছে৷ ড০ শর্মাৰ যুক্তি বা বিধেয়কখন সমর্থনৰ ভাষ্য ভুল নে শুদ্ধ সেয়া পৃথক বিষয়৷ কিন্তু তেখেতৰ মত স্বচ্ছ আৰু পৰিষ্কাৰ৷ কিন্তু মুখ্যমন্ত্রীগৰাকী প্রথমৰ পৰাই এই বিষয়টোৰ ওপৰত নিজৰ মতামতৰ বেলিকা যেন পৰিষ্কাৰভাৱে একো নকওঁ বুলিয়েই থিৰাং কৰিছিল৷ অৱশ্যে একমাত্র তেখেতেই অসমৰ আন্দোলন নির্বাপিত কৰিবলৈ সমর্থনৱান হ’লহেঁতেন৷ কিন্তু তেওঁৰ আচৰণ আছিল অতি দুখ লগা৷
বৰ দুখেৰে কথা দুটামান লিখিব বিচাৰিছোঁ৷ ক’ব বিচাৰিছোঁ এই ‘কা’ ‘কেব’ হৈ থকাৰ সময়ৰ অপ্রকাশিত এটা অধ্যায়৷
‘কেব’ কেন্দ্রীয় কেবিনেটত গৃহীত হোৱাৰ পূর্বে দীঘলীয়া সময় ধৰি অসমৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতে দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীৰ এলানি দীঘলীয়া আলোচনা হৈছিল৷ সেই আলোচনাবোৰক কোনো গুৰুত্ব নিদিয়াকৈ দুপৰ নিশালৈকে আলোচনাত বহি কেন্দ্রীয় চৰকাৰে পিছদিনা পুৱাই কেবিনেটত বিধেয়কখন গ্রহণ কৰিলে৷ তাৰ পিছত সংসদৰ দুয়ো সদনত ‘কা’ক গৃহীত কৰা হ’ল৷ সেয়া সকলোৱে জনা কথা৷ আমি বহুতে নজনা কথাখিনি কিন্তু তাতকৈ বহু বেছি অস্বস্তিদায়ক৷
জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই আলোচনাৰ পৰা আহি বাহিৰত প্রায় সকলোখিনি প্রকাশ কৰিছে৷ আমি যিহেতু ভিতৰত নাছিলোঁ সেয়ে সকলোৱে তেওঁলোকে কোৱা কথাবোৰেই বিশ্বাস কৰিছোঁ৷ কিন্তু কোনোৱে সংবাদ মাধ্যমত প্রকাশ কৰা নাই ভিতৰৰ এই বৈঠকলানিত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ভূমিকা কি আছিল৷ সেই কথাটো জানিবলৈ মোৰ বৰ ইচ্ছা হৈছিল, জানিব বিচাৰিছিলোঁ জনগোষ্ঠীয় সংগঠন আৰু জাতীয় সংগঠনবোৰক সোণোৱালে অসমবাসীৰ মনৰ কথা জনাত কিদৰে সহায় কৰিছিল৷ হয়তো এয়া এজন সাংবাদিক হোৱাৰ বাবে মোৰ স্বাভাৱিক অনুসন্ধিৎসা৷ কিন্তু প্রতিটো সংগঠনৰে বিভিন্নজনৰ সৈতে কথা পাতোঁতে যিখিনি কথা মই জানিব পাৰিলোঁ, মোৰ এতিয়া ভাব হৈছে সেই চেষ্টা মই কৰিব নালাগিছিল৷
আচলতে সেই দুটা দিনৰ বৈঠকলানিত কেন্দ্রীয় গৃহমন্ত্রী উপস্থিতহে আছিল, তেওঁ কাৰোৰে সৈতে বিশেষ কথা পতা নাছিল৷ প্রতিখন বৈঠকৰ অন্তত তেওঁ মাথোঁ ‘কেব’ আনিবলৈ চৰকাৰৰ সংকল্পবদ্ধতাৰ কথাহে কৈ গৈছিল৷ ব্যতিক্রম আছিল আছুৰ সৈতে হোৱা বৈঠকখন৷ তাত শ্বাহে নিজে কথা পাতিছিল, সেই কথাও তাত উপস্থিত থকা নেতৃত্বই প্রায় মুকলিকৈ সাংবাদিকৰ আগত প্রকাশ কৰিছে৷ আচলতে আলোচনাত বেছিভাগ সময় কথা কৈছিল মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ তেওঁ ব্যাখ্যা দিছিল কেবে কেনেকৈ অসম তথা উত্তৰ–পূবৰ উপকাৰ সাধিব আৰু কৈছিল অসম চুক্তিৰ ৬নং দফাৰ কথা৷
এতিয়া সকলোৰে জানিবলৈ মন যোৱা কথাটো হ’ল এই বৈঠকলানিত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ভূমিকা কি আছিল৷ আপুনি বাৰু জানেনে আমি দশক দশক ধৰি দেখি অহা সিংহৰ দৰে গৰজিব পৰা সোণোৱালে এই বৈঠকলানিত কি ভূমিকা লৈছিল? আচলতে সোণোৱাল এই সকলো আলোচনাতে প্রায় মূক আৰু মৌন আছিল৷ তাত উপস্থিত থকা সকলোৰে মতে উশাহ–নিশাহৰ বাহিৰে তেওঁৰ কোনো শব্দই নাছিল৷
কেৱল আছুৰ মিটিংখনতেই বুলি নহয়, সকলোবোৰ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ বৈঠকত সর্বানন্দ সোণোৱালৰ ভূমিকা আছিল অতি হতাশজনক৷
২০২১ চনৰ নির্বাচনলৈকে সর্বানন্দ সোণোৱালক কেন্দ্র কৰি আমি আৰু একো নিলিখাই ভাল বুলি ধৰি লৈছোঁ৷ ইতিমধ্যে সোণোৱাল ডাঙৰীয়াই তেখেতৰ কাম কৰাৰ আদৱ–কায়দা, ভাষণৰ শব্দ–বাক্য আৰু কেন্দ্রীয় জ্যেষ্ঠ নেতাৰ ওচৰত তেখেতৰ দৃষ্টিকটু ব’ডী লেংগুৱেজ দৃশ্যমান কৰি পেলাইছে৷
হয়তো আকৌ বিজেপি শাসনলৈ আহিব৷ কিন্তু অকল ভাগ্য আৰু কপালৰ কাৰণেই যদি সর্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্রী হোৱাৰ পথ প্রশস্ত হয়, তেনেহ’লে কিন্তু এতিয়াৰ পৰাই সোণোৱাল ডাঙৰীয়াই তেখেতৰ দৃষ্টিভংগী শক্তিশালী আৰু সবল কৰিবই লাগিব৷
ফোনঃ ৯৪৩৫০–৭৭৬১১

You might also like