নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়ুহানত ৪০ দিন গৃহবন্দী হৈ আছিলোঁ, দিয়া হৈছিল খাদ্য ছেনিটাইজাৰ

চীনৰ পৰা অহা অসমৰ গৱেষক ছাত্রৰ ভাষ্য

  • গৌৰৱ নাথ

চীনৰ য়ুহান প্রদেশৰ চিনজাং জিলাৰ য়ুহান ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজীত মই এম এছ কৰি আছোঁ৷ এই য়ুহানত যেতিয়া ক’ৰোনা ভাইৰাছ ধৰা পৰিছিল, মই আৰু উত্তৰাখণ্ডৰ দুজন গৱেষক ছাত্র একেলগে ৪০ দিন গৃহবন্দীৰ দৰে আবদ্ধ হৈ আছিলোঁ ৷ চীনা চৰকাৰে স্থানীয় লোকতকৈ আমাৰ ভাৰতীয়সকলৰ বেছি যত্ন লৈছিল ৷ আমাক খাদ্যৰ পৰা ছেনিটাইজাৰ পর্যন্ত যোগান ধৰিছিল ৷ আমি জুনিয়ৰ ৰিছার্চ ফেল’ হিচাপে সমীপৰ লেবত কেইবাদিনো ক’ৰোনা ভাইৰাছ সম্পর্কত বিভিন্ন পৰীক্ষা তথা গৱেষণাও কৰিছিলোঁ আৰু অনলাইনযোগে আমাৰ বিশ্ববিদ্যালয়ৰ মাইক্র’ বায়’লজী শাখাৰ ভিন্নজনৰ লগত বিভিন্ন দিশৰ আলোচনা কৰিছিলোঁ৷ হয়তো আমাৰ দৰে দেশী–বিদেশী ছাত্রসকলে ভাইৰাছবিধ নিয়ন্ত্রণৰ বাবে ৪০ দিনে চলোৱা অভিযানৰ এতিয়া লাহে লাহে সুফল দিছে৷ আমি ভাৰতীয় বিশেষ বিমানযোগে ২৬ ফেব্রুৱাৰীত দিল্লীৰ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰোঁ আৰু আমাক পোনে পোনে আই টি বি পিৰ বিশেষ চিকিৎসা দান, নিৰীক্ষণ শিবিৰলৈ নিয়া হয়৷ তাত আমাক দৈনিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ২৬ ফেব্রুৱাৰী আৰু ১৪ মার্চত ৰিলিজ দিবৰ দিনা দুবাৰ তেজৰ নমুনা সংগ্রহ কৰি ভাইৰাছৰ পৰা মুক্ত বুলি প্রমাণ–পত্র দিছে৷ ইয়াৰ পূর্বে চীনতো আমাক দুবাৰ পৰীক্ষা কৰিছিল৷ মোৰ লগতে ভাৰতীয় ছাত্রসকলৰ অধিকাংশৰে ভাইৰাছ আক্রান্ত নহয় বুলি জানিব পাৰিহে চীনে ভাৰতীয় বিমানযাত্রাৰ অনুমতি দিছিল৷ নহ’লে তাতেই আমাৰ চিকিৎসা কৰিলেহেঁতেন৷ চীন চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত আমি সঁচাই ঋণী৷ বিগত ২৬ ফেব্রুৱাৰীৰ পৰা আমি অনলাইনযোগে চীনা ছাত্রক পাঠদান কৰি আছোঁ আৰু মোৰো গৱেষণা, ষ্টাডী এইবোৰ চলি আছে৷ ইতিমধ্যে চীনত এই ৰোগ প্রায় নিয়ন্ত্রণ হৈছে আৰু আমাক এপ্রিলৰ পৰা পুনৰ মাতি পঠিয়াইছে৷ মোৰ উত্তৰাখণ্ডৰ দাদা দুজন ২৬ মার্চত হয়তো আকৌ লেবত যোগদান কৰিব৷ ময়ো সোনকালে উভতিবৰ মন কৰিছোঁ৷ মই ১৫ মার্চৰ আবেলি গুৱাহাটী পাওঁ আৰু পোনে পোনে মঙলদৈলৈ উভতি আহোঁ৷ নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিজিত চহৰীয়াৰ নেতৃত্বত এটা ৩জনীয়া দলে আমাৰ ঘৰলৈ আহে আৰু কোনো স্বাস্থ্য পৰীক্ষা নকৰি উভতি যায়৷ পাছত আজিৰ দিনটো মই ফোন ধৰি হাৰাশাস্তি হওঁ৷ কাৰণ মোক লৈ ছ’চিয়েল মিডিয়াত অপপ্রচাৰ কৰা হৈছে৷ খোদ চিকিৎসকৰ হোৱাটছএপ গ্রুপত মোক ঘৰত আবদ্ধ কৰি ৰখা বুলি প্রকাশ কৰিছে৷ চীনৰ পৰা পলাই অহা বুলি ছ’চিয়েল মিডিয়াত পোষ্ট দি আছে৷ যাৰ বাবে মই ঘৰৰ পৰা ওলাব পৰা নাই৷ কিন্তু এইবোৰ সঁচা নহয়৷ মোৰ প্রমাণ–পত্র, আই টি বি পিৰ শিবিৰৰ আলোকচিত্র চাওক, চীন চৰকাৰে দিয়া এই ৰিপ’ট, এডভাইজৰীবিলাক চাওক৷ ক’ত মই ক’ৰোনাত আক্রান্ত বুলি লিখা আছে৷ স্বয়ং চিকিৎসকেই যদি ভুল কৰে সাধাৰণ লোকে আৰু কি কৰিব? ক’ৰোনাক লৈ শংকিত হোৱাতকৈ সাৱধান হওক৷ গতিকে মই ‘নিয়মীয়া বার্তা’ৰ যোগেদি স্পষ্ট কৰি কওঁ, মই ক’ৰোনা ভাইৰাছ আক্রান্ত নহয়৷ ক’ৰোনাক লৈ আতংকিত নহ’ব৷ মই সুস্থ৷ মোক মানসিক নির্যাতন নচলাব৷

(টোকাঃ দৰং জিলাৰ আউলাচৌকাৰ বাসিন্দা গৌৰৱ নাথ ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র চীনৰ য়ুহান প্রদেশৰ য়ুহান ইউনিভাৰচিটি অৱ ছায়েন্স এণ্ড টেকন’লজিৰ এম এছ প্রগ্রেমৰ ছাত্র৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ পাছত যোৱা ১৫ মার্চত আউলাচৌকাৰ বাসগৃহত উপস্থিত হোৱা গৌৰৱ নাথে এই মহামাৰী সম্পর্কত চীনত লাভ কৰা অভিজ্ঞতা সন্দর্ভত ‘নিয়মীয়া বার্তা’ৰ ষ্টাফ ৰিপ’টাৰ দৰঙৰ সৈতে হোৱা বার্তালাপৰ আধাৰত লেখাটো প্রস্তুত কৰা হৈছে৷)

You might also like