৯৪ বছৰীয়া বৃদ্ধা মহিলাৰ তিনিজন প্রেমিক
মই যেতিয়াই অৱসাদ আৰু ক্লান্তি অনুভৱ কৰোঁ তেতিয়াই তলত লিখা সত্য কাহিনীটো স্মৰণ কৰোঁ ৷ মুহূর্ততে মই জীয়াই থকাৰ আনন্দ ঘূৰাই পাওঁ ৷
এগৰাকী ৯৪ বছৰীয়া আমেৰিকান মহিলাৰ কথা৷ বয়স ৯৪ বছৰ, কিন্তু তেওঁৰ কথা–বার্তা আৰু চাল–চলনত ফুটি উঠে যৌৱনসুলভ উৎসাহ আৰু উদ্দীপনা৷ সকলো সময়তে তেওঁৰ মুখত লাগি থাকে এটা স্নিগ্ধ কৌতুক আৰু উজ্জ্বল আনন্দৰ হাঁহি৷ একে আষাৰে ক’বলৈ গ’লে বয়সৰ হিচাপত তেওঁ ৯৪ বছৰীয়া বৃদ্ধা হ’লেও প্রকৃতার্থত তেওঁ এগৰাকী চিৰ তৰুণী ৷
কৌতূহল দমাব নোৱাৰি এদিন তেওঁৰ কেইগৰাকীমান বন্ধুৱে তেওঁক সুধিলে– ‘তোমাৰ এই অফুৰন্ত যৌৱনৰ ৰহস্য কিয়?’ উত্তৰ দিবলৈ মুহূর্ত মাত্র সময় নলৈ তেওঁ ক’লে– ‘ৰহস্য বুলিবলৈ একো নাই৷ যদি আছেও, তেন্তে সি অতি সৰল৷ মই জীৱনৰ প্রেমত পৰিছোঁ, জীয়াই থাকিবলৈ মই খুব ভাল পাওঁ৷ জীয়াই থকাৰ মাদকতাই মোক মতলীয়া কৰি ৰাখে৷ কোনো নেতিবাচক চিন্তাক মই মনত ঠাই নিদিওঁ৷ সেই কাৰণে বোধহয় মই এতিয়াও ৰাংঢ়ালী গাভৰু হৈ আছোঁ৷ অৱশ্যে সত্যৰ খাতিৰত আৰু এটা কথা ক’ব লাগিব৷ মোৰ তিনিজন প্রেমিক Boy friend) আছে৷ সেই প্রেমিককেইজনেও মোক বুঢ়া হ’বলৈ নিদিয়ে ৷’
বৃদ্ধাগৰাকীৰ কথা শুনি তেওঁৰ বন্ধুকেইগৰাকীৰ চকু বিস্ময়ত বিস্ফাৰিত হ’ল৷ তেওঁলোক আটাইকেইগৰাকীয়ে একমুখে সুধিলে– ‘কি ক’লা? এই বয়সত তোমাৰ তিনিজন প্রেমিক? এই সাঁথৰটো আমাক বুজাই কোৱাচোন ৷’
বৃদ্ধাগৰাকীয়ে ক’লে– ‘হয়, মোৰ তিনিজনBoy friend আছে৷ প্রথমজনৰ নাম হ’ল ইচ্ছা শক্তি৷ ৰাতিপুৱা বিছনাৰ পৰা উঠিবলৈ মোৰ নিজৰ ইচ্ছা নাথাকিলেও মোৰ প্রেমিক ইচ্ছা শক্তিয়ে বিছনা ত্যাগ কৰিবলৈ মোক বাধ্য কৰায়৷ কেৱল সেয়ে নহয়, তেওঁ মোক আধাঘণ্টা সময় খোজ কাঢ়িবৰ কাৰণে ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰায়৷ এনে এজন প্রেমিক পোৱাটো পৰম ভাগ্যৰ কথা নহয়নে? মোৰ দ্বিতীয়জন প্রেমিকৰ নাম হ’ল আর্থ্রাইটিছ Arthritis)৷ তেওঁ মোৰ পুৰণি বন্ধু৷ যোৱা ৩০টা বছৰত এদিনৰ কাৰণে তেওঁ মোৰ লগ এৰা নাই৷ তৃতীয়জন প্রেমিক থাকে মোৰ মনৰ মাজত৷ মই সন্ধিয়াবোৰ কটাওঁ তেওঁৰ লগত৷ নানা খুহুতীয়া কথা কৈ তেওঁ মোক হঁহুৱাই থাকে৷ এই তিনিজন প্রেমিকৰ ওচৰত মই চিৰকৃতজ্ঞ ৷