নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাকেশ টিকেইতঃ যাৰ চকুলোৱে নতুন প্রাণ দিলে কৃষক আন্দোলনক

কেমেৰাৰ সন্মুখত উচুপি উঠিল এজন জাট৷ পঞ্চাশোর্ধ্ব ব্যক্তিজনৰ চকুলোৱে মুহূর্তৰ ভিতৰতে সলনি কৰি দিলে দৃশ্যপট৷ সেই চকুলোৱে নতুন দিল্লীৰ চৰকাৰৰ সন্মুখতো সৃষ্টি কৰিলে এক অলংঘ্য প্রাচীৰ৷ সপ্তাহৰ পিছত সপ্তাহ ৰাজধানী দিল্লীৰ সীমান্তত তিনিখন সংশোধনী কৃষি আইন বাতিলৰ দাবীত শান্তিপূর্ণ আন্দোলন কৰি অহাৰ পিছত ২৬ জানুৱাৰীত অপ্রত্যাশিতভাৱে কৃষক আন্দোলনত কলংকৰ দাগ লাগিল৷ দিল্লী আৰক্ষীয়ে ৰাজধানীৰ নির্দিষ্ট পথেৰে আন্দোলনকাৰী কৃষকসকলক গণৰাজ্য দিৱসৰ দিনা ট্রেক্টৰ ৰেলী উলিয়াবলৈ অনুমতি দিছিল৷ কিন্তু হঠাৎ একাংশ আন্দোলনকাৰী কৃষকে লালকিল্লা অভিমুখে ৰাওনা হয় আৰু আৰক্ষীৰ বাধা অতিক্রমি একপ্রকাৰ লুটপাত আৰম্ভ কৰে৷ আনকি জাতীয় পতাকা আঁতৰাই শিখ ধর্মীয় পতাকা আঁৰি দিয়া হয় লালকিল্লাত৷ ইয়াৰ আঁৰত বাহিৰা শক্তি জড়িত আছে নেকি সেয়া অন্য কথা৷ কিন্তু এই ঘটনাৰ পিছতে কৃষক নেতাসকলে সাধাৰণ জনতাৰ দৃষ্টিত সমর্থন হেৰুৱাবলৈ আৰম্ভ কৰে৷ আন্দোলনকাৰীৰ মাজত ভাঙোন সৃষ্টি কৰাৰ অহৰহ চেষ্টা চলাই থকা চৰকাৰেও ইয়াৰ সুৱর্ণ সুযোগ গ্রহণ কৰি আন্দোলনকাৰীক আঁতৰাই পঠিয়াবলৈ বল প্রয়োগৰ বাবে প্রস্তুত হয়৷ কেইবাটাও আন্দোলনকাৰী সংগঠনে আন্দোলনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ ভাৰত কিষাণ ইউনিয়নৰ (বি কে ইউ) মুৰব্বী নৰেশ টিকেইতেও সমর্থকসকলক ঘৰলৈ ঘূৰি যাবলৈ আহ্বান জনায়৷ জনাকীর্ণ আন্দোলনস্থলীসমূহত্ হঠাৎ মানুহৰ ভিৰ সেৰেঙা হৈ পৰে৷ কিন্তু তেতিয়াও ইউ পি গেটত কিছুসংখ্যক সমর্থকৰ সৈতে আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্তত অটল হৈ ৰৈছিল বি কে ইউৰ মুখপাত্র ৰাকেশ টিকেইত৷ ‘প্রয়োজন হ’লে মই প্রাণত্যাগ কৰিম, কিন্তু আন্দোলনৰ পৰা আঁতৰি নাযাওঁ’ –ঘোষণা কৰে টিকেইতে৷ এপিনে জ্যেষ্ঠ ভাতৃৰে আন্দোলন অব্যাহত ৰখা–নখৰাক লৈ মতবিৰোধ, আনপিনে চৰকাৰৰ ভাবুকি– অত্যন্ত ভাবুক লৈ পৰা ৫৪ বছৰীয়া কৃষক নেতাজনে উচুপি উচুপি ক’লে– মই ইয়াত এটুপি পানীও নাখাওঁ যেতিয়ালৈকে গাঁৱৰ পৰা ইয়ালৈ পানী অনা নহয়৷ টিকেইতৰ সেই চকুলোতে প্রতিজন জাটৰে আত্মসন্মান জাগি উঠিল৷ এজন জাটক কৰা এই অপমান সমর্থকসকলে সহিব নোৱাৰিলে৷ নিশাৰ পৰাই পশ্চিম–উত্তৰ প্রদেশৰ জাট অধ্যুষিত অঞ্চলৰ পৰা সদল–বলে ওলাই আহিল মানুহ৷ পুনৰ ভৰি পৰিল আন্দোলনস্থলী৷ পৰিস্থিতি দেখি চৰকাৰ আৰু আৰক্ষী প্রশাসনেও পিছহুঁহকি আহিবলৈ বাধ্য হ’ল৷ ক্রমাৎ স্তিমিত হৈ পৰিব খোজা কৃষক আন্দোলনে পুনৰ প্রাণ পাই উঠিল৷ ২৬ জানুৱাৰীৰ অনাকাংক্ষিত ঘটনাৰ বাবে ক্রমাৎ খলনায়ক হোৱাৰ উপক্রম হোৱা ৰাকেশ টিকেইতপুনৰ নায়কত পৰিণত হ’ল৷ সমগ্র দেশতে চর্চিত ব্যক্তি হৈ পৰিল জাট কৃষক নেতাজন৷
শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছে যে ১৮ মাহৰ বাবে তিনিওখন বিতর্কিত আইন বন্ধ ৰখাৰ বাবে চৰকাৰে যি প্রস্তাৱ দিছিল, সেই স্থিতিৰ পৰা চৰকাৰ আঁতৰি অহা নাই৷ আলোচনাৰ জৰিয়তে সমাধানসূত্র উলিয়াবলৈ আহ্বান জনাই প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে শীঘ্রে কৃষক নেতাৰে যোগাযোগ কৰিব৷ মোদীয়ে সর্বদলীয় বৈঠকত দিয়া এই মন্তব্যই স্পষ্ট কৰি দিয়ে যে কৃষকৰ আন্দোলনে বেকফুটলৈ ঠেলি দিছে চৰকাৰক৷ অথচ ২৬ জানুৱাৰীৰ ঘটনাৰ পিছত আন্দোলন শেষ কৰি দিবলৈ চৰকাৰ উঠিপৰি লাগিছিল৷ আনকি নিজকে স্থানীয় লোক বুলি দাবী কৰা একাংশ লোকে কৃষক আন্দোলনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাই নহয়, আন্দোলনকাৰীৰে সংঘাততো লিপ্ত হয়৷ ইয়াৰ পিছতে ৰাকেশ টিকেইতে স্পষ্ট কৰি দিয়ে– ‘আমাক আক্রমণ কৰিবলৈ অহা দুর্বৃত্তৰ পিছপিনে আৰক্ষীৰ দল নীৰৱ দর্শক হৈ আছিল৷ আমি প্রাপ্যৰ বাবে আন্দোলন কৰিছোঁ৷ পুলিচৰ লাঠীৰ কোব খাবলৈ আমাৰ ভয় নাই৷ কিন্তু দুর্বৃত্তই আহি আমাক ধমক দিব, আমাৰ ওপৰত হাত উঠাব, সেয়া কেতিয়াও সহ্য কৰা নহয়৷’ প্রধানমন্ত্রীৰ আহ্বান সন্দর্ভত টিকেইতে কয় যে সকলোৱেই আলোচনাৰ মাধ্যমেৰে সমাধান বিচাৰে৷ কিন্তু চৰকাৰে আমাৰ দাবীক সন্মান জনোৱা নাই৷ আমি যদি ইয়াৰ পৰা যাওঁ, তেন্তে সন্মান অটুট ৰাখিহে যাম৷
কৃষক আন্দোলনত টিকেইত পৰিয়ালৰ দীর্ঘদিনীয়া প্রভাৱ আছে৷ নৰেশ আৰু ৰাকেশ টিকেইতৰ পিতৃ মহেন্দ্র সিং টিকেইতৰ ৰেলীত লাখ লাখ কৃষকে অংশগ্রহণ কৰি চৰকাৰ আৰু প্রশাসনক সেও মনাবলৈ সক্ষম হৈছিল৷ ১৯৮৮ চনত লাখ লাখ কৃষকে মহেন্দ্র সিং টিকেইতৰ আহ্বানত ৰাজধানী দিল্লীত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল৷ কৃষকৰ ৰুদ্রমূর্তি দেখি প্রয়াত ৰাজীৱ গান্ধী চৰকাৰে তেওঁলোকৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল৷ মহেন্দ্র সিং টিকেইত কেৱল এজন জাট কৃষক নেতা নাছিল৷ হিন্দু–মুছলিম সকলো ধর্মৰ কৃষকৰ বাবেই তেওঁ আছিল নেতা৷ সাম্প্রদায়িক সম্প্রীতি অক্ষুণ্ণ ৰখাত আগভাগ লৈ মুছলিমৰ মাজতো তেওঁ হৈ পৰিছিল জনপ্রিয়৷ মুজাফৰপুৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ ছিছাউলি গাঁৱত ঘৰ টিকেইত পৰিয়ালৰ৷ মহেন্দ্র সিং টিকেইত আছিল ৮৪খন গাঁৱৰে গঠিত বালিয়ান খাপৰ মুব্বী৷ মানুহে ছিছাউলিক কৃষকৰ ৰাজধানী আখ্যা দিছিল৷ কিন্তু ৰাজনীতিৰ মেৰপেঁচত পৰি মহেন্দ্র সিং টিকেইতৰ প্রতিপত্তি ক্রমাৎ হ্রাস পাবলৈ ধৰে৷ ক্রমাৎ জাটসকলৰ মাজত সাম্প্রদায়িকতাই গা কৰি উঠে৷ ২০১১ চনত মহেন্দ্র সিং টিকেইতে কর্কট ৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লোৱাৰ পিছত জ্যেষ্ঠ পুত্র হিচাপে নৰেশে বালিয়ান খাপৰ মুৰব্বীৰ দায়িত্ব লাভ কৰে৷ ৰাকেশক দিয়া হয় মুখপাত্রৰ দায়িত্ব৷ কিন্তু তেওঁলোকে পিতৃৰ দৰে সাম্প্রদায়িক সম্প্রীতিত আগভাগ ল’বলৈ সক্ষম নহ’ল৷ ২০১৪ আৰু ২০১৯ চনত জাটসকলে বিজেপিৰ প্রতি মুকলি সমর্থন আগবঢ়ায়৷ বালিয়ান খাপতো টিকেইত পৰিয়ালে বিজেপিৰ লগতে অজিত সিঙৰ ৰাষ্ট্রীয় লোক দলৰে (আৰএলডি) সম্পর্ক ৰক্ষা কৰি চলে৷ টিকেইত পৰিয়ালৰ চকুৰ সন্মুখতে কৃষকৰ দাবীসমূহ ৰাজনৈতিক ক্ষেত্রত ক্রমাৎ গুৰুত্বহীন হৈ পৰে৷ ৰাজনীতিত কৃষকৰ দাবী গুৰুত্বহীন হোৱা মানেই টিকেইত পৰিয়ালৰ গুৰুত্বও হ্রাস পোৱা৷ সেয়ে শেহতীয়া কৃষক আন্দোলন হৈ পৰে টিকেইত পৰিয়ালৰ পূর্বৰ শৌর্য ঘূৰাই অনাৰ সুৱর্ণ সুযোগ৷ বিজেপিয়ে চতুৰ ৰণকৌশলেৰে টিকেইত পৰিয়ালক একাষৰীয়া কৰিবলৈ সক্ষম হৈছিল যদিও এই আন্দোলনে শাসকীয় দলটোৰ সমস্যা বৃদ্ধি কৰিলে৷ উত্তৰ প্রদেশৰ নির্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত নিশ্চিতভাৱে বিজেপিয়ে জাট ভোটবেংক হেৰুৱাব নোখোজে৷ সম্ভৱতঃ সেয়ে পঞ্জাবৰ শিখ কৃষক আন্দোলনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বিপৰীতে মোদী চৰকাৰ আৰু বিজেপিয়ে টিকেইতৰ নেতৃত্বত আন্দোলন কৰা পশ্চিম–উত্তৰ প্রদেশৰ জাট আন্দোলনকাৰীক সমীহ কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰ বিপৰীতে ৰাকেশ টিকেইতৰ সেই ‘মাষ্টাৰষ্ট্রোক’ৰ বাবেই ইতিমধ্যে অন্ততঃ এবাৰ জয়ী হ’ল টিকেইত পৰিয়াল৷ কিয়নো এই আন্দোলনৰ পিছত কৃষকৰ দাবী আকৌ এবাৰ নির্বাচনী ৰাজনীতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল৷
মুখপাত্রৰ দায়িত্ব পালেও বি কে ইউত ৰাকেশ টিকেইতৰ প্রভাৱ পদবীতকৈ বহু বেছি শক্তিশালী৷ বর্তমানৰ কৃষক আন্দোলনতে এই কথা প্রমাণিত হৈছে৷ মীৰাট বিশ্ববিদ্যালয়ৰ স্নাতক ৰাকেশ টিকেইতে ১৯৮৭ চনত দিল্লী আৰক্ষীত যোগ দিছিল৷ পশ্চিম–উত্তৰ প্রদেশত দিল্লী আৰক্ষীৰ এটা চাকৰিক ১০০ বিঘা কৃষিভূমিৰ সৈতে তুলনা কৰা হয়৷ এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ যুৱকে দিল্লী আৰক্ষীত যোগ দিছে৷ ৰাকেশ টিকেইতেও পিতৃৰ অনুমতি লৈ দিল্লী আৰক্ষীত যোগ দিছিল৷ কিন্তু পিতৃৰ নেতৃত্বত ১৯৮৮ চনত হোৱা আন্দোলনে সকলো খেলিমেলি কৰি দিলে৷ দিল্লী আৰক্ষীয়ে ৰাকেশ টিকেইতক হেঁচা দিলে আন্দোলন বন্ধ কৰিবলৈ পিতৃক সৈমান কৰাৰ বাবে৷ ইয়াৰ বাবেই চাকৰিৰ পৰা পদত্যাগ কৰি ৰাকেশ টিকেইতে পিতৃৰ আন্দোলনত জঁপিয়াই পৰে৷ লক্ষণীয় যে পিতৃৰ পৰাই আন্দোলনৰ নেতৃত্ব দিবলৈ শিক্ষা লৈছিল ৰাকেশ টিকেইতে৷ বর্তমানৰ প্রেক্ষাপটত ২০০১ চনৰ এটা ঘটনা প্রাসংগিক হৈ পৰিছে৷ সেই সময়খিনিত মহেন্দ্র সিং টিকেইতৰ বাবে আন্দোলনত বিশাল মানুহ একগোট কৰাটো কঠিন হৈ পৰিছিল৷ কিন্তু মুজফৰনগৰ টাউন হলত তেওঁৰ নেতৃত্বত সমৱেত হোৱা কেইবাহাজাৰ লোকৰ এটা ৰেলীত আৰক্ষীয়ে লাঠীচালনা কৰে৷ এজন বৃদ্ধ কৃষক লাঠীৰ কোবত বেয়াকৈ আঘাতপ্রাপ্ত হয়৷ কপালৰ পৰা নিগৰি থকা তেজেৰে বৃদ্ধ কৃষকজনৰ ফটোৰে পিছদিনা বাতৰিকাকতৰ প্রথম পৃষ্ঠা ভৰি পৰে৷ লগে লগে মহেন্দ্র সিং টিকেইতৰ সমর্থনত লাখ লাখ কৃষক আৰু জাট জনতা ওলাই আহে৷ ২০ বছৰৰ পিছত ৰাকেশ টিকেইতৰ চকুলোৱেও একে ঘটনাৰ পুনৰাবৃত্তি ঘটালে৷ ইয়াৰ পিছত কৃষকৰ ওপৰত বল প্রয়োগ কৰি ডাঙৰ ভুল কৰিবলৈ চৰকাৰে নিশ্চয় সাহস নকৰে৷
লোকসভা নির্বাচনত দুবাৰকৈ অৱতীর্ণ হৈ পৰাজিত হোৱা ৰাকেশ টিকেইত এইপর্যন্ত ৪৪বাৰ জে’ললৈ গৈছে কৃষকৰ আন্দোলনত নেতৃত্ব দিয়াৰ বাবে৷ উগ্রতাৰ বাবেই প্রশাসনে তেওঁক বাৰে বাৰে লক্ষ্য কৰি লৈছে৷ একে কাৰণতে আন বহু কৃষক নেতাৰ সৈতেও তেওঁৰ মতবিৰোধ ঘটিছে৷ মধ্যপ্রদেশত ভূমি অধিকৰণ আইনৰ বিৰুদ্ধে প্রতিবাদ কৰোঁতে তেওঁক ৩৯ দিন জে’লত ভৰাই থোৱা হৈছিল৷ সংসদ ভৱনৰ সন্মুখত এবাৰ তেওঁ শস্য জ্বলাই দিছিল৷ এই ঘটনাৰ বাবে তিহাৰ জে’ললৈ প্রেৰণ কৰা হৈছিল ৰাকেশ টিকেইতক৷ সি যি নহওক, সাম্প্রতিক প্রেক্ষাপটত দেশ আৰু উত্তৰ প্রদেশৰ ৰাজনীতিত কৃষকৰ দাবী আৰু টিকেইত পৰিয়ালৰ গুৰুত্ব পুনৰ বৃদ্ধি পালে৷ ইতিমধ্যে আৰ এল ডিৰ নেতা অজিত সিঙে টিকেইতলৈ অকুণ্ঠ সমর্থন আগবঢ়াইছে৷ বিজেপিৰ বাবে কৃষক আন্দোলনৰ আঁৰত থকা ৰাজনীতিৰ এটা দৃষ্টিকোণ শুভবার্তা নহয়৷ ধাৰণা কৰা হৈছিল যে সঞ্জয় বালিয়ানৰ দৰে জাট নেতাই বিজেপিত লাভ কৰা গুৰুত্বই জাট ভোটবেংক অটুট ৰাখিব৷ ২০১৪ চনত অমিত শ্বাহে উত্তৰ প্রদেশৰ নির্বাচনী ৰণকৌশলৰ দায়িত্ব লৈ টিকেইত পৰিয়ালক নিঃশেষ কৰি দিয়া বুলিও ধাৰণা কৰা হৈছিল৷ এই দুয়োটা ধাৰণা ভুল প্রমাণিত হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷

You might also like