নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আৰম্ভ হ’ল প্ৰেৰণা পুথিভঁৰালৰ দেওবৰীয়া অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ১০ মাহৰ বিৰতিৰ পাছত এই বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পুনৰ আৰম্ভ হ’ল প্ৰেৰণা পুথিভঁৰালৰ দেওবৰীয়া অনুষ্ঠান । ইতিমধ্যে যোৱা তিনিটা দেওবাৰৰ দৰে কালিও পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় ১৫৬ সংখ্যক কুইজ প্ৰতিযোগিতা ।

প্ৰায় ডেৰকুৰি প্ৰতিযোগী উপস্থিত থকা এই প্ৰতিযোগিতাখন পৰিচালনা কৰে প্ৰেৰণা পুথিভড়ালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । তিনিটা শাখাত বিভক্ত এই লিখিত কুইজ প্ৰতিযোগিতাখনৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে যুটীয়াভাবে সমুজ্জ্বল হালৈ আৰু ভাৰ্গৱ হালৈয়ে । দ্বিতীয় স্থান পায় অংকিতা দত্তই ।

আনহাতে মধ্যশাখাত প্ৰথম স্থান লাভ কৰে অভিনৱ নাৰায়ণ শৰ্মাই । দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কুলধৰ হালৈ আৰু ধৃতিস্মিতা বৰ্মনে । প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান দখল কৰে জুবিতা বৰ্মনে।

উচ্চ শাখাত যুটীয়াভাৱে দ্বিতীয় হয় চন্দন দাস আৰু ভাস্বতী দেৱী। বঁটাসমূহ বিতৰণ কৰি পৰিৱেশকৰ্মী ভূপেন কুমাৰ দাসে কুইজ প্ৰতিযোগিতাখনৰ উপযোগিতা ব্যাখ্যা কৰে । তেওঁ প্ৰতিযোগিতাখনৰ এটা কৃষি আৰু কৃষক সম্বন্ধীয় প্ৰশ্নৰ আঁত ধৰি প্ৰশ্ন কৰে : কৃষকসকলৰ বাবে শীতলীগৃহ উপলব্ধ হ’ব কেতিয়া ?

পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই একাংশ লোকে কৃষকসকলক দেশদ্ৰোহী আৰু সন্ত্ৰাসবাদী সজোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে দেশৰ প্ৰায় ৭০ শতাংশ লোক কৃষিৰ সৈতে জড়িত, তাৰমানে দেশৰ জনসংখ্যাৰ ৭০ শতাংশ লোকেই দেশদ্ৰোহী আৰু সন্ত্ৰাসবাদী নেকি?

উল্লেখ্য যে লকডাউনৰ বাবে প্ৰেৰণা পুথিভঁৰালৰ এই সাপ্তাহিক কুইজ প্ৰতিযোগিতাখন যোৱা বৰ্ষৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকাৰ পাছত পুনৰ এই বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰাত শিক্ষাসদী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

You might also like