নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিত মাফিয়া–ডন–গেংষ্টাৰ

বিকাশ ডুবে নামৰ উত্তৰ প্রদেশৰ কুখ্যাত গেংষ্টাৰজনৰ মৃত্যুৰ সৈতে ডত্তৰ প্রদেশৰ অপৰাধ জগতৰ সৈতে কোন কোন ৰাজনৈতিক দল তথা নেতা, চৰকাৰী বিষয়া–কর্মচাৰীৰ গোপন সম্পর্ক আছিল, কাৰ আশীর্বাদত গেংষ্টাৰজনে ডত্তৰ প্রদেশত আতংকৰ বিশাল সাম্রাজ্য এখন বছৰৰ পাছত বছৰ ধৰি চলাই থাকিবলৈ সক্ষম হৈছিল, তেনে বহু প্রশ্ণৰ উত্তৰ নোলোৱাকৈ চিৰদিনৰ বাবে সমাধিস্থ হৈ পৰিল৷ কিন্তু হাস্যকৰ কথাটো হ’ল, গেংষ্টাৰজনৰ নিধনৰ পাছত এনে কিছুমান ৰাজনৈতিক নেতা তথা দলে হাত–ভৰি কোঁচাই লক্ষ্ণৌ আৰু নতুন দিল্লীৰ বিৰুদ্ধে ওলাই আহিছে, যিয়ে ক্ষমতাত থকা সময়ত বিকাশ ডুবেক মূৰত তুলি লৈছিল৷ তেওঁলোকৰ হাতত ধৰিয়েই কুখ্যাত গেংষ্টাৰজনে ডত্তৰ প্রদেশত ধনদাবী, অপহৰণ, হত্যা, গুণ্ডাকৰ আদায়ৰ দৰে অপৰাধৰ বিশাল সাম্রাজ্যখন গঢ়িবলৈ সক্ষম হৈছিল৷ অৱশ্যে গেংষ্টাৰজনে বর্তমানৰ শাসক গোষ্ঠীৰ আশীর্বাদ নোপোৱাহেঁতেন কেতিয়াবাই কাৰাগাৰৰ আলহী হৈ থাকিবলগীয়া হ’লহেঁতেন৷ মুখ্যমন্ত্রীৰূপে যোগী আদিত্যনাথে শাসনভাৰ চমজি লোৱাৰ পাছতে ডত্তৰ প্রদেশত জংগলৰাজ অৱসানৰ কঠোৰ পদক্ষেপ হাতত লৈছিল৷ মাফিয়া–ডনৰ দৰে অপৰাধীৰ তালিকা প্রস্তুত কৰি এজন এজনকৈ তেনে লোকৰ বিৰুদ্ধে আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰিছিল৷ কিন্তু অপৰাধৰ শীর্ষত থাকিও বিকাশ ডুবেৰ নাম এবাৰো অপৰাধীৰ সেই তালিকাত অন্তর্ভুক্ত হোৱা নাছিল৷ অথচ অপৰাধৰ গোচৰৰ ভিত্তিত তালিকা প্রস্তুত হৈছিল৷ ইয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা নকৰিলেও চলে৷ ভাৰতবর্ষত এনেধৰণৰ অপৰাধীৰ সৈতে ৰাজনৈতিক–প্রশাসন বিষয়াৰ মিতিৰালি সাংঘাতিক ধৰণে বাঢ়িছে৷ ইয়ে দেশখনৰ লাখ লাখ লোকক অপৰাধীৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছে৷ ঠায়ে ঠায়ে জনজীৱন বিপর্যস্ত কৰি তুলিছে৷
আমাৰ দেশখনৰ শাসন ব্যৱস্থাত মাফিয়া–ডন আদিৰ দৰে সংগঠিত অপৰাধী চক্রৰ প্রভাৱ নতুন কথা নহয়৷ এবাৰ পি ভি নৰসিংহ ৰাৱে বিষয়টো পোহৰলৈ আনি যথাবিহিত কার্যব্যৱস্থা লোৱাৰ চেষ্টা চলাইছিল৷ কিন্তু ৰাজনৈতিক সমর্থনৰ অভাৱত তেওঁৰ সেই প্রচেষ্টা অৰণ্যৰোদনত পৰিণত হয়৷ প্রধানমন্ত্রী হৈ থকা কালত ১৯৯৩ চনত তেওঁ নৰিন্দৰ নাথ বোহৰাৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰি দিছিল৷ পৰৱর্তী কালত সমিতিখন বোহৰা সমিতি নামেৰে বিখ্যাত হৈ পৰে৷ সমিতিক কোৱা হৈছিল, ভাৰতত সংগঠিত ৰূপত অপৰাধী চক্রসমূহ কিদৰে বাঢ়ি আছে আৰু তেওঁলোকে ক’ৰ পৰা সহায়–সমর্থন লাভ কৰিছে, সেইটো তদন্ত কৰিব লাগে৷ সমিতিক বিষয়টোত বিস্তৃত প্রতিবেদন দাখিল কৰাৰ লগতে প্রতিবেদনত পৰামর্শ দিবলৈও কোৱা হৈছিল৷ চৰকাৰী নির্দেশ পাই বোহৰা সমিতিয়ে কাম আৰম্ভ কৰি দিয়ে৷ সমিতিয়ে চিবিআইকে ধৰি বিভিন্ন চোৰাংচোৱা সংস্থা তথা চৰকাৰী বিভাগৰ প্রতিবেদন বিচাৰিলে৷ তাৰেই আধাৰত প্রতিবেদন প্রস্তুত কৰি চৰকাৰৰ হাতত তুলি দিলে৷ প্রতিবেদনখন সংসদত ডত্থাপনো হ’ল৷ কিন্তু দেশখনৰ ৰাজনীতিক অপৰাধী চক্রৰ পৰা আঁতৰাই ৰখাৰ বাবে প্রধানমন্ত্রী নৰসিংহ ৰাৱে লোৱা পদক্ষেপে নাপালে কাংক্ষিত সঁহাৰি৷ সংসদত তীব্র হুলস্থূল হ’ল৷ তাৰ পাছত টোপোলা বান্ধি প্রতিবেদনখন পেলাই থৈ দিয়া হ’ল৷ কার্যব্যৱস্থা লোৱা দূৰৰে কথা, আজিলৈকে প্রতিবেদনখন ৰাজহুৱা কৰাও নহ’ল৷ জনপ্রতিনিধিৰ এনেধৰণৰ কাণ্ডৰ বাবে বিকাশ ডুবেৰ গেংষ্টাৰৰ অপৰাধৰ সাম্রাজ্য বৃদ্ধি হয়৷
ডত্তৰ প্রদেশৰ ৰাজনীতিকে প্রকৃতার্থত অপৰাধীৰ পৰা মুক্ত কৰাৰ চেষ্টা চলাহেঁতেন, বিকাশ ডুবেৰ প্রায় কুৰি বছৰ পূর্বেই গতি লাগিলহেঁতেন৷ ২ জুলাইত আঠজনকৈ আৰক্ষী বিভাগৰ লোকক হত্যা কৰা ডুবে ২০০১ চনত বিজেপিৰ এজন ৰাজ্যিক মন্ত্রী পর্যায়ৰ মর্যাদাৰ নেতা সন্তোষ শুক্লাক খেদি খেদি গৈ কানপুৰৰ শিৱলি থানাৰ ভিতৰতে গুলীয়াই হত্যা কৰিছিল৷ তেওঁ ঘটনাটোৰ ছমাহ পাছত আত্মসমর্পণ কৰে আৰু চাৰি বছৰমান কাৰাগাৰত থাকি মুকলি হৈ আহে৷ সেইবাৰ তেওঁ ৰাজনৈতিক সমর্থন লাভ কৰাত দিন–দুপৰতে সংঘটিত ঘটনাটোতো শাস্তি নহ’ল বিকাশ ডুবেৰ৷ আদালতত প্রায় সকলো সাক্ষীয়ে পূর্বৰ স্থিতি সলনি কৰি ডুবেৰ পক্ষত অৱস্থান কৰে৷ সেই সময়ত ডত্তৰ প্রদেশত কোন দলৰ চৰকাৰ আছিল, সেইটো নক’লেও চলে৷ গেংষ্টাৰজনে মায়াৱতী, অখিলেশ আৰু এতিয়া যোগী আদিত্যনাথ চৰকাৰৰ কালত এটাৰ পাছত এটাকৈ অপৰাধ সংঘটিত কৰি গৈছে৷ গেংষ্টাৰজনৰ বিৰুদ্ধে আছে ৬২টা ফৌজদাৰী গোচৰ৷ তাৰে মাজত আছে পাঁচটা হত্যা, আঠটা হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ৷ ডুবেৰ বিৰুদ্ধে ডত্তৰ প্রদেশ গেংষ্টাৰ আইন, গুণ্ডা আইন, এন এছ এৰ দৰে কঠোৰৰ পৰা কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু হৈ আছে৷ কিন্তু আচৰিত ধৰণে অপৰাধীজনে কোনো বাধা–বিঘিনিৰ সন্মুখীন নোহোৱাকৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিআছিল৷ ইয়াৰ এটাই কাৰণ, তেওঁৰ শিৰত আছে ৰাজনৈতিক দল–নেতাৰ আশীর্বাদ৷ লগতে আছে আৰক্ষীকে ধৰি চৰকাৰী বিষয়া–কর্মচাৰীৰ সমর্থন৷ আনকি, যিদিনা আঠজন আৰক্ষীক ডুবে বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল, আৰক্ষীৰ অভিযানৰ বিষয়ে আৰক্ষীৰ ফালৰ পৰাই ডুবেক আগতীয়াকৈ খবৰ দিয়া হৈছিল৷ আৰক্ষীয়ে যাতে ডুবেৰ ঘৰলৈ পোনে পোনে গাডীৰে আহিব নোৱাৰে, তাৰ বাবে পথৰ ওপৰত ডাম্পাৰ ৰাখি থোৱা হৈছিল৷ তাৎপর্যপূর্ণ কথাটো হ’ল, যিটো ঘটনাৰ বাবে বিকাশ ডুবেৰ অপৰাধমূলক কেৰিয়াৰৰ কাৰাগাৰত অৱসান ঘটিব লাগিছিল, সেই ঘটনাটোৱে ডত্তৰ প্রদেশৰ ৰাজনীতিত এটা নতুন শক্তিত পৰিণত কৰিলে৷ বিজেপি নেতা সন্তোষ শুক্লাৰ হত্যাৰ পাছত বিকাশ ডুবে একাংশ ৰাজনৈতিক দল–নেতাৰ নজৰত পৰিল৷ তেওঁ হৈ পৰিল শাসক দলৰ নেতা–কর্মীৰ নয়নৰ মণি৷ সেই ধাৰাটো মৃত্যুৰ আগমুহূর্তলৈকে অব্যাহত থাকিল৷
বিকাশ ডুবেৰ কর্ম–কাণ্ড, এনকাডণ্টাৰ আদিয়ে ভাৰতীয় শাসন ব্যৱস্থাটোক লৈ বহু প্রশ্ণ ডত্থাপন কৰিলে৷ মৃত্যুৰ পূর্বলৈকে ৰাজনৈতিক–প্রশাসন সমর্থন–আশীর্বাদ নাপালে, বিকাশ ডুবেৰ দৰে সাধাৰণ অপৰাধী এজনে ইমান ওপৰলৈ ডঠিব নোৱাৰে৷ তেওঁ যেন ভাৰতীয় ৰাজনীতিক নগ্ণ কৰি গুচি গ’ল৷ বিকাশ ডুবে জীয়াই থকাহেঁতেন, ডত্তৰ প্রদেশৰ ৰাজনীতিৰ বহু ক’লা অধ্যায় পোহৰলৈ আহিলেহেঁতেন৷ কিন্তু সন্দেহজনক পৰিস্থিতিত ঘটা এটা এনকাডণ্টাৰে সেই সকলোবোৰ কথা, কথা পোহৰলৈ অহাৰ পথ ৰুদ্ধ কৰিলে৷ আৰক্ষী বিভাগওে নিজৰ নাক ৰক্ষা কৰিবলৈ এনকাডণ্টাৰটো (?) সংঘটিত কৰিব পাৰে৷ কিয়নো, মুখ্যমন্ত্রী যোগী আদিত্যনাথে শাসনলৈ অহাৰ সময়তে অপৰাধীৰ বিৰুদ্ধে কঠোৰ নীতি গ্রহণ কৰিছিল৷বহু অপৰাধীক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল৷ এনকাডণ্টাৰত নিহত হৈছিল কেইবাজনো মাফিয়া–ডন৷ কিন্তু তাৰে মাজতো গাৰ মাখি চালো এৰিব নোৱাৰাকৈ সুৰক্ষিত হৈ আছিল বিকাশ ডুবে৷ সন্দেহ নাই, তাৰে আঁৰত ৰাজনৈতিক পৃষ্ঠপোষকতা আছে৷ কিন্তু মুখ্যমন্ত্রীৰ পর্যায়লৈকে নাথাকিবও পাৰে৷ সেয়ে আৰক্ষীয়ে নিজকে বচাবলৈ বিকাশ ডুবেক এনকাডণ্টাৰত হত্যা কৰিব পাৰে৷ এনে ‘হেঁতেন’ৰ তালিকাখন দীঘল হৈ গৈ থাকিব৷ কিন্তু বিকাশ ডুবে যিটো কথা তর্কাতীতভাৱে প্রতিপন্ন কৰি গ’ল, সেইটো হৈছে অপৰাধীৰ সৈতে ৰাজনেতিক দল–নেতা, চৰকাৰী বিষয়া–কর্মচাৰীৰ মিতিৰালি৷
আমাৰ দেশখনক বিশ্বৰ অন্যতম সফল গণতান্ত্রিক ৰাষ্ট্র বুলি গণ্য কৰা হয়৷ পৃথিৱীৰ বহু দেশে ভাৰতত গণতন্ত্রৰ শিক্ষা ল’বলৈ আহে৷ কিন্তু সময়ৰ গতিত ভাৰতবর্ষৰ ৰাজনীতি ইমানেই দুর্গন্ধময় হৈ পৰিছে যে তাত ভাল মানুহে এখন্তেকো তিষ্ঠি থাকিব নোৱাৰে৷ দিনকদিনে অপৰাধমূলক গোচৰত অভিযুক্ত জনপ্রতিনিধিৰ সংখ্যা বাঢ়ি গৈছে৷ কি শাসক, কি বিৰোধী, সকলোতে অপৰাধমূলক গোচৰত অভিযুক্তৰ নেতাৰ পয়োভৰ৷ এনে নেতাৰ বাবে ৰাজনতিক দল ক্ষমতা লাভৰ জখলাহে৷ আনহাতে, ৰাজনৈতিক ক্ষমতা হ’ল, অপৰাধৰ জগতখন সম্প্রসাৰিত কৰাৰ এটা ডপায়৷ তেনে লোকে বুজিয়েই নাপায়, মূল্যবোধৰ ৰাজনীতি কি৷ একেদৰে চৰকাৰী বিষয়া–কর্মচাৰীৰ অপৰাধীৰে মিতিৰালিয়ে ভাৰতবর্ষৰ গণতন্ত্রক ডপহাসৰ পাত্র কৰি তুলিছে৷

You might also like