ৰাণা কাপুৰঃ বৃহৎ বেংকিং কেলেংকাৰিত য়েছ বেংকৰ প্রাক্তন মুৰব্বী
- পূর্বজ্যোতি চুতীয়া
বেংক অৱ আমেৰিকাত কেৰিয়াৰৰ আৰম্ভণি৷ ১৬ বছৰ বিশ্বৰ আগশাৰীৰ বেংকটোত দক্ষতাৰে কাম কৰাৰ সময়ত একাধিক পুৰস্কাৰ লাভ কৰিছিল তেওঁ৷ ১৯৯৬ চনত গ্রীণ্ডলেইজ ইনভেষ্টমেণ্ট বেংকত ভাৰতীয় মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়তে তেওঁ আৰম্ভ কৰিছিল নিজাকৈ এটা বেংক স্থাপন কৰাৰ প্রস্তুতি৷ কিন্তু ইয়াৰ বাবে প্রয়োজন আছিল বৈদেশিক বিনিয়োগৰ৷ ঠিক সেইখিনি সময়তে ভাৰতত বেংকিঙৰ ক্ষেত্রত বিনিয়োগৰ সুযোগৰ সন্ধানত ৰেব’বেংকৰ তিনিজনীয়া এটা প্রতিনিধি দল উপস্থিত হৈছিল৷ অৱশেষত উক্ত প্রতিনিধি দলৰ সৈতে ভাৰত, ছিংগাপুৰ আৰু নেডাৰলেণ্ডছত কেইবালানি আলোচনাৰ পিছত তেওঁ ৰেব’বেংকক সন্মত কৰিছিল বিনিয়োগৰ বাবে৷ চুক্তি হৈছিল এটা নন–বেংকিং বিত্তীয় প্রতিষ্ঠান আৰু এটা বেংক স্থাপনৰ বাবে৷ ১৯৯৭ চনত এই চুক্তি মর্মে আৰম্ভ কৰা হয় এন বি এফ চি নামৰ বিত্তীয় প্রতিষ্ঠানটো৷ উচ্চাকাংক্ষী বেংকাৰজনে এন বি এফ চিত ৯ কোটি টকা বিনিয়োগ কৰে৷ তেওঁৰ দুজন সংগীয়েও সমপৰিমাণৰ ধন এন বি এফ চিত বিনিয়োগ কৰিবলৈ মান্তি হয়৷ পাঁচ বছৰৰ পিছত তেওঁলোকে প্রত্যেকে ১০ মিলিয়ন ডলাৰকৈ নিজৰ অংশ বিক্রী কৰি বেংক খোলাৰ বাবে মূলধন সংগ্রহ কৰিবলৈ সক্ষম হয়৷ সেই বছৰতে ভাৰতীয় ৰিজার্ভ বেংকে তেওঁলোকক বেংক খোলাৰ অনুমতি দিয়ে৷ নতুন বেংকটোৰ নাম দিয়া হয় য়েছ বেংক৷ যিজন ব্যক্তিৰ সপোনৰ বাবে য়েছ বেংকৰ জন্ম হৈছিল সেইজন ৰাণা কাপুৰ এতিয়া সন্মুখীন হৈছে এনফ’চমেণ্ট ডাইৰেক্টৰৰ জেৰাৰ৷ ইতিমধ্যে বিত্তীয় খেলিমেলিৰ বাবে তেওঁক গ্রেপ্তাৰ কৰা হৈছে৷ নিজৰ সপোনৰ বেংক খুলি দ্রুত বিকাশৰ পথ মুকলি কৰাৰ লগতে নিজেও বিশাল সম্পত্তিৰ গৰাকী হোৱা ৰাণা কাপুৰ জড়িত হৈ পৰিছে দেশৰ অন্যতম বৃহৎ বেংকিং কেলেংকাৰিত৷
যোৱা সপ্তাহত ৰিজার্ভ বেংকৰ এক নির্দেশনাই সমগ্র দেশতে জোকাৰণিৰ সৃষ্টি কৰে৷ কাৰণ কেন্দ্রীয় বেংকটোৱে নির্দেশ দিয়ে যে য়েছ বেংকত একাউণ্ট থকা প্রতিজন গ্রাহকে এমাহত ৫০ হাজাৰ টকাৰ অধিক ধন বেংকৰ পৰা উলিয়াব নোৱাৰিব৷ একাধিক একাউণ্ট থাকিলেও এজন গ্রাহকে এমাহত ৫০ হাজাৰ টকাহে উলিয়াব পাৰিব৷ স্বাভাৱিকতে এই নির্দেশনাৰ পিছত য়েছ বেংকৰ গ্রাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰিজার্ভ বেংকৰ ঘোষণাৰ পিছতে এনফ’চমেণ্ট ডাইৰেক্টৰেটে য়েছ বেংকৰ প্রতিষ্ঠাপক আৰু প্রাক্তন মুৰব্বীজনক জিম্মাত লয়৷ ঋণ প্রদানৰ ক্ষেত্রত য়েছ বেংকে কৰা অনিয়ম এটাৰ পিছত এটাকৈ এতিয়া পোহৰলৈ আহিছে৷ বৃহৎ প্রতিষ্ঠানক বিশাল পৰিমাণৰ ঋণ প্রদান কৰাৰ পিছত ৰহস্যজনকভাৱে সেই ঋণ পৰিশোধৰ ক্ষেত্রত প্রতিষ্ঠানসমূহক য়েছ বেংকৰ কর্তৃপক্ষই হেঁচা দিয়া নাছিল৷ ৰাণা কাপুৰক সম্প্রতি জেৰা কৰা হৈছে৷ তেওঁ দেৱান হাউছিং ফাইনেন্স কর্প’ৰেচনক (ডি এইচ এফ এল) য়েছ বেংকৰ পৰা প্রদান কৰা ঋণৰ সৈতে থকা সম্পর্কৰ বাবে৷ কেৱল সেয়েই নহয় ধাৰত পোত গৈ থকা ডি এইচ এফ এলত ৩,৭০০ কোটি টকা বিনিয়োগ কৰিছিল য়েছ বেংকে৷ এনফ’চমেণ্ট ডাইৰেক্টৰেটৰৰ মতে ৰাণা কাপুৰৰ নেতৃত্বত এই গোটেই লেনদেনক বৈধ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছিল৷ তদন্তৰ পিছত এনে আৰু বহুতো কেলেংকাৰি পোহৰলৈ অহাটো নিশ্চিত৷ ইতিমধ্যে জেৰাত এই কথা স্পষ্ট হৈছে যে ৰাণা কাপুৰৰ পৰিয়ালে ২০টাকৈ ভুৱা প্রতিষ্ঠান খুলি য়েছ বেংকৰ ধন আত্মসাৎ কৰিছিল৷
য়েছ বেংকৰ এই আকস্মিক পতনৰ আঁৰত কোনো ৰাজনৈতিক শক্তিও জড়িত আছে নেকি তাৰ ওপৰতো সম্প্রতি দেশজুৰি আলোচনা হৈছে৷ প্রকাশিত বাতৰি মতে, ৰাণা কাপুৰে প্রিয়ংকা গান্ধীৰ পেইণ্টিং ২ কোটি টকাৰ বিনিময়ত ক্রয় কৰিছিল৷ গান্ধী পৰিয়ালৰ সৈতে কাপুৰৰ কিবা সম্পর্ক আছে নেকি? আনহাতে প্রকাশিত বাতৰি মতে ২০১৭ চনৰ ৩১ মার্চৰ পৰা ২০১৯ চনৰ ৩১ মার্চলৈ য়েছ বেংকৰ ঋণ প্রদানৰ হাৰ অভাৱনীয়ভাৱে ৮০ শতাংশ বৃদ্ধি পাইছিল৷ অথচ সেই সময়খিনিত দেশৰ অর্থনৈতিক অৱস্থা সুচল নাছিল৷ ব্যক্তিগত বিনিয়োগৰ ক্ষেত্রত জটিলতাৰ মাজতো এনেদৰে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাটো আছিল আশ্চর্যজনক৷ ২০১৬–১৭ বিত্তীয় বর্ষৰ য়েছ বেংকে প্রদান কৰা ঋণৰ পৰিমাণ হৈছিল ১,৩২,০০০ কোটি টকা৷ ২০১৮–১৯ চনত এই পৰিমাণ বৃদ্ধি পায় ২,৪১,০০০ কোটি টকালৈ৷ অর্থাৎ দুবছৰতে ঋণৰ পৰিমাণ বৃদ্ধি পায় ১,০৯,০০০ কোটি টকা৷ এতিয়া প্রশ্ণ উঠিছে বিমুদ্রাকৰণৰ পিছত বিনিয়োগৰ পৰিৱেশ নিৰাশাজনক হৈ থকাৰ সময়তে কোনবোৰ প্রতিষ্ঠান আৰু ব্যক্তিয়ে য়েছ বেংকৰ পৰা ইমান বিশাল পৰিমাণৰ ঋণ ল’বলৈ সক্ষম হৈছিল৷ বর্তমানৰ চৰকাৰৰ পৰা এই সন্দর্ভত এতিয়া স্পষ্টীকৰণ বিচাৰিছে অর্থনীতিবিদে৷ লক্ষণীয় যে এন ডি এ চৰকাৰৰ শাসনকালত য়েছ বেংকে প্রদান কৰা ঋণৰ পৰিমাণ ৪০০ শতাংশ বৃদ্ধি পাইছে৷ প্রশ্ণ উঠিছে অন্য বেংকসমূহে ঋণ প্রদানৰ ক্ষেত্রত জটিলতাৰ সন্মুখীন হোৱাৰ সময়ত য়েছ বেংকে ইমান সহজে ঋণ দিবলৈ কেনেকৈ সক্ষম হৈছিল?
‘ডু–ইট ভেনচাৰ্ছ’ নামৰ এটা প্রতিষ্ঠানৰ একাউণ্টত ডি এইচ এফ এল–এ ছশ কোটি টকা জমা দিছিল৷ এই প্রতিষ্ঠানটোৰ সঞ্চালক হ’ল ৰাণা কাপুৰৰ তিনি কন্যা ৰাধা, ৰাখী আৰু ৰুছিনী৷ আনহাতে ৰাণা কাপুৰৰ পত্নী বিন্দুৰ একাউণ্টতো বিশাল পৰিমাণৰ ধন জমা দিয়া হৈছিল৷ এনফ’চমেণ্ট ডাইৰেক্টৰেটে ইতিমধ্যে এই তথ্যসমূহ সংগ্রহ কৰি তদন্ত আৰম্ভ কৰিছে আৰু ৰাণা কাপুৰৰ পত্নীকো জেৰা কৰি আছে৷ লক্ষণীয়ভাৱে য়েছ বেংকৰ বিত্তীয় খেলিমেলিক লৈ ৰিজার্ভ বেংকে তৎপৰতা গ্রহণ কৰাৰ সময়তে মুৰব্বী হিচাপে ৰাণা কাপুৰে পদত্যাগ কৰি তেওঁৰ সমুদায় অংশ বিক্রী কৰিছিল৷ ইয়াৰ জৰিয়তে তেওঁ বিশাল পৰিমাণৰ ধন লাভ কৰিছিল৷ অৱশ্যে য়েছ বেংকে দোপতদোপে উন্নতি কৰাৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ যিমান আছিল সেয়া মাত্র দুবছৰৰ ভিতৰতে প্রায় ৮০ শতাংশ হ্রাস পাইছিল৷ ২০১৭ চনত ব্লুমবার্গৰ এক প্রতিবেদনত ৰাণা কাপুৰক বিলিয়নাৰৰ তালিকাত স্থান দিয়া হৈছিল৷ কিন্তু প্রকাশিত বাতৰি মতে য়েছ বেংকৰ শ্বেয়াৰ নিম্নগামী হোৱাৰ ফলত ২০১৯ চনৰ জুলাইত তেওঁৰ সম্পত্তি ৩৭৭ নিযুতলৈ হ্রাস পাইছিল৷ সেই সময়খিনিতে কাপুৰে য়েছ বেংকৰ চি ই অ’ হিচাপে পদত্যাগ কৰাৰ লগতে নিজৰ সমুদায় অংশ বিক্রী কৰি দিছিল৷
বেংকিং খণ্ডত চমকপ্রদ উত্তৰণ ঘটোৱা এজন প্রতিভাশালী ব্যক্তি কেনেদৰে নিজৰ ভুল সিদ্ধান্ত আৰু অর্থলোভৰ বাবে ধ্বংসৰ দিশে গতি কৰিব পাৰে তাৰ উদাহৰণ হ’ল ৰাণা কাপুৰ৷ ৬২ বছৰীয়া বেংকাৰজন দেশ–বিদেশৰ আগশাৰীৰ বেংকত উচ্চ পদবী লৈ উজ্জ্বল কেৰিয়াৰ গঢ়াৰ সুযোগ আছিল৷ কিন্তু তেওঁ সপোনৰ পিছত দৌৰি নিজেই সোমাই পৰিল আর্থিক জটিলতাৰ মাজত৷ মুম্বাইত ১৯৫৭ চনৰ ৯ ছেপ্ঢেম্বৰত জন্মগ্রহণ কৰা ৰাণা কাপুৰে নতুন দিল্লীত শৈশৱ পাৰ কৰিছিল৷ শ্রীৰাম কলেজ অৱ কমার্চৰ পৰা ১৯৭৭ চনত বাণিজ্যৰ স্নাতক ডিগ্রী লাভ কৰাৰ পিছত আমেৰিকাৰ নিউ জার্ছীত থকা ৰুটজার্চ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্রী লাভ কৰে৷ উক্ত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ৰাষ্ট্রপতিৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৮০ চনত তেওঁ বেংক অৱ আমেৰিকাত মেনেজমেণ্ট ট্রেইনী হিচাপে যোগদান কৰে৷ কম সময়ৰ ভিতৰতে বেংকটোৰ কর্তৃপক্ষৰ দৃষ্টি আকর্ষণ কৰিবলৈ তেওঁ সক্ষম হয়৷ কেইবছৰমানৰ ভিতৰতে বেংক অৱ আমেৰিকাৰ হোলচেল বেংকিং বিজনেছ শাখাৰ মুৰব্বীৰ দায়িত্ব তেওঁক অর্পণ কৰা হয়৷ বেংকটোৰ অধ্যক্ষই তেওঁক সন্মানীয় ঈগল পিন সন্মানো প্রদান কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ কর্প’ৰেট, চৰকাৰী আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ গ্রাহকসকলৰ সৈতে বেংক অৱ আমেৰিকাৰ ব্যৱসায় চম্ভালাৰ দায়িত্ব লাভ কৰিছিল৷ ১৬ বছৰ বেংকটোত কাম কৰাৰ পিছত তেওঁ গ্রীণ্ডলেইজ ইনভেষ্টমেণ্ট বেংকত যোগদান কৰে আৰু সেই সময়ৰ পৰাই নিজা বেংক খোলাৰ প্রচেষ্টা আৰম্ভ কৰে৷ তেওঁৰ সৈতে যি দুজন ব্যক্তিয়ে সমানে ধন বিনিয়োগ কৰিছিল তেওঁলোকৰ এজন আছিল তেওঁৰ আত্মীয় অশোক কাপুৰ৷ ২০০৮ চনৰ মুম্বাই আক্রমণত তেওঁৰ মৃত্যু হৈছিল৷ আনজন সহযোগী হৰকিৰাৎ সিঙৰ সৈতে পৰৱর্তী সময়ত ৰাণা কাপুৰৰ সম্পর্কত ঘুণে ধৰিছিল৷
য়েছ বেংকৰ কেলেংকাৰিত ৰাণা কাপুৰে প্রধান নেতৃত্ব লৈছিল নেকি? ইয়াৰ আঁৰত কোনো প্রভাৱশালী ৰাজনৈতিক নেতা জড়িত থকাৰ সম্ভাৱনা কিমান? প্রিয়ংকা গান্ধীৰ পেইণ্টিং ৰাণা কাপুৰে ২ কোটি টকাৰ বিনিময়ত ক্রয় কৰাৰ কি কাৰণ থাকিব পাৰে? এন ডি এ চৰকাৰৰ আমোলত য়েছ বেংকে দিয়া ঋণৰ পৰিমাণ চাৰিশ শতাংশ বৃদ্ধি পালে কেনেকৈ? দেশৰ অর্থনৈতিক অৱস্থা সুস্থিৰ নোহোৱাৰ সময়তো য়েছ বেংকৰ কর্তৃপক্ষই সহজ ঋণ মোকলাই দিবলৈ প্রভাৱশালী চক্রৰ হেঁচাৰ সন্মুখীন হৈছিল নেকি? এতিয়া এনে এশ এবুৰি প্রশ্ণ উত্থাপিত হৈছে৷ জটিল অর্থনৈতিক পৰিস্থিতিত বিনিয়োগৰ পৰিৱেশ নথকা সত্ত্বেও কোনে ঋণৰ বাবে আবেদন কৰিছিল তাক লৈয়ো প্রশ্ণ উঠিছে৷ ৰাণা কাপুৰক ইডি আৰু চিবিআইৰ জেৰাৰ সময়ত এনে বহু কথা পোহৰলৈ অহাটো নিশ্চিত ৷