নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ এ.পি.জে. আব্দুল কালামৰ ১০ টা এনে চিন্তা, যি আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব…

আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ.পি.জে. আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা ড০ কালামৰ গোটেই জীৱনটো ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল। ২০০২ চনত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ড০ কালামক মিছাইল মেন বুলিও জনা যায়। ২৭ জুলাই, ২০১৫ তাৰিখে তেওঁ সমগ্ৰ বিশ্বকে বিদায় জনায়। কিন্তু তেওঁৰ চিন্তাবোৰ আজিও মানুহৰ বাবে অনুপ্ৰেৰণা হৈ আছে।

আহক জানো ড০ এ.পি.জে. আব্দুল কালামৰ এনে ১০ টা অনুপ্ৰেৰণাদায়ক চিন্তা-

১.এখন শ্ৰেষ্ঠ কিতাপ ১০০ জন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু পুথিভঁৰালৰ সমান।

২.আপোনাৰ প্ৰথম বিজয়ৰ পিছত বিশ্ৰাম নল’ব, কিয়নো যদি আপুনি দ্বিতীয়বাৰত বিফল হয়, তেতিয়া অধিক লোকে এই কথা ক’বলৈ অপেক্ষা কৰি থাকিব যে- আপোনাৰ প্ৰথম বিজয় কেৱল ভাগ্যহে আছিল।

৩.আমাৰ সকলোৰে সমান প্ৰতিভা নাই। কিন্তু, আমাৰ সকলোৰে ওচৰত প্ৰতিভা বিকাশৰ সমান সুযোগ আছে।

৪. আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পূৰ্বে আপুনি সপোন দেখিব লাগিব।

৫.যদি মোৰ সফল হোৱাৰ সংজ্ঞা যথেষ্ট শক্তিশালী হয়, তেন্তে বিফলতাই মোক কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে।

৬.মই এজন সুন্দৰ ব্যক্তি নহয়, কিন্তু সহায়ৰ প্ৰয়োজন হোৱা কাৰোবাক মই মোৰ হাত আগবঢ়াই দিব পাৰো। সৌন্দৰ্য হৃদয়ত আছে, মুখত নহয়।

৭.শ্ৰেণীকোঠাৰ অন্তিম বেঞ্চত ৰাষ্ট্ৰসমূহৰ সৰ্বশ্ৰেষ্ঠ মগজু পোৱা যাব পাৰে।

৮.আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু অভ্যাস সলনি কৰিব পাৰে আৰু নিশ্চিতভাৱে আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব।

৯. প্ৰশ্ন সোধাটোৱে হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সকলোতকৈ ভাল গুণ।

১০. আপোনাৰ সৰ্বশ্ৰেষ্ঠ শিক্ষকজন হৈছে আপোনাৰ শেষ ভুলটো।

You might also like