নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৮ বছৰ বয়সত অলিম্পিকত পদক জয়

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ প্রবল ইচ্ছাশক্তি থাকিলে বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ ইয়াকে প্রতিপন্ন কৰি ৫৮ বছৰ বয়সত অলিম্পিকত পদক জিনিলে কুৱেইটৰ আব্দুল্লা আলৰাম্বিডিয়ে৷ জাপানৰ ৰাজধানী টকিঅ’ত চলি থকা বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ সোমবাৰে আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষ শ্বুটিঙৰ স্কীট ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰে৷ পদক জয় কৰি উৎফুল্লিত হৈ পৰা কুৱেইটৰ শ্বুটাৰগৰাকীয়ে কয় যে বর্তমান মোৰ বয়স ৫৮ বছৰ৷ মই বয়োজ্যেষ্ঠ শ্বুটাৰ আৰু ব্রঞ্জৰ পদকটো মোৰ বাবে স্বর্ণ পদকতকৈ অধিক মূল্যৱান৷ ব্রঞ্জৰ পদকটোক লৈ মই সুখী৷ আশা কৰিছোঁ ২০২৪ চনত পেৰিছত হ’বলগীয়া অলিম্পিকত স্বর্ণপদক জয় কৰিব পাৰিম৷ ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত প্রথমবাৰৰ বাবে অংশগ্রহণ কৰা আব্দুলা আলৰাশ্বিডিয়ে ৬জন শ্বুটাৰে ভাগ লোৱা ইভেণ্টটোৰ ফাইনেলত তৃতীয় স্থান লাভ কৰে৷ ইফালে, আব্দুলাৰ লগতে তেওঁৰ পুত্রয়ো চলিত অলিম্পিকখনত অংশগ্রহণ কৰিছে৷ উল্লেখ্য যে আব্দুলা আৰু তেওঁৰ পুত্রই দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ শ্বুটিঙত অংশগ্রহণ কৰিছে৷

You might also like