যান-জঁট হৈ ৰ’ব কেৱল সোঁৱৰণি, পৰিবহণ ব্যৱস্থালৈ আহি আছে অত্যাধুনিক প্ৰযুক্তি…
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ যান-জঁট- ডাঙৰ চহৰ নালাগে সৰু চহৰতেই এতিয়া ইয়াক লৈ সমস্যাত পৰিব লগা হয় যাত্ৰী। অফিচ, কোনো মিটিং, স্কুল-কলেজ আদিলৈ যোৱাৰ সময়ত এনে যান-জঁটে সৃষ্টি কৰে অনৰ্থক ষ্ট্ৰেছৰো।
কিন্তু আপুনি জানি সুখী হ’ব যে এনে যান-জঁটৰ পৰা মুক্তি পোৱাৰ সময় সমাগত। কিয়নো ত্ৰিশ বছৰজোৰা পৰিশ্ৰমৰ অন্তত শ্লোভাকিয়াৰ এটা কোম্পানীয়ে সাজি উলিয়াইছে উৰন্ত গাড়ী। পথৰ লগতে আকাশতো বিচৰণ কৰিব পাৰে এই গাড়ীখনে। মাত্ৰ ৩ মিনিটৰ ভিতৰতে এখন গাড়ীৰ পৰা সৰু উৰাজাহাজলৈ পৰিৱৰ্তিত হৈ পৰে ই।
শ্লোভাকিয়াৰ ক্লেন ভিজন নামৰ কোম্পানীটোৰ এই অত্যাধুনিক এয়াৰ কাৰখনৰ ওজন ১১০০ কিলোগ্ৰাম আৰু ই অতিৰিক্ত ২০০ কিলোগ্ৰাম ওজন কঢ়িয়াব পৰাকৈ সক্ষম। কোম্পানীটোৱে নিজৰ ইউটিউব চেনেলযোগে এই এয়াৰকাৰখনৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। ক্লেন ভিজনৰ সহঃ প্ৰতিস্থাপক তথা পাইলট এণ্টোনৰ মতে, এই আকাশী গাড়ীখনৰ জৰিয়তে আপুনি অফিচ, গোল্ফকোৰ্চ, মল, হোটেল বা পাৰ্ক আদি যিকোনো ঠাইলৈ যাব পাৰিব। তাৰ বাবে কোনো বিমানবন্দৰজনিত সুবিধাৰ প্ৰয়োজন নহ’ব।
অৱশ্যে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰৰ লগতে বিমানচালনৰ অনুজ্ঞাপত্ৰৰো প্ৰয়োজন হ’ব। ইয়াৰ মূল্য বৰ্তমানলৈ নিৰ্ধাৰণ কৰা হোৱা নাই। কোম্পানীটোৰ মতে, এই এয়াৰকাৰখন পৰিবহণ ব্যৱস্থালৈ এক বৈপ্লৱিক অৱদান ৰূপে চিহ্নিত হৈ ৰ’ব।