নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০৪২টা চাউলত লিখিলে ভাগৱত গীতা

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ মানুহৰ কিছুমান কৰ্মকুশলতাই আচৰিত কৰি তোলে সকলোকে। কিন্তু আশ্চৰ্যজনক হ’লেও এয়াই সত্য। হাইদৰাবাদৰ এগৰাকী মহিলাই চাউলৰ ওপৰত লিখি উলিয়াইছে ভাগৱত গীতা। ৪০৪২টা চাউলত ১৫০ ঘণ্টাজোৰা পৰিশ্ৰমৰ অন্ততঃ লিখি উলিয়াইছে  গীতাখন। হাইদৰাবাদৰ আইনৰ ছাত্ৰীগৰাকীৰ নাম হৈছে ৰামাগিৰী সৰিকা।

ছাত্ৰীগৰাকীয়ে জনায় যে তেওঁ মাইক্ৰ’ আৰ্টৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি আহিছে। বিগত সময়ত তেওঁ হেয়াৰ ষ্ট্ৰেডছত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও লিখি উলিয়াইছিল। ইয়াৰ বাবে তেওঁক তেলেংগানা চৰকাৰে সন্মানিতও কৰিছিল। প্ৰায় ২০০০টা মাইক্ৰ’ আৰ্ট কৰা ভাৰতৰ প্ৰথম micro-artist ৰূপে অভিহিত কৰা হৈছে ৰামাগিৰী সৰিকাক।

You might also like