নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযান, জোৰশিমলুত দুজন ড্ৰাগছ ব্যৱসায়ী আটক

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে যোৱানিশা জোৰশিমলুৰ পৰা আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ী ৷ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱানিশা ছয়গাঁও আৰক্ষী আৰু জোৰশিমলু আৰক্ষীয়ে চলোৱা অভিযানত জোৰশিমলু বজাৰৰ পৰা আটক কৰে জমিৰ খান আৰু ফৰিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনক ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি এই লোক দুজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷ আৰক্ষীয়ে লোক দুজনৰ পৰা ৭ গ্ৰাম হিৰোইন জব্দ কৰিবলৈও সক্ষম হয় ৷ উল্লেখ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলাই অহা অভিযানত কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ তথা হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ছয়গাঁও আৰক্ষী থানাত যোগদান কৰিয়ে বাইক চুৰ, ড্ৰাগছ ব্যৱসায়ীকে আদিকে কৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আৰক্ষী বিষয়া গৰাকীৰ এই সাফল্যক সচেতন মহলে প্ৰশংসা কৰিছে ।

You might also like