নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিষাসুৰ নহয় ক’ৰোনাসুৰক বধিব মা দুৰ্গাই, গণেশ-কাৰ্তিক-সৰস্বতীয়েও ল’লে অন্য ৰূপ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ মহিষাসুৰ নহয় ক’ৰোনাসুৰক বধ কৰিবলৈ ধৰালৈ আহিব চিকিৎসক ৰূপী দুৰ্গা। গণেশ-কাৰ্তিকেও পালন কৰিব ক’ৰোনাৰ দায়িত্ব। নিত্য পাল নামৰ এগৰাকী ফেচবুক ইউজাৰে পোষ্ট কৰা খলকনিৰ সৃষ্টি কৰা কেইখনমান ফটোৱে এই কথাকেই সূচাইছে।

ফটোত দেখা গৈছে দেৱী দুৰ্গাক চিকিৎসকৰ ৰূপত, গলত আছে ষ্টেথ’স্কোপ আৰু ত্ৰিশূল ৰূপী বেজীৰে বধ কৰিছে ক’ৰোনাসুৰক। দেৱী দুৰ্গাৰ লগত থকা গণেশক সজোৱা হৈছে আৰক্ষীৰ ৰূপত, দেৱী লক্ষ্মীক নাৰ্ছ, সৰস্বতীক শিক্ষক আৰু কাৰ্তিকক সজোৱা হৈছে চাফাইকৰ্মীৰ ৰূপত।

এনেদৰেই সজোৱা হৈছে দুৰ্গাপূজাৰ মণ্ডপ। মহামাৰী ক’ৰোনাৰ প্ৰভাৱত পৰা এই মূৰ্তি প্ৰকৃততে ক’ত নিৰ্মাণ কৰা হৈছে তাক লৈ সঠিককৈ জানিব পৰা হোৱা নাই যদিও নিত্য পালে ইয়াৰ শিল্পী জিতেন পাল আৰু স্থান শিলিগুৰি বুলি উল্লেখ কৰিছে। দুৰ্গা মূৰ্তিৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু কংগ্ৰেছ সাংসদ শশী থাৰুৰেও আনকি ইয়াকে লৈ কৰিছে টুইট।

You might also like