নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যাভ্যাসঃ সুস্থ শৰীৰত কিমান প্রটিনৰ প্রয়োজন

শৰীৰত প্রটিনৰ মাত্ৰা কমি গ’লে ৰোগ প্রতিৰোধৰ ক্ষমতাও কমি যায়। শৰীৰৰ অত্যন্ত কার্যকৰী উপাদান ইমিউনোগ্লোবুলিনৰ পৰিমাণ হ্রাস পায়। ফলত বিভিন্ন ৰোগ খুব সহজে দেহক আক্ৰমণ কৰিব পাৰে। পুষ্টি কমিলে যিকোনো ৰোগৰ সংক্রমণৰ আশংকাই বাঢ়ি যায়। সেয়ে নিয়মিত খাদ্যাভ্যাসত প্রটিনসমৃদ্ধ খাদ্য ৰাখিবলৈ নাপাহৰিব।

সুস্থ শৰীৰত কিমান প্রটিনৰ প্রয়োজন?
শৰীৰৰ ওজনৰ প্রতি কিলোগ্রামত ০.৮ গ্রাম প্রটিনৰ প্রয়োজন হয়। লিংগ, বয়স, শাৰীৰিক অৱস্থাৰ ওপৰতো প্রটিনৰ পৰিমাণ নির্ভৰ কৰে। গতিকে এই অতিমাৰীৰ সময়ত ক’ভিড ৰোগীৰ ক্ষেত্রত স্বাভাৱিকৰ তুলনাত প্রটিনৰ পৰিমাণ কিছু বঢ়াব লাগে।

 

প্রটিন সমৃদ্ধ খাদ্য কোনবোৰ?

দুগ্ধজাতীয় খাদ্য, মাংস, বিনছ, লেটুছৰ দৰে বিভিন্ন শাক-পাচলি, বাদাম ইত্যাদি খাদ্যত থাকে ভৰপুৰ প্রটিন। এই সময়ত সুস্থ থাকিবলৈ খাদ্যতালিকাত এই খাদ্যবোৰ সদায়ে ৰাখিব।

You might also like