জনমানসত অম্বুবাচী উৎসৱ
🔹 মৃণালিনী দেৱী
সংস্কৃতিয়েই হৈছে এখন দেশ তথা জাতিৰ মেৰুদণ্ডস্বৰূপ৷ সংস্কৃতিৰ উৎকর্ষ সাধনেই এখন দেশৰ জাতীয় অস্তিত্ব ৰক্ষা কৰে৷ পৃথিৱীৰ সকলো দেশৰে লৌকিক আচাৰ–ব্যৱহাৰ, ধর্মীয় ৰীতি–নীতি, পোছাক–পৰিচ্ছদ, ধর্মীয় অনুষ্ঠান, ইষ্ট দেৱ–দেৱীৰ পূজা–অর্চনা, ভাষা–সাহিত্য, শিল্পকলা, কৃষ্টি তথা লোকাচাৰসমূহ ভিন ভিন ঠাইত ভিন ভিন ৰূপত প্রচলিত হৈ আহিছে৷ এই সংস্কৃতিসমূহক কেন্দ্র কৰিয়েই গঢ় লৈ উঠে বিভিন্ন লোক–উৎসৱ৷ এই লোক–উৎসৱসমূহো দেশ তথা জাতিৰ সর্বাংগীণ উন্নতি সাধন কৰাৰ বাবে অথবা সুন্দৰভাৱে গঢ়ি তোলাৰ এক অপৰিহার্য, অবিচ্ছেদ্য তথা অনবদ্য অংগ৷
পর্বত–ভৈয়াম, নদ–নদী, হাবি–বননি, নানা জাতি–উপজাতিৰে (বডো, কছাৰী, তিৱা, ৰাভা, মিচিং, খাচিয়া, গাৰো ইত্যাদি) ভৰপূৰ আমাৰ অসমখনো ইয়াৰ ব্যতিক্রম নহয়৷ কামৰূপ জিলাৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যা দেৱীৰ পীঠ তথা মন্দিৰত অতীজৰে পৰা চলি অহা বর্ষা উৎসৱ তথা অম্বুবাচী বা আমতি মেলাও সমগ্র ভাৰতবর্ষ তথা পৃথিৱীৰ দেশসমূহৰ উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত অন্যতম প্রধান উৎসৱ৷ তান্ত্রিক হিন্দু সাধকসকলৰ মতে, প্রয়াগৰ ‘কুম্ভমেলা’ৰ দৰে কামৰূপৰ মা কামাখ্যা ধামৰ অম্বুবাচী মেলাও ভাৰতবর্ষৰ এখন মহা পুণ্য মেলা হিচাপে পৰিগণিত হৈ আহিছে৷ বসন্ত ঋতু শেষ হোৱাৰ লগে লগে বর্ষা ঋতু নামি আহে সৃষ্টিৰ কঠীয়াতলী আই বসুমতীৰ গর্ভত বতৰৰ বীজ সিঁচি দিবলৈ৷ এই সময়তে মানৱ জাতিৰ মনতো জাগি উঠে সৃষ্টিৰ কামনা–বাসনা৷ আকাশ মেঘাচ্ছন্ন হৈ বিজুলী–ঢেৰেকনিৰে পৃথিৱী কঁপাই মুষলধাৰে বৰষুণৰ বন্যা বিয়পাই মাটিৰ বুকুত মৰম–চেনেহ বিচাৰি সৃষ্টিৰ বীজ সিঁচি দিয়ে প্রকৃতিয়ে৷ আই বসুমতীয়ে দেখা দিয়ে প্রকৃতিৰ বুকুত সেউজী ৰহণ চৰাই শস্য–শ্যামলা সাজেৰে সাজি জন্মদাত্রী মাতৃৰূপত৷
সংস্কৃতত অম্বু শব্দৰ অর্থ পানী৷ অসমীয়া ‘আমতি’ বা ‘অম্বুবাচী’ শব্দটোৰ সৈতে ইয়াৰ মিল আছে৷ মাটি, পানী আৰু আকাশৰ সমন্বয় তথা ইটোৰ লগত সিটোৰ মিল বা সম্বন্ধ থকা হেতুকে বর্ষা ঋতুৰ প্রকৃতিধর্মী ফলাফল তথা গুণাগুণখিনি এই উৎসৱৰ লগত নিহিত হৈ আছে৷
এই বর্ষা ঋতুতে অর্থাৎ আহাৰ মাহৰ আর্দ্রা নক্ষত্রৰ প্রথম পাদত সূর্যৰ অৱস্থিতিৰ কালত মিথুন ৰাশিত ‘ষাঁঠ’ বা ‘অম্বুবাচী’ অর্থাৎ নামনি অসমৰ কামৰূপীয়া ভাষাত ‘আমেতি’ৰ প্রবৃত্তি হয়৷ নামনি অসমত হিন্দু ধর্মৰ লোকসকলৰ মাজত প্রচলিত লোকাচাৰ বা লোক–উৎসৱসমূহৰ ভিতৰত ‘ষাঁঠ’ উৎসৱো বৈদিক যুগৰ পৰা চলি অহা এটি প্রাচীন পৰম্পৰা ৰূপে অব্যাহত আছে৷
এই ‘ষাঁঠ’ উৎসৱ কৃষিভিত্তিক ঋতুকালীন উৎসৱ৷ ই নাৰীকেন্দ্রিক প্রজনন উৎসৱ হিচাপেও পৰিগণিত হৈ আহিছে৷ এই উৎসৱ জেঠ মাহ শেষ হ’বলৈ চাৰি দিন বাকী থাকোঁতে আৰম্ভ হৈ আহাৰ মাহৰ তিনি তাৰিখলৈকে চলে৷ এই ‘ষাঁঠ’ উৎসৱৰ আঁচলত ধৰিয়েই আগমন হয় নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যাধামৰ পীঠত চলা অম্বুবাচী মেলা৷ লৌকিক দেৱতা আৰু লোকাচাৰ আদিক কেন্দ্র কৰিয়েই যিহেতু লোক–উৎসৱসমূহ গঢ়ি উঠে, কামাখ্যাধামত পৰম্পৰাগতভাৱে প্রচলিত হৈ অহা অম্বুবাচী মেলাও তেনে এক উল্লেখযোগ্য উৎসৱ৷
সূর্য মিথুন ৰাশিত উদয় হোৱাৰ লগে লগে অর্থাৎ আহাৰ মাহৰ দ্বিতীয় সপ্তাহত (প্রথম সপ্তাহৰ শেষৰ দিনাৰ পৰা) আই বসুমতী ৰজঃস্বলা হয় বুলি এক জনবিশ্বাস তথা এটি পৰম্পৰা চলি আহিছে অতীতৰে পৰা৷ আহাৰৰ সাত তাৰিখৰ পৰা দহ আহাৰৰ নিশালৈ আই বসুমতী ৰজঃস্বলা হৈ থকা হেতুকে সেই চাৰি দিন দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়৷ পুনৰ এঘাৰ তাৰিখে পুৱা অর্থাৎ অম্বুবাচীৰ শুদ্ধিৰ দিনা মা কামাখ্যাৰ পীঠত অম্বুবাচী উৎসৱ আৰম্ভ হয়৷
বসুমতী বা ধৰিত্রীক জন্মদাত্রী মাতৃ হিচাপে কল্পনা কৰি সৃষ্টিৰ প্রকৃতি ধর্মীয় গুণৰাশিসমূহত গুৰুত্ব প্রদান কৰাৰ দৃষ্টান্ত পৃথিৱীৰ বহু জাতি–জনজাতিৰ মাজতো প্রচলিত থকা দেখা যায়৷ শস্যৰ পথাৰ বা কঠীয়াতলী নদন–বদন হোৱাৰ বাবে ‘ডায়েনা’, ‘চিৰিচ’ আদি দেৱ–দেৱীক বন্দনা কৰাৰ উদাহৰণো ইউৰোপৰ বিভিন্ন দেশত পোৱা যায়৷ যাদু আৰু যৌন নৃত্য–গীতবোৰে পৃথিৱীৰ উর্বৰা শক্তি বৃদ্ধি কৰে বুলি পৰম্পৰা এটি উত্তৰ আমেৰিকা, জাভা আদি দেশত জনজাতীয় বহু লোকৰ মাজত বিশ্বাস আছে৷ আমাৰ আই বসুমতীৰ ‘অম্বুবাচী’ বা ‘আমেতি’ৰ আচাৰ–বিধিও এই পটভূমিতে বিবেচনা কৰিব পাৰি৷ মা কামাখ্যাৰ অম্বুবাচী উৎসৱ ধর্মীয় দিশত পর্যালোচনা কৰি চালে দেখা যায় যে ই ভাৰতবর্ষ তথা পৃথিৱীৰ যিকোনো দেশৰ ভিতৰতে এক উল্লেখনীয় উৎসৱ৷ আই বসুমতীৰ ৰজঃস্বলা কল্পনাটি প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন বুলি ধৰা হয়৷ মা কামাখ্যাৰ অম্বুবাচী মেলা উৎসৱত সমগ্র ভাৰতবর্ষ তথা নানা দেশ–বিদেশৰ পৰাও অগণন ভক্ত–দর্শনার্থীৰ সমাগম হোৱা দেখা যায়৷ শুনা যায়, বহু সাধু–সন্ন্যাসীয়ে বাৰ বছৰ ভাৰতবর্ষৰ বিভিন্ন তীর্থস্থান দর্শন কৰি শেষ তেৰ বছৰটোত মা কামাখ্যা ধামৰ ‘অম্বুবাচী মেলা’ উৎসৱৰ সময়ত তেওঁলোকৰ যাত্রাৰ সামৰণিত মা কামাখ্যা দর্শন কৰিবলৈ আহে৷ তেওঁলোকৰ মতে, যিমানেই ভাৰতবর্ষৰ তীর্থস্থানসমূহ দর্শন নকৰক কিয়, অম্বুবাচীৰ সময়ত মা কামাখ্যাক দর্শন নকৰিলে হেনো কোনো পুণ্য অর্জন নহয়৷
অসমৰ বডো, কছাৰীসকলৰ মাজত সৃষ্টিকর্তা মহাদেৱ (বাথৌ ব্রাই) আৰু মা কামাখ্যা দেৱীৰ (খাম্–মাই–খা) পূজা–সেৱা প্রচলন থকা দেখা যায়৷ তেওঁলোকৰ মনত বিশ্বাস যে স্বয়ং জন্মদাত্রী মাতৃ আই খাম্–মাই–খা (কামাখ্যা) দেৱীয়ে বছৰত এবাৰ ঋতু স্নান কৰে৷ ফলত আই বসুন্ধৰাই নতুন সাজ সলাই শস্য শ্যামলা ৰূপত কঠীয়াতলীত বীজ সিঁচি দিবলৈ ধৰা দিয়েহি৷
অসমৰ নীলাচল বাসিনী আই কামাখ্যাৰ অম্বুবাচী মেলা উৎসৱৰ উপৰি উৰিষ্যা, বংগ আৰু উত্তৰ–পূব ভাৰতৰ আর্য হিন্দু ধর্মাৱলম্বী লোকসকলৰ মাজতো অম্বুবাচী উৎসৱ প্রচলিত আছে৷
ষাঁঠৰ বৰষুণ আৰু বানপানীয়ে সাৰুৱা কৰাৰ অর্থাৎ বসুমতী ৰজঃস্বলা হোৱাৰ ফলত সৃষ্টিৰ কঠীয়াতলীত বা পথাৰত নতুন সৃষ্টিৰ বাবে প্রচুৰ সম্ভাৱনা জগায় বুলি অতীতৰে পৰা অম্বুবাচীক কেন্দ্র কৰি বহু জনবিশ্বাস, সংস্কাৰ, আচাৰ–অনুষ্ঠান আদি গঢ় লৈ উঠা দেখা যায়৷ আহাৰ মাহৰ প্রথম পক্ষত আমতি আৰম্ভ হোৱাৰ আগতেই গাঁৱৰ বুঢ়া–বুঢ়ী, আইতা, পেহী, মাহঁতে পিন্ধা–উৰা বা নিত্য ব্যৱহার্য সামগ্রীখিনিৰ বাহিৰে আছুতীয়া স্থানত চাং বা কাঠৰ চালপীৰা এখনত ঘৰৰ সকলো যাৱতীয় বস্তু, কানি–কাপোৰ, বিছনাৰ কাপোৰ আদি কোনোৱে চুব নোৱৰাকৈ থৈ দিয়ে৷ জনবিশ্বাস মতে, যিহেতু আই বসুমতী সেইকেইদিন ৰজঃস্বলা অৱস্থাত থাকে, চাৰিদিন পিছত শুদ্ধ নোহোৱালৈকে সেইবোৰ কাকো চুব নিদিয়ে৷ আনকি সেইকেইদিন মাটি খন্দা, হাল বোৱা, বীজ সিঁচা আদি কামবোৰো নিষিদ্ধ বুলি গণ্য কৰে৷ মুঠতে অম্বুবাচীৰ কালছোৱাত কাপোৰ–কানি, বাচন–বর্তন, খাদ্যবস্তু আদিৰ মাটিৰ লগত প্রত্যক্ষভাৱে সংযোগ নৰখাকৈ চাং পাতি, পীৰা নাইবা খাটৰ ওপৰত ৰখা হয়৷
মানুহৰ মনত চুৱা লগা ভাব এটা থকা কাৰণে সেইকেইদিন গোসাঁইঘৰত, তুলসীৰ তল আদিত চাকি–বন্তি জ্বলোৱা নিষেধ৷ ব্রহ্মচাৰী, বিধৱা, সাত্ত্বিক ব্রাহ্মণ, সাধু–সন্ন্যাসী বা ব্রত কৰা ব্রতীসকলেও ৰন্ধা বা সিদ্ধ বস্তু নাখায়৷ সেইকেইদিন চাগু, কোমল চাউল, বোকা চাউল, দৈ, গাখীৰ, কল, আম, কঁঠাল, জামু, পনিয়ল, তিয়ঁহ, মাহ, বুট আদি বতৰৰ কেঁচা ফলমূল আদিহে খাদ্য হিচাপে গ্রহণ কৰে৷ অম্বুবাচীৰ সময়তে যদি সাধৱা মহিলা তথা জীয়ৰী–বোৱাৰী আদি ৰজঃস্বলা হয়, তেনেহ’লে তেওঁলোকেও একে ব্রত পালন কৰাৰ নিয়ম–বিধি আছে৷ অম্বুবাচী চলি থকা সময়ত যদি কাৰোবাৰ আদ্যশ্রাদ্ধ বা বছৰেকীয়া পিতৃ শ্রাদ্ধ আদিৰ দিন পৰে, সেই সকামবোৰো পতিত হয় বা কৰিব বিচাৰিলে মাটি স্পর্শ নকৰাকৈ কৰিব লগা হয়৷ হিন্দু ধর্ম মতে কাৰোবাৰ পিতৃ–মাতৃৰ মৃত্যুৰ এবছৰৰ ভিতৰত অম্বুবাচী পৰিলে পুত্র–পৰিবাৰেও এই ব্রত পালন কৰিব লাগে৷
অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা চৰু–হাডী, বাঢ়নী, কলচোঁচনিৰে তৈয়াৰ কৰি লোৱা পাকঘৰৰ শোটা, তেল–মচলা থোৱা বটল, টেমা, চৰু–হাডী, ধৰা–ঢ়কুৱাৰে তৈয়াৰ কৰি লোৱা শোটা, মোচনী, বাচন–বর্তন আদি চুৱা বা অপৱিত্র বুলি গণ্য কৰা হৈছিল৷ পোহনীয়া চৰাই ভাটৌ, শালিকা, গৰু–ছাগলী, হাঁহ–পাৰ আদি জীৱ–জন্তুক সেইকেইদিনৰ বাহী পানী আদি খুৱালে অনিষ্ট হয় বুলি ভাবিছিল৷ আন এক বিশ্বাস মতে আমতিৰ ভিতৰত গাখীৰ খালে সম্পূর্ণবছৰটোলৈ সাপে কামোৰাৰ ভয় নাথাকে বুলি ধৰি লৈছিল৷
আমাৰ এতিয়াও মনত পৰে যে ঘৰৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰে আছুতীয়াকৈ ৰখা কানি–কাপোৰ চুই লণ্ডভণ্ড কৰিব বুলি পৰিয়ালৰ মূল জ্যেষ্ঠজনে অর্থাৎ আইতা, পেহী, মাহঁতে সেই কাপোৰত ‘আমেতি বুঢ়ী’ লুকাই থকাৰ ভয় দেখুৱাই চুবলৈ মানা কৰিছিল৷
অম্বুবাচীৰ শুদ্ধিৰ দিনা ব্যৱহাৰ কৰা ঘৰৰ সকলো কানি–কাপোৰ ধুই–পখালি, পাকঘৰত ব্যৱহাৰ কৰা অপৱিত্র বুলি ভবা বাঢ়নী, শোটা, শোটমোচনী আদি পেলাই দি ব্যৱহাৰ কৰা বাচন–বর্তনবোৰ ভালকৈ ধুই, ঘৰ–চোতাল আদি সকলো ঠাই চাফ–চিকুণকৈ মচি–কাচি, গা–পা ভালকৈ ধুই উঠি পৱিত্র গংগাৰ পানী বা পূজা কৰা তুলসী পদজল ছটিয়াই সকলোকে শুদ্ধ কৰা হয়৷ সিদিনা গোসাঁইঘৰত মাহ–প্রসাদ, বতৰৰ সকলো ফলমূল আম, জাম, লেটেকু, পনিয়ল, কঁঠাল, আনাৰস, নাৰিকল, আপেল, মৌচুম্বী আদি নানা তৰহৰ উপচাৰে শৰাই–নৈবেদ্য, চাকি–ধূপ ভগৱানৰ ওচৰত আগবঢ়াই দি পূজা–সেৱাৰে অম্বুবাচী উৎসৱ পালন কৰা হয়৷ তাৰ পিছত সকলোৱে মিলি ফলমূল, দৈ, কোমল চাউল আদিৰে দুপৰীয়াৰ আহাৰ তথা জলপান গ্রহণ কৰে৷ আমাৰ সমাজত অম্বুবাচীৰ এনেবোৰ নিয়ম তথা জনসংস্কাৰ বা জনবিশ্বাস এতিয়াও অব্যাহত আছে৷ মা কামাখ্যাৰ অম্বুবাচী প্রবৃত্তিৰ পৰা নিবৃত্তিৰ সময়লৈকে দেৱীৰ মন্দিৰ বন্ধ ৰখাৰ পিছত নিবৃত্তিৰ দিনা মূল পীঠ দর্শন কৰিবলৈ ভাৰতবর্ষ তথা বিভিন্ন দেশ–বিদেশৰ পৰা যাত্রীৰ সমাগম হোৱাটো সঁচাকৈয়ে মন কৰিবলগীয়া বিষয়৷
মা কামাখ্যা দেৱীৰ ৰজঃস্বলা অৱস্থাৰ ৰক্তবস্ত্রৰূপে সেইকেইদিন যোনি পীঠত পাৰি থোৱা ৰঙা কাপোৰখনক ‘অঙ্গৰু বস্ত্র’ৰূপে ভক্তসকলে মূল নির্মালি ৰূপে গ্রহণ কৰাৰ দৃশ্য নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈ টান লাগে৷ জনবিশ্বাস মতে, এইবস্ত্রখনৰ অকণমান টুকুৰা এটিও যদি ঘৰলৈ আহে, তেনেহ’লে সেইখন ঘৰ পৰম সৌভাগ্যশালী ঘৰ ৰূপে বিবেচিত হয়৷
‘অঙ্গৰু বস্ত্র’ৰ বৰণ ৰঙা৷ ৰঙা ৰঙটো কেৱল যৌন উত্তেজক বা কামনাৰেই ৰং নহয়, ই ৰূপান্তৰৰো ৰং৷ ইজনে সিজনক কাষ চপাই অনাৰ ৰং৷ ই যৌন সক্ষমতা আৰু শাক্ত ধর্মৰ ৰজঃগুণৰো প্রতীক৷ শাক্তধর্মীয় লোকসকলৰ মতে, ৰঙা ৰং দেৱী পূজাৰ বাবে উপযোগী বা প্রশস্ত৷ শাক্ত ধর্মৰ ভক্তসকলে ৰঙা ৰঙৰ বস্ত্র ব্যৱহাৰ কৰে৷ কামাখ্যা তন্ত্রত সৃষ্টিশীলতাৰ প্রসৱিনী দেৱী মা কামাখ্যাৰ বর্ণনাৰ উল্লেখ পোৱা যায়৷ কিংবদন্তি মতে, যোনি পীঠ মা কামাখ্যাধামত দেৱী কামাখ্যাই ৰজঃস্বলা অৱস্থাত নিজৰ স্ত্রী অংগত ব্যৱহাৰ কৰা বা ধাৰণ কৰা কাপোৰখনকেই ‘অঙ্গৰু বস্ত্র’ বোলা হয়৷ অম্বুবাচী উৎসৱ কৃষিজীৱী লোকসকলৰ বাবে এক গুৰুত্বপূর্ণ উৎসৱ৷ আদিম মানৱে সৃষ্টিৰ কথা চিন্তা কৰি বসুমতী বা পৃথিৱীক শস্য শ্যামলা কৰিবলৈ আকাশক পূর্ণ শক্তিৰে পৃথিৱীক আকর্ষণ কৰিবলৈ প্রার্থনা কৰাটোৱেই হ’ল বর্ষা ঋতুৰ অম্বুবাচী উৎসৱৰ মূল উদ্দেশ্য৷
বর্ষা ঋতুক সৃষ্টিৰ উৎস বুলি ধৰি প্রচলিত হৈ থকা ‘ষাঁঠ’ বা ‘অম্বুবাচী’ উৎসক মাটি তথা সৃষ্টিৰ উৎসৱ বুলি মানি অহা হৈছে৷ ইয়াক আহাৰৰ দ্বিতীয় সপ্তাহলৈকে পালন কৰা হয়৷ বর্ষাৰ মেঘৰ গাজনিয়ে সূর্যৰ পিতৃত্বৰ কামনাৰে মাটিৰ বুকুত মৰম–চেনেহ বিচাৰি মুষলধাৰে বৰষুণৰ বন্যা নমাই আনে৷ জনবিশ্বাস মতে, এই সময়তে ৰজঃস্বলা আই বসুমতীয়ে সূর্য দেৱতাক পাবলৈ ব্যাকুল হৈ পৰে৷ ইয়াৰ উপৰি ‘ষাঁঠ’ বা আমেতি উৎসৱত একেধৰণে মাটিৰ বুকুত মৰম–স্নেহ বিচাৰি দেওধনী নৃত্যও পৰিৱেশন কৰা দেখা যায়৷ এই নৃত্যত বর্ষাৰ উন্মাদনা আৰু সৃষ্টিৰ কামনা–বাসনা জডিত থকা দেখা যায়৷ সৃষ্টিৰ কামনা–বাসনাৰে পূর্ণ নাৰীয়ে প্রকৃতিৰো কামনা–বাসনা জগাব পাৰে৷ আমেতি বা অম্বুবাচীৰ মূল লক্ষ্য হ’ল মানৱ জাতিৰ প্রাণত কর্মপ্রেৰণা জগাই তোলা৷ অম্বুবাচী বা ‘ষাঁঠ’ উৎসৱে কৃষিজীৱী লোকসকলক আকাশক পিতৃ আৰু পৃথিৱীক মাতৃ বুলি মানি পৃথিৱীৰ বুকুত গীত, নৃত্য কৰি শস্যৰ ভঁৰাল টনকিয়াল কৰিবলৈ যুগে যুগে প্রেৰণা দি আহিছে৷ কালক্রমত এই উৎসৱ লেখত ল’বলগীয়া লোক–উৎসৱ হিচাপে বিশ্বত পৰিগণিত হৈছে৷
মা কামাখ্যাৰ অম্বুবাচী মেলা উৎসৱে আজি সর্বভাৰতীয় দৃষ্টি আকর্ষণ কৰিব পৰাটো আমাৰ বাবে অতি সৌভাগ্য তথা আনন্দৰ কথা৷ সেয়েহে মা কামাখ্যাধামক বিশ্ব পর্যটনৰ ৰম্যপুৰী হিচাপে প্রতিষ্ঠা কৰিবলৈ হ’লে আমি জনসাধাৰণ তথা চৰকাৰে উন্নয়নমুখী কার্যসূচী হাতত লোৱাটো অতি প্রয়োজনীয়৷ আমাৰ ভাৰতবর্ষ তথা অসমৰ লোক–সংস্কৃতি তথা পুৰণি ঐতিহ্যসমূহৰ বিকাশৰ সঠিক ৰূপটো বিশ্ববাসীক দেখুৱাব পাৰিলেহে ভাৰতবর্ষ তথা অসমৰ শিল্প, কলা, সাহিত্য–সংস্কৃতি লোক–সংস্কৃতিসমূহৰ পুৰণি ঐতিহ্য ৰক্ষা কৰিব পাৰিম৷ কামৰূপৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যাধামৰ ‘অম্বুবাচী’ মেলাই তেনে এক ঐতিহ্য আজিও বহন কৰি আহিছে আৰু অদূৰ ভৱিষ্যতেও ই অটুট থাকিব৷
লেখক অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি