পশুধন পালনেৰে নিবনুৱা সমস্যাৰ সমাধান সম্ভৱনে?
ডাঃ পার্থপ্রতিম বৰা
আজিৰ আলোচ্য বিষয়বস্তুটো বাস্তৱধর্মী আৰু বিজ্ঞানসন্মত৷ নৱপ্রজন্মৰ এজন লেখক হিচাপে অসমৰ ভৱিষ্যতৰ কথা চিন্তা–চর্চা কৰি কিছুমান সমীক্ষাৰ দ্বাৰা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত কিদৰে পশুপালন বৃত্তিটোৱে সহায় কৰিব পাৰে তাকেই তত্ত্বগধুৰভাৱে উপস্থাপন কৰিবলৈ যত্ন কৰা হৈছে৷ অতীজৰে পৰাই কৈ অহা হৈছে যে পশুধন পৰম ধন, ইয়াৰ সত্যতা স্বীকাৰ কৰি আৰু পশুপালন ক্ষেত্রখনৰ উত্তৰণ আশা কৰি আজিৰ বিশ্লেষণ আৰম্ভ কৰিছেছা৷
গুৱাহাটি মহানগৰীত চিটীবাছেৰে যাওঁতে প্রায়েই কাছাৰী ঘাটৰ সমীপত কিম্বা মেঘদূত ভৱনৰ সন্মুখত আমি দেখা পাওঁ যে বহুখিনি বিজ্ঞাপন মেজৰ ওপৰত লৈ একো একোজন লোক নিবনুৱাৰ অপেক্ষাত ৰৈ থাকে৷ কাৰণ সমাজে সেইসকল চাকৰি প্রার্থীক নিবনুৱা বুলি চিনাকি দিলেও তেওঁলোকৰ বাবেই এই সৰু সৰু পেটসমূহ (দোকানীসমূহ) যে চলি আছে সেয়া সঁচা কথা৷ শিক্ষাৰ সম্প্রসাৰণ ঘটিছে, নতুন নতুন চাকৰিৰ সৃষ্টি হৈছে তথাপি কিয় দিনকদিনে নিবনুৱাৰ সংখ্যা বাঢ়িয়েই আছে এবাৰ ভাবি চাইছেনে৷ অন্য ৰাজ্যৰ কথা নকওঁ, আমাৰ অসমতেই ২০১৯ৰ জুন মাহপর্যন্ত ১৭,১৫,৭৫৯জন পঞ্জীভুক্ত নিবনুৱা আছে, আনহাতে ২০১৮ত এই সংখ্যা আছিল ১৬,৯৯,৯৭৭জন ৷ অর্থাৎ ১ বছৰত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা ১৫,৭৮২জনলৈ বৃদ্ধি পালে৷ যদি আমি ২০১৬–১৭ চনৰ সমীক্ষা চাওঁ, তেতিয়া দেখিম যে ২০১৬ চনত এই সংখ্যা আছিল ১৬,৪২,৭১৮জন আৰু ২০১৭ চনত আছিল ১৬,৬৫,৮৬৬ জন ৷ আনহাতে ২০২০ চনৰ ক’ৰোনা মহামাৰী –লকডাউন ইত্যাদিবোৰৰ ফলত বিগত বর্ষসমূহৰ (১৯ মাহৰ) সর্বাধিক ১১.১ শতাংশলৈ বৃদ্ধি পালে (এপ্রিল, ২০২০)৷ এই তথ্য প্রকাশ পাইছে ভাৰতীয় অর্থনীতি পর্যবেক্ষণ সংস্থাৰ (entre for Monitoring Indian Economy— সমীক্ষাত ৷ বর্তমান সময়ত নিবনুৱাৰ হাৰৰ ক্ষেত্রত সর্বোচ্চ স্থানত থকা ৰাজ্যকেইখন হৈছে তামিলনাডু (৪৯.৮ শতাংশ), ঝাৰখণ্ড (৪৭.১শতাংশ) আৰু বিহাৰ (৪৬.৬ শতাংশ)৷ আনহাতে সর্বনিম্ন স্থানত থকা ৰাজ্যখন হৈছে পঞ্জাব (২.৯ শতাংশ)৷ এনেবোৰ সমীক্ষা দেখিলে গাৰ নোম শিয়ৰি উঠে, কাৰণ এই সকলোবোৰ সমীক্ষাত কেৱল পঞ্জীভুক্ত নিবনুৱাক অন্তর্ভুক্ত কৰা হৈছে৷ পঞ্জীভুক্ত নোহোৱা নিবনুৱাতো গাঁৱে–ভূঞে হাজাৰজন থাকিব? বর্তমান সময়ত দেখা গৈছে যে গ্রামাঞ্চলৰ সমান্তৰালভাৱে নগৰ–চহৰ অঞ্চলতো বৈজ্ঞানিকভাৱে পশুপালন কৰিবৰ অর্থে বহুসংখ্যক শিক্ষিত যুৱক–যুৱতীয়ে আগ্রহেৰে আগবাঢ়ি আহিছে৷ তেওঁলোকে বিচাৰিছে যে অসমলৈ বর্তমান সময়ত আমদানি হৈ থকা মাছ, মাংস, কণী, গাখীৰ আদিৰ উৎপাদন অসমতে থলুৱাভাৱে কৰি অসমৰ ৰাজহ অসমতে ৰখা ৷
উল্লেখ্য যে ২০১৩–১৪ বর্ষৰ পৰিসংখ্যা অনুসৰি অসমত গাখীৰ, কণী আৰু মাংসৰ জনমুৰি প্রাপ্তি ৭৮ মিঃ লিঃ, ১৫টা আৰু ডেৰ কিলোগ্রাম যিটো ৰাষ্ট্রীয় গডতকৈ বহুখিনি কম৷ এনেধৰণৰ সমীক্ষাসমূহ মনত ৰাখিয়েই পশুপালন পামসমূহ গঢ় লৈ উঠা দেখা গৈছে আৰু ই এক ইতিবাচক দৃষ্টিভংগী৷ ইয়াৰ দ্বাৰা তেওঁলোকো স্বাৱলম্বী হোৱাৰ লগতে আন চাৰিজনক কর্মসংস্থাপনৰ বাট মুকলি কৰি দিয়া৷ মোৰ দৃষ্টিত নিজে এটা সংস্থাপন লাভ কৰি স্বাবলম্বী হোৱাতকৈ আন দহজনৰ বাবে সংস্থাপনৰ বাট মুকলি কৰি দিয়াজন শ্রেষ্ঠ৷ আপোনালোকে জানে যে ভাৰতৰ ঘৰচীয়া জন্তুৰ ক্ষেত্রখন বিশ্বৰ ভিতৰতে এখন চকুত লগা ক্ষেত্র৷ য’ত বিশ্বৰ ৫৬.৭ শতাংশ ম’হ, ১২.৫ শতাংশ গৰু, ২০.৮শতাংশ ছাগলী–ভেডা, ১.৫শতাংশ গাহৰি আৰু ৩.১শতাংশ কুকুৰা ভাৰততে পোৱা যায়৷ প্রথমে আহঁো– গাহৰি পালন ক্ষেত্রখনলৈ ভাৰতবর্ষত সমগ্র পশুধনৰ ১.৭শতাংশ অৰিহণা আগবঢ়াইছে গাহৰি প্রজাতিটোৱে৷ বিংশ (২০)সংখ্যক পশুধনৰ সমীক্ষা মতে (২০১৯ চনৰ) ভাৰতবর্ষত গাহৰিৰ সংখ্যা হৈছে ৯.০৬ নিযুত আৰু অসমত এই সংখ্যা হৈছে ২.১ নিযুত, য’ত ৮ লাখ বর্ণশংকৰ প্রজাতি আৰু বাকীখিনি থলুৱা প্রজাতিৰ ৷ আনহাতে আগৰ সমীক্ষাত (২০১২ চনৰ) এই সংখ্যা আছিল ১.৬৪ নিযুত৷ অর্থাৎ বিগত বছৰসমূহত দেশত গাহৰিৰ সংখ্যা হ্রাস পালেও অসমত ২৮.৩০ শতাংশলৈ বৃদ্ধি পালে৷ যাৰ ফলস্বৰূপে দেশৰ ভিতৰত অসম হৈছেগৈ সর্বাধিক গাহৰি পালন কৰা ৰাজ্য, দ্বিতীয়তে আছে ঝাৰখণ্ড (১.২৮ নিযুত) আৰু তৃতীয় স্থানত আছে মেঘালয় (০.৭১ নিযুত) ৷ আমাৰ দেশত মুঠ গাহৰি মাংসৰ উৎপাদন হয় কেৱল ০.৪৫ নিযুত টন, যিটো গড হিচাপে ৩৫ কিলোগ্রাম গাহৰি৷ ই বিশ্বৰ ৮০ কিলোগ্রাম গাহৰিৰ তুলনাত তেনেই কম ৷ গতিকে চাওক এই ক্ষেত্রখনত এতিয়াও আমাৰ কৰণীয় কিমান আছে৷ মোৰ বোধেৰে আপোনালোকে মন কৰিছে যে বর্তমান সময়ত গাহৰি মাংস খোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেয়েহে প্রতি কিলোত ইয়াৰ পৰিমাণ ২৮০–৩০০ টকা পর্যন্ত হৈছেগৈ৷ ই বৈজ্ঞানিক ভিত্তিত গাহৰি পালকসকলৰ বাবে সুখবৰ৷ সেয়েহে মোৰ অনুৰোধ যিসকল শিক্ষিত যুৱক–যুৱতীয়ে এতিয়াও ভাবি আছে যে গাহৰিৰ পামখন আৰম্ভ কৰোঁ নে নকৰোঁ, তেওঁলোকে অতি সোনকালে মনৰ দ্বিধা আঁতৰাই এই কাম হাতত ল’ব পাৰে৷ দ্বিতীয়তে আহঁো– ছাগলী পালন ক্ষেত্রখনলৈ৷ ছাগলীক দুখীয়া মানুহৰ গাইগৰু (oor man’s cow— বুলি কোৱা হয়৷ আমাৰ দেশৰ ৫৬শতাংশ গ্রামীণ জনগণই পশুপালন কৰে৷ ২০১৯ৰ সমীক্ষা মতে ভাৰতবর্ষত মুঠ ছাগলীৰ সংখ্যা হৈছে– ১৪৮.৮৮ নিযুত, যিটো আগৰ সমীক্ষাৰ তুলনাত (১৩৫.১৭ নিযুত, ২০১২) ১০.১৪ শতাংশ বৃদ্ধি ৷ এই বৃদ্ধিয়ে ২৭.৮০ শতাংশ পশুধনৰ অংশ বহন কৰিছে৷ আমাৰ দেশত ছাগলীৰ সংখ্যাই মুঠ ঘৰচীয়া জন্তুৰ ২৭.৮ শতাংশ অংশ বহন কৰে৷ বর্তমান সময়ত মুঠ মতা ছাগলীৰ সংখ্যা ৩২.১০ নিযুত আৰু মাইকী ছাগলীৰ সংখ্যা ১১৬.৭৮ নিযুত৷ মুঠ ৪১.৮৩ নিযুত ছাগলীয়ে গাখীৰ উৎপাদন কৰে৷ ভাৰতৰ মুঠ ছাগলীৰ ১৫ শতাংশ ৰাজস্থানত (২০.৮৪শতাংশ) পোৱা যায়৷ ইয়াৰ পিছতে স্থান পশ্চিমবংগ (১৬.২৮ শতাংশ), উত্তৰ প্রদেশ (১৪.৪৮ শতাংশ), বিহাৰ (১২.৮২ শতাংশ), মধ্যপ্রদেশ (১১.০৬শতাংশ), মহাৰাষ্ট্র (১০.৬০ শতাংশ) আৰু তামিলনাডুৰ (৯.৮৯ শতাংশ)৷ এই ৭খন ৰাজ্যই দেশৰ দুই তৃতীয়াংশ ছাগলী উৎপাদন কৰে৷আপোনালোকে জানি আচৰিত হ’ব যে আমাৰ দেশত প্রতি বছৰে অতিকমেও ১০ নিযুত ছাগলী–ভেডা মাংসৰ বাবে কটা হয়৷ অসমীয়াত এটা কথা আছে অভাৱেই আৱিষ্কাৰৰ মূল৷
এই প্রসংগ টানি আনি মই ক’ব বিচাৰো যে আমি অসমীয়া ডেকা–গাভৰুৱে ছাগলী পালন ব্যৱসায়ক এক প্রচুৰ সম্ভাৱনাপূর্ণ ব্যৱসায় হিচাপে গঢ় দিব পাৰোঁ আৰু ভাৰতবর্ষৰ তেনে সাতখন দেশৰ ভিতৰত অসমকো অন্তর্ভুক্ত কৰিব পাৰোঁ৷ বর্তমান সময়ত গড হিচাপে প্রতি কিলো মাংসৰ দাম ৬০০ টকা৷ গতিকে লাভৰ প্রচুৰ সম্ভাৱনাপূর্ণ এখন ক্ষেত্র ৷ এইবিধ মাংস সকলো ধর্মৰ লোকে ভক্ষণ কৰাটোও এক ধনাত্মক দিশ বুলি গণ্য কৰিব পাৰি৷ বর্তমানৰ পৰিস্থিতিত স্বাস্থ্যখণ্ডৰ লগতে ক’ভিড–১৯–এ প্রভাৱ পেলোৱা দুটা প্রধান খণ্ড হৈছে – শিক্ষা আৰু কর্মসংস্থাপন৷ প্রাপ্ত তথ্য অনুসৰি, বিশ্বজুৰি ঘোষিত এই লকডাউনৰ ফলত গোটেই বিশ্বৰ ১৫০ কোটিৰো অধিক ছাত্র–ছাত্রী শিক্ষানুষ্ঠানত গৈ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে৷ উল্লেখ্য যে ভাৰতবর্ষৰ সকলো শিক্ষানুষ্ঠান সামৰি ক্ষতিগ্রস্ত হোৱা ছাত্র–ছাত্রীৰ সংখ্যা প্রায় ৩.৭০ কোটি৷ শিক্ষাখণ্ডৰ সমান্তৰালভাৱে বেয়াকৈ ক্ষতিগ্রস্ত হোৱা আন খণ্ডটো হৈছে কর্মসংস্থাপন তথা নিবনুৱা সমস্যা৷ যোৱা মে’, ২০২০ মাহপর্যন্ত ১২২ নিযুত লোকে কর্মসংস্থাপন হেৰুৱাইছে (দ্য ইণ্ডিয়ান ইকনমী, মে’,২০২০) ৷ গতিকে চাওক কিদৰে নিবনুৱা সমস্যাই সমগ্র বিশ্বতে কালৰূপ ধাৰণ কৰিছে আৰু এনে পৰিস্থিতিত আমাৰ বাবে কিদৰেনো সংস্থাপন বৃদ্ধি কৰিব পাৰি তাৰ প্রতি দৃষ্টি নিবদ্ধ ৰখাটো প্রয়োজন৷ ইয়াৰ মাজতেই বর্তমানৰ চৰকাৰখনে অনুসূচিত যুৱক–যুৱতীক আত্মসংস্থাপন হ’বৰ বাবে ৫০,০০০ টকাৰ সাহায্য ঘোষণা কৰিছে ৷ অলপতে প্র–পত্র পূৰণৰ কাম সমাপ্ত হৈছে ৷ দেখা গৈছে যে বহুসংখ্যকে ছাগলী পালন আৰু গাহৰি পালনৰ প্রতি আগ্রহ দেখাইছে৷ ই এক ইতিবাচক দিশ৷ আশা ৰাখিছেছা এই আঁচনিখনৰ পৰা যাতে সকলোৰে লাভ হয়৷ অম্বিকাগিৰী ৰায় চৌধুৰীয়ে এসময়ত কৈছিল যে যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, তেনে জাতি ৰসাতলে যোৱাটো নিশ্চিত৷আমি সচেতন হোৱাৰ সময় সমাগত৷ চুবুৰীয়া দেশ বাংলাদেশত কৃষিৰ ক্ষেত্রত এক সাংঘাতিক ধৰণৰ নিৰৱচ্ছিন্ন বিপ্লৱ ইতিমধ্যেই আৰম্ভ হৈ গৈছে, আমিবোৰেও এনে বিপ্লৱৰ সূচনা কৰিব নোৱাৰোনে ৷