১৮৪৬ খ্রীঃৰ পৰা প্রকাশ পোৱা শিৱসাগৰ বেপ্ঢিষ্ট মিছনৰ ‘অৰুনোদই’খনক এখন বাতৰিকাকত তথা আলোচনী বোলা হৈছিল৷ লগতে ইয়াক ‘ধর্ম, বিজ্ঞান আৰু সংবাদ’ৰ নামত উৎসর্গিত বুলিও ঘোষণা কৰা হৈছিল৷ কিন্তু প্রায় এশ বছৰ কাললৈ অসমৰ মানুহে ইয়াক সন্দেহৰ চকুৰে চাইছিল৷ বিজ্ঞান আৰু সংবাদৰ নামত ই যেন খ্রীষ্টান মিছনাৰীসকলৰ খ্রীষ্টধর্ম প্রচাৰৰ এক কৌশলহে৷ ‘অৰুনোদই’ চলাবলৈ লোৱা কাল ঊনবিংশ শতাব্দীৰ মাজ ভাগত অসমত পঢ়িব পৰা অসমীয়া মানুহৰ সংখ্যাই বা কিমান আছিল৷ বিংশ শতাব্দীৰ মাজভাগলৈকেও কাকতখনৰ গুৰুত্ব আৰু মূল্য বুজিব পৰা অসমীয়া মানুহ বৰ কম আছিল৷ অধিকাংশ অসমীয়াৰে কাকতখনৰ প্রতি আছিল বিদ্বেষ৷ কিন্তু তেনে এক প্রতিকূল অৱস্থাতে এতিয়াৰ পৰা প্রায় ১৭৫ বছৰ পূর্বে বিদেশী খ্রীষ্টান মিছনাৰীসকলে উলিয়ালে প্রথমখন অসমীয়া বাতৰিকাকত তথা আলোচনী৷ ইয়াৰ সম্পাদক আছিল শিৱসাগৰ বেপ্ঢিষ্ট মিছনাৰ আমেৰিকান মিছনাৰী ৰেভাৰেণ্ড নাথান ব্রাউন৷ তেওঁৰ সহযোগী আছিল একে আমেৰিকান মিছনাৰী মাইল্ছ্ ব্রনছন আৰু অন্য জনদিয়েক৷ কাকত বা আলোচনী বুলিবলৈ কোনো বস্তু নোহোৱা অসম দেশত তেতিয়া ‘বাতৰিকাকত’, ‘আলোচনী’ আদি শব্দও আমাৰ ভাষাত নাই৷ ‘মেগাজিন’ ইংৰাজী শব্দটো তেতিয়া তাৰ মূল অর্থতহে বুজা গৈছিল– ভঁৰাল বা ভাণ্ডাৰ৷ মিছনাৰীসকলেহে কাকতখন মেগাজিন বুলিও বুজাবলৈ গৈ তাৰ অসমীয়া কৰিলে– ‘গিয়ান ভণ্ডাৰ৷’
পঢ়িব পৰা লোক তাকৰ আৰু পঢ়া অভ্যাস থকা লোক তাতকৈও তাকৰ– তেনে অৱস্থাতে অসমত কাকত বা আলোচনী এখন উলিওৱাটো ভাবিব নোৱৰা কথা৷ তথাপি শিৱসাগৰৰ পাদুৰী চাহাবসকলে তেনে এখন কাকত বা আলোচনী উলিয়ালে৷ ইয়াৰ গুৰিত তেওঁলোকৰ অকল দুঃসাহসী উদ্যমেই নহয়, তেওঁলোকক এই কামত সমর্থন দিবলৈ আছিল আমেৰিকান বৃহৎ বেপ্ঢিষ্ট মিছন৷ এই পৃথিৱীজোৰা আমেৰিকাৰ বেপ্ঢিষ্ট মিছনেই আমাৰ শিৱসাগৰৰ পাদুৰীসকলৰ বল–সম্বল৷ কিন্তু তেওঁলোকৰ এই বল–সম্বল একে সময়তে তেওঁলোকৰ দুর্বলতা–সুবিধাও৷ সি এটা খ্রীষ্টান ধর্মপ্রচাৰৰ অনুষ্ঠান বুলি তেওঁলোকৰ সকলো কামকে অসমৰ মানুহে সন্দেহৰ চকুৰে চায়৷ বহুলাংশে হিন্দু অসমীয়া মানুহৰ তেওঁলোক বিদ্বেষৰো পাত্র৷
কিন্তু পাশ্চাত্য শিক্ষা আৰু জ্ঞানৰ প্রসাৰৰ লগে লগে অসমীয়া মানুহৰ মনৰ গোড়ামি পাতলিবলৈ ধৰিলে৷ পাশ্চাত্য আর্হিৰ স্কুল–কলেজীয়া শিক্ষাত নিহিত থকা উদাৰ ভাবধাৰা Liberalism) আৰু তাৰ গুৰিত থকা বিজ্ঞানমনস্কতাই মানুহৰ মনৰ মতান্ধতা দুর্বল কৰি আনিবলৈ ধৰিলে৷ তেনেতে কুৰি শতিকাৰ মাজভাগত গুৱাহাটীত স্থাপিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮)৷ তাৰ অসমীয়া বিভাগত নিযুক্ত হ’ল অসাধাৰণ জ্ঞান–বিদ্যাৰ অধিকাৰী, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষা আৰু সাহিত্যৰে বিদগ্ধ পণ্ডিত ড০ বাণীকান্ত কাকতি৷ তেওঁৰ সহযোগী হিচাপে নিযুক্ত হ’ল পালি–প্রাকৃত ভাষা–সাহিত্যৰ পণ্ডিত ড০ বিৰিঞ্চি কুমাৰ বৰুৱা৷ তেওঁলোকৰ অনুপ্রেৰণা আৰু কামৰ সমর্থক হিচাপে তেওঁলোকে পালে ভাৰতীয় জ্ঞান ভাণ্ডাৰ আৰু বিশ্বসাহিত্যৰ প্রবাদপ্রতিম পণ্ডিত, বিশ্ববিদ্যালয়খনৰে উপাচার্য কৃষ্ণকান্ত সন্দিকৈক৷ তেওঁলোকে আকৌ তেওঁলোকৰ কনিষ্ঠ সহকর্মী হিচাপে পালে দুটি তৰুণ উজ্জ্বল প্রতিভা– মহেশ্বৰ নেওগ আৰু সত্যেন্দ্রনাথ শর্মাক৷
এই নতুন জ্ঞান–গৱেষণাৰ মণ্ডলীটোৱে আধুনিক পদ্ধতিমূলক গৱেষণাৰে অসমৰ ভাষা–সাহিত্যৰ গৌৰৱ উদ্ধাৰ কার্যত ব্রতী হৈছেহে, এনেতে স্বাধীন ভাৰতৰ নতুন কেন্দ্রীয় চৰকাৰে এটা আঁচনি হাতত ল’লে৷ আধুনিক ভাৰতৰ ভাষা আৰু সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ যোগে এইবোৰ ভাষা–সাহিত্যৰ উৎকর্ষ সাধন কৰিব লাগে ৰাজ্য চৰকাৰবোৰৰ সহযোগত৷ অসমৰ ৰাজ্য চৰকাৰে এই আঁচনি ৰূপায়ণৰ বাবে অসম সাহিত্য সভাক ধৰিলে৷ অসম সাহিত্য সভাই কামটোৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক পাচিলে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ বাণীকান্ত কাকতিৰ তেতিয়া মৃত্যু হৈছে (১৯৫২ খ্রীঃ)৷ তাৰ ঠাইত এতিয়াৰ মুৰব্বী ড০ বিৰিঞ্চি কুমাৰ বৰুৱা৷ ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই এই কাম যথেষ্ট গুৰুত্বসহকাৰে গ্রহণ কৰিলে৷ এই কামত আগবাঢ়িবলৈ গৈ ড০ বৰুৱাই দেখা পালে আধুনিক অসমীয়া ভাষা–সাহিত্যৰ আৰম্ভণি ‘অৰুনোদই’ কাকতত৷ এখেতে ‘অৰুনোদই’ কাকতৰ কিছুমান বিশেষ বিশেষ লেখা বাছি উলিয়ালে আৰু সেইবোৰৰ এটা সংকলন উলিওৱাটো ঠিক কৰিলে৷ সংকলনটোৰ নাম হ’ব ‘অৰুনোদই ধলফাট’৷ তাত তেখেতে এখন পাতনি সংযুক্ত কৰি সেই পাতনিত দেখুৱাব কেনেকৈ ‘অৰুনোদই’ৰ এনে লেখাবোৰে অসমীয়া সাহিত্যত আধুনিকতাৰ ৰেঙনি দেখুৱাইছিল৷ কিন্তু নির্বাচিত লেখাবোৰ সংগ্রহ কৰাৰ পিছতে ড০ বৰুৱাৰ মৃত্যু হ’ল (১৯৬৪)৷ তেনেস্থলত সংকলনটো এখন পাতনিসহকাৰে প্রকাশ কৰাৰ দায়িত্ব পৰিল ড০ মহেশ্বৰ নেওগৰ ওপৰত৷ নেওগে ৭৯ পৃষ্ঠা দৈর্ঘ্যৰ এখন পাতনিৰে ‘অৰুনোদই’ৰ ভূমিকা আৰু গুৰুত্ব ব্যাখ্যা কৰি ‘অৰুনোদইৰ ধলফাট’খন প্রকাশৰ বাবে অসম সাহিত্য সভাৰ হাতত দাখিল কৰিলে৷ ই প্রকাশিত হ’ল ১৯৬৫ চনত৷ এনেকৈয়ে চিনাক্ত হ’ল আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ আৰম্ভণি৷ আৰু তাতে ধৰা পৰিল আমেৰিকান মিছনাৰীসকলৰ ভূমিকা৷ লগতে প্রতিষ্ঠা হ’ল আধুনিক ভাষা আৰু সাহিত্য নামৰ এটা নতুন অধ্যয়ন আৰু গৱেষণাৰ বিষয় MIL)৷
কিন্তু ‘অৰুনোদই’ সম্পর্কে ড০ নেওগে এইখিনি কামতে সন্তুষ্ট থাকিব নোৱাৰিলে৷ আধুনিক ভাষা–সাহিত্যৰ অসমত ভেটি নির্মাণত এই কাকতৰ ভূমিকা এনে বুলি তেখেতে বুজি পালে যে এই বিষয়ত আৰু অধিক কাম নকৰিলে তেখেত সন্তুষ্ট থাকিব নোৱাৰে৷ এই অমূল্য কাকতখনৰ আটাইবোৰ সংখ্যা সংকলন কৰি আৰু অধিক বিস্তৃত এখন পাতনিসহকাৰে ইয়াৰ সম্পূর্ণ ৰূপৰ সংস্কৰণ এটা তেওঁ উলিওৱাৰ সংকল্প ল’লে৷ পিছে এই কামত আগবাঢ়ি দেখিলে যে ইয়াৰ প্রথম ৯ বছৰৰ সংখ্যাবোৰহে পোৱা যায়৷ এই আটাইবোৰৰে সম্পাদক নাথান ব্রাউন৷ কিন্তু তাৰ পিছৰ সংখ্যাবোৰ সম্পূর্ণ ৰূপেতো নাপায়েই, প্রাপ্ত সংখ্যাবোৰো একাদিক্রমে পোৱা নাযায়৷ গতিকে প্রথম ৯ বছৰৰ একাদিক্রমে প্রাপ্ত সংখ্যাবোৰকে তেওঁ একত্র কৰি, তাত প্রকাশিত বিজ্ঞাপনবোৰকো তেওঁ নিজৰ অধ্যয়নৰ ভিতৰুৱা কৰি তেওঁৰ পৰিকল্পনাৰ ভূমিকা এখন প্রস্তুত কৰিলে৷ ৯৫ পৃঃৰ এই সুদীর্ঘ ভূমিকা অসমীয়া পাণ্ডিত্য আৰু গৱেষণাৰ এক উজ্জ্বল চানেকি৷
কিন্তু এই কামত অৱতীর্ণ হৈ ড০ নেওগে দেখিলে গ্রন্থখনৰ যি বৃহৎ আকাৰ হ’ব, সি এক ডাঙৰ সমস্যা হ’ব৷ কিন্তু তাৰ বৃহৎ আকাৰেই অকল সমস্যা নহয়৷ ‘অৰুনোদই’ৰ বানান যিহেতু আমাৰ আজিকালিৰ বানানৰ লগত নিমিলে, গতিকে সেই অৰুনোদইৰ লেখাবোৰ পুনর্মুদ্রণ কৰাটোও এটা গুৰুতৰ সমস্যা হ’ব৷ মূল ‘অৰুনোদই’ৰ বানানবোৰ আজিকালিৰ দৃষ্টিৰে চাই ভুল বুলি তাক ‘শুদ্ধ’কৈ ছপাব লাগিলে, এনে খেলিমেলিৰ সৃষ্টি হ’ব যে ‘অৰুনোদই’ চিনিব নোৱৰাকৈ বিকৃত হৈ যাব৷ আনহাতে, ‘অৰুনোদই’ হুবহু ৰূপত মুদ্রণ কৰিবলৈ গ’লে যি ব্যৱস্থা ল’ব লাগিব, সি হ’ব অতি ব্যয়বহুল৷ এই ব্যয়বহুল ব্যৱস্থা নল’লেই নহ’ব বুলি ড০ নেওগ ওচৰ চাপিল অসমৰ দুষ্প্রাপ্য, মূল্যৱান গ্রন্থবোৰৰ প্রকাশন প্রতিষ্ঠান অসম প্রকাশন পৰিষদৰ৷ অসম প্রকাশন পৰিষদৰ সচিব তেতিয়া চন্দ্রপ্রসাদ শইকীয়া৷ শইকীয়া নিজে এজন আগশাৰীৰ লেখক হোৱাৰ উপৰি, এগৰাকী কর্মদক্ষ, কর্মচঞ্চল লোক৷ অসম চৰকাৰক এই কামটোৰ গুৰুত্ব বুজাই দি ইয়াৰ বাবে যাৱতীয় খৰচ বহন কৰাবলৈ চৰকাৰক তেওঁ সন্মত কৰালে৷ ফলত প্রথম ৯ বছৰৰ ‘অৰুনোদই’ৰ সংখ্যাবোৰ হুবহু মুদ্রনেৰে facsimile printing) ড০ নেওগৰ ৯৫ পৃঃৰ ভূমিকাসহ ‘অৰুনোদই’ নামতে প্রকাশিত হ’ল৷ (১৯৮৩) এই ভূমিকাত ড০ নেওগ সোমাই গ’ল সম্পূর্ণৰূপে ঊনবিংশ শতাব্দীৰ অসমৰ ভাষিক, সাহিত্যিক আৰু জ্ঞানৰ পৰিমণ্ডলটোৰ ভিতৰলৈ৷ ইয়াত মিছনাৰীসকলে কেনেকৈ সমসাময়িক অসমীয়া মানুহৰ মনৰ অন্ধবিশ্বাস আৰু গোড়া ধর্মীয় বিশ্বাসৰ ঠাইত বৈজ্ঞানিক ভাবধাৰাৰ জ্ঞান সুমুৱাই দিছিল, তাক নেওগে অতি সুন্দৰকৈ বিশ্লেষণ কৰি বুজাই দিছে৷ এই আলোচনীৰ পাততে অসমীয়া ভাষাটো আগৰ বৈষ্ণৱ সাহিত্য, আহোম বুৰঞ্জী আৰু চৰিতপুথিবোৰৰ গদ্যৰ ঠাচত লিখাৰ সলনি সমসাময়িক মানুহে কোৱা কথাৰ ঠাচত লিখাৰ ৰীতিত প্রৱর্তন কৰিলে বুলি নেওগে দেখুৱাই দিলে৷ মানুহৰ মুখৰ মাতৰ উচ্চাৰণ অনুসৰিয়ে শব্দবোৰৰ বানানো তেওঁলোকে লিখা কৰিলে৷ এনে বানান পদ্ধতিৰে লিখা শব্দৰ তেওঁলোকে এখন অভিধানকে ছপা কৰি উলিয়ালে৷ এই অভিধানৰ প্রণেতা ড০ মাইল্ছ্ ব্রন্ছন্৷ এই মাইল্ছ্ ব্রনছনৰ ‘অসমিয়া–ইংৰাজি অভিধান’খনেই (১৮৬৭) অসমীয়া ভাষাৰ প্রথম আধুনিক পদ্ধতিৰ পূর্ণাংগ অভিধান৷
কিন্তু মিছনাৰীসকলে প্রৱর্তন কৰা মানুহৰ মুখৰ উচ্চাৰণ অনুসৰি শব্দৰ বানান লিখা পদ্ধতি বহুদিনলৈ নিটিকিল৷ ব্রাউন, ব্রন্ছন্ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ ওপৰ মহলাৰ ধ্বনিবিজ্ঞানৰ ছাত্র আছিল৷ ধ্বনি বিজ্ঞানৰ ৰীতি অনুসৰিয়ে তেওঁলোকে অসমীয়া বানান–পদ্ধতি প্রৱর্তন কৰিব খুজি ‘অৰুনোদই’ কাকতখন আৰু ব্রন্ছনৰ অভিধানখন তাৰ বাহন কৰিছিল৷ কিন্তু শিৱসাগৰ বেপ্ঢিষ্ট মিছনৰ চাহাব পাদুৰীসকলৰ পৰাই চোৰাংকৈ ইংৰাজী শিকা প্রথম অৱস্থাত ‘অৰুনোদই’তে লিখিবলৈ লোৱা হেমচন্দ্র বৰুৱাই সোনকালে এই উচ্চাৰণ পদ্ধতিৰ বিপৰীতে গ’ল৷ তেওঁ দেখিলে মিছনাৰীসকলে প্রৱর্তন কৰা উচ্চাৰণ ভিত্তিক আখৰ জোঁটনি অসমীয়া ভাষা–সাহিত্যৰ ইতিহাসসন্মত নহয়৷ অসমীয়া ভাষা ‘অৰুনোদই’তেহে প্রথম লিখিত হোৱা নাই৷ প্রাক–বৈষ্ণৱ যুগৰ পৰাই লিখিত অসমীয়া এক দীঘলীয়া ইতিহাস আছে৷ সেই অসমীয়াৰ বানান পদ্ধতি সংস্কৃত সাহিত্য আৰু সংস্কৃতীয়া লিখিত সাহিত্যৰ অনুগামীহে৷ এই পূর্বাপৰ প্রচলিত লিখিত অসমীয়াৰ বানান পদ্ধতিতেহে অসমীয়া লিখিত হ’ব লাগিব৷ তাকে নকৰি এতিয়া আকৌ মিছনাৰীসকলৰ বানান–পদ্ধতি আমি মানিব লাগিলে অসমীয়া ভাষা–সাহিত্যত বিভ্রাটৰ সৃষ্টি হ’ব৷ পূর্ব অসমীয়া ভাষা–সাহিত্যৰ লগত আধুনিক অসমীয়া ভাষা–সাহিত্য চ্ছিন্ন হৈ চিনিব নোৱৰা হ’ব৷
হেমচন্দ্র বৰুৱাই এইবাবেই আমাৰ পূর্বৰে পৰা চলি থকা বানান পদ্ধতিকে আধুনিক অসমীয়াতো ৰক্ষা কৰি তাকে স্থায়ী ৰূপ দিবলৈ প্রণয়নত লাগিল অন্য এখন আধুনিক পদ্ধতিৰ পূর্ণাংগ অসমীয়া অভিধান৷ সুদীর্ঘ কালৰ শব্দ সংগ্রহ আৰু আনুষংগিক অভিধান প্রণয়ন কর্মৰ বিৰামহীন পৰিশ্রমেৰে তেওঁ এই অভিধান প্রণয়ন–কর্ম সম্পূর্ণ কৰিলে৷ কিন্তু তাক প্রকাশ কৰাৰ ক্ষেত্রতহে তেওঁ নিৰাশ হৈ পৰিল৷ গ্রন্থ প্রকাশন তেতিয়াও অসমত এক ব্যৱসায়িক পেছা হৈ উঠা নাই৷ তেওঁ নিজেই সেই বৃহৎ গ্রন্থখন প্রকাশ কৰিবলৈও আর্থিকভাৱে অক্ষম৷ গতিকে তেওঁৰ সেই বৃহৎ কর্ম প্রকাশিত গ্রন্থৰূপত নেদেখাকৈয়ে হেমচন্দ্র বৰুৱাই জীৱন সামৰিলে৷ (১৮৯৬ খ্রীঃ) তাৰ দুবছৰ পিছত অসমৰ বৰভূঁইকঁপে (১৮৯৮) গোটেই দেশ তোলপাৰ কৰোঁতে তেওঁৰ ঘৰ–সম্পত্তি ধ্বংস হ’ল৷ কিন্তু অসমীয়া জাতিৰ সৌভাগ্য যে এই ধ্বংসস্তূপৰ মাজৰ পৰাই পিছত তেওঁৰ অভিধানৰ বৃহৎ পাণ্ডুলিপিটো খান্দি উলিয়াব পৰা গ’ল৷ সেই পাণ্ডুলিপি কিছু চেষ্টাৰে হ’লেও পঢ়িব পৰা অৱস্থাতে আছে৷ প্রকাশক পালে তাক তেতিয়াও প্রকাশ কৰিব পৰা অৱস্থাতে আছে৷
১৮৮৮ চনত কলিকতীয়া অসমীয়া ছাত্র–সমাজে অসমীয়া ভাষা–সাহিত্য চর্চাৰ বাবে গঠন কৰা অ.ভা.উ.সা. সভাৰ উদ্যোগত উলিওৱা ‘জোনাকী’ (১৮৮৯) মাহেকীয়া আলোচনীত লিখিবলৈ লৈ খ্যাতি অর্জা হেমচন্দ্র গোস্বামী এই সময়ত এজন অসম চৰকাৰৰ প্রশাসনিক বিষয়া৷ তেওঁ অসমীয়া ভাষা–সাহিত্যপ্রেমী ঊর্ধ্বতন ব্রিটিছ বিষয়া পি আৰ গর্ডনক ধৰিলে ইয়াৰ প্রকাশৰ বাবে৷ অসমপ্রেমী গর্ডনে ধৰিলে তেওঁৰো ঊর্ধ্বৰ অসমপ্রেমী ব্রিটিছ প্রশাসক আৰু অসমৰ বুৰঞ্জী প্রথম আধুনিক পদ্ধতিত প্রণয়ন কৰা এডৱার্ড গেইট চাহাবক৷ এই দুই ব্রিটিছ বিষয়া আৰু অসমপ্রেমী, পুৰণি অসমীয়া গ্রন্থ আৰু পাণ্ডুলিপিৰ উদ্ধাৰকর্তা আৰু সংগ্রাহক যশস্বী কবি হেমচন্দ্র গোস্বামীৰ উদ্যোগত অসম চৰকাৰে ১৯০০ খ্রীঃত ইয়াক প্রকাশ কৰিলে ‘হেম কোষ’ নামত৷ সকলো অসমীয়াই লগে লগেই ইয়াক আদৰি ল’লে এক জাতীয় সম্পদ বুলি৷ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ এক কবিতাত ইয়াক ‘সোণৰ দেউল’ আখ্যা দিলে৷ ই হৈ উঠিল অসমীয়া ভাষাৰ একমাত্র কর্তৃত্বশীল অভিধান৷
এই কথাই অৱশ্যে ‘অৰুনোদই’ আলোচনীৰ আৰু ব্রাউন, ব্রনছনৰ অসমীয়া ভাষাৰ ক্ষেত্রত অৱদান নস্যাৎ নকৰিলে৷ অসমীয়া ভাষাক তেওঁলোকে দিয়া প্রকাশ গঢ় বা ৰূপ Form) আৰু অসমীয়া জাতিক তেওঁলোকে দিয়া উদাৰ বহল মনোভাব আৰু বিজ্ঞানমনস্ক ধ্যান–ধাৰণাৰ বাবে তেওঁলোক অসমীয়া মানুহৰ হৈ ৰ’ল চিৰ চিৰমান্যার্হ৷ ‘অৰুনোদই’ৰ ধ্বনি বৈজ্ঞানিক Phonetic) বানান হেমচন্দ্র বৰুৱাৰ নেতৃত্বত অসমীয়াই প্রত্যাখ্যান কৰোঁতেও এই প্রত্যাখ্যানৰ যুক্তিযুক্ততা মিছনাৰীসকলে তেওঁলোকৰ উদাৰ দৃষ্টিভংগীৰ সহায়ত বুজি পাইছিল৷ সেয়েহে ব্রাউনৰ পিছৰ ‘অৰুনোদই’ৰ এজন সম্পাদক উইলিয়ম ৱার্ডে William Ward) ১৮৬৯ খ্রীঃৰ জানুৱাৰী সংখ্যাৰ পৰা তেওঁলোকৰ বানান পদ্ধতিৰ ‘অৰুনোদই’ নামটিও হেমচন্দ্র বৰুৱাৰ ৰীতিত ‘অৰুণোদই’ বুলিহে ছপাবলৈ লৈছিল৷ সত্যদর্শনৰ কেনে যে এক আদৰণীয় চানেকি৷