নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামোচাক অপমান

নির্বাচনী ৰাজনীতিত প্রতিপক্ষৰ সমালোচনা, ভুল–ত্রুটি দাঙি ধৰি ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা চলোৱাটো এটা স্বাভাৱিক প্রক্রিয়া৷ অসম বিধানসভা নির্বাচনৰ প্রচাৰতো ইয়াৰ প্রতিফলন ঘটিছে৷ প্রতিটো দলে প্রতিপক্ষক আক্রমণৰ লক্ষ্য হিচাপে লৈ নিজৰ প্রাসংগিকতা তথা গ্রহণযোগ্যতা বৃদ্ধি কৰাৰ চেষ্টা চলাইছে৷ অৱশ্যে কিছু কিছু ক্ষেত্রত ৰুচিবোধ, শালীনতাৰ লক্ষ্মণৰেখাও অতিক্রম কৰা দেখা গৈছে৷ মূল বিচাৰকৰ আসনত থকা ভোটাৰে বিষয়টো লক্ষ্য নকৰাকৈ নিশ্চয় থকা নাই৷ ই ভি এমত ইয়াৰ প্রতিফলন ঘটিব পাৰে৷ কিন্তু বুধবাৰে ৰাজ্যখনৰ এটা অন্যতম শক্তিশালী তথা প্রধান ৰাজনৈতিক দলৰ এজন মুৰব্বীয়ে যিটো কাণ্ড কৰিলে, সিয়ে অসমীয়া তথা অসমবাসীক বাৰুকৈয়ে আহত কৰিলে৷ ক্ষমতা লাভৰ যুঁজখনত ৰাজনৈতিক নেতাৰ এনে দায়িত্বজ্ঞানহীন তথা এটা জাতি আৰু ভূ–খণ্ড এটাক কৰা অপমান কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ ঘটনাটো অৱলীলাক্রমে অথবা নভবাকৈয়ে ঘটি যোৱা বুলিও ক’ব নোৱাৰি৷ নির্বাচনী সভাৰ মঞ্চ এখনত সকলোৰে সন্মুখতে নেতাগৰাকীয়ে অসম–সমীয়াৰ পৰিচয় গামোচাখন দলিয়াই এই ভূ–খণ্ডত বসবাস কৰা কোটি কোটি লোকৰ আৱেগ–নুভূতি তথা চিন্তা–চেতনাত কঢ়িয়াই ফুৰা পৰিচয়ৰ পৃথিৱীখনকে আহত কৰিলে৷ এইটো অক্ষমণীয় অপৰাধ৷ নেতাগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত৷ নেতাগৰাকী আন কোনো নহয়, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ তেওঁ ধুবুৰী সমষ্টিৰ সাংসদো৷ বুধবাৰে এখন সভাত বদৰুদ্দিন আজমলে মঞ্চতে গামোচা এখন সতীর্থৰ গালৈ দলিয়াই দিছিল৷ ঘটনাটো সর্বত্র প্রচাৰ হোৱাৰ পিছত চাৰিওফালে ধিক্কাৰ–গৰিহণাৰ বাণী ধবনিত হৈছে৷ লক্ষণীয় কথাটো হ’ল, এইবাৰৰ বিধানসভা নির্বাচনৰ প্রচাৰৰ অন্যতম কেন্দ্রবিন্দু হৈ আছে নেতাগৰাকী৷ শাসক পক্ষই তেওঁক অসমৰ সভ্যতা–সংস্কৃতিৰ প্রতি ভাবুকিৰ ৰূপত দাঙি ধৰাৰ বিপৰীতে তেওঁৰ পক্ষত থকাসকলে ইয়াক নস্যাৎ কৰি আহিছে৷ অসমৰ বহু বুদ্ধিজীৱীয়ে তেওঁৰ পক্ষত অৱস্থান কৰিছে৷ এই অৱস্থাত নেতাগৰাকী দায়িত্বশীল হোৱাটো জৰুৰী আছিল৷ কিন্তু তাকে নকৰি গামোচাক অপমান কৰি অসম–সমীয়াক আহত কৰিলে৷
এ আই ইউ ডি এফ নেতাগৰাকীৰ কার্যত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ক্ষোভ উজাৰিছে৷ তেওঁ কোকৰাঝাৰত অনুষ্ঠিত নির্বাচনী সভা এখনত মৌলানা বদৰুদ্দিন আজমলৰ কাণ্ডক কঠোৰ ভাষাৰে সমালোচনা কৰি কাণ্ডটোৱে অসমক ভালপোৱা প্রতিগৰাকী ব্যক্তিক আহত আৰু ক্ষুব্ধ কৰা বুলি ব্যক্ত কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী অসমৰ সন্তান নহয়৷ কিন্তু তেওঁ অসমৰ জাতীয় জীৱনত গামোচাৰ মূল্য কি, সেইটো ভালদৰে বুজে৷ কিন্তু অসমৰ বাসিন্দা হৈও বদৰুদ্দিন আজমলে গামোচাক মূল্য দিব নিবিচৰাটো আশ্চর্যজনক৷ এইটো সঁচা যে অসমত বসবাস কৰা প্রতিগৰাকী ব্যক্তিৰ বাবে গামোচাখন অপৰিহার্য নহয়৷ নতুবা তেওঁলোকৰ কৃষ্টি–সংস্কৃতিত গামোচাৰ তেনেদৰে স্থান নাই৷ কিন্তু এই ভূ–খণ্ডৰ পৰা যেতিয়া এগৰাকী ব্যক্তি বাহিৰলৈ যায় নাইবা কোনো ব্যক্তিক সন্মান জনোৱাৰ সুবিধা পায়, তেওঁ গামোচাখনেৰে সন্মান জনাই গৌৰৱবোধ কৰে৷ কিয়নো গামোচাখনত আছে অসমৰ পৰিচয়৷ বাকী যিসকলৰ বাবে গামোচাখন কৃষ্টি–সংস্কৃতিৰ পৰিচয়, তেওঁলোকৰ বাবে গামোচাখনৰ মূল্য একোৰে জুখিব নোৱাৰি৷ গামোচাখন যেন অসমৰ প্রাণ৷ অসমীয়াৰ উশাহ৷ ৰাজনৈতিক নেতাগৰাকীয়ে এই কথাটো উপলব্ধি কৰিব পাৰিব লাগিছিল৷ যাৰ চিন্তা–চেতনাত গামোচাখনৰ মূল্য, গৌৰৱ, অহংকাৰ খোদিত হৈ থাকে, তেওঁ কোনো কাৰণতে গামোচাখনক তেনেদৰে অপমান কৰিব নোৱাৰে৷ আনকি অৱলীলাক্রমেও৷ নির্বাচন আহিব আৰু যাব৷ ক্ষমতা লাভৰ যুঁজখন চিৰস্থায়ী নহয়৷ নির্বাচন অন্ত পৰাৰ পিছত কোনো এটা দল বা মর্চাই চৰকাৰ গঠন কৰিব৷ তাতে নির্বাচনী প্রক্রিয়াটোৰ অন্ত পৰিব৷ কিন্তু এটা জাতি বা ভূ–খণ্ড এটাৰ পৰিচয় স্থায়ী৷ ইয়াৰ লগত ক্ষমতা লাভৰ যুঁজখনৰ কোনো সম্পর্ক নাই৷ নির্বাচনী যুঁজত গামোচাখন পিষ্ট হোৱাটো অসমৰ কোনেও নিবিচাৰে৷

You might also like