অসমক বচাওঁ আহক–কিন্তু কাৰ পৰা?
দেশৰ সংকটাপন্ন ৰাজ্যসমূহৰ তালিকাত জম্মু–কাশ্মীৰৰ পাছতে অসমৰ স্থান৷ এই ৰাজ্যখনে যুগ যুগ ধৰি অস্তিত্বৰ সংকটত ভুগি আহিছে৷ এতেকে অসমক বচাবলৈ দিয়া আহ্বান খুবেই প্রাসংগিক৷ কিন্তু যিটো পক্ষৰ পৰা সম্প্রতি এই আহ্বান আহিছে, সেইসকলৰ অসম বচাবলৈ আহ্বান জনোৱাৰ নৈতিক অধিকাৰ আছেনে? মুখেৰে কিবা এটা কৈ আৰু কামত তাৰ একেবাৰে ওলোটাকৈ কৰি জনসাধাৰণক আভুৱা–ভাঁৰাৰ দিন যে কাহানিবাই উকলি গৈছে, সেই কথা সংশ্লিষ্ট সকলো পক্ষই অনুভৱ কৰা উচিত৷ অতীতত আমাৰ ৰাজ্যখনৰ অস্তিত্ব বহুবাৰ বিপন্ন হ’বলৈ ওলাইছিল৷ পিছে কোনো এক দৈৱী শক্তিৰ কৃপাত প্রতিবাৰেই অসমৰ অস্তিত্ব কিবা নহয় কিবা প্রকাৰে ৰক্ষা পৰি আহিছে৷ একো একোজন প্রাতঃস্মৰণীয় পুৰুষৰ যথা সময়ত আৱির্ভাৱ নঘটা হ’লে অসম ইমান দিনে অসম হৈ নাথাকিলহেঁতেন৷ এইখিনিতে উল্লেখযোগ্য যে খ্রীষ্টিয় ত্রয়োদশ শতাব্দীৰ আৰম্ভণিতে ব্রহ্মপুত্র উপত্যকাটোক এখন বিশাল ইছলামিক সাম্রাজ্যৰ অংগীভূত কৰিবলৈ প্রথমবাৰলৈ আক্রমণ চলাইছিল নালন্দা বিশ্ববিদ্যালয় ধ্বংসস্তূপত পৰিণত কৰি কলংক অর্জন কৰা বখ্তিয়াৰ খিলিজী নামৰ সেনানায়কজনে৷ কিন্তু সেই সময়ৰ কামৰূপৰ ৰজা পৃথুৱে ইছলামিক আগ্রাসনৰ এই প্রথমটো প্রয়াস প্রতিহত কৰিবলৈ সমর্থ হৈছিল৷ তাৰ পাছতে উপত্যকাটোৰ সৌমাৰ খণ্ডলৈ আগমন ঘটিছিল টাই–আহোম জনগোষ্ঠীৰ৷ অৱশ্যে পশ্চিমৰ ইছলামীয় বিজেতাসকল আৰু টাই–আহোমসকলৰ মাজত এইটোৱেই মূলগত পার্থক্য আছিল যে আৰব্য সংস্কৃতিৰ প্রসাৰৰ বাবে সংকল্পবদ্ধ মুছলমান দিগ্বিজয়ী শক্তিসমূহৰ বিপৰীতে পূবৰ পৰা অহা বিজেতাসকলে লুইতপৰীয়া কৃষ্টি–সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি লৈছিল৷
বখ্তিয়াৰ খিলিজীৰ পৰৱর্তী কালত দিল্লীত মোগল শাসন প্রৱর্তিত হোৱাৰ পাছত অসমক মোগল সাম্রাজ্যৰ অন্তর্গত কৰিবৰ নিমিত্তে সর্বমুঠ সোতৰবাৰ আক্রমণ সংঘটিত হৈছিল৷ ইবিলাকৰ ভিতৰত একমাত্র মিৰজুমলাৰ আক্রমণকালতে আহোম ৰাজ্য সম্পূর্ণৰূপে মোগলৰ পদানত হ’ব লগা হৈছিল৷ তাৰ বছৰদিয়েক পাছতে অসম–সেনাই কিদৰে মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত প্রসিদ্ধ শৰাইঘাটৰ ৰণত মোগলৰ দাসত্ব ওফৰাই পেলাবলৈ সমর্থ হৈছিল, সেই কথা সকলোৰে জ্ঞাত৷ পিছে লাচিত বৰফুকনৰ প্রয়াণৰ প্রায় এক শতিকাৰ পাছতে মোৱামৰীয়া বিদ্রোহৰ ৰূপত আহোম ৰাজ্যত যি গৃহযুদ্ধৰ সূচনা হৈছিল, তাৰ ফলতে অসমীয়া সমাজখনৰ কামীহাড় ভাগি পৰিছিল৷ তাৰ পৰিণতিত প্রখ্যাত মোগল সেনাপতি ৰামসিংহক পৰাভূত কৰাৰ কৃতিত্বৰে গর্বিত অসমীয়া সেনাই এমুঠিমান মান দস্যুৰ হাততে নিজ মাটি–ভেটি সঁপি দি দিহিঙে–দিপাঙে পলায়ন কৰিবলগীয়া অৱস্থা এটাৰ উদ্ভৱ হৈছিল৷ এই সুযোগতে মান সৈন্যই গোটেই ব্রহ্মপুত্র উপত্যকাটোকে এখন মহাশ্মশানলৈ ৰূপান্তৰিত কৰিছিল৷ এনে সময়তে অসমে ব্রিটিছ ঔপনিৱেশিক শক্তিৰ সুৰক্ষা লাভ নকৰা হ’লে অসমীয়া জাতি তথা সমাজৰ পুনর্গঠন সম্ভৱ হৈ নুঠিলহেঁতেন৷ এই বিৱেচনাৰে ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীৰ দিনা সম্পন্ন হোৱা ইয়াণ্ডাবু সন্ধি অসম বুৰঞ্জীৰ অন্যতম প্রধান ক্রান্তিবিন্দু৷ পিছে যি ব্রিটিছ ৰাজশক্তিয়ে মান দস্যুহঁতক খেদি অসমৰ সমাজ–জীৱনলৈ শান্তি–শৃংখলা ঘূৰাই আনিছিল, ঔপনিৱেশিক শাসনকালৰ শেহৰ পিনে অসমীয়াৰ জাতীয় জীৱনলৈ বিভিন্ন দিশৰ পৰা অশনি–সংকেতৰ সূচনা কৰি থৈ গৈছিল এই ইংৰাজ শাসক–গোষ্ঠীয়েই৷ কিয়নো এই বিদেশী শাসকসকলে নিজ সুবিধাৰ প্রতি দৃষ্টি ৰাখি অসমৰ মানচিত্রখনক বিভিন্ন সময়ত ভিন ভিন ৰূপ দি লৈছিল৷ আনকি এটা সময়ত অসমক সাঙুৰি দিয়া হৈছিল পূর্ববংগৰ সৈতে৷ পৰবর্তী কালত আকৌ শ্রীহট্ট (চিলেট) নামৰ ভূখণ্ডক বৰসমৰ সৈতে জোৰাই দিছিল ইংৰাজসকলেই৷ বিদেশী শাসকবর্গৰ এনে হঠকাৰী সিদ্ধান্তসমূহৰ ফলতে ঘাইকৈ পূর্ববংগৰ পৰা অসমলৈ অন্তহীন জন–প্রব্রজনৰ সূচনা হৈছিল৷ ১৮৯০ চনমানৰ পৰা আৰম্ভ হোৱা এই প্রব্রজনেই আজি খিলঞ্জীয়া অসমীয়াসকলৰ বাবে মৃত্যুঘণ্টাৰ ৰূপ ধাৰণ কৰিছে৷
আচল কথা হ’ল, তিনি হাজাৰ বছৰীয়া ঐতিহ্যৰ ধ্বজাবাহী অসমীয়া জাতি মৰেনে বাচে, সেই কথা চিন্তা কৰাৰ প্রয়োজন ইংৰাজসকলে স্বাভাৱিকতে বোধ কৰা নাছিল৷ কিন্তু স্বাধীনতা লাভৰ পাছত স্বদেশী শাসকবর্গৰ দৃষ্টিভংগী অপৰিৱর্তিত হৈ ৰ’ব বুলি অসমৰ খিলঞ্জীয়া শিবিৰৰ লোকসকলে কল্পনাও কৰিব পৰা নাছিল৷ এই প্রসংগতে উল্লেখযোগ্য, দেশখনৰ স্বাধীনতা সংগ্রামৰ গুৰি ধৰোঁতা সংগঠন ভাৰতীয় জাতীয় কংগ্রেছৰ লগত অসমবাসী এক অলিখিত চুক্তিত আবদ্ধ হৈছিল৷ এই চুক্তি মর্মে একালৰ স্বতন্ত্র অসমীয়া জাতিয়ে স্বতন্ত্র ভাৰতৰ ৰাষ্ট্রযন্ত্রৰ পৰা জাতীয় সুৰক্ষা আৰু সমতাৰ প্রতিশ্রুতি বিচাৰিছিল৷ কিন্তু ভাৰতীয় জাতীয় কংগ্রেছে স্বাধীনতা লাভৰ পূর্বেই অসমীয়া মানুহৰ আশা–আকাংক্ষাত কুঠাৰাঘাত কৰি অসমখনক পাকিস্তানৰ হাতত সমর্পণ কৰিবলৈ ওলাইছিল৷ ইতিহাসৰ সেই সন্ধিক্ষণত অসমীয়া জাতিৰ ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হৈছিল লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু তেওঁৰ কেইগৰাকীমান নমস্য সতীর্থ৷ অসমক এটা ঐতিহাসিক সংকটৰ পৰা ৰক্ষা কৰাৰ কৃতিত্ব কিন্তু ভাৰতীয় জাতীয় কংগ্রেছে একো বিৱেচনাৰেই দাবী কৰিব নোৱাৰে৷ ইতিহাসবিদসকলে ইয়াৰ গৰাকী হিচাপে লোকপ্রিয় বৰদলৈদেৱ আৰু জননেতা ভীমবৰ দেউৰী আদিকহে চিহ্ণিত কৰিছে৷ এতেকে সংকটকালত অসম আৰু অসমীয়াক বচোৱাৰ প্রথমটো সুযোগ গ্রহণ কৰাত তদানীন্তন কংগ্রেছ দল দুখ লগা ধৰণে ব্যর্থ হৈছিল৷ একে কথাৰে পুনৰাবৃত্তি ঘটিছিল স্বাধীনতাৰ পৰা ঠিক ডেৰ দশক পাছত, যেতিয়া আমাৰ দেশখন আচম্বিতভাৱে চীনা আক্রমণৰ সন্মুখীন হৈছিল৷ সেই সময়ৰ প্রধানমন্ত্রী তথা কংগ্রেছ দলৰ অবিসম্বাদী নেতা জৱাহৰলাল নেহৰুৱে অসহায়ভাৱে চকুলো টুকি অসমখন চীনৰ হাতত তুলি দিবলৈ ওলাইছিল৷ সেইবাৰো দৈৱক্রমে অসম চীনৰ অংগীভূত হোৱাৰ পৰা ৰক্ষা পৰিছিল৷
পিছে স্বৰাজোত্তৰ কালছোৱাত আন এক দিশৰ পৰাও অসমৰ অস্তিত্বৰ প্রতি আন এক বৃহৎ ভাবুকি আহি আছে৷ এই ভাবুকিৰ মূলতো আছে কংগ্রেছ দলৰ অসম তথা অসমীয়াৰ স্বার্থবিৰোধী নীতি৷ অসমত পূর্ববংগীয় মুছলমানৰ ভোটবেংক গঢ়ি তোলাত যি তিনিজন কংগ্রেছী নেতাই আগভাগ লৈছিল, তেওঁলোক হ’ল– ফখৰুদ্দিন আলি আহমেদ, দেৱকান্ত বৰুৱা আৰু মইনুল হক চৌধুৰী৷ এই তিনিজন কংগ্রেছীৰ প্রত্যক্ষ পৃষ্ঠপোষকতাতে যথাক্রমে বৰপেটা, নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টি তিনিটাত পূর্ববংগমূলীয় মুছলমান ভোটাৰৰ প্রাধান্য স্থাপন হৈছিল৷ লক্ষণীয়ভাৱে প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ কার্যকালত পূর্ববংগীয় মুছলমানসকলক অসমলৈ ৰঙা দলিচা পাৰি আদৰি অনাৰ যি নীতি সণ্ঢালনিকৈ অনুসৰণ কৰা হৈছিল, সেই নীতি পৰৱর্তী কালৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ দিনতো অপৰিৱর্তিত হৈ ৰৈছিল৷ সুদীর্ঘ অসম আন্দোলনৰ প্রাৰম্ভিক কালছোৱাত ইন্দিৰা গান্ধীৰ আঁকোৰগোজ মনোভাবৰ বাবেই বিদেশী নাগৰিক চিনাক্তকৰণৰ প্রক্রিয়া জটিলতৰ কৰি তোলাৰ স্বার্থত আইএমডিটিৰ দৰে কুখ্যাত আইনৰ ৰূপৰেখা প্রস্তুত কৰা হৈছিল৷ ইন্দিৰা গান্ধীৰ পাছত তেওঁৰ পুত্র ৰাজীৱ গান্ধীয়েও ‘অসম চুক্তি’ৰ জৰিয়তে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত প্রৱেশ কৰা বাংলাদেশী নাগৰিকসকলক অতি কৌশলেৰে সুৰক্ষা প্রদান কৰিছিল৷ ৰাজীৱ গান্ধীৰ প্রস্থানোত্তৰ কালছোৱাত বাংলাদেশী মুছলমান অনুপ্রৱেশকাৰীসকল প্রতি কংগ্রেছ দলৰ দৃষ্টিভংগীলৈ কিবা পৰিৱর্তন আহিছে বুলি ভাবিবৰ একো থল আমি দেখা নাই৷ আগৰ কথাবোৰ বাৰু বাদেই দিলোঁ, কিন্তু ২০০১ চনৰ পৰা ২০১৬ চন পর্যন্ত প্রয়াত তৰুণ গগৈৰ মুখ্যমন্ত্রিত্বৰ ডেৰ দশকজোৰা কালছোৱাতো ৰাজ্যখনত পূর্ববংগমূলীয় মুছলমান লোকসকলৰ দুষ্কার্যসমূহ ৰোধ কৰিবলৈ একো ব্যৱস্থা লোৱা হোৱা নাছিল৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু বটদ্রৱা প্রমুখ্যে সত্রসমূহত হোৱা বেদখল উচ্ছেদ কৰিবলৈ কংগ্রেছ দলৰ চৰকাৰখন আগবাঢ়ি অহা নাছিল৷ কেৱল সেয়ে নহয়, কাজিৰঙাৰ গঁড়কেইটাক সুৰক্ষা দিয়াৰ ক্ষেত্রতো সেইখন চৰকাৰ শোচনীয়ভাৱে ব্যর্থ হৈছিল৷ ইপিনে উন্নয়নৰ দিশতো ৰাজ্যখনত এক স্থবিৰতা অহা দেখা গৈছিল৷ ব্রহ্মপুত্রৰ ওপৰত বগীবিলৰ দলংখন পোন্ধৰ বছৰতো সম্পূর্ণ হৈ উঠা নাছিল৷ গুৱাহাটী মহানগৰবাসীয়ে কৃত্রিম বানত কক্বকাই থকা অসহনীয় পৰিস্থিতিও অপৰিৱর্তিত হৈ ৰৈছিল উক্ত ডেৰ দশকৰ সময়ছোৱাত৷
অসমত কংগ্রেছ শাসনৰ আন এক কলংকপূর্ণ দিশ আছিল দুর্নীতি অথবা ভ্রষ্টাচাৰ৷ ২০১৬ চন পর্যন্ত কংগ্রেছী শাসনৰ বছৰবিলাকত ৰাজ্যজুৰি চৰকাৰী চাকৰিৰ এখন বহল বজাৰ বহিছিল৷ অত্যন্ত পৰিতাপৰ কথা এয়ে যে সেই বজাৰখনৰ কেন্দ্রবিন্দু আছিল অসম লোকসেৱা আয়োগ৷ আয়োগৰ কার্যালয় উচ্চ মর্যাদাপূর্ণ চাকৰিৰ নিলাম কেন্দ্রলৈ ৰূপান্তৰিত হৈছিল৷ আমি ইয়াৰ পূর্বেও এই শিতানতে দ্ব্যর্থহীন ভাষাৰে লিখিছিলোঁ যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষজনে এনেদৰে মূৰে ভৰি কাঢ়িব নোৱাৰিলেঁহেতেন৷
আমাৰ সমুখত আছে ৰাজ্য বিধানসভাৰ আৰু এটা সাধাৰণ নির্বাচন৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ প্রতিটো ৰাজনৈতিক দলেই প্রচাৰ অভিযান তীব্র কৰি তুলিছে৷ সম্প্রতি বিৰোধী পক্ষত অৱস্থান কৰা কংগ্রেছ দলে ব্যৱহাৰ কৰা এখন প্রচাৰপত্রত আহ্বান জনাইছে– ‘অসম বচাওঁ আহক’৷ এই ধ্বনি আমাৰ বাবে ভূতৰ মুখত ৰাম নাম শুনাৰ দৰে লাগিছে৷ যিটো দলে চিৰকাল অসম তথা খিলঞ্জীয়াসকলৰ স্বার্থ বিঘ্ণিত কৰাটোকে নিজৰ মৌলিক নীতি হিচাপে অনুসৰণ কৰি আহিছে, এতিয়া নির্বাচন কাষ চাপিলত সেইটো দলেই কয়– অসম বচাওঁ আহক কংগ্রেছৰ এই মুকলি আহ্বান দেখি আমাৰ মনত স্বাভাৱিকতে অনেক প্রশ্ণৰ উদয় হৈছে৷ দলটোৰ কর্মকর্তাসকলে কিহৰ পৰা ৰাজ্যখনক বচোৱাৰ কথা কৈছে, সেইটো স্পষ্ট কৰি দিলে ভাল হয়৷ গঁড় হত্যা ৰোধ কৰিবলৈ অপাৰগ, লোকসেৱা আয়োগক দুর্নীতিমুক্ত কৰিবলৈ অসমর্থ হোৱা দলটোৰ কর্মকর্তাসকলে অসমখন কিদৰে বচোৱাৰ কথা ভাবিছে, তাৰ কিছু আভাস দিলে আমি সুখী হ’লোঁহেঁতেন৷