নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আংকলজী, মেৰা পাপাকো ছ’ৰ দিজিয়ে’

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বিগত দুমাহে আছে আলফা (স্বাধীন)ৰ জিম্মাত৷ মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা দুয়োকে মোকলাই দিবলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল–সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে সশস্ত্র সংগঠনটোক আহ্বান জনাইছে৷ ইয়াৰ মাজতে অপহূত বিহাৰৰ বাসিন্দা ৰাম কুমাৰৰ পাঁচ বছৰীয়া কণমানি পুত্রই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্রতি জনোৱা কাতৰ আহ্বানে হূদয়ৱান প্রতিজন ব্যক্তিৰে মন–মগজু জোকাৰি গৈছে৷ হাতযোৰ কৰি হিন্দী ভাষাতে পাঁচ বছৰীয়া আদিত্যৰ আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্রতি আহ্বান– ‘আংকলজী, মেৰা পাপাকো ছ’ৰ দিজিয়ে৷ মেৰা টবিয়ত খাৰাপ হ্যেই৷ মেৰা উনকা ছিবা কই নেহী হ্যেই৷ প্লীজ মেৰা পাপাকো ছ’ৰ দিজিয়ে৷’ পিতৃৰ মুক্তিৰ অপেক্ষাত ক্ষণ গণি থকা পাঁচ বছৰীয়া আদিত্য দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্রান্ত৷ পাটনাৰ এইমছত তেওঁৰ চিকিৎসা চলিছিল৷ পুত্রৰ চিকিৎসাৰ বাবে ১০ লাখ টকাৰ ঋণ লৈছিল পিতৃ ৰাম কুমাৰে৷ কিন্তু আলফাই অপহৰণ কৰি নিয়াৰ পাছত কণমানিটোৰ চিকিৎসাৰ ক্ষেত্রতো সমস্যাত ভুগিছে দুর্ভগীয়া পৰিয়ালটোৱে৷ এতিয়া সমগ্র বিষয়টো মানৱীয় দৃষ্টিকোণৰ পৰা চাই আলফা (স্বাধীন) তথা সশস্ত্র সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কি সিদ্ধান্ত গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like