নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসেৱাত উৎসর্গিত ৰাজ্য চৰকাৰৰ চাৰিটা বছৰ

হৃষীকেশ গোস্বামী

চৰকাৰ এখনৰ সফলতাৰ সৈতে জনগণৰ আস্থা–বিশ্বাস আৰু উন্নয়নৰ দিশসমূহ জড়িত হৈ থাকে৷ ৰাজহুৱা জীৱনত সফলতাৰ মাপকাঠী নির্ণয়ত বিকাশ, উত্তৰণ আৰু জনসেৱাই শক্তিশালী ভূমিকা গ্রহণ কৰে৷ তেনে দৃষ্টিভংগীৰে কৰা মূল্যাংকনত চাৰি বছৰৰ কার্যকাল এখন চৰকাৰৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ অসমৰ দৰে বিভিন্ন ভাষা–ভাষী, ধর্মাৱলম্বী লোকৰ আৱাসস্থলী, বৈচিত্র্যময় ৰাজ্য এখনৰ সকলো শ্রেণীৰ জনসাধাৰণক সমভাৱে আগুৱাই নিয়াটো যথেষ্ট জটিল বিষয়৷ কিয়নো জনগোষ্ঠীয় চিন্তা–চর্চাৰে প্রতিফলিত বিকাশৰ পর্যায় এটি গঢ়ি তুলিব পৰাকৈ উপযুক্ত পৰিকল্পনা আৰু কার্যপন্থাৰ অতিশয় প্রয়োজন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শেৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মূলমন্ত্রৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে উন্নয়নৰ নৱধাৰাৰ সূচনা কৰি প্রতিটো জাতি–জনগোষ্ঠীৰ মাজৰ মানসিক ব্যৱধান হ্রাস কৰিবলৈ সমর্থ হোৱাটোৱে এই চৰকাৰখনৰ বাবে চাৰি বছৰীয়া কার্যকালৰ বৃহৎ সফলতা৷ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল– ধাৰাবাহিক উন্নয়নেই হৈছে জীৱনৰ চালিকাশক্তি৷ ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰে ধাৰাবাহিক উন্নয়নৰ প্রক্রিয়া এটি গঢ়ি তুলি দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপসমূহে অসমলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘আত্মনির্ভৰ ভাৰতবর্ষ’ গঢ়ি তোলাৰ লক্ষ্যৰে পদক্ষেপ গ্রহণ কৰিছে৷ সেই দৃষ্টিভংগীৰে বর্তমানৰ ৰাজ্য চৰকাৰে অসমৰ সম্পদ আৰু সম্ভাৱনাক বিকশাই তোলাৰ বাবে সর্বাত্মক প্রয়াস চলাইছে৷ এয়া চৰকাৰখনৰ ইতিবাচক চিন্তাৰ মুক্ত প্রকাশ৷ আমাৰ অর্থনীতি, বিশেষকৈ যুৱপ্রজন্মৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰাজিয়ে জনসাধাৰণৰ মনত আত্মপ্রত্যয়ৰ ভাবনা প্রগাঢ় কৰিছে৷
সম্প্রতি সমগ্র বিশ্ববাসীয়ে এক জটিল সন্ধিক্ষণৰ মাজেৰে অতিক্রম কৰিবলগীয়া হৈছে৷ ক’ভিড–১৯ সৃষ্ট সংকটে মানৱ সভ্যতাৰ সন্মুখত প্রত্যাহ্বান নমাই আনিছে৷ আজি সমগ্র বিশ্বই একত্রিতভাৱে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিছে৷ ক’ভিড–১৯ সৃষ্ট এই যুঁজখনত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্মুখৰ পৰা নেতৃত্ব দি জনসাধাৰণৰ মনোবল বৃদ্ধি কৰিছে৷ মন্ত্রী, সাংসদ, বিধায়ককে ধৰি অন্যান্য জনপ্রতিনিধিসকলেও এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷
সংবাদ মাধ্যম হৈছে জনগণৰ বিবেক৷ এখন সমাজৰ আর্থ–সামাজিক উন্নয়নৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ অৰিহণা যোগাই আহিছে৷ জনসচেতনতা সৃষ্টি আৰু চৰকাৰ এখনক সঠিক পথেৰে আগুৱাই নিয়াৰ ক্ষেত্রত সাংবাদিকসকলে পথ প্রদর্শকৰ ভূমিকা গ্রহণ কৰি আহিছে৷ গণতন্ত্রৰ এই চতুর্থ স্তম্ভই কিমান শক্তিশালী ভূমিকা গ্রহণ কৰিব পাৰে, সেই কথা ক’ভিড–১৯ সৃষ্ট সংকটৰ সময়ত সাংবাদিকসকলে দেখুৱাই দিছে৷ জনসচেতনতা আৰু সজাগতা সৃষ্টিৰ ক্ষেত্রত সংবাদ মাধ্যমে আগবঢ়োৱা জনসেৱাৰ প্রতি লক্ষ্য ৰাখি সন্মুখৰ পৰা যুঁজ দিয়া এগৰাকী ক’ভিড যোদ্ধা হিচাপে ৰাজ্য চৰকাৰে সাংবাদিকসকলকো ৫০ লাখ টকাৰ জীৱন বীমাৰে সামৰি লোৱাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ বর্তমানৰ চৰকাৰখনে পোনপ্রথমবাৰৰ বাবে গণৰাজ্য দিৱসত সাংবাদিকতা বঁটা প্রৱর্তন কৰিছে৷ এইপর্যন্ত ৰাজ্যৰ ৪গৰাকী বিশিষ্ট সাংবাদিকক এই বঁটা প্রদান কৰা হৈছে৷ চৰকাৰখনে সাংবাদিকসকলৰ কল্যাণৰ বাবে গ্রহণ কৰা অন্যান্য কেতবোৰ আঁচনিৰ ভিতৰত উল্লেখযোগ্য হৈছে– এইপর্যন্ত ৩৬গৰাকী সাংবাদিকলৈ ৫০ হাজাৰ টকাকৈ মিডিয়া ফেল’শ্বিপ প্রদান, গ্রামাঞ্চল আৰু মফচলীয় এলেকাৰ ৭২গৰাকী সাংবাদিকক বহিঃৰাজ্যলৈ শুভেচ্ছামূলক ভ্রমণৰ সুবিধা প্রদান, ৬০গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ মাহে ৮ হাজাৰ টকাকৈ সাংবাদিক পেন্সন প্রদান, সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত ২৬৬গৰাকী হিতাধিকাৰীলৈ ১.১০ কোটিৰো অধিক টকাৰ চিকিৎসা সাহায্য প্রদান, ৩২গৰাকী প্রয়াত সাংবাদিকৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান, সাংবাদিক পৰিয়াল কল্যাণ আঁচনিৰ বাবে ১.২১ কোটি টকাৰ কর্পাছ পুঁজি গঠন ইত্যাদি৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নীতিৰ আধাৰত ৰাজ্যখন উন্নয়নী যাত্রাত অগ্রসৰ হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ ফলত বিকাশৰ নতুন যাত্রাপথৰ সূচনা হৈছে৷ অসম ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি ইয়াৰ সদস্য আৰু বক্রপথেৰে চৰকাৰী চাকৰি লাভ কৰা ১৫০গৰাকীতকৈও অধিক বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰা হৈছে৷ সমাজ কল্যাণ বিভাগত ৭ লাখ ভুৱা হিতাধিকাৰী, এম জি এনৰেগাত ৪ লাখ জব কার্ড আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগত ৩৬ হাজাৰ ভুৱা ৰেচন কার্ড চিনাক্ত কৰি জব্দ কৰাৰ লেখীয়া পদক্ষেপসমূহে চৰকাৰখনৰ ভাবমূর্তি উজ্জ্বল কৰি তুলিছে৷ কাজিৰঙাৰ অবৈধ বেদখল উচ্ছেদ, বন সুৰক্ষা বাহিনীৰ আধুনিকীকৰণ, চোৰাং চিকাৰীৰ বিৰুদ্ধে ফাষ্ট ট্রেক ক’ট গঠন কৰাৰ লেখীয়া পদক্ষেপৰ ফলত ৰাজ্যত গঁড়হত্যা উল্লেখনীয়ভাৱে হ্রাস পাইছে৷ বানপানীৰ সময়ত কাজিৰঙাত বন্যপ্রাণীৰ আশ্রয়ৰ বাবে ওখ ভেটি নির্মাণ আৰু পশুখাদ্য যোগানৰ দৰে পদক্ষেপে প্রমাণ কৰিছে চৰকাৰখনৰ প্রকৃতি সংৰক্ষণৰ প্রতি থকা দায়বদ্ধতা৷ ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ বাবে ১০ কোটি গছপুলি ৰোপণৰ কার্যসূচী গ্রহণ কৰি নিৰৱিচ্ছিন্নভাৱে ইয়াক চলাই আছে৷ ৰাজ্যৰ বনাঞ্চলৰ পৰিমাণ ২২২ বর্গকিলোমিটাৰ বৃদ্ধি হৈছে বুলি শেহতীয়াকৈ ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়াৰ তথ্যত প্রকাশ পাইছে৷
পোনপ্রথমবাৰৰ বাবে বর্তমানৰ চৰকাৰখনে থলুৱাক ভূমিৰ অধিকাৰ প্রদানৰ উপৰি থলুৱা ভাষা–সংস্কৃতিৰ প্রচাৰ, প্রসাৰ আৰু সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ভূমি নীতি প্রস্তুত কৰি ইতিমধ্যে বহুসংখ্যক থলুৱা পৰিয়ালক মাটিৰ পট্টা প্রদান কৰিছে৷ ‘ভাষা গৌৰৱ’ আঁচনিৰ জৰিয়তে জনগোষ্ঠীয় সাহিত্য সভাসমূহলৈ এককালীন আর্থিক সাহায্য প্রদান, মৰাণ, মটক আৰু কোচ ৰাজবংশীৰ বাবে স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰাৰ জৰিয়তে চৰকাৰখনৰ থলুৱা জনসাধাৰণৰ প্রতি থকা সদিচ্ছাকে প্রতীয়মাণ কৰিছে৷ এখন ৰাজ্যৰ উন্নয়ন নির্ভৰ কৰে ৰাজ্যখনত বিৰাজ কৰা শান্তিপূর্ণ পৰিৱেশৰ ওপৰত৷ চৰকাৰখনে অর্থনৈতিক উন্নয়নৰ লগতে শান্তি প্রতিষ্ঠাৰ বাবেও নিৰলস প্রয়াস চলাই আহিছে৷ বিভিন্ন উগ্রপন্থী সংগঠনে চৰকাৰখনৰ ওচৰত অস্ত্র সম্বৰণ কৰি শান্তিৰ বাতাৱৰণ প্রতিষ্ঠাৰ ক্ষেত্রত সহযোগিতাৰ হাত প্রশস্ত কৰিছে৷ বড়ো চুক্তি স্বাক্ষৰে ৰাজ্যখনৰ বৃহৎ জনগোষ্ঠীটোৰ আশা–আকাংক্ষা ৰূপায়ণত ইতিবাচক প্রভাৱ পেলাইছে৷
গ্রাম্য অর্থনীতি টনকিয়াল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা গ্রহণ কৰি ট্রেক্টৰ বিতৰণ কৰাৰ ফলত ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশত নতুন মাত্রা সংযোজন হৈছে৷ আজি অসমত উৎপাদিত সামগ্রীয়ে আন্তঃৰাষ্ট্রীয় বজাৰ দখল কৰিবলৈ সমর্থ হৈছে৷ ২০১৫–১৬ বর্ষৰ ৮০.০২ লাখ মেট্রিকটন ধান উৎপাদনৰ বিপৰীতে ২০১৮–১৯ বর্ষত এই উৎপাদন ৮৯.২৯ লাখ মেট্রিকটন হৈছে৷
কৃষিখণ্ডত যান্ত্রিকীকৰণৰ ব্যৱস্থা গ্রহণ কৰি ১৪,৬৫২খন পাৱাৰ টিলাৰ, ১৭৪খন ৰ’টাৰী টিলাৰ, ৩১৩টা ধান বনা কল আৰু ৭,৫৭৬ অগভীৰ নলীনাদ কৃষকৰ মাজত বিতৰণ কৰা হৈছে৷ মুখ্যমন্ত্রীৰ কৃষি সা–সঁজুলি আঁচনিৰ অধীনত কৃষিকর্মৰ বাবে প্রয়োজনীয় সা–সঁজুলি ক্রয় কৰিবলৈ ২০১৯–২০ বর্ষত ৬ লাখ কৃষকক ৫ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হৈছে৷ সেইদৰে কেচিচি ঋণৰ জৰিয়তে ৰাজ্যৰ ১.১২ লাখ কৃষক উপকৃত হৈছে৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত ২৭ লাখ কৃষকে তিনিটা কিস্তিত ১,৬০৯ কোটি টকা লাভ কৰিছে৷
আজি ৰাজ্যখনত বিনিয়োগৰ ক্ষেত্রত এক নতুন বাতাৱৰণৰ সূচনা হৈছে৷ ২০১৮ বর্ষত বিশ্ব বিনিয়োগ সন্মিলন আয়োজনৰ ফলত ৰাজ্যখনত প্রায় ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাট মুকলি হয়৷ উদ্যোগ খণ্ডত বিনিয়োগৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে ‘ইজ অৱ ডুয়িং বিজনেছ’ নীতি গ্রহণ কৰিছে৷ উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্রত কৰ ৰেহাইকে ধৰি পর্যটন, তথ্য–প্রযুক্তি, বায়’টেক, ষ্টার্ট আপ, চেনি, সৌৰশক্তি আদি বিভিন্ন খণ্ডত নতুন নীতি গ্রহণ কৰিছে৷ তদুপৰি ঔদ্যোগিক আৰু বিনিয়োগ নীতি–২০১৯ ঘোষণা কৰা হৈছে৷ এক্ট ইষ্ট পলিচীৰ অধীনত বাংলাদেশ আৰু ম্যানমাৰলৈ সম্পর্ক যাত্রাৰ কার্যসূচী লোৱা হৈছে৷ বৰঝাৰ বিমানবন্দৰত প্রায় ১,৫০০ কোটি টকা ব্যয়েৰে নতুন টার্মিনেল নির্মাণৰ কাম চলি আছে তথা কার্গো সেৱা আৰু কাষ্টমাৰ ক্লিয়াৰেঞ্চ চেণ্টাৰ কার্যক্ষম কৰি তোলা হৈছে৷ ভাৰত–ম্যানমাৰ–থাই ট্রাইলেটাৰেল হাইৱে’ আৰু গুৱাহাটীৰ পৰা আন্তঃৰাষ্ট্রীয় বিমান সেৱাৰ সম্প্রসাৰণে ৰাজ্যখনৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিছে৷
ৰাজ্যৰ কলা–সংস্কৃতিৰ জগতখনক বিশ্ব দৰবাৰত তুলি ধৰাৰ বাবেও চৰকাৰে বহু পদক্ষেপ গ্রহণ কৰিছে৷ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰাৰ লগতে অসম চলচ্চিত্র নীতি প্রণয়ন কৰা হৈছে৷ ভ্রাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী আৰু কলা–কুশলীসকললৈ চৰকাৰে ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদানৰ পদক্ষেপ লৈছে৷ ক্রীড়া ক্ষেত্রখনত আন্তঃৰাষ্ট্রীয় পর্যায়ত তুলি ধৰাৰ বাবে গুৱাহাটীত কেইবাখনো ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যৰ ৫০০খন খেলপথাৰৰ আধুনিকীকৰণৰ কাম চলি আছে৷ সমাজৰ বয়োজ্যেষ্ঠ, বিধৱা, দিব্যাংগকে ধৰি আর্থ–সামাজিকভাৱে প্রতিটো শ্রেণীৰ লোকেই যাতে মর্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তেনে পৰিৱেশ গঢ়ি তুলিবলৈ চৰকাৰখনে পদক্ষেপ লৈছে৷ ৰাজ্যৰ ৬০ বর্ষৰ ঊর্ধ্বৰ সকলো ব্যক্তিক সামৰি শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনি ৰূপায়ণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে ১১.১০ লাখ হিতাধিকাৰী উপকৃত হৈছে৷ ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিয়ে প্রায় ১.৪৩ লাখগৰাকী হিতাধিকাৰীক উপকৃত কৰিছে৷ দীনদয়াল উপাধ্যায় দিব্যাংগ সাহায্য আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১.৩১ লাখগৰাকী দিব্যাংগ ব্যক্তিক প্রতিমাহে এহেজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছে৷ সেইদৰে অটল অমৃত অভিযানে ৮১ হাজাৰগৰাকীৰো অধিক ব্যক্তিক বিনামূলীয়া চিকিৎসাৰ সুবিধা প্রদান কৰিছে৷ মুখ্যমন্ত্রীৰ বিনামূলীয়া ৰোগ নির্ণয় আঁচনিয়ে ৩৩ লাখৰো অধিক ব্যক্তিক বিনামূলীয়া ৰোগ পৰীক্ষাৰ সুবিধা দিছে৷ প্রধানমন্ত্রী জন–ধন যোজনাই ইয়াৰ অধীনত ১.৩৫ কোটি হিতাধিকাৰীৰ বেংক একাউণ্ট মুকলি কৰাত সহায় কৰিছে৷ স্বনিয়োজনৰ বাবে প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত প্রায় ১০ লাখ যুৱকক আর্থিক সাহায্য প্রদান কৰা হৈছে৷ কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে ৰাজ্যৰ প্রায় ১.৭৫ লাখ আত্মসহায়ক গোটলৈ ২৭২ কোটি টকাৰ আর্থিক সাহায্য আগবঢ়াইছে৷
ৰাজ্য চৰকাৰে অসমৰ বনজ সম্পদক প্রকৃত মূল্য দিব বিচাৰিছে, যাতে ৰাজ্যখনে অর্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব পাৰে৷ বাঁহ আৰু বেত নীতি গ্রহণ, সাঁচিগছক বনজ সম্পদৰ পৰিৱর্তে কৃষিজাত সামগ্রীৰূপে স্বীকৃতি দিয়া কার্যই ৰাজ্যৰ কৃষকসকলক উৎসাহিত কৰিছে৷ শিক্ষাখণ্ডক আগুৱাই নিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ ফলত আজি ৰাজ্যৰ শিক্ষা জগতত আমূল পৰিৱর্তন সম্ভৱ হৈ উঠিছে৷ নৱমৰ পৰা দ্বাদশ শ্রেণীত অধ্যয়নৰত ৬১.৬৮ লাখ ছাত্র–ছাত্রীৰ মাজত ৩.৩১ কোটিখন বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হৈছে৷ অর্থনৈতিকভাৱে পিছপৰা সমাজৰ ৮.৩৮ লাখগৰাকী ছাত্র–ছাত্রীৰ নামভর্তি আৰু শিক্ষাদানৰ মাচুল ৰেহাই দিয়া হৈছে৷ যোৱা ৪ বছৰত বহু নতুন শিক্ষানুষ্ঠান স্থাপন কৰা হৈছে৷
অসমৰ অর্থনৈতিক উত্তৰণৰ ক্ষেত্রত চাহ উদ্যোগৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ৷ চাহ জনগোষ্ঠীক বিত্তীয় ব্যৱস্থাৰে সামৰি লোৱাৰ ফলত প্রথমবাৰৰ বাবে চাহ শ্রমিকে বেংকৰ জৰিয়তে মজুৰি লাভ কৰিবলৈ সক্ষম হয়৷ বেংকৰ জৰিয়তে বিত্তীয় লেনদেন কৰা ৭ লাখৰো অধিক চাহ বাগিচাৰ শ্রমিকক ধন পুৰস্কাৰ আঁচনিৰ অধীনত দুটা পর্যায়ত ৫ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছে৷ অসম চাহ নিগম পৰিসীমিতৰ অধীনত শ্রমিকসকলৰ মজুৰি বৃদ্ধি, ৫৫৭খন চাহ বাগিচাত ৫৩৯ কোটি টকা ব্যয়েৰে ৮৮২ কিলোমিটাৰ পথ পেভার্ছ ব্লকেৰে নির্মাণ, চাইমন সিং হ’ৰ’ বিশেষ জলপানি আঁচনি, স্বনিয়োজনৰ বাবে চাহ জনগোষ্ঠীৰ ১০ হাজাৰ যুৱক–যুৱতীক শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত ব্যৱসায়–বাণিজ্য কৰাৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন আর্থিক সাহায্য প্রদানৰ লেখীয়া আঁচনিসমূহে চৰকাৰৰ জনমুখী দৃষ্টিভংগীকে প্রতিফলিত কৰিছে৷
বর্তমানৰ ৰাজ্য চৰকাৰখনে শেহতীয়াভাৱে ক’ৰোনা, বানপানী–গৰাখহনীয়্, ধুমুহা আৰু আফ্রিকান ছোৱাইন ফিভাৰৰ বিৰুদ্ধে জনসাধাৰণৰ সহযোগত যুঁজ দি আহিছে৷ বর্তমান ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে সমান্তৰালভাৱে অর্থনৈতিক গতি ত্বৰান্বিত কৰাৰ বাবেও ক্ষিপ্রতাৰে পদক্ষেপ লৈছে৷ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া সুভাষ চন্দ্র দাসৰ নেতৃত্বত অর্থনীতি বিষয়ক পৰামর্শদাতা সমিতি গঠন কৰা আৰু এই সমিতিৰ প্রতিবেদন লাভ কৰাৰ পিছতে ইয়াক ৰূপায়ণৰ বাবে তিনিজনীয়া মন্ত্রী গোট গঠন কৰা, ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ কার্ড নথকা প্রতিগৰাকী হিতাধিকাৰীক এহেজাৰ টকাকৈ এককালীন সাহায্য প্রদান, প্রধানমন্ত্রী গৰিব কল্যাণ আঁচনিৰ অধীনত এন এফ এছ এ কার্ড থকা ৰাজ্যৰ প্রতিগৰাকী হিতাধিকাৰীক ৫ কেজিকৈ চাউল প্রদান, কার্ড নথকাসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কেজিকৈ চাউল যোগান ধৰা, বহিঃৰাজ্যত কর্মৰত ৰাজ্যৰ ৫ লাখ শ্রমিকৰ প্রতিগৰাকীকে এপ্রিল, মে’ আৰু জুন মাহৰ বাবে ২ হাজাৰ টকাকৈ প্রদানৰ ব্যৱস্থা, বিদেশত আবদ্ধ হৈ থকা অসমৰ লোকসকলক লকডাউনৰ সময়ছোৱাত ২ হাজাৰ মার্কিন ডলাৰকৈ প্রদান, চিকিৎসাৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদানৰ লগতে সংশ্লিষ্ট ৰাজ্যকেইখনত থকা অসম ভৱনসমূহৰ জৰিয়তে থকা–খোৱাৰ ক্ষেত্রত যাৱতীয় সহযোগিতা, বিভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰা শিক্ষার্থীসকলক বিশেষ বাছেৰে অসমলৈ লৈ অহা ইত্যাদি পদক্ষেপে চৰকাৰখনৰ ৰাইজৰ প্রতি থকা গভীৰ দায়বদ্ধতাকে সূচাইছে৷
ৰাজ্যখনৰ অর্থনৈতিক প্রত্যাহ্বান মোকাবিলা কৰা আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ২০ লাখ কোটি টকাৰ অর্থনৈতিক পেকেজৰ দ্বাৰা উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকল, সংবাদ মাধ্যমৰ সম্পাদকসকল, বিভিন্ন ব্যৱসায়িক সংগঠন, বেংকৰ প্রতিনিধি আদিৰ লগত আলোচনাৰ দৰে পদক্ষেপে ৰাজ্যৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্রত এক নতুন দিশ প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলি মই ভাবোঁ৷
ৰাইজৰ আস্থা আৰু বিশ্বাসক মূলধন হিচাপে লৈ চৰকাৰখনে প্রথম দিনৰে পৰা বিগত চাৰিটা বছৰে নীতি–আঁচনি আদি গ্রহণ কৰি আহিছে৷ ক’ভিড–১৯ৰ এই জটিল সময়তো সকলো ক্ষেত্রতে ৰাইজক আস্থাত লৈ চৰকাৰখনে ৰাইজৰ সহযোগেৰে মাৰবান্ধি যুঁজ দিছে৷ আগন্তুক সময়তো ৰাইজৰ চৰকাৰ হিচাপে চৰকাৰখনে এই জটিল সময়ত অসমখনক আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব বুলি মোৰ দৃঢ় বিশ্বাস৷

You might also like