জৱাহৰলাল নেহৰুৰ প্রধানমন্ত্রিত্বৰ কালতে ব্রিটিছৰ দিনৰ অসমৰ সীমাৰ পৰা চাৰিওফালৰ, বিশেষকৈ পাহাৰী জিলাকেইখনৰ ভিতৰৰ নগাপাহাৰ জিলাক ১৯৬৩ চনৰ ১ ডিচেম্বৰ তাৰিখে স্বীকৃতি দিয়া হ’ল৷ সেই সময়ত এনেভাৱে স্বীকৃত জিলাখনৰ যিটো সীমা আছিল, সেই সীমাই অসম আৰু নাগালেণ্ডক সীমা হিচাপে গ্রহণ কৰা হৈছিল৷ কিন্তু নাগালেণ্ডে তাতে সন্তুষ্ট নহৈ অধিক অঞ্চল অন্তর্ভুক্ত কৰিবৰ বাবে কৰা দাবীক হিংস্র ৰূপ লোৱাত বাধা দিবৰ বাবে পৰৱর্তী কালত অসমৰ মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাৰ দিনত নাগালেণ্ডক সন্তুষ্ট কৰিবলৈ প্রাচীন অসমৰ বুকুৰ কছাৰী ৰজাৰ ৰাজধানী ডিমাপুৰক নাগালেণ্ডৰ হাতত তুলি দি অসমৰ এটা ডাঙৰ ক্ষতি কৰা হ’ল৷
১৯৬২ খ্রীষ্টাব্দত চীনে আক্রমণ কৰি তেজপুৰৰ সীমা পোৱাৰ পিছত ঘূৰি নোযোৱা হ’লে পিছত অৰুণাচল নামেৰে চিহ্ণিত তেতিয়াৰ উত্তৰ–পূব সীমান্ত অঞ্চল চীনৰ হাতলৈ গ’লহেঁতেন৷ পিছত সেই উত্তৰ–পূব সীমান্ত অঞ্চলো অসমৰ সীমাৰ ভিতৰৰ পৰা আঁতৰাই অৰুণাচল নামেৰে ১৯৮৭ খ্রীষ্টাব্দত পৃথক ৰাজ্য কৰা হ’ল৷ ইয়াৰ পিছত পূর্বৰ লুচাই পাহাৰক মিজোৰাম আৰু পূর্বৰ খাচী–জয়ন্তীয়া পাহাৰ জিলাক মেঘালয় নামেৰে নামকৰণ কৰি পৃথক ৰাজ্য কৰা হ’ল৷ মণিপুৰো এসময়ত অসমৰ ৰাজনৈতিক প্রতিনিধিৰ যোগেদি শাসিত হৈছিল যদিও সেই ৰাজ্য ১৯৭২ খ্রীষ্টাব্দতে পৃথক ৰাজ্যস্বৰূপে চিহ্ণিত হ’ল৷
অসমৰ বুকুত থকা পূর্বৰ মিকিৰ পাহাৰ কার্বি আংলং জিলা হিচাপে থাকিল কিন্তু গোলাঘাট মহকুমাৰ সমতলৰ এটা অঞ্চল আৰু নগাঁও জিলাৰো এটা অংশ কার্বি আংলং জিলাৰ অন্তর্ভুক্ত কৰি জিলাখনৰ মাটিকালি বৃদ্ধি কৰা হ’ল৷ কার্বি আংলং জিলাৰ এটা গোটে এই জিলাখনৰ ভাৰতৰ সংবিধানৰ ২৪৪সংখ্যক দফাৰ ওপৰত ভৰ দি ‘ৰাজ্যৰ ভিতৰৰ ৰাজ্য’স্বৰূপে স্বীকৃতি বিচাৰি আছে৷ অৱশ্যে কার্বি আংলঙে অসমৰ পৰা সম্পূর্ণ বিচ্ছেদ বিচৰা নাই৷ বাকী জিলাসমূহ নতুন ৰাজ্যলৈ পৰিৱর্তিত হোৱাৰ পিছতো লাহে লাহে দেখা গ’ল যে প্রায় প্রত্যেকখন ৰাজ্য অসমৰ সীমামূৰীয়া অঞ্চল দখলৰ আইনবিৰোধী যত্ন কৰি আহিছে৷ ইয়াৰ ভিতৰত নাগালেণ্ডেই প্রথমে পুৰণি শিৱসাগৰ জিলাৰ সমগ্র দক্ষিণ সীমাৰ সম্ভৱতঃ এতিয়ালৈকে বোধকৰোঁ দুই লাখ হেক্টৰ মাটি বে–আইনীভাৱে গ্রাস কৰিছে৷ আনকি এনেভাৱে গ্রাস কৰা মাটিত নতুন মহকুমা গঢ়ি তোলাৰ উপৰি স্কুলঘৰ, গির্জা, চৰকাৰী অফিচ আদি স্থাপন কৰি গ্রাস কৰি লৈছে৷ আনকি মেৰাপানী, মৰিয়নি, গেলেকী আদি অঞ্চলো গ্রাস কৰাৰ বাবে আনকি হিংসাত্মক যত্নও কৰি আহিছে৷ এই অঞ্চলবোৰৰ অসমৰ জনসাধাৰণৰ খেতিপথাৰৰ ফচল কাটি নিয়া, গৰু–গাই কাঢ়ি নিয়া, বিভিন্ন সময়ত আক্রমণ কৰা আদি ঘটনা ঘটি আহিছে৷ যদিও নাগালেণ্ডে আৰু অসমৰ এই অঞ্চলবোৰ গ্রাস কৰি বিবদমান কৰি তোলাৰ বাবে কৰা যত্নক বাধা দিবলৈ কেন্দ্রীয় আৰক্ষী বাহিনীও সীমাত ৰখা হৈছে, ৰহস্যজনক কাৰণত এনে আৰক্ষীয়েও নাগালেণ্ডৰ পক্ষ লোৱা বুলি অভিযোগ উঠাৰ কথা শুনা যায়৷ আনহাতে মেঘালয়েও যোৰাবাটৰ এটা সমতল অঞ্চল দখল কৰাতে সীমাবদ্ধ নহৈ আনকি অসমৰ সীমাৰ ভিতৰত কইনাধৰা পাহাৰত থকা চৰকাৰী অতিথিশালাকে ধৰি এটা অঞ্চল দাবী কৰিছিল৷
শেহতীয়াকৈ মিজোৰাম চৰকাৰৰ নির্দেশত মিজোৰামৰ আৰক্ষী বাহিনী সমন্বিতে নাগৰিকেও অস্ত্র–শস্ত্র লৈ যোৱা ২৬ জুলাই তাৰিখে অনাহুতভাৱে আৰু অপ্রৰোচিতভাৱে বন্দুক–বাৰুদেৰে আক্রমণ কৰি সীমান্তত থকা অসম আৰক্ষীসহ অসমৰ সাধাৰণ নাগৰিকক কৰা হিংসাত্মক আক্রমণৰ ফলত এক যুদ্ধসদৃশ অৱস্থাৰ সৃষ্টি কৰিলে আৰু এজন নাগৰিকসহ ছজন জোৱানক ৰাইফল আৰু লাইট মেচিনগানেৰে গুলীয়াই হত্যা কৰাৰ উপৰি শতাধিক আৰক্ষীক ঘুণীয়া কৰে৷ এয়া মোগলৰ আক্রমণ নহয়, মিজোৰামৰ আক্রমণ৷ সমকালীন অসমৰ ইতিহাসত এই ঘটনাই এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ আনকি মেঘালয়েও দিছপুৰ সমষ্টিত বিদ্যুতৰ খুঁটা পুতি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ যত্নও উল্লেখযোগ্য৷ অৰুণাচলৰ পক্ষৰ পৰাও অসমৰ সীমামূৰীয়া অঞ্চল গ্রাস কৰাৰ প্রয়াস চলি আছে৷
এনে অৱস্থাত মিজোৰামৰ ঘটনাই আন কিছু ইংগিতো বহন কৰিছে৷ এই সীমা বিবাদৰ সম্পর্কে ভাৰতবর্ষৰ গৃহমন্ত্রীৰ লগত অসমকে ধৰি আটাইকেউখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ আলোচনাই সীমা বিবাদৰ সমাপ্তি ঘটাৰ এটা ইংগিত পঁচিশ জুলাই তাৰিখে দিয়াৰ পিছতে মিজোৰামে কৰা এই আক্রমণে কেন্দ্রীয় গৃহমন্ত্রীৰ লগত হোৱা আলোচনাও নস্যাৎ কৰিছে৷ ই এটা ভয়ংকৰ ভৱিষ্যতৰ সংকেত কঢ়িয়াই আনিছে৷ প্রসংগক্রমে উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উত্তৰ–পূর্বাঞ্চলৰ সেই ৰাজ্যসমূহক লৈ গঠন কৰা ‘নেডা’ৰ আহ্বায়ক৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে অসমৰ আৰক্ষীয়েহে আক্রমণ কৰাৰ এটা অসত্য দাবী দাঙি ধৰাৰ যত্ন কৰিছে৷ কিন্তু অসমৰ মুখ্যমন্ত্রীয়ে অসমৰ ছজনকৈ জোৱান নিহত হোৱা আৰু এগৰাকী আৰক্ষী অধীক্ষক আহত হোৱাৰ পিছতহে এই হিংসাত্মক ঘটনাৰ প্রত্যুত্তৰ দিবলৈ অসম আৰক্ষীক আদেশ কৰিছিল৷ কিন্তু তেতিয়ালৈ মিজোৰামে ঘটোৱা এই হিংসাত্মক ঘটনাৰ বিৰতিয়েই বোধকৰোঁ লৈছিল৷ অসমৰ মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রীক অৱস্থাৰ বিষয়ে লগে লগে জানিবলৈ দিছে যদিও মিজোৰামৰ মুখ্যমন্ত্রীয়েও তেনেভাৱে নিজৰ দোষ স্খলন কৰি তেওঁৰ দাবী পেচ কৰাৰ কথাও সংবাদত প্রকাশিত হৈছে৷ কেৱল সেয়ে নহয়, উচ্চ ন্যায়ালয়ত গোচৰ দিয়াৰ কথাও ওলাইছে৷ আনহাতে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভেনলালভেনাই নতুন দিল্লীৰ সংসদ ভৱনৰ চৌহদতে অসমীয়াক গুলীওৱাৰ মুকলি ভাবুকি দিছে৷ কেন্দ্রীয় চৰকাৰৰ স্থিতিত প্রকৃত সত্য নির্ধাৰণ কৰি ল’বলগীয়া স্থিতিৰ সলনি এটা ঢ়িলা–সোলোকা মনোভাব যেন বিৰিঙি ওলাইছে৷ পূর্বৰ জিলাৰ সীমাই, সেই জিলা ৰাজ্য হ’লেও, সেই সীমাই থাকিব বুলি প্রথম অৱস্থাতে গ্রহণ কৰা নীতিৰ পৰা চৰকাৰ ফালৰি কাটি অহাটোৱে অসমৰ যে ক্ষতিসাধন কৰি আহিছে আৰু কৰিব সেই বিষয়ে সন্দেহ নাই৷
কেন্দ্রই দুইখন ৰাজ্যৰ সীমাৰ চাৰি কিলোমিটাৰ দূৰত্ব ৰক্ষাৰ বাবে আৰু হ’ব পৰা সংঘাত নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় নিৰপেক্ষ পুলিচ বাহিনী ৰখাৰ সিদ্ধান্ত কৰিছে৷ এই নিৰপেক্ষ বাহিনীয়ে নাগালেণ্ড–সমৰ সীমাৰ ক্ষেত্রত কি ধৰণৰ ভূমিকা গ্রহণ কৰি আহিছে, সেই কথা চৰকাৰে পুনৰ বিবেচনা কৰাৰ প্রয়োজন আছে৷ এই নিৰপেক্ষ বাহিনীয়ে নাগালেণ্ডৰ দুর্বৃত্তই অসমৰ সীমা ভাঙি পথাৰৰ ধান দাই নিলেও বা গৰু–ম’হ কাঢ়ি নিলেও, অসমৰ গাঁৱৰ মানুহৰ পৰা খাজনা আদায় কৰিলেও এই বাহিনীয়ে একো নকৰাৰ প্রমাণ বিচৰাৰ প্রয়োজন আছে৷ প্রয়োজন আছে নগাৰ এই ভূমিকাৰ ক্ষেত্রত অসমৰ সীমা সুৰক্ষাৰ ক্ষেত্রত এনে বাহিনীয়ে লৈ অহা স্থিতি আৰু ভূমিকা সম্পর্কে পর্যালোচনা কৰি নতুন শক্তিশালী ব্যৱস্থা গ্রহণ কৰাৰ৷ মিজোৰামৰ ক্ষেত্রতো যে এনে নিৰপেক্ষ বাহিনীয়ে প্রকৃত নিৰপেক্ষতা ৰক্ষা কৰিব তাৰ কি নিশ্চয়তা আছে? কেন্দ্রীয় চৰকাৰে তেনে কঠোৰ নিশ্চয়তা দিব নোৱাৰিলে এনেবোৰ ৰাজ্যৰ দ্বাৰা অসমৰ সীমামূৰলীয়া জনসাধাৰণ সদায় প্রাণৰ ভয়ত কম্পিত হৈ থাকিব লাগিব৷
এনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্রীয়ে যেতিয়া মিজোৰ দ্বাৰা সংঘটিত জঘন্য হিংসাত্মক আক্রমণৰ কথা শুনি অসমৰ আৰক্ষী বাহিনীকো লগে লগে প্রত্যুত্তৰ দিবলৈ আদেশ কৰিছিল, সেই আদেশে জনসাধাৰণৰ মনোবল বৃদ্ধি হোৱাত বহু পৰিমাণে সহায় কৰিছিল৷ বোধকৰোঁ কেন্দ্রীয় চৰকাৰৰ মনোভাবৰ কিছু উমান পায়েই অসমৰ মুখ্যমন্ত্রীয়ে সংবিধানৰ কথা উল্লেখ কৰি অসমৰ ভূমি কেন্দ্রীয় চৰকাৰে দিবলৈ বিচাৰিলে দিব লাগিব বুলি কোৱা কথাই জনসাধাৰণ মনোবল হ্রাস হোৱাত আৰু কেন্দ্রীয় চৰকাৰৰ স্থিতিৰ প্রতি সন্দেহ সৃষ্টি হোৱাত সহায় কৰিছে বুলি ভাবোঁ৷ নিজৰ ৰাজ্যখনৰ সীমা ৰখিবলৈ ‘কৰিম কিম্বা মৰিম’ এই সাহসেৰে অসম চৰকাৰে স্থিতি গ্রহণ কৰাটো তৃণমূল পর্যায়ৰ সাধাৰণ মানুহৰ পৰা উচ্চস্তৰীয় বিষয়া–কর্মচাৰী সমন্বিতে ৰাজনৈতিক অনেক ব্যক্তিয়ে অন্তৰৰ পৰা যে বিচাৰিছে সেইটো সহজেই অনুভৱযোগ্য৷
আক্রমণকাৰী মিজোসকলৰ পুলিচ বাহিনীক যে সেই ৰাজ্য চৰকাৰেই আক্রমণ কৰাৰ স্বাধীনতা দিছে, সেই কথা এতিয়া ঢ়াক খাই থকা নাই৷ কেন্দ্রীয় চৰকাৰে দুইখন চৰকাৰৰ মুখ্যমন্ত্রীক দিল্লীলৈ আলোচনাৰ বাবে নিমন্ত্রণ কৰাৰ পিছতো মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই সেই নিমন্ত্রণ ৰক্ষা নকৰাটোৱে কি সূচনা কৰিছে? তেওঁলোকৰ আৰক্ষীৰ হাতত কেৱল ৰাইফল নহয়, লাইট মেচিনগান তুলি দি অসমৰ জোৱানক হত্যা কৰিছে, শতাধিক জোৱানক আহত কৰিছে আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে বাৰে বাৰে মিজোৰামৰ আৰক্ষীক ক্ষান্ত হ’বলৈ কৰা অনুৰোধলৈ কর্ণপাত নকৰি তেওঁকো গুলীয়াই গুৰুতৰভাৱে আঘাত কৰিছে৷ আনহাতে অসম আৰক্ষীৰ হাতত লাইট মেচিনগান দূৰৰে কথা, এ কে–৪৭ বা ৫৬ৰ দৰে অস্ত্রও বোধকৰোঁ নাই বা নাছিল৷ এইক্ষেত্রত অসম চৰকাৰে এনে যিকোনো আক্রমণ প্রতিৰোধ কৰিব পৰাৰ ক্ষমতা আৰক্ষীক দিব নোৱাৰিলে অসমৰ সীমাৰ সুৰক্ষা হ’ব বুলি কেনেকৈ আশা কৰিব পাৰি?
দেশৰ প্রধানমন্ত্রীয়ে সীমাৰ সমস্যা ‘ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে’ বুলি কৈ কি বুজাব খুজিছে, তেওঁ তাক পৰিষ্কাৰভাৱে ব্যাখ্যা কৰাৰ প্রয়োজন আছে৷ প্রয়োজন আছে মিজোৰামৰ মুখ্যমন্ত্রীয়ে দিল্লীৰ নিমন্ত্রণ ৰক্ষা নকৰাৰ পিছতো তেওঁৰ বিৰুদ্ধে মাত নমতাৰ কাৰণ আমি বুজা নাই৷ মনত ৰাখিব লাগিব যে মিজোৰামৰ দৰে এখন সৰু ৰাজ্যই অস্বাভাৱিক হিংসাত্মক আক্রমণ কৰাৰ পিছতো যদি কেৱল কেন্দ্রীয় চৰকাৰে অসমৰ ক্ষতিসাধন কৰিব পৰা সিদ্ধান্ত গ্রহণ কৰে, তেনেহ’লে তাৰ সুদূৰপ্রসাৰী প্রতিক্রিয়া হ’বই৷ ইতিমধ্যে অসম চুক্তিৰ ছয় নম্বৰ দফা ‘শীতলীকৰণ কক্ষলৈ’ ঠেলি দিয়া আৰু অসমৰ মানুহৰ আপত্তি সত্ত্বেও সংবিধানৰ নাগৰিকত্ব সংশোধনী বিল আইনত পৰিণত কৰা কার্যই অসমৰ মানুহৰ মনত উমি উমি জ্বলি থকা জুইকুৰা কেৱল হিতাধিকাৰী সৃষ্টিৰ যোগেদি চিৰদিনলৈ নুমাব পাৰিব বুলি ভবা উচিত নহ’ব৷ অসমৰ মাননীয় মুখ্যমন্ত্রীয়ে মিজোৰ আক্রমণৰ পৰা আৰম্ভ কৰি পূর্বৰ সকলো বিষয় সম্পর্কে অসমৰ জনসাধাৰণৰ মনোভাব কেন্দ্রক পতিয়ন নিওৱাৰ দায়িত্ব অসম তথা অসমৰ জনসাধাৰণৰ স্বার্থত গ্রহণ কৰাটো সমগ্র ৰাজ্যৰ জনসাধাৰণৰ দাবী৷ এই কথা মনত ৰাখিব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্রীগৰাকীয়ে জাতি–বর্ণ–ধর্ম–ভাষ্ নির্বিশেষে সকলোৰে প্রতিনিধিত্ব কৰে৷ সেই দায়িত্ব পালন কৰিব পৰাৰ ওপৰতে আমাৰ এই দুর্ভগীয়া ৰাজ্যখনৰ ভৱিষ্যৎ নির্ভৰ কৰিছে৷