তৰুণ গগৈ সাংসদ হিচাপে নির্বাচিত হোৱাৰ পাছত বাজেট বিতর্কৰ প্রথম ভাষণ…
দেশৰ সামগ্রিক ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক অৱস্থাৰ পৰিপ্রেক্ষিতত এই কেন্দ্রীয় বাজেটখন বিচাৰ কৰি চালে লক্ষণীয় পৰিৱর্তন চকুত নপৰাকৈ নাথাকে৷ এই বাজেটখনক এখন ক্ষুদ্র সমাজবাদী বাজেট আখ্যা দিব পাৰি৷ কাৰণ সমাজবাদৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে চৰকাৰে ইচ্ছা আৰু সংকল্প গ্রহণ কৰিছে আৰু বাজেটখনে তাৰেই ইংগিত বহন কৰিছে৷ বাজেটখনত এই কথা স্পষ্ট হৈ পৰিছে যে সমাজবাদৰ দিশত ইতিমধ্যেই এক গুৰুত্বপূর্ণ আৰম্ভণিৰ সূচনা হৈছে৷
দেশখনৰ সন্মুখত সবাতোকৈ ডাঙৰ দুটা প্রত্যাহ্বান হৈছে দাৰিদ্র্য আৰু নিবনুৱা সমস্যা৷ দৰিদ্রতা আৰু নিবনুৱা সমস্যা নির্মূল কৰি সমাজৰ নিম্ন স্তৰৰ খাটিখোৱা মানুহখিনিৰ দুখ–দুর্দশা লাঘৱ কৰিবলৈ চৰকাৰে গ্রহণ কৰা আঁচনিসমূহত দৃঢ়তা, সচেতনতা আৰু নিষ্ঠাৰ প্রকাশ ঘটিছে আৰু আমি তাৰ কাৰণে সঁচাকৈয়ে সন্তুষ্টি অনুভৱ কৰিছোঁ৷ সম্পত্তি কৰৰ হাৰ বৃদ্ধি, আয় কৰৰ ক্ষেত্রত এটা নির্দিষ্ট সীমাৰ ওপৰত ওপৰঞ্চি কৰ বৃদ্ধি, বিলাসী সামগ্রীৰ ওপৰত কৰ আৰোপ, গ্রাম্য নিবনুৱা আৰু শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ কাৰণে আঁচনি গ্রহণ আদি বাজেটত উল্লেখ কৰা আঁচনিসমূহ অতিকৈ আদৰণীয় পদক্ষেপ বুলি ক’বই লাগিব৷ কিছুমান সৰু–সুৰা বিষয় বাদ দি বেছিভাগ আঁচনিকে সমাজবাদী আঁচনি বুলি ক’ব পৰা যায়৷ উদাহৰণস্বৰূপে, অপৰিশোধিত আৰু কিছু পৰিমাণে পৰিশোধিত সূতাৰে তৈয়াৰী কাপোৰ, ময়দা, নিম্নমানৰ সূতাৰে তৈয়াৰী সাজ–পোছাক ইত্যাদিৰ ওপৰত আৰোপ কৰা কৰে বৈষম্য বৃদ্ধিহে কৰিছে৷ এইবিলাক কৰৰ ফলত ধনী আৰু দুখীয়া শ্রেণীৰ মাজত স্বর্গ–মর্ত্যৰ পার্থক্যৰ সৃষ্টি কৰিছে৷ পৃথিৱীৰ আন কোনো ঠাইত মানুহৰ মাজত এনেকুৱা চৰম বৈষম্য আছে নে নাই মই নাজানো৷ এইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে দেশখনে এতিয়াও বহু বাট অতিক্রম কৰিবলৈ বাকী আছে৷ এইক্ষেত্রত বহুতো পৰিৱর্তনমুখী পদক্ষেপ হাতত ল’ব লাগিব৷ আমি জানিবলৈ পাই ভাল পাইছোঁ যে চৰকাৰে ইতিমধ্যেই এটা এটাকৈ কেইবাটাও পদক্ষেপ হাতত লৈছে৷
আমাৰ দেশত কর্মক্ষম, উদ্যমী যুৱক–যুৱতীৰ অভাৱ নাই, কিন্তু দুর্ভাগ্যৰ কথা যে তেওঁলোকৰ কর্মসংস্থাপনৰ অভাৱ৷ কেনেকুৱা মানসিক অস্থিৰতা আৰু মানসিক বোজাই এইসকল নিবনুৱা যুৱক–যুৱতীৰ দেহ–মন ভাৰাক্রান্ত কৰি ৰাখিছে, সেয়া আমি সহজেই অনুমান কৰিব পাৰোঁ৷ এওঁলোকে যি হতাশা আৰু অশান্তিত ভুগিছে, সিয়েই সমাজৰ কাৰণেও এক অশুভ ইংগিত বহন কৰিছে৷ এয়া দেশৰ কাৰণেও বিপদৰ কাৰণ হৈ পৰিছে৷ এই কথা জানি ভাল লাগিছে যে পৰিস্থিতিৰ গভীৰতা উপলব্ধি কৰি চৰকাৰে ৫০ কোটি টকা গ্রাম্য নিবনুৱা সমস্যা সমাধানৰ কাৰণে আৰু ২৫ কোটি টকা শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ কাৰণে বাজেটত ধার্য কৰিছে৷ কিন্তু সমস্যাটো ইমান গভীৰ যে এইখিনি ধনৰ আবণ্টনেও সমস্যাটোৰ সমাধানত বিশেষ সহায় কৰিব নোৱাৰে৷ গতিকে এখন শক্তিশালী আঁচনি সদ্যহতে আটাইতকৈ প্রয়োজনীয় কথা হৈ পৰিছে৷ তদুপৰি শিশু খাদ্যৰ শিতানত ৪ কোটিৰ পৰা ১০ কোটিলৈ ধনৰ আবণ্টন বৃদ্ধি কৰা হৈছে যদিও সেয়াও অতি সামান্য বুলিহে ক’ব পাৰি৷ হাজাৰ হাজাৰ ল’ৰা–ছোৱালীয়ে এতিয়াও খাদ্য, আশ্রয়স্থল, শিক্ষা আৰু অন্যান্য সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে৷ সকলো শিশুৱে প্রাপ্য যতন পাইছে নে নাই, তাৰ প্রতি মনোযোগ দিয়াটো চৰকাৰৰ অন্যতম দায়িত্ব৷ শিশুসকল দেশৰ সম্পদ, দেশৰ ভৱিষ্যৎ৷ খাদ্য, আশ্রয় আৰু সুশিক্ষা তেওঁলোকৰ মৌলিক অধিকাৰ৷
পাব্লিক স্কুলত প্রতিভাৱান ছাত্র–ছাত্রীৰ কাৰণে ২৫ শতাংশ আসন সংৰক্ষণৰ কাৰণে বাজেটত যি প্রস্তাৱ দাঙি ধৰা হৈছে, মই তাৰ বিৰোধিতা কৰিব খোজা নাই কিন্তু সমাজৰ কেৱল ধনী আৰু সম্পত্তিৱান শ্রেণীটোৰ কাৰণেই পাব্লিক স্কুলৰ শিক্ষা সীমাবদ্ধ হৈ থাকিব নালাগে৷ সমাজৰ ধনী আৰু মধ্যবিত্ত শ্রেণীৰ ভাগ্যৱান সন্তানসকলৰ কাৰণে আছুতীয়াকৈ ৰখা এনেকুৱা উন্নত পর্যায়ৰ পাব্লিক স্কুলসমূহ গণতান্ত্রিক আৰু সমাজবাদী নীতিৰ পৰিপন্থী৷ মই বিচাৰোঁ যে পাব্লিক স্কুলত এশ শতাংশ আসনেই মেধাৱী ছাত্র–ছাত্রীৰ কাৰণে সংৰক্ষণ কৰিব লাগে আৰু দুখীয়া ছাত্র–ছাত্রীৰ পঢ়াৰ সকলো খৰচ চৰকাৰে বহন কৰিব লাগে৷
আমাৰ দেশৰ আশী শতাংশ মানুহ গাঁৱত বাস কৰে যদিও গাঁও আৰু নগৰ অঞ্চলৰ মাজৰ বৈষম্য বাঢ়ি বাঢ়ি গৈ আছে৷ হাজাৰ হাজাৰ গঞা ৰাইজ এতিয়াও বিশুদ্ধ খোৱাপানীৰ সুবিধাকণৰ পৰা বঞ্চিত হৈ আছে৷ মই আশা কৰোঁ যে অদূৰ ভৱিষ্যতে দেশৰ গ্রামাঞ্চলত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ চৰকাৰে প্রয়োজনীয় পদক্ষেপ হাতত ল’ব৷
আমাৰ লক্ষ্যত উপনীত হ’বলৈ এই বাজেটখন একমাত্র পাথেয় হ’ব নোৱাৰে৷ সমাজবাদৰ ক্ষেত্রত অন্তৰায় হিচাপে থিয় দিয়া সংবিধানৰ কিছুমান দফা সংশোধন কৰাৰ সময় আহি পৰিছে৷ সংবিধানখনে ৰাইজৰ স্বার্থ পূৰণ কৰিব লাগে, ৰাইজে সংবিধানৰ স্বার্থ পূৰণ কৰিব নালাগে৷ ৰাইজ আটাইতকৈ ওপৰত, সংবিধান আটাইতকৈ ওপৰত নহয়৷
অর্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়ৰ আন এক অন্তৰায় হৈছে মূল্যবৃদ্ধি৷ যোৱা ১৫ বছৰত বস্তুৰ দাম ১৫০ শতাংশ বৃদ্ধি পাইছে, ফলত অর্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায় বাধাগ্রস্ত হৈছে৷ মই বিত্তমন্ত্রীক অনুৰোধ জনাওঁ যাতে মূল্যবৃদ্ধি ৰোধ কৰি সামাজিক ন্যায় আৰু অর্থনৈতিক উন্নয়নৰ স্বার্থত তেওঁ উচিত পদক্ষেপ হাতত লয়৷ (৩১ জুন, ১৯৭১)