নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি অহাৰ ইচ্ছা মুঠেই নাছিল’

দ্বিতীয়বাৰলৈ মুখ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ সময়ত জ্যেষ্ঠ সাংবাদিক ৱাছবীৰ হুছেইনে লোৱা সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ

ৱাছবীৰ হুছেইনঃ  নৱম শ্রেণীৰ ছাত্র হৈ থাকোঁতে আপোনাক আপোনাৰ এজন শিক্ষকে জীৱনৰ লক্ষ্য কি সুধিছিল আৰু আপুনি উত্তৰত কৈছিল– ‘ভাৰতৰ প্রধানমন্ত্রী হ’ম৷’ সেয়া অৱশ্যে এতিয়াও বাস্তৱত পৰিণত হোৱা নাই, কিন্তু দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হোৱাৰ গৌৰৱ আপুনি লাভ কৰিছে৷ আপুনি কেনে অনুভৱ কৰিছে?
তৰুণ গগৈঃ নহয়, অসমৰ মুখ্যমন্ত্রী হ’বলৈ পাই মই সুখী হৈছোঁ৷ মুখ্যমন্ত্রী হোৱাৰ কাৰণে অসমৰ ৰাইজৰ বিশেষকৈ দৰিদ্র আৰু অৱহেলিত শ্রেণীৰ লোক, ছাত্র সমাজ আৰু মহিলাসকলৰ স্বার্থৰ হকে কাম কৰিবলৈ মই সুযোগ লাভ কৰিছোঁ৷ আপুনি জানেই যে মই যেতিয়া অসমৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হৈছিলোঁ, অসমৰ অর্থনৈতিক অৱস্থা বৰ শোচনীয় আছিল৷ ইমান শোচনীয় আছিল যে চৰকাৰে কর্মচাৰীক দৰমহা দিবলৈ ধনৰ অভাৱ ঘটিছিল আৰু সকলো উন্নয়নমূলক কাম–কাজ বন্ধ হৈ পৰিছিল৷ সম্প্রতি মোৰ সময়ত অন্ততঃ অর্থনৈতিক পৰিস্থিতিটোৰ বা ক’বলৈ গ’লে সামগ্রিক পৰিস্থিতিটোৰ পৰিৱর্তন সাধন কৰিবলৈ মই এটা সুযোগ লাভ কৰিলোঁ৷ মানুহৰ মনোবৃত্তিৰ পৰিৱর্তন ঘটাবলৈ আমি সমর্থ হ’লোঁ৷ আগতে ইতিবাক মনোবৃত্তিৰ অভাৱ আছিল৷ এয়া মোৰ সফলতা বুলি মই ভাবোঁ৷ মুখ্যমন্ত্রিত্বৰ পদটোক মানুহক সেৱা আগবঢ়োৱাৰ কাৰণে এক সুযোগ হিচাপে মই বিবেচনা কৰোঁ৷

ৱাছবীৰ হুছেইনঃ  আৰু পাছত যুৱ অৱস্থাত ১৯৬০ চনত নেহৰুৰ লগত প্রথম কথা পতাৰ সুযোগ আপুনি লাভ কৰিছিল৷ সেই সময়ত ভাষা আন্দোলনৰ পৰিপ্রেক্ষিতত নেহৰু অসমলৈ আহিছিল৷ নেহৰু আপোনাৰ ৰাজনৈতিক জীৱনৰ আদর্শ ব্যক্তি আছিল নেকি?
তৰুণ গগৈঃ হয়, নিশ্চয়কৈ নেহৰু মোৰ কাৰণে এজন আদর্শ ব্যক্তি আছিল৷ স্কুলীয়া দিনৰ পৰাই মই নেহৰুৰ পৰম ভক্ত আছিলোঁ৷ যোৰহাটত মই তেওঁক প্রথমবাৰ দেখাৰ সুযাগ পাইছিলোঁ৷ তেওঁ পিন্ধা কাপোৰ আৰু কাবুলীৱালা চেণ্ডেলযোৰৰ কথাও মোৰ মনত আছে৷ মোৰ মনত পৰে মই তেওঁৰ কাষ চাপি যাব পাৰিছিলোঁ৷ গতিকে প্রথমৰে পৰাই…

ৱাছবীৰ হুছেইনঃ  ডেকাকালত আপুনি বোলে বৰ দুষ্ট প্রকৃতিৰ আছিল৷ আপুনি মোক কোৱা মনত আছে আপুনি প্রায়েই ক্লাছ ক্ষতি কৰিছিল, যোৰহাটৰ হোষ্টেলৰ পৰা মনে মনে ওলাই গৈ ৰাতি চিনেমা চাইছিল৷ আপোনাৰ দেউতাৰ ইচ্ছানুসাৰি চিকিৎসক হ’বও আপুনি নোৱাৰিলে৷
তৰুণ গগৈঃ সেইটো সঁচা কথা৷ মোৰ দেউতা আৰু পৰিয়ালৰ আন সকলোৱে মোৰ দুষ্ট স্বভাৱটোৰ কাৰণে কিছু চিন্তাত পৰিবলগীয়া হৈছিল৷ তেওঁলোকে মোৰ ভৱিষ্যতৰ কথাক লৈও কিছু চিন্তিত হৈছিল৷ মই পঢ়া–শুনাত মন নিদিয়া দেখি দেউতাই একালৰ নিজৰ সহপাঠী তথা আমাৰ স্কুলৰ হেড পণ্ডিতৰ লগত মোৰ পঢ়া–শুনাৰ কথা আলোচনা কৰিছিল৷ মোৰ মনত আছে, হেড পণ্ডিতে মোক অন্ততঃ মেট্রিক পৰীক্ষাটো পাছ কৰিব পৰাকৈ মন পুতি পঢ়াত লাগিবলৈ সদায়েই সকীয়াই দিছিল৷ তেওঁ মোক প্রায়েই কৈছিল– ‘তাৰ পাছত কি কৰ কৰি থাকিবি৷’ মোৰ এতিয়াও মনত আছে৷

ৱাছবীৰ হুছেইনঃ  কিহৰ কাৰণে আপুনি ৰাজনীতিলৈ অহাৰ কথা ভাবিলে, ৰাজনীতিত যোগদান কৰিবলৈ অনুপ্রাণিত হ’ল?
তৰুণ গগৈঃ সেইটো কোৱা বৰ কঠিন৷ কিন্তু এটা কথা ঠিক যে স্কুলীয়া দিনৰ পৰাই মোক নেহৰুৰ আদর্শ আৰু ব্যক্তিত্বই আকর্ষিত কৰিছিল৷

ৱাছবীৰ হুছেইনঃ  নির্বাচনী ৰাজনীতিত প্রৱেশ কৰি ১৯৭১ চনত প্রথমবাৰৰ বাবে লোকসভালৈ নির্বাচিত হোৱাৰ সময়ৰে পৰা আপুনি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, নৰসিংহ ৰাও আৰু ড০ মনমোহন সিং– এই চাৰিগৰাকী প্রধানমন্ত্রীৰ লগত কাম কৰাৰ সুবিধা লাভ কৰিছে৷ তেওঁলোকৰ মাজত পার্থক্য কেনেধৰণৰ আছিল? কোনগৰাকী প্রধানমন্ত্রীয়ে আপোনাক বাছনি কৰিছিল, অর্থাৎ কাম কৰাৰ সুবিধা দিছিল?
তৰুণ গগৈঃ মোক আচলতে ইন্দিৰা গান্ধীয়েই প্রথম কাম কৰাৰ সুবিধা দিছিল৷ সেই সময়ত মই সংসদৰ সদস্য হৈ আছিলোঁ৷ ইন্দিৰা গান্ধীয়ে মোক অল ইণ্ডিয়া কংগ্রেছ কমিটীৰ AICC) যুটীয়া সম্পাদক পদৰ দায়িত্বভাৰ দিলে৷ সেই সময়ত দেৱকান্ত বৰুৱা কংগ্রেছৰ সদস্য আছিল৷

ৱাছবীৰ হুছেইনঃ  ইন্দিৰা গান্ধীয়ে আপোনাক বাছি উলিয়ালে আৰু ৰাজীৱ গান্ধীয়ে আপোনাক উন্নতিৰ বাট দেখুৱাই দিলে কথাটো এনেকুৱা নহয়নে?
তৰুণ গগৈঃ একেবাৰে সঁচা কথা৷ ইন্দিৰা গান্ধীয়ে মোক যুটীয়া সচিব হিচাপে নিযুক্ত কৰি ৰাজীৱ গান্ধীৰ লগ লগাই দিলে৷ সেই সময়ত ৰাজীৱ গান্ধী ৰাজনীতিলৈ অহা নাছিল৷ মই সঞ্জয় গান্ধীৰ লগতো কাম কৰিছিলোঁ৷ যুৱ কংগ্রেছৰ দায়িত্ব মোৰ হাতত অর্পণ কৰা হৈছিল আৰু সঞ্জয় গান্ধী সেই সময়ত যিহেতু ৰাজনীতিত জড়িত হৈ আছিল, মই তেওঁক একেবাৰে ওচৰৰ পৰা পাইছিলোঁ৷ সেই সময়ত ৰাজীৱ গান্ধী ৰাজনীতিত নাছিলেই আৰু আনকি কংগ্রেছ কর্মীসকলকো তেওঁ লগ কৰা নাছিল৷ কিন্তু সঞ্জয় গান্ধীৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধীৰ কথা মতেই বোধকৰোঁ ৰাজীৱ গান্ধীয়ে ৰাজনীতিত প্রৱেশ কৰিলে৷

ৱাছবীৰ হুছেইনঃ  ১৯৮৫ চনৰ নির্বাচনত অগপ দলৰ হাতত বিধ্বস্ত হৈ পৰা জটিল সময়ছোৱাত অর্থাৎ ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে সেই জটিল সন্ধিক্ষণত আপুনি প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব মূৰ পাতি লৈছিল৷ আপোনাৰ কেনেকুৱা লাগিছিল?
তৰুণ গগৈঃ সেয়া আছিল এক ডাঙৰ প্রত্যাহ্বান৷ প্রথম অৱস্থাত ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ ইচ্ছা মোৰ মুঠেই নাছিল৷ কাৰণ মই এজন সাংসদ হৈ কাম কৰি আছিলোঁ, দুবাৰকৈAICCৰ যুটীয়া সচিব হৈছিলোঁ, দেশৰ চুকে–কোণে ভ্রমণ কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ৷AICCৰ হৈ কাম কৰি মই বৰ সন্তুষ্টি লাভ কৰিছিলোঁ, ৰাজনীতিৰ ক্ষেত্রখনতে মই সুখী আছিলোঁ৷ সেই বছৰতে প্রথমবাৰৰ বাবে মই সংসদীয় নির্বাচনত হাৰিবলগীয়া হোৱাত ৰাজীৱ গান্ধীয়ে মোক ৰাজ্যিক ৰাজনীতিৰ ক্ষেত্রখনলৈ পঠিয়াই দিলে৷ মোৰ আন কোনো উপায় নাছিল৷ প্রদেশ কংগ্রেছৰ সভাপতি হোৱাটো সেই সময়ত কিমান কঠিন কাম হ’ব মই জানিছিলোঁ৷ কিন্তু মই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সংকোচ কৰা বিধৰ মানুহ একেবাৰে নহয়৷

ৱাছবীৰ হুছেইনঃ  ২০০১ চনত কংগ্রেছ দলক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিবলৈ আপুনি সক্ষম হৈছিল আৰু প্রথমবাৰৰ বাবে আপুনি অসমৰ মুখ্যমন্ত্রী হিচাপে শাসনভাৰ হাতত লৈছিল৷ ইয়াৰ তিনিটা প্রধান কাৰণ যদি আঙুলিয়াই দিবলৈ কোৱা হয় আপুনি কোন তিনিটা কাৰণ উল্লেখ কৰিব?
তৰুণ গগৈঃ অগপ চৰকাৰৰ দিনত কাম–কাজ একেবাৰে হোৱা নাছিল আৰু ফলত অর্থনৈতিক অৱস্থাৰ চৰম অৱনতি ঘটিছিল৷ ৰাইজ অসন্তুষ্ট হৈ পৰিছিল৷ চৰকাৰী চাকৰিয়ালে দৰমহা পোৱা নাছিল৷ ৰাস্তা–ঘাট, আনকি চিকিৎসালয়, শিক্ষানুষ্ঠান আদিকে ধৰি সকলোতে শোচনীয় অৱস্থাটো দেখিবলৈ পোৱা গৈছিল৷ চৰকাৰে উন্নয়নমূলক কামৰ শিতানত ধন বিনিয়োগ নকৰাৰ ফলত সকলো উন্নয়নমূলক কাম বন্ধ হৈ গৈছিল৷ ‘গুপ্তহত্যা’ৰ ঘটনাবোৰো সংঘটিত হ’বলৈ লৈছিল৷

You might also like