বাঘজানৰ আকস্মিক দুর্ঘটনা আৰু কিছু ক’ব লগীয়া
ডুমডুমাৰ পৰা প্রায় ৩৫ কিলোমিটাৰ দূৰৈত উত্তৰ পশ্চিম দিশে অৱস্থিত বাঘজানৰ ৫নং তৈলখাদটোত সংঘটিত হোৱা প্রাকৃতিক গেছ নির্গমন আৰু লেলিহান অগ্ণিকাণ্ডৰ বাবে বিভিন্ন তথ্য অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ কর্তৃপক্ষই বেছিকৈ জগৰীয়া বুলি ভাবোঁ৷ কাৰণ, তেওঁলোকে এই বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতিবছৰে‘OIL FIRE SAFETY WEEK’ পাতে৷ সজাগতা পাতিও যেন সকলো অর্থহীন কৰি পেলালে৷ ইয়াৰ লগতে কোৱা উচিত হ’ব যে অইল ইণ্ডিয়া লিমিটেড বহুত সামাজিক কাম, খেলা–ধূলাৰ লগত সদায় জড়িত হৈ আছে৷ স্থানীয় আর্থ–সামাজিক ব্যৱস্থা এই অনুষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত হৈ আছে৷ এইটো পুৰণি খাদ, নতুনকৈ খনন কৰা খাদ নহয়৷ গেছ ওলাই থাকোঁতে তোলা খাদৰ ফটোত ৰিগত তলৰ পৰা উলিয়াই অনা Pulling out) পাইপবোৰ ৰিগটোৰ দুয়োকাষে দেখা পাইছিলোঁ৷ বোধকৰো, এই খাদটোৰ লগত গুজৰাটৰ প্রাইভেট কোম্পানীটোৱে বাঘজানৰ ৫নং এই খাদটোৰ বিতং তথ্য সম্পূর্ণকৈ বুজ নোলোৱাকৈ তেওঁলোকৰ কাম আৰম্ভ কৰিছিল বুলি সন্দেহ হয়৷ ৰিগত থকা পাইপবোৰে এইটো এটা‘Work Over Well’ লি ইংগিত দিয়ে৷ এনেকুৱা খাদত কাম আৰম্ভ কৰিবলৈ যাওঁতে সাধাৰণতে কর্তৃপক্ষই বহুখিনি সাৱধানতা অৱলম্বন কৰে৷ তেলখাদটোত প্রথমতে সম্ভাব্য সকলো নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হয়৷ বোকা বাMud পানী বা অন্যান্য ৰসায়ন, চিমেণ্ট মজুত কৰি ৰখা হয়৷ মেছাকী, বাঘজানৰ তেলৰ খাদবোৰৰ গভীৰতা বহুত বেছি বুলি জনা যায়৷ একোটা খাদৰ গভীৰতা ৩৮০০ মিটাৰৰ পৰা ৫৬০০ মিটাৰ পর্যন্ত৷ ইয়াচিন যুগৰ সাগৰীয় পৰিৱেশত সৃষ্টি হোৱা লাকাডাং বালি শিলাস্তৰ আৰু ক্ষুদ্র ক্ষুদ্র চূণশিল আৰু বালিশিলৰ স্তৰৰ মাজত তেল আৰু গেছবোৰ আছে৷ এই শিলাস্তৰবোৰৰ ৰন্ধ্রতা(Porosity) বহুত বেছি বুলি জনা গৈছে৷ ওপৰলৈ উৰি যোৱা গেছৰ জুইৰ শিখাৰ উচ্চতাৰ পৰা ভূ–গর্ভস্থ চাপ বহুত বেছি বুলি অনুমান কৰা যায়৷ এনে ধৰণৰ চাপ বেছি থকা তেল খাদত সম্পূর্ণ তথ্য লৈহে সাৱধানেৰে কাম কৰা উচিত বুলি ভাবোঁ৷ ‘জন এনার্জী’ নামৰ কোম্পানীটোৱে এইক্ষেত্রত কিছু ভুল কৰিছে বুলি অনুুমান কৰিব পৰা যায়৷ কিছুমান কথা যুকিয়াই চালে আৰু এটা কথা ক’ লগা হয়৷ সাধাৰণতে কেতিয়াবা কেতিয়াবা তেল আৰু গেছ দুয়োটা বেলেগ বেলেগ স্তৰত থাকিলে, খাদটোৰ ভিতৰত চিমেণ্টিং কৰিব লগা হয়৷ এই কামতPortland cement ব্যৱহাৰ কৰা হয়৷ এই চিমেণ্ট খাদৰ নলীত কঠিন হ’বলৈ কিছু সময় লয়৷ ইও খাদ সুৰক্ষাৰ এটা অংশ৷ বাঘজানৰ খাদটোত এই চিমেণ্টৰ ব্যৱস্থা কি আছিল? তদুপৰি পৰোক্ষভাৱে অসম ভূ–তত্ত্ব আৰু খনি বিভাগ আৰু অসমৰ চৰকাৰখনৰো কিছু ভূমিকা আছে বুলি ক’ খুজিছোঁ৷ তৈলক্ষেত্রবোৰৰ পৰা আহৰণ কৰা খাৰুৱা তেলৰ ৰাজহ সংগ্রহ কৰাৰ লগতে এইবোৰ মাজে মাজে পৰিদর্শন কৰাৰ প্রয়োজন বুলি ভাবোঁ৷ প্রথম অৱস্থাত ভূ–তত্ত্ব আৰু খনি বিভাগটোত এটাPetrolium TechnologistৰPost আছিল৷ কিন্তু, দর্মহা কম হোৱাৰ কোনো কাৰণে নহাত অতদিনে পদটো খালী হৈ পৰি আছিল৷ এতিয়া পদটো নাইকিয়া কৰি দিয়া হ’ল৷ ভূ–তত্ত্ব আৰু খনি বিভাগৰ তেল, গেছ কয়লাৰ উৎপাদনৰ কামবোৰ চোৱা–চিতা কৰিবলৈ ডিব্ৰুগড়ত এটা শাখা অফিচ আছে৷ এই অফিচত বিষয়াসকল তেলৰ ক্ষেত্রত বিশেষজ্ঞ নহয় আৰু কোনোTraining-ৰো ব্যৱস্থা নাই৷ ১৯৯০ চনৰ পৰা ১৯৯২ চনমানলৈ ড০ বিপুল চন্দ্র বৰুৱা সঞ্চালক হৈ থাকোঁতে অইল, অ’ এন জি চিৰ এনেবোৰ কামৰ খা–খবৰ ল’বলৈ আমাক পঠিয়াইছিল৷ এনেদৰে পৰিদর্শন কৰিলে, তেওঁলোকৰো কামত সজাগতা বাঢ়ে বুলি অনুমান হয়৷ এতিয়া কেইবাটাও নতুন কোম্পানী অসমলৈ আহিব৷
অসমত এনে ধৰণৰ তৈল খাদত জুই লগা ঘটনা গৌৰীসাগৰ, গেলেকী, ৰুদ্রসাগৰ, লাকুৱা, ডিকম, কঠালনি, খাৰছাং (অৰুণাচল)ত আগতে হৈ গৈছে৷ দুর্ঘটনা সদায় দুর্ঘটনাই৷ কিন্তু সাৱধান হ’লে দুর্ঘটনাৰ মাত্রা বহুত কম হয়৷ যোৱা ১৪ দিনত বা এতিয়ালৈকে যি পৰিমাণৰ গেছ নষ্ট হ’ল, সেইখিনি গেছ ডিব্ৰুগড়ৰ গেছ ক্রেকাৰৰ কাৰণে, কিমান মূল্যৱান কেঁচা সামগ্রী হ’লহেঁতেন, এটা ডাঙৰ অংক৷ প্রতি টন খাৰুৱা তেলৰ পৰা অসম চৰকাৰে ৰয়েল্টী হিচাপে গড় হিচাপত ৪৫০০ টকা (চাৰি হাজাৰ পাঁচশ টকা) পায়৷ প্রতি হাজাৰ ষ্টেণ্ডার্ড কিউবিক মিটাৰ Thousand Standard cubic meter)ত ৰয়েল্টী হিচাপে ৭০০ টকাৰ পৰা (সাতশৰ পৰা আঠশ টকা) ৮০০ টকামান পায়৷ গুজৰাট চৰকাৰে তেওঁলোকৰ ভূ–তত্ত্ব বিভাগটোক উন্নত কৰি লৈছে৷ কচ্ছ, কাম্বে, অংকলেশ্বৰৰ খাৰুৱা তেল আৰু গেছৰ সদ্ব্যৱহাৰ কৰিছে৷
যোৱা ১৪ দিন ধৰি বাঘজান তৈলক্ষেত্রত (৫নং) প্রাকৃতিক গেছ নির্গত হৈ থকাৰ কাৰণে ডিব্ৰু–ছৈখোৱা জৈৱ–বৈচিত্র্য অভয়াৰণ্য, মাগুৰি মতাপুং বিলৰ জীৱকুলৰ অপূৰণীয় ক্ষতি হ’ল৷ তদুপৰি, বৃহত্তৰ বাঘজান, দীঘল টৰং চাহ বাগিচা, ৰঙাগড়া, বাৰেবিল আদি অঞ্চলৰ স্থানীয় গাঁওবাসী ৰাইজৰ বাসগৃহ, খেতিপথাৰ, মূল্যৱান গছ–গছনি, সৰু সৰু চাহ বাগিচা, হাঁহ–কুকুৰা, গৰু সকলো নিধন হৈছে৷ তাত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ হয়তো বহু বছৰ লাগিব৷ দুজন অইল ইণ্ডিয়াৰ কর্মচাৰীৰো মৃত্যু হৈছে বুলি গম পোৱা গৈছে৷ এই ওপৰলৈ যোৱা গেছৰ পৰা বহু পৰিমাণে বায়ু প্রদূষণ হোৱাৰ সম্ভাৱনা আছে৷ প্রাকৃতিক গেছ আৰু তেল‘OIL & Natural Gas Rules 1959’ Act মতে নিয়ন্ত্রণ হয়৷ এই আইনখন ২০১৮ চনত নতুনকৈ‘Oil & Natural Gas Amendement Rules, 2018’ বুলি সংশোধন কৰা হয়৷ এইকেইদিন বাতৰি চাওঁতে‘Zee TV’ আৰু‘All India Radio News’-ৰ লগতে দুই–এটা অন্য ৰাষ্ট্রীয় প্রচাৰ মাধ্যমত ঘটনাটো দেখা পালোঁ৷ এই বাতৰিটো অন্য ৰাজ্যত সংঘটিত হোৱা হ’লে এক আলোড়নৰ সৃষ্টি কৰিলেহেঁতেন বুলি ভাবোঁ৷ বাঘজানৰ বর্তমানৰ অৱস্থাত বাহিৰৰ পৰা অহা বিশেষজ্ঞ দলৰ জুই নুমুৱাবলৈ অলপ সময় লাগিব পাৰে বুলি ভাবোঁ৷ প্রাকৃতিক গেছ আৰু খাৰুৱা তেল দেশৰ অতি জৰুৰী খনিজ ইন্ধন সম্পদ৷
হেমন্ত বৰগোহাঁই, অৱসৰপ্রাপ্ত ভূ–তত্ত্ববিদ