নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনতৰা : জন্তুৰ কল্যাণ আৰু সংৰক্ষণৰ বাবে এক স্থায়ী ঠিকনা

তৃষ্ণা দেৱীৰ প্ৰতিবেদন, ২১ জানুৱাৰীঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰতিষ্ঠিত বনতৰা কেন্দ্ৰ, যাক ‘আম্বানী চিৰিয়াখানা’ বুলি জনা যায়। পীড়িত, আঘাতপ্ৰাপ্ত আৰু সংকটাপন্ন জন্তুবোৰৰ বাবে এক আশ্ৰয়স্থলৰ ৰূপ লৈ উঠিছে এই বনতৰা। এই চিৰিয়াখানাখন কেৱল এক চিৰিয়াখানা নহয়, বৰং এটি পূৰ্ণাঙ্গ পুনৰ্বাসন কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে উদ্ধাৰ কৰা জন্তুবোৰৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ পুনৰ নিৰ্মাণ। ইয়াত ৪৩টা প্ৰজাতিৰ ২,০০০ৰো অধিক জন্তু আছে। লগতে বনতৰাই জন্তুৰ কল্যাণৰ লগতে পৰিসৰ আৰু জীৱবৈচিত্ৰৰ গুৰুত্বৰ বিষয়ে শিক্ষাৰো সুযোগ প্ৰদান কৰে। এই কেন্দ্ৰত থকা বিশেষজ্ঞ কৰ্মচাৰীয়ে আঘাতপ্ৰাপ্ত জন্তুবোৰক চিকিৎসা আৰু পুনৰ্বাসন কামৰ পৰা আৰম্ভ কৰি জনসাধাৰণক সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষা দিছে। উল্লেখ্য যে এই বনতৰা পুনৰ চৰ্চালৈ আহিছে অসমৰ মাজেৰে অৰুণাচলৰ পৰা লৈ যোৱা ২০টা হাতীক কেন্দ্ৰ কৰি। যাক লৈ সামাজিক মাধ্যমত ফাটি পৰিছিল একাংশ। যাক লৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা সেই নিয়া হাতীকেইটা যে অসমৰ নাছিল তাক লৈ স্পষ্টীকৰণো দিছিল। আনহাতে বনতৰা জন্তুক পৰিচৰ্যা কৰাৰ নানা ভিডিঅ সামাজিত মাধ্যমত নানা ধৰণে প্ৰচাৰ হৈ থাকে। তাৰ পৰা অনুমান কৰিব পাৰি যে জন্তুৰ পৰিচৰ্যাৰ ক্ষেত্ৰত আম্বানি পৰিয়ালে যি এক সুকীয়া পৰিচয় দিছে, ইয়ে নিশ্চয় এক জাগৰণৰ সৃষ্টি কৰিব।

You might also like