আপুনি অবিবাহিত নেকি? স্বাস্থ্যত পৰিব পাৰে এনেধৰণৰ প্ৰভাৱ…
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ এগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় বৈবাহিক সম্পৰ্কই। আমি সাধাৰণতে দেখো বৈবাহিক জীৱনত সোমাৱাৰ পিছত কোনো ব্যক্তি হৈ পৰে শকত-আৱত। আনহাতে সংগীৰে হোৱা বিচ্ছেদৰ বাবে এগৰাকী লোকৰ স্বাস্থ্য পৰি যোৱা দেখা যায়। গতিকে বৈবাহিক সম্পৰ্কৰ লগত স্বাস্থ্যৰ সম্বন্ধ আছে।
স্বাস্থ্য বিজ্ঞানীৰ মতে, অবিবাহিত হৈ থাকিলে স্বাস্থ্যত সুপ্ৰভাৱৰ লগতে কুপ্ৰভাৱো পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনেছটা বিশ্ববিদ্যালয়ৰ এক গৱেষণা মতে, বিবাহিত পুৰুষ-মহিলাসকল তেওঁলোকৰ অবিবাহিত সমনীয়াতকৈ অধিক শকত হৈ পৰে। ইয়াৰ তুলনাত অবিবাহিত লোকৰ স্বাস্থ্য শ্লিম পৰ্যায়তে থাকে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, এককভাৱে থকা লোকে বিবাহিততকৈ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ প্ৰদান কৰে।
তেওঁলোকে ব্যায়াম কৰে, স্বাস্থ্যকৰ বস্তু খায় আৰু তেওঁলোকৰ জীৱনশৈলী সঠিকভাৱে বজাই ৰাখে। মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ ২০০৪ চনৰ এক অধ্যয়ন অনুসৰি, অবিবাহিত লোকে বিবাহিত লোকতকৈ অধিক ব্যায়াম কৰে। ব্ৰিটেইনত চলোৱা এক সমীক্ষা অনুসৰি, ৭৬ শতাংশ বিবাহিত পুৰুষ আৰু ৬৩ শতাংশ বিবাহিত মহিলাই সপ্তাহত ১৫০ মিনিট শাৰীৰিক ব্যায়াম কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হোৱা দেখা গৈছিল, আনহাতে এইক্ষেত্ৰত অবিবাহিত পুৰুষ-মহিলা ৩৩ শতাংশ আগত আছিল।
মেছাছুচেটছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, অবিবাহিত লোকে বিবাহিততকৈ আন লোকৰে যথেষ্ট দ্ৰুত সম্পৰ্ক গঢ়ি তুলিব পাৰে আৰু তেওঁলোকে বন্ধুত্বৰ দায়িত্বও পালন কৰিব পাৰে। কেৱল সেইটোৱে নহয়, আত্মীয় আৰু প্ৰতিৱেশীৰ সৈতে তেওঁলোকৰ সম্পৰ্কও ভাল। আন এক অধ্যয়ন অনুসৰি একক লোকে আনৰ সৈতে নিজৰ মতে কাম কৰে আৰু ভাই-ভনী বা পৰিয়ালৰ সৈতে নিকট সম্পৰ্ক বজাই ৰাখে।
আনহাতে এককভাৱে থকা লোকে বিবাহিততকৈ কম চাপ লয় আৰু মুক্তভাৱে জীৱন যাপন কৰে। ২০০৫ চনৰ মিচিগান বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, একক লোকে বিবাহিত লোকতকৈ কম ঘৰুৱা কাম কৰে। জীৱনটো অতি মুক্তভাৱে যাপন কৰে এনে লোকে। কিন্তু অবিবাহিত হৈ থকা লোকৰো আছে কিছু সমস্যা।
আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’ল’জিৰ এক অধ্যয়ন অনুসৰি, বিবাহিত লোকতকৈ অবিবাহিত লোকৰ হৃদৰোগৰ আশংকা ৫ শতাংশ অধিক। অধ্যয়নটোৱে বিবাহ বিচ্ছেদ হোৱা লোকৰ হৃদযন্ত্ৰৰ বিপদাশংকাও প্ৰকাশ কৰে। অৱশ্যে, কোনো অধ্যয়নত স্পষ্ট নহয় যে হৃদযন্ত্ৰৰ বাবে বিবাহ কৰাই ভাল। টেটেছ বিশ্ববিদ্যালয়ে ৯০০০ৰো অধিক লোকৰ ওপৰত কৰা অধ্যয়নত বিবাহিত আৰু এককভাৱে থকা লোকৰ মাজত হৃদযন্ত্ৰৰ বিপদাশংকাৰ কোনো গুৰুতৰ পাৰ্থক্য দেখা নাছিল।