নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিয়েগো মাৰাডোনাৰ বিষয়ে ৯টা নজনা কথা…

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বিশ্ব ফুটবলৰ এগৰাকী কিংবদন্তি খেলুৱৈ ডিয়েগো মাৰাডোনাই কালি মৃত্যুবৰণ কৰে। মাৰাডোনাৰ সম খ্যাতি খুব কমসংখ্যক লোকেহে অৰ্জন কৰিবলৈ সক্ষম হয়। আৰ্জেণ্টিনাৰ এইগৰাকী খেলুৱৈৰ বিষয়ে জানো আহক ৯টা কথা।

(১) ডিয়েগো আৰ্মাণ্ডো মাৰাডোনাৰ জন্ম হৈছিল ১৯৬০ চনৰ ৩০ অক্টোবৰত, আৰ্জেণ্টিনাৰ  লানাছত।

(২) ছিনিয়ৰ ডিয়েগো আৰু ডোনা টোটাৰ আঠ সন্তানৰ পঞ্চমটো সন্তান আছিল ডিয়েগো মাৰাডোনা।

(৩) ১০ বছৰ বয়সত মাৰাডোনাই যোগদান কৰিছিল আৰ্জেণ্টিনাৰ এটা অন্যতম বিখ্যাত ক্লাব চেবোলিটাছত। তাত তেওঁ জুনিয়ৰ শাখাত যোগদান কৰিছিল।

(৪) তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম খ্যাতি অৰ্জন কৰিছিল এগৰাকী আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে ১৯৮৬ চনৰ বিশ্বকাপত জিকাৰ পিছত।

(৫) তেওঁৰ কেৰিয়াৰৰ ইতিহাসত দুটা গ’ল আছিল সদায়ে স্মৰণীয়। এটা আছিল ১৯৮৬ চনত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে বাঁওহাতেৰে দিয়া গ’ল, যিটো গ’লক HAND OF GOD বুলি জনা যায়। দ্বিতীয়টো গ’ল আছিল একেখন খেলতে প্ৰথম গ’লৰ ৪ মিনিট পিছত দিয়া গ’লটো। মুহূৰ্ততে ৫গৰাকী ইংৰাজ ডিফেণ্ডাৰসহ গল ৰক্ষককো কাটি গ’ল দিয়ে মাৰাডোনাই। ২০০২ চনত ফিফাই আয়োজন কৰা ভোটিঙত এই গ’লটো শতাব্দীৰ সৰ্বাশ্ৰেষ্ঠ গ’ল ৰূপে স্বীকৃত হয়।

(৬) খেলুৱৈ জীৱনৰ মাজভাগতে ড্ৰাগছ সেৱনৰ বাবে অভিযুক্ত হৈছিল মাৰাডোনা। সেই সময়ত তেওঁক ৭০ হাজাৰ ডলাৰ জৰিমনা বিহা হৈছিল। যি জৰিমনা আদায়ৰ বাবে তেওঁ অনুৰাগীয়ে ৰাজহুৱা বৰঙণি সংগ্ৰহ কৰিছিল।

(৭) ১৯৯০ চনৰ ফিফা বিশ্বকাপত গোৰোহাৰ অসুখৰ বাবে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল মাৰাডোনাই। কিন্তু প্ৰতিপক্ষৰ হেঁচা কমা নাছিল তেওঁৰ ওপৰত। বিশ্বকাপখনত মুঠ ৫০ ফাউল হৈছিল। এখন মেচত অভিলেখসংখ্য়ক ২৩টা ফাউলৰ ঘটনা সংঘটিত হৈছিল।

(৮) কিউবা বিপ্লৱৰ প্ৰতি মাৰাডোনাৰ আছিল বিশেষ দৃষ্টিভংগী। কিউবা বিপ্লৱৰ দুগৰাকী নেতা চে গুৱেভাৰা আৰু ফিডেল কাষ্ট্ৰোৰ ছবি টাটু কৰিছিল দেহত। আনহাতে তেওঁৰ আত্মজীৱনী মই ডিয়েগো মাৰাডোনা উছৰ্গা কৰিছিল কিউবাৰ নামত।

(৯) ২০০৭ চনত ইৰান আমেৰিকাৰ কূটনৈতিক সংঘাতৰ পৰিপ্ৰেক্ষিতত নিজৰ এটা টি ছাৰ্টত অটোগ্ৰাফ লিখি ইৰানৰ জনতাৰ প্ৰতি তেওঁৰ মমতা প্ৰকাশ কৰিছিল। এই পোছাক ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ সংগ্ৰহালয়ত সজাই থোৱা হয় ৰাজহুৱা প্ৰদৰ্শনৰ অৰ্থে।

You might also like