নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল মাত্ৰ তৃষ্ণা নিবাৰণ নে? কুঁহিয়াৰৰ ৰসে আঁতৰাব পাৰে এইবোৰ সমস্যা

বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ গৰম পৰিল। বাটৰ কাষত এতিয়া কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা ব্যৱসায়ীসকলক দেখা যাব। গ্রীষ্মৰ দাহনৰ পৰা অলপ শান্তি পাবলৈ বহুতেই খায় কুঁহিয়াৰৰ ৰস। কিন্তু জানেন কেৱল মাত্ৰ তৃষ্ণা নিবাৰণেই নহয়, কুঁহিয়াৰৰ ৰসত আছে এনে বহু গুণ যিয়ে স্বাস্থ্যৰ পক্ষেও ভাল। বিশেষজ্ঞই কোৱা তেনে কেইটামান কথা চাওঁ আহক-

১। ছাল আৰু চুলি ভালে ৰখা: বিশেষজ্ঞৰ মতে কুঁহিয়াৰৰ ৰসত থাকে মেগনেছিয়াম, আয়ৰণসহ একাধিক খনিজ পদার্থ। ছালখন ভালে ৰাখিবলৈ ও তেজৰ সঞ্চালন ঠিকে ৰাখিবলৈ এই খনিজ পদার্থৰ গুৰুত্ব অসীম। সমান্তৰালকৈ কুঁহিয়াৰৰ ৰসত থাকে আলফা হাইড্রক্সি এচিড, যিয়ে ছালখন ভালে ৰখাত সহায় কৰে, কমায় ব্রণৰ সমস্যা। মূৰৰ সমস্যা আঁতৰোৱাত বিশেষ ভূমিকা আছে বুলি বিশেষজ্ঞসকলে কয়। ফলত ভালে থাকে চুলি।

২। সংক্রমণ কমায়: কুঁহিয়াৰৰ ৰস ‘ডাই ইউৰেটিক’। ফলত শৰীৰৰ পৰা একাধিক বিষাক্ত পদার্থ দূৰ কৰাত সহায় কৰিব পাৰে কুঁহিয়াৰৰ ৰসে। লিভাৰ ভালে ৰাখিবলৈও ঘৰত কুঁহিয়াৰৰ ৰস খোৱাৰ প্রচলন আছে। বিশেষকৈ জণ্ডিচ ৰোগীৰ সম্পূর্ণ সুস্থতাৰ বাবে কুঁহিয়াৰৰ ৰস পথ্য হিচাবে ব্যৱহাৰ হয়।

৩। প্রজনন সমস্যাৰ সমাধান: আধুনিক গৱেষণাত কোৱা হৈছে, নাৰী আৰু পুৰুষ উভয়ৰে ক্ষেত্রত প্রজননৰ নানা সমস্যাৰ সমাধানত বৰ প্ৰয়োজন গুণকাৰী কুঁহিয়াৰৰ ৰস। সম্প্রতি এটি গৱেষণাত কোৱা হৈছে পুৰুষৰ বীর্যত শুক্রাণুৰ সংখ্যা বঢ়াবলৈ আৰু মহিলাৰ সন্তান প্রসৱত সহায় কৰে কুঁহিয়াৰৰ ৰসে। আনকি, স্তনদুগ্ধ নিঃসৰণতো কুঁহিয়াৰৰ ৰসে সহায় কৰে বুলি কয় বিশেষজ্ঞসকলে।

৪। কোষ্ঠকাঠিন্য হ্ৰাস: কুঁহিয়াৰত আছে প্রচুৰ পৰিমাণে ফাইবাৰ। কোষ্ঠকাঠিন্যৰ সমস্যা সমাধানৰ প্রধান হাতিয়াৰ হ’ল ফাইবাৰ তথা আঁহ সমৃদ্ধ খাদ্য।

৫। কিডনী ভালে ৰখা: কুঁহিয়াৰৰ ৰসত কোলেষ্টৰেলৰ মাত্রা খুব বেছি নহয়। আনকি ইয়াত ছডিয়াম তথা অসম্পৃক্ত স্নেহ পদার্থও প্রায় নাথাকে। ফলত এই পানীয়ই কিডনীৰ ওপৰত চাপ কমায়। সেয়ে উপকাৰ পাবলৈ সতেজ ৰস খোৱা বেছি দৰকাৰী।

You might also like