নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যাবৃত্ত বার্মুডা ট্রায়েংগললৈ ফুৰিব যাব নেকি, নিয়াৰ দায়িত্ব ল’ব এটা ক্ৰুজ প্ৰতিষ্ঠানে, জাহাজ উভতি নাহিলে…

বিশেষ বাৰ্তা, ৩০ মেঃ বাৰ্মুডা ট্রায়েংগল বা বাৰ্মুডা ত্ৰিভুজ, নাম শুনিলেই গা শিয়ঁৰি উঠে। আজিও আটলান্টিক মহাসাগৰৰ সেই অতল ত্রিভুজৰ ৰহস্য আধৰুৱা। তালৈ এবাৰ গ’লে কোনেও আৰু উভতি আহিব নোৱাৰে। ডাঙৰ ডাঙৰ জাহাজ, উৰা জাহাজ সকলো নোহোৱা হৈ যায় এই বার্মুডাৰ গহ্বৰত। আৰু সেই ৰহস্যাবৃত্ত বার্মুডা ট্রায়েংগলতেই ফুৰাবলৈ নিয়াৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ এটা ক্রুজ কোম্পানীয়ে। লগতে গেৰেন্টীও লৈছে জাহাজ উধাও হ’লে সমস্ত ধন ওভোতোৱাৰ।

নৰৱেজিয়ান প্রাইমা লাইনাৰ নামৰ ক্রুজ কোম্পানীয়ে সম্প্রতি এনেকুৱাই অদ্ভূত ঘোষণা কৰি সংবাদ শিৰোনামলৈ আহিছে। নিউয়র্কৰ পৰা তেওঁলোকৰ জাহাজ যাব বার্মুডালৈ। যদি ৰহস্যময় ত্রিভুজত জাহাজ অন্তৰ্ধান হয় তেন্তে এই যাত্ৰাৰ সমস্ত টকা ওভোতাই দিয়াৰ আশ্বাস দিছে প্ৰতিষ্ঠানটোৱে। কিন্তু ঘোষণা শুনি সকলোৱে বেছিকৈ আচৰিতহে হৈছে। জাহাজখন যদি সঁচাকৈয়ে অন্তৰ্ধান হয় তেন্তে টকা ওভোতাই ল’ব কোনে? জাহাজৰ সৈতে যাত্ৰীও যে নোহোৱাই হ’ব দেখোন। কিন্তু জাহাজ নেহেৰুৱায়, আশ্বস্ত কৰিছে ক্রুজ প্ৰতিষ্ঠানটোৱে। বার্মুডাত তেওঁলোকৰ জাহাজ হেৰুওৱাৰ কোনো সম্ভাৱনাই নাই।

কেৰিবিয়ান দ্বীপপুঞ্জৰ ঠিক কাষতে আটলান্টিক মহাসাগৰৰ বুকুত ৫ লাখ স্কোৱাৰ মাইল এলেকা জুৰি আছে এই ৰহস্যময় ট্রায়েংগল। বার্মুডা, পুয়ের্টো ৰিকো আৰু মায়ামি এই ত্রিভুজৰ তিনিটা কোণ। ইয়ালৈ গ’লে আজিলৈ কোনো উভতি অহা নাই। আমেৰিকাৰ জাহাজৰ পৰা আৰম্ভ কৰি আফ্রিকাৰ প্লেন, যিয়ে এবাৰ বাট ভুল কৰিছে তেওঁলোকৰ আৰু সন্ধান ওলোৱা নাই। এনে এক ভয়ানকঠাইলৈ ফুৰিবলৈ নিয়াৰ দায়িত্ব লৈছে মার্কিন ক্রুজ প্ৰতিষ্ঠানটোৱে।

You might also like