নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPSC CSE 2021: অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা; প্ৰথম চাৰিটা স্থানত মহিলা প্ৰাৰ্থী

নিয়মীয়া বাৰ্তা, ৩০ মে’:  আজি কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰিলে অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ চূড়ান্ত ফলাফল। আজি আয়োগে জাৰি কৰা অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইউ পি এছ চি ২০২১ ৰ শীৰ্ষ চাৰিটা স্থানত মহিলা প্ৰাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। সেই অনুসৰি প্ৰথম স্থান লাভ কৰিছে শ্ৰুতি শৰ্মাই (ৰোল নং ০৮০৩২৩৭)। দ্বিতীয় স্থান লাভ কৰে অংকিতা আগৰৱালা (ৰোল নং ০৬১১৪৯৭), তৃতীয় স্থান লাভ কৰে গামিনি চিংলা (ৰোল নং ৩৫২৪৫১৯), চতুৰ্থ স্থান লাভ কৰে ঐশ্বৰ্য ভাৰ্মা (ৰোল নং ৫৪০১২৬৬) আৰু পঞ্চম স্থান লাভ কৰে উৎকৰ্ষ দ্বিবেদীয়ে (ৰোল নং ০৮০৪৮৮১)।

উল্লেখ্য যে কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২১ চনৰ ৪ মাৰ্চত অসামৰিক সেৱা পৰীক্ষা ২০২১ৰ অধিসূচনা প্ৰকাশ কৰিছিল। ২৪ মাৰ্চ শেষ তাৰিখলৈকে আবেদন কৰাৰ পিছত ২৭ জুনত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ২৯ অক্টোবৰত ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। তাৰ পিছত ২০২২ চনৰ ৭ ৰ পৰা ১৬ জানুৱাৰীলৈ মূল পৰীক্ষা অনুষ্ঠিত কৰি ১৭ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হয়। ইয়াৰ পিছত ২০২২ চনৰ ৫ এপ্ৰিলৰ পৰা ২৬ মে’লৈকে ইণ্টাৰ্ভিউ অনুষ্ঠিত হৈছিল।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক সেৱা পৰীক্ষা ২০২১ত সফলতাৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলক অভিনন্দন জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “অসামৰিক সেৱা (মুখ্য) পৰীক্ষা ২০২১ত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনাইছোঁ। ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সময়ত প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ কৰা এই যুৱক-যুৱতীসকলক মোৰ শুভেচ্ছা। আনহাতে, প্ৰধানমন্ত্ৰীয়ে অসফল প্ৰাৰ্থীসকলক উৎসাহিত কৰি কয়, “যিসকলে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে, তেওঁলোকৰ হতাশা মই সম্পূৰ্ণৰূপে বুজি পাইছোঁ। কিন্তু মই এইটোও জানো যে এইসকল একো একোজন অসামান্য যুৱক, যিয়ে যিকোনো ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাই ভাৰতক গৌৰৱান্বিত কৰিব। তেওঁলোকলৈ মোৰ শুভেচ্ছা।”

You might also like