অসম–মেঘালয় সীমান্তৰ ওচৰেৰে বৈ আহঁোতে মেঘালয়ৰ পাহাৰৰ পানীখিনি বুকুত বান্ধি কঢ়িয়াই লৈ আহে বাহিনী নৈখনে৷ পানী কঢ়িয়াই বা বহন কৰি আনে বাবেই চাগে’ নামটো বাহিনী৷ গুৱাহাটীৰ দক্ষিণ–পূব অঞ্চলৰ পৰা বিভিন্ন এলেকাৰ মাজেৰে অকাই–পকাই আহি ৰাধাগোবিন্দ বৰুৱা পথৰ পূবফালেৰে ৰাজ্যিক চিৰিয়াখানাৰ পিনে গতি কৰে৷ ৰাধাগোবিন্দ বৰুৱা পথৰ ‘জোনালী’ত এই পথ অতিক্রম কৰি পশ্চিম দিশে ৰাওনা হয় ভৰলু নামেৰে৷ তাৰ পৰা অনিল নগৰ, ভঙাগড, উলুবাৰী, চেৰাপভাতী হৈ ভৰলুমুখত গৈ ব্র্রহ্মপুত্রত বিলীন হয়৷ এই সুদীর্ঘ পৰিক্রমাত বাহিনী–ভৰলু দদাতিকাষৰীয়া অঞ্চলবোৰৰ বাবে এসময়ত এক জীৱনদায়িনী শক্তিৰূপে চিহ্ণিত হৈ আহিছিল যদিও এতিয়া গুৱাহাটীবাসীৰ বাবে চকুপানীৰ কাৰণ হৈ পৰিছে৷ একে উশাহতে আমি বৰঞ্চ এইটোহে ক’ব পাৰোঁ যে বাহিনী আৰু ভৰলুৱে মানুহৰ কৃতকর্মৰ ফল ভুগি এতিয়া নীৰৱে চকুলো টুকিছে৷
১৯৫০–৬০ চন মানলৈকে নৈ দুখনৰ অৱস্থা আজিৰ নিচিনা শোচনীয় নাছিল৷ কুলু কুলু সুৰে পানী বৈ গৈছিল আৰু নৈৰ পানীও পৰিষ্কাৰ আছিল৷ সেই যুগৰ ডেকাহঁতে বোলে লগ হৈ তাত সাঁতুৰি–নাদুৰি ধেমালি কৰিছিল আৰু মাছ ধৰিছিল৷ আজিৰ নৈখন দেখিলে এইবোৰ কথা কিবা সাধুকথা যেন লাগে৷ ভাবিলে আচৰিত লাগে, যোৱা পাঁচ বা ছটা দশকত আমি গুৱাহাটীৰ নাগৰিকে মিলি কেনেকৈ নৈ এখনক এটা নলালৈ পৰিৱর্তন কৰিলোঁ৷ বাহিৰৰ পৰা অহা মানুহক কিবা কথাত কিবা বুজাবলৈ হ’লে যদি নৈৰ কাষেৰে বুলি কওঁ, ওলোটাই সোধে নৈ মানে কি নলাটোক বুজাইছেছা নেকি? মনটো মৰি যায়৷ বৰ দুখ লাগে৷
আজিৰ তাৰিখত বাহিনী–ভৰলুৰ দুয়োকাষ আবর্জনা–জাৱৰেৰে ভৰা আৰু চাৰিওফালে এক পুতিগন্ধময় পৰিৱেশ৷ ইয়াৰ বাবে আমিয়েইতো জগৰীয়া৷ ঘৰৰ, বাহিৰৰ, পদূলিমুখৰ, ৰাস্তাৰ জাবৰ–জেজাথৰবোৰ নলা–নর্দমাত দলিয়াও, তাৰ পাৰ গৈ নৈত পৰে৷ অথবা নৈৰ বুকুলৈ নিক্ষেপ কৰোঁ৷ আমি এবাৰো ভাবি নাচাও ইয়াৰ ফলাফল কি হ’ব পাৰে৷ বিশেষকৈ, প্লাষ্টিকজাতীয় আৱর্জনাবোৰে নৈখনৰ বহন ক্ষমতা সম্পূর্ণ নোহোৱা কৰি দিয়ে সোঁতত বাধা প্রদান কৰি৷ গুৱাহাটীবাসীৰ এই অত্যাচাৰৰ ফলত দুয়োখন নৈয়েই কোঙা হৈ পৰিছে৷ নৈৰ বুকু বাম হৈ গ’ল৷ ফলত এজাক বৰষুণতে নৈখন উপচি পৰি দুয়োপাৰ পানীৰে বুৰাই পেলায়৷ পানী মানে অতি লেতেৰা ক’লা ৰঙৰ দুর্গন্ধময় বোকাপানী৷ তাত যোগ হয় চহৰৰ নলা–নর্দমাৰ পানী, জাবৰ আৰু বোকা৷ এই কদর্যময় পৰিৱেশ বীজাণু সংক্রমণৰ সহায়ক হৈ নানা ৰোগৰ উৎপত্তিৰ কাৰণ হৈ পৰে৷
গুৱাহাটী পৌৰ নিগমে বহু উপায় হাতত লৈছে এই সমস্যা সমাধানৰ বাবে৷ গুৱাহাটীৰ প্রায়বোৰ অঞ্চলতে এক নির্দিষ্ট ব্যৱধানত পথবোৰত যথেষ্ট পৰিমাণে জাবৰ পেলোৱা বাকচ, ডাষ্টবিন আদিৰ ব্যৱস্থা কৰিছে আৰু নিয়মিতভাৱে পৌৰ নিগমৰ চাফাই কর্মচাৰীয়ে এই জমা হোৱা জাবৰখিনি ড্রাকত ভৰাই লৈ যায় নির্দিষ্টdumping ground লৈ৷ কিন্তু সমস্যা বহুত৷ পৌৰ নিগমে যোগান ধৰা জাবৰ পেলোৱা বাকচবোৰ পর্যাপ্ত পৰিমাণৰ নহয়৷ তদুপৰি বহু মানুহে জাবৰ পেলোৱাৰ সময়ত দলিয়াই দিয়ে বাবে নির্দিষ্ট বাকচত নপৰি পথৰ ওপৰতে পৰি এক বীভৎস পৰিৱেশ সৃষ্টি হয়৷ চাফাই কম্ৰ অনিয়মীয়া কাম, মাজে–সময়ে দৰমহা নোপোৱা বা তেনে কোনো কাৰণত ধর্মঘট, ঠিকাদাৰৰ মইমতালি আদিৰ বাবে জাবৰ গোটাই লৈ যোৱা কামত ব্যাঘাত জন্মে৷ জাবৰ গোটাওতে অলপ এৰি থৈ যোৱা, দিনত যান–বাহনৰ ভিৰৰ সময়ত জাবৰ নিয়া গাডীবিলাকৰ বেপৰোৱা স্বভাৱ আৰু দৌৰাত্ম্য বৰ দৃষ্টিকটু হৈ পৰে৷ সেয়া আন এক অধ্যায়৷
বাহিনী–ভৰলুত জমা হোৱা জাবৰ, আৱর্জনা, মেটেকা, বোকামাটি আদি গুৱাহাটী পৌৰ নিগমে বাৰিষাৰ আগে আগে যোৱা প্রায় কেইবছৰমানৰ পৰা উভচৰী খনন যন্ত্রৰে Amphibian excavator) নৈৰ বুকু আৰু পাৰ খান্দি পৰিষ্কাৰ কৰা দেখা যায়৷ কিন্তু এয়া অস্থায়ী সমাধানহে৷ কাৰণ বাৰিষা অহাৰ লগে লগে পুনৰ একে অৱস্থাৰ সৃষ্টি হয়৷ এয়া নহ’বলৈ কিছুমান স্থায়ী ব্যৱস্থাৰ প্রয়োজন৷ এইবোৰ হ্রস্বকালীন আৰু দীর্ঘকালীন ব্যৱস্থা হ’ব লাগিব৷ নৈখন খন্দাৰ লগতে দুয়োপাৰ বন্ধাৰ লগতে জাবৰ যাতে কোনেও পেলাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব৷ প্রথম দৃষ্টিত নৈৰ দুয়োপাৰে ওখলৈ নেট আৰু গ্রীলেৰে আগুৰি দিব পাৰিলে আটাইতকৈ ভাল হয়৷ অৱশ্যে এইটো কৰিবলৈ বহুখিনি অর্থ ব্যয় কৰিব লাগিব৷ নৈত জাবৰ পেলোৱা মানুহ বা ঘৰক জৰিমনা ভৰাব লাগিব৷ তাৰ পৰাও কিছু অর্থ উপার্জন হ’ব আৰু ৰাইজেও সমস্যাটো গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হ’ব৷ জাবৰ পেলোৱা বিষয়টোত অৱশ্যেই ৰাইজৰ, বিশেষকৈ নৈপৰীয়া ৰাইজৰ সহায়–সহযোগিতা অতিকৈ প্রয়োজন৷ আমি চহৰবাসী ৰাইজ এই বিষয়ে বহু সচেতন হ’ব লাগিব৷ সজাগতাই হ’ল সফলতাৰ বাটৰ আটাইতকৈ কঠিন আৰু প্রথম পদক্ষেপ৷ নাগৰিকসকলে, বিশেষকৈ যিসকলে নৈৰ পাৰতে বাস কৰে, তেওঁলোক সম্পূর্ণ সচেতন হৈ জাগ্রত আৰু অতন্দ্র প্রহৰীৰূপে থিয় হ’ব লাগিব৷ নজৰ দিব লাগিব যাতে কোনেও জাবৰ আদি নৈৰ বুকুলৈ দলিয়াই থৈ যাব নোৱাৰে৷ কোনোবাই দলিয়ালেও তেনে লোকক বুজাব পাৰিব লাগিব সেয়া নকৰিবলৈ৷ বাহিনী–ভৰলু নৈ দুখন পৰিষ্কাৰ কৰি ৰাখিলে যে আমাৰ আটাইৰে বাবে মংগলজনক সেই কথা বুজাব পাৰিব লাগিব৷ নৈৰ পাৰতে পদপথত ব্যৱসায় কৰা ক্ষুদ্র ব্যৱসায়ীসকলকো এই বিষয়ে সজাগ কৰা অতি প্রয়োজনীয়৷ তেওঁলোকৰ দোকানৰ চাহ খোৱা প্লাষ্টিকৰ গিলাচ–বাটি, মাছ–মাংস বেপাৰীৰ পেলনীয়াখিনি, শাক–পাচলিৰ বেপাৰীৰ অৱশিষ্ট আৱর্জনাবোৰ নৈলৈ নিক্ষেপ নকৰি থুপ কৰি থৈ ওচৰৰে পৌৰ নিগমে যোগান ধৰা জাবৰৰ বাকচত পেলাব পাৰে৷ তদুপৰি এই ক্ষুদ্র ব্যৱসায়ীসকলে যিহেতু প্রায় গোটেই দিনটো একে ঠাইতে বহি ব্যৱসায় চলায়, তেওঁলোককো আমি সমস্যাটোৰ বিষয়ে সচেতন কৰি তুলিব পাৰোঁ আৰু তেওঁলোকেও প্রহৰী হিচাপে কাম কৰিব পাৰে৷ সমাজৰ ডেকাচাম আগুৱাই আহিলেতো কথাই নাই৷ সোণত সুৱগা চৰা যেন হ’ব৷ ডেকাচামে নির্লিপ্ত হৈ বহি নাথাকি যদি পূর্ণোদ্যমেৰে আগবাঢ়ে, তেন্তে এই অসাধ্য যেন লগা কাম সহজসাধ্য হৈ পৰিব৷ কথাতে কয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়৷
নৈৰ দুয়োকাষে ডাঙৰ–সৰু ফল–ফুলৰ গছ ৰুলে দৃষ্টিনন্দন হোৱাৰ উপৰি বায়ু প্রদূষণো বহুখিনি ৰোধ হ’ব৷ ইয়ে নৈৰ পাৰৰ খহনীয়াও প্রতিৰোধ কৰিব৷ অৱশ্যে ফুল ৰুবলৈ স্থানো লাগিব৷ আন উপায় নাথাকিলে ওলমা বাগিচা ধৰণৰ কিবা এটাও কৰিব পাৰি৷ য’ত ঠাই আছে বা য’ত সুবিধা কৰি ল’ব পাৰি, তাত দুই–এখন বেঞ্চ দিলে পুৱা–গধূলি বয়োজ্যেষ্ঠসকলে এক নৈসর্গিক আনন্দ লৈ সময় কটাব পাৰিব৷ অকল বয়োজ্যেষ্ঠই নহয়, সকলো শ্রেণীৰ সকলো বয়সৰ মানুহৰ বাবে ই হৈ পৰিব এক আকর্ষণীয় স্থল৷
আন এটা মন কৰিবলগীয়া গুৰুত্বপূর্ণ কথা৷ ৰাধা গোবিন্দ বৰুৱা পথৰ সমান্তৰালকৈ বাহিনী নৈৰ পূব পাৰেদি সুন্দৰপুৰ মুখ্য পথ আৰু ১৮নং পূব উপ–পথত থকা দলং দুখন সংযোগ কৰি এটা সংযোগী পথ Service Road) আছে৷ এই পথতে প্রাগ্ চেনেলৰ ৰেঙনিৰ ষ্টুডি’টো আছে, য’ত বেহাৰবাৰী আউটপোষ্ট আদি জনপ্রিয় ধাৰাবাহিকবোৰৰ শ্বুটিং হয়৷ এই সংযোগী পথটো প্রায় তিনিশ মিটাৰ দৈর্ঘ্যৰ৷ সঁচা–মিছা নাজানোঁ, কিন্তু বহু দশক আগতে গণেশগুৰিৰ পৰা চানমাৰিলৈকে বাহিনী নৈ আৰু অইল নলাৰ পাৰেদি এনে এটা পথ আছিল বুলি বহুতে কয়৷ সেই পথৰে অৱশিষ্ট এইখিনি ৰৈছেগৈ চাগে’৷ যি কি নহওক, বর্তমানেও থকা এই পথছোৱা যদি পৌৰ নিগম বা গডকাপ্ঢানী বিভাগে গার্ডৱাল দি অতি সোনকালে মেৰামতি নকৰে, তেন্তে ইয়াৰ কিছু অংশ হ’লেও বাহিনীত অচিৰে জাহ যাব৷ চৰকাৰৰ এই বিষয়ত মনোনিৱেশ নিতান্তই আৱশ্যক৷ এইখিনিতে এটা কথা উনুকিয়াব পাৰি যে প্রাগ্ চেনেলৰ পিনৰ পৰা এই কম দৈর্ঘ্যৰ সংযোগী পথটোত বাহিনীৰ পাৰে পাৰে কিছু বকুল ফুলৰ গছ ৰুই প্রতিপালনো কৰিছে৷ তেওঁলোকৰ এই কার্য অনুকৰণীয় আৰু প্রশংসনীয়৷
গুৱাহাটী মহানগৰখন অতি লেতেৰা মহানগৰ ৰূপে ইতিমধ্যে চিহ্ণিত হৈছে৷ ভাৰতৰ চহৰবোৰৰ ভিতৰত পৰিষ্কাৰ–পৰিচ্ছন্ন সূচাংকত গুৱাহাটীৰ নাম বহুত তলত৷ আমি যদি বাহিনী আৰু ভৰলু নৈ দুখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, তেন্তে বিদেশৰ কিছুমান নগৰীয়া নৈৰ দৰে ইয়াতো নৌকা বিহাৰ কৰা একো ডাঙৰ কথা নহ’ব৷ আমষ্টাৰডাম চহৰ অথবা বেলজিয়ামৰ ব্রুজ্ Brugges) চহৰৰ ধুনীয়া (কেনেল) নদীপথবোৰ দেখিলে বাহিনী আৰু ভৰলুৰ বর্তমানৰ চাব নোৱাৰা ছবিবোৰে মনত বৰ দুখ দিয়ে৷
ভৰলুত নৌকা বিহাৰৰ কথা অলীক সপোন, বিশেষকৈ আমাৰ জীৱিত কালত হৈ উঠা একেবাৰে অসম্ভৱ৷ কিন্তু মানুহে সপোন দেখিব পাৰে, সপোন দেখাত কোনো বাধা নাই৷ কি ঠিক সপোন কিজানি দিঠক হয়েই৷
এই সপোন দিঠকত পৰিণত কৰিবলৈ ৰাইজ আৰু চৰকাৰে একেলগে নিষ্ঠাৰে হাতত হাত ধৰি কাম কৰিব লাগিব, আগুৱাই যাব লাগিব৷ চৰকাৰী বিভাগসমূহৰ হাত নধৰাকৈ আর্থিক অনুদান আৰু ৰাইজৰ বলিষ্ঠ সহযোগিতাইহে এনে এক অভিযান৷প্রকল্প ৰূপায়ণ কৰিব পাৰিব৷ আমাৰ বর্তমানৰ উদ্যমী মুখ্যমন্ত্রীগৰাকীয়ে এই বিষয়ত মন দিলে বৰ ভাল হ’ব৷ কাৰণ, তেখেতে মন কৰিলেই ছন হয়৷