নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলু নৈক প্রাণৱন্ত কৰাৰ লক্ষ্য পৌৰ আয়ুক্তৰ

-আব্দুল হালিম

 গুৱাহাটী মহানগৰীৰ অন্যতম মৌলিক সমস্যা হিচাপে বিবেচিত হৈছে কৃত্রিম বান৷ বিভিন্ন উদ্যোগ প্রতিষ্ঠানৰ লগতে একাংশ লোকে জলাশয় পুতি অপৰিকল্পিতভাৱে ডাঙৰ ডাঙৰ অট্টালিকা নির্মাণ কৰাত বিগত কেইবাবছৰ ধৰি কৃত্রিম বানে মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ কৃত্রিম বানৰ কবলত পৰি ইতিপূর্বে কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ তদুপৰি প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণতে মহানগৰীৰ বাট–পথ বুৰ যোৱাত মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভোগ কৰি অহাৰ সমান্তৰালকৈ বহু ব্যৱসায়িক প্রতিষ্ঠানত পানী সোমাই লাখ লাখ টকাৰ সা–সামগ্রী নষ্ট হোৱাত ব্যৱসায়ীসকলৰ লোকচান হৈছে৷ ইপিনে, মহানগৰীৰ এই কৃত্রিম বানক লৈ বিগত সময়ছোৱাত ৰাজ্য চৰকাৰসমূহে এখনৰ পিছত আনখন আঁচনি গ্রহণ কৰি ৰাজ্যৰ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও মহানগৰীক বানমুক্ত কৰিবলৈ সক্ষম হোৱা নাই৷ কৃত্রিম বান নিয়ন্ত্রণৰ নামত বছৰৰ পিছত বছৰ ধৰি কেৱল ৰাজকোষৰ ধন ব্যয় কৰি একাংশ দুর্নীতিগ্রস্ত বিষয়া আৰু ঠিকাদাৰী প্রতিষ্ঠানক ধনৰ পাহাৰ গঢ়াত চৰকাৰে সুবিধা দি আহিছে৷ মহানগৰীৰ কৃত্রিম বান একাংশৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে৷ চৰকাৰে প্রতিবছৰে কৃত্রিম বান নিয়ন্ত্রণৰ নামত কোটি কোটি টকা মোকলাই দিছে যদিও গুৱাহাটী পৌৰ নিগম আৰু জিএমডিএ কর্তৃপক্ষই এই ধনৰ সঠিক ব্যৱহাৰত চূড়ান্ত ব্যর্থ হৈছে৷ ফলত প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত মহানগৰবাসীয়ে কৃত্রিম বানৰ কবলত পৰি ককবকাবলগীয়া হৈছে৷ বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত মহানগৰবাসীয়ে পৰিৱর্তনকামী চৰকাৰৰ দিনত কৃত্রিম বানৰ পৰা সকাহ পাব বুলি ধাৰণা কৰিছিল যদিও বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ প্রথমটো কার্যকালত সেয়া সম্ভৱ হৈ নুঠিল৷ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা সেই সময়ৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে ন ন পৰিকল্পনা গ্রহণ কৰিলে যদিও সেইসমূহক বাস্তৱ ৰূপ দিয়াত মন্ত্রীগৰাকী ব্যর্থ হ’ল৷ এনেকৈ পাঁচটা বছৰ পাৰ কৰাৰ পিছত পুনৰ ৰাজ্যবাসীয়ে মিত্রজোঁটৰ চৰকাৰক দ্বিতীয়টো কার্যকালৰ বাবে ক্ষমতাত বহুৱালে৷ মিত্রজোঁটৰ চৰকাৰৰ দ্বিতীয়টো কার্যকালত ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে কার্যভাৰ গ্রহণ কৰিয়েই জনগণৰ আশা–আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ পণ লৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰি যোৱা দেখা গৈছে৷ একেদৰে অসমক দেশৰ উন্নত ৰাজ্যসমূহৰ পাঁচখনৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ সকলো বিভাগৰে সঘনাই বৈঠকত মিলিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে বিভাগীয় মন্ত্রীসকলক নির্দেশ দিয়া পৰিলক্ষিত হ’ল৷ ইয়াৰ লগে লগে ৰাজ্যৰ প্রাণকেন্দ্র গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে মহানগৰবাসীয়ে দীর্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে বিভাগীয় মন্ত্রী অশোক সিংহলক নির্দেশ দিলে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে জিএমডিএ, জিএমচি, জিলা প্রশাসন আৰু স্মার্ট চিটী প্রকল্পৰ উচ্চপদস্থ বিষয়া–কর্মচাৰীৰে বৈঠকত মিলিত হৈ মহানগৰীক প্রাণৱন্ত কৰি তুলিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিলে৷ জিএমচিৰ নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কার্যভাৰ গ্রহণ কৰি মহানগৰীক প্রাণৱন্ত কৰি তোলাত গুৰুত্ব আৰোপ কৰিলে৷ বিশেষকৈ মহানগৰবাসীয়ে বছৰ বছৰ ধৰি ভোগ কৰি অহা কৃত্রিম বানৰ স্থায়ী সমাধান, বিশুদ্ধ খোৱাপানী আৰু সৌন্দর্যবর্ধনৰ ওপৰত পৌৰ আয়ুক্তগৰাকীয়ে সর্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল৷ প্রথম পর্যায়ত কৃত্রিম বান নিয়ন্ত্রণত মনোনিৱেশ কৰি পৌৰ আয়ুক্তগৰাকীয়ে দিন–ৰাতি একাকাৰ কৰি নলা–নর্দমা নিষ্কাশনৰ কাম আৰম্ভ কৰিলে৷ মহানগৰীত কৃত্রিম বান নিয়ন্ত্রণৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপ সন্দর্ভত পৌৰ আয়ুক্তগৰাকীয়ে কয় যে কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ হ’লে নিয়মিতভাৱে নলা–নর্দমা, ভৰলু আৰু বাহিনী নৈ পৰিষ্কাৰ কৰিব লাগিব৷ মহানগৰবাসীৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ লগতে নলা বা পথত যাতে জাবৰ পেলাই সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে প্রতিজন লোক সচেতন হ’ব লাগিব৷ ভৰলুৰ দুয়োকাষে হোৱা বেদখলৰ সমস্যা দূৰ কৰি কোনো লোকে যাতে জিএমচি অথবা জিএমডিএৰ বিনা অনুমতিত ভৰলু নৈৰ কাষত নির্মাণকার্য চলাব নোৱাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ক্রমাৎ ঠেক হৈ পৰা ভৰলু নৈখন পুনৰুদ্ধাৰৰ বাবে জিএমচিয়ে সকলো প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰি নৈখনৰ বোকা–আৱর্জনা বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰিব বুলি পৌৰ আয়ুক্তগৰাকীয়ে মতামত ব্যক্ত কৰে৷ ভৰলু নৈৰ পানী বহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে নির্দিষ্ট সময়ৰ মূৰে মূৰে আৱর্জনা নিষ্কাশন কৰাৰ উপৰি কোনো লোকে যাতে জধে–মধে জাবৰ ভৰলুত পেলাব নোৱাৰে, তাৰ বাবে দাঁতিকাষৰীয়া লোকসকলৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব৷ এই ক্ষেত্রত চৰকাৰৰ নির্দেশ মর্মে পৌৰ নিগমে বিভিন্ন পৰিকল্পনা প্রস্তুত কৰা বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে আৰু পর্যায়ক্রমে সেইসমূহ ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰে৷ ইপিনে, মহানগৰীৰ সৌন্দর্যবর্ধনৰ প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই কেতবোৰ নতুন পৰিকল্পনা প্রস্তুত কৰা বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ বিশেষকৈ গুৱাহাটী মহানগৰখনক পৰিষ্কাৰকৈ ৰখাৰ বাবে নিয়মিত জাবৰ সংগ্রহ কৰাৰ লগতে পথৰ ওপৰত যাতে কোনো লোকে জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, তাৰ ওপৰত অধিক গুৰুত্ব দিব জিএমচিয়ে৷ অৱশ্যে এই ক্ষেত্রত মহানগৰবাসীয়ে পৌৰ নিগমক সহযোগ কৰিব লাগিব বুলি তেওঁ জানিবলৈ দিছে৷ তদুপৰি মহানগৰীক বিশেষ মাত্রা দিবলৈ জিএমডিএ, লোকনির্মাণ আৰু অন্যান্য বিভাগৰ বিষয়া–কর্মচাৰীয়ে সমন্বয়ৰ মাজেৰে কাম কৰাৰ পোষকতা কৰে পৌৰ আয়ুক্তগৰাকীয়ে৷ ইপিনে, জিএমচিৰ অধীনত ৰূপায়ণ কৰিবলগীয়া প্রায়বোৰ আঁচনি যিহেতু শ্রমিকসকলৰ পোনপটীয়া সহযোগত সম্পন্ন কৰিব লাগিব, সেয়েহে তেওঁ শ্রমিক আৰু বিষয়া–কর্মচাৰীৰ মাজৰ সম্পর্ক উন্নত কৰাৰ পোষকতা কৰে৷ জিএমচিৰ অধীনত কর্মৰত প্রতিজন শ্রমিকৰ সৈতে সকলো বিষয়া–কর্মচাৰীয়ে যাতে বন্ধুত্বপূর্ণ মনোভাবেৰে কাম কৰি গুৱাহাটীৰ প্রতিটো সমস্যা সমাধান কৰিব পাৰে, তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে৷ পৰিকল্পিতভাৱে সকলো বিষয়া–কর্মচাৰী আৰু শ্রমিকে সেৱাৰ মন লৈ আগবাঢ়িলে মহানগৰীৰ সকলো সমস্যা সমাধান কৰিব পৰা যাব বুলি পৌৰ আয়ুক্তগৰাকীয়ে কয়৷ আনহাতে, খোৱাপানীৰ সমস্যা সন্দর্ভত পৌৰ আয়ুক্তই মতামত ব্যক্ত কৰি কয় যে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্রত জিএমচিয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷ অৱশ্যে ইয়াৰ বাবে নির্দিষ্ট সময়ৰ প্রয়োজন হ’ব আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত মহানগৰবাসীক পর্যাপ্ত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হ’ব৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ নির্দেশ মর্মে পৌৰ নিগমে পানী যোগান আঁচনিসমূহ অধিক কার্যক্ষম কৰি তুলিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ অৱশ্যে মহানগৰীৰ কৃত্রিম বান, নলা–নর্দমা নিষ্কাশন আৰু সৌন্দর্যবর্ধনৰ ওপৰত প্রথম পর্যায়ত সর্বাধিক গুৰুত্ব আৰোপ কৰা বুলি পৌৰ আয়ুক্তগৰাকীয়ে মতামত ব্যক্ত কৰে৷

You might also like