নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্যধৰ চৌধুৰীৰ বিষয়ে ভূপেন দাই কোৱা কথাকেইষাৰ…

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আজি লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু তিথি। আজিৰ এই দিনটো কিতাপৰ দিন হিচাপে অসমবাসীয়ে উদযাপন কৰি আহিছে। তেখেতে জীৱিত কালত সদায়ে ন-লেখকসকলক উদগনি দিছিল। আজিৰ এই দিনটোত আহক জানো তেওঁৰ বিষয়ে ভূপেনদাই কৈ যোৱা সোণসেৰীয়া কথাকেইষাৰ …

   “লক্ষ্য দাৰ কথা সুঁৱৰিলেই মোৰ মনত পৰে শৈশৱলে’ । লক্ষ্য দা এতিয়া অনুপ্ৰেৰণা । শৈশৱত মোক চাইকেলত তুলি গান গাবলৈ নিয়া দিনবোৰৰ কথা মনত পৰে । লক্ষ্য দাই সঁচাকৈয়ে মোক মৰম কৰিছিল । মোৰ মনত আছে লক্ষ্য দাই এবাৰ চাইকেলত তুলি ভৰলুমুখৰ পৰা লৈ গৈছিল । আমি গৈছিলোঁ জজ ফিল্ডত হোৱা বনগীতৰ প্ৰতিযোগিতালে’ । যাওঁতে তেওঁ মোক জোকাই গৈছিল, জানিছানে নাই, তুমি কাৰ চাইকেলত উঠিছা ? সেইকাৰণে অন্ততঃ প্ৰতিযোগিতাত তুমি প্ৰথম হ’বয়ে লাগিব । লক্ষ্য দাৰ চাইকেলত উঠি মোৰ বাট সুগম হ’ল । মই প্ৰতিযোগিতাত প্ৰথম হ’লোঁ । লক্ষ্য দাৰ বাবে কিন্তু গোটেই শতিকাটোৱে সুগম হৈ থাকিল । তেওঁ জীৱনৰ প্ৰতিটো প্ৰতিযোগিতাতে জিকিল । এক দৃষ্টিত গোটেই শতিকাটোৱে তুলি ধৰিলে লক্ষ্য দাই । কটন কলেজিয়েট স্কুলত পঢ়োঁতে লক্ষ্য দাই একলব্য নামৰ নাটক এখন লিখিছিল । তাত মই এটা বেয়া ল’ৰাৰ ভাও দিছিলোঁ । কিন্তু বৰ মন আছিল একলব্যৰ ভাও দিবলৈ । সেই কথা জানি লক্ষ্য দাই মোক বৰকৈ জোকাইছিল । এই যে তাহানিতেই আমাৰ সান্নিধ্য হ’ল সেয়া গোটেই জীৱন থাকি গ’ল । এইদৰে মোক লক্ষ্য দাই বিভিন্ন সময়ত উৎসাহ দিছে । আশীৰ্বাদ দিছে । কেৱল মোকে নহয়, ৰাজ্যৰ অজস্ৰ মানুহক সাহস দিছে । ৰাজনীতি কৰিও নিকা জীৱন যাপনৰ এক উদাহৰণ দি গৈছে । সাধাৰণ মানুহৰ জীৱনক লৈ অসাধাৰণ সাহিত্য ৰচনা কৰি গৈছে । লক্ষ্য দা এক সম্পূৰ্ণ মানুহৰ উদাহৰণ ।”

You might also like