নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহযাত্রী তিথি স্বর্গীয়াৰীৰ কথাৰে বিষ্ণু প্রসাদ ৰাভা

- ধীৰেন ভৰলী

১৯৯২ চনৰ কথা৷ আমি লগ পোৱা সময়ত তিথি স্বর্গীয়াৰী শয্যাশায়ী৷বয়স সত্তৰোর্ধ্ব৷ বিষ্ণু প্রসাদ ৰাভাৰ বিষয়ে দুআষাৰ সুধিব বুলি জনোৱাত পুতেকৰ কান্ধত ভৰ দি চোতাললৈ ওলাই আহিল৷ নলবাৰীৰ দীঘেলীত জন্ম গ্রহণ কৰা তিথিয়ে বৰমাৰ পৰা ১২ কিলোমিটাৰ উত্তৰে হাতীৰটাৰী নামৰ পিছপৰা গাঁও এখনত স্থায়ীভাৱে বাস কৰিছিল৷
আত্মগোপনৰ বেছিভাগ সময় দীঘেলীত কটাইছিল বিষ্ণুপ্রসাদ ৰাভাই৷ দীঘেলীৰ প্রতিখন ঘৰৰ লগতে অহা–যোৱা, থকা–খোৱা৷ খেলপথাৰত খেলুৱৈ, খেতিপথাৰত খেতিয়ক৷ নিশা গানৰ মজলিচ, সাঁজপানী/হাৰীৰ মলমলীয়া, আমোল–মোলত গীতৰ ৰাগ৷ প্রত্যকৰে লগত সুসম্পর্ক৷ গাত আঁচোৰ এটা পৰিব বুলি সদায়ে এদল যুৱক বিষ্ণুপ্রসাদ ৰাভাৰ অতন্দ্র প্রহৰী৷ ইমান শান্তি আৰু নিৰাপদ ঠাই দীঘেলীতকৈ দ্বিতীয় এখন ৰাভাৰ বাবে নাই বুলি আমি শুনিছিলোঁ৷ দীঘেলীৰ পৰা ৰাভাই জমিদাৰী উচ্ছেদৰ আখৰা চলাইছিল৷ স্বাধীনতাক মুকলিকৈ অস্বীকাৰ কৰিবলৈ লৈছিল দীঘেলীৰ পৰাই৷ সেয়েহে দীঘেলীলৈ আমাৰ কৌতূহল, সেই সময়ৰ যুৱকসকলক এবাৰ লগ পোৱাৰ, দুআষাৰ কথা পতাৰ আশা এটা পুহি ৰাখিছিলোঁ৷ তিথি স্বর্গীয়াৰী তেনে এজন ব্যক্তি, তেখেতৰ জীৱিত কালততো নহ’লেই মৃত্যুৰ প্রায় আঢ়ৈ দশক কালৰ পিছত অপ্রকাশিত সাক্ষাৎকাৰটো বিষ্ণুপ্রেমীলৈ আগবঢ়াবলৈ মন মেলিছোঁ৷
বিষ্ণুপ্রসাদ ৰাভা নামৰ মানুহজনৰ নাম শুনি আছিলোঁ৷ মানুহজনক প্রথম যি লগ পালোঁ, পায়ে এটা গধুৰ দায়িত্ব ল’ব লগা হ’লোঁ৷ মই তেতিয়া বৰমাৰ বোর্ডিং স্কুলত থাকি পঢ়া–শুনা কৰোঁ৷ এদিনাখন ল’ৰা এজন আহি ক’লে, ‘তোমাক লোহিত ডেকাৰ ঘৰত মাতিছে৷’ ডেকা বৰমাৰ মৌজাদাৰ৷ প্রতিপত্তি থকা লোক৷ বিলম্ব নকৰি ল’ৰাজনৰ লগতে ওলালোঁ৷ বহুকেইজন মানুহ৷ গোপন আলোচনা চলি আছে৷ মোক অচিনাকি পাই আলোচনা বন্ধ হ’ল৷ দলটোৰ মাজৰ পৰা গুৰু–গম্ভীৰ মাত ভাহি আহিল–
‘কি নাম তোমাৰ?’
‘তিথি৷ তিথি স্বর্গীয়াৰী৷’ ভয়ে ভয়ে৷ কি বা জগৰ লগালোঁ
‘ৰতিক চিনি পোৱা?’
‘হয় পাওঁ৷ মোৰ দাদা হয়৷’
‘মই বে–আইনী মানুহ, তুমি বোধহয় নাজানা, মই পলাই আছেছা৷ মোক তোমালোকৰ গাঁৱলৈ লৈ যাব লাগে৷ পাৰিবা?’
মূৰ দুপিয়াই সঁহাৰি দিলোঁ৷ মানুহজনৰ মুখখন, চেহেৰাটো চাবলৈ সাহস আৰু নহ’ল৷
মানুহকেইজন আকৌ আলোচনাত লাগি গ’ল৷ কোন ক’ত থাকিব, কোনে কি কাম কৰিব লাগিব, তেনে ধৰণৰ আলোচনা৷ মই বাহিৰলৈ ওলাই আহিলোঁ৷ বাহিৰত আৰু এটা দল৷ তেওঁলোকৰ মাজতো জুমা–জুমি৷ মোক আনিব যোৱা ল’ৰাজন আগবাঢ়ি আহিল, তেওঁৰ পৰাহে জানিলোঁ মানুহজন যে বিষ্ণুপ্রসাদ ৰাভা৷
দলটো দুটা ভাগত ভাগ কৰি পঠিয়াইছিল৷ বে–আইনী ৰাভাক আগবঢ়াই নিয়াৰ ভাৰ পৰিছিল কাতিৰাম আৰু মোৰ ওপৰত৷ বে–আইনী নোহোৱা ৰাজনৈতিক পণ্ডিত লোকনাথ বৰুৱা, নবীন মেধি হাতখোলা হৈ পোনে পোনে দীঘেলীলৈ গৈছিল৷ আমাক নির্দেশ কৰা পথটোত দিবং নদী৷ আহাৰ মাহ৷ বাৰিষাৰ ধল৷ ফেনে–ফোটোকাৰে দিবং বৈ আছে৷বাঢ়নী পানীৰ প্রতি মোৰ বৰ ভয়৷ গোসাঁইখাতৰ পৰা মোৰ ভৰি নচলা হৈছিল৷ নদীৰ ৰুদ্রতা দেখি কাতিৰাম আৰু মোৰ জীউ ধাতু তালুৰে ওলাই গৈছিল৷ ৰাভাক ক’বলৈ বাধ্য হৈছিলোঁ আমি যে সাঁতুৰিব নাজানো, এই কথা ক’বলৈ৷ ‘কছাৰী ল’ৰা হৈ সাঁতুৰিব নাজানা? আৰু মোৰ কান্ধত ধৰি পাৰ হ’ব পাৰিবানে?’
লাজে–মানে, ভয়ে–ভীতে ৰাভাৰ কান্ধত ধৰি দুয়ো দিবং নদী পাৰ হৈছিলোঁ৷ মহাপুৰুষ শংকৰদেৱে ভৰ বাৰিষা ব্রহ্মপুত্র পাৰ হোৱাৰ কথা শুনি আহিছোঁ৷ দুজন লৰাক দুই কান্ধত লৈ সাঁতুৰিব পৰা লোকো যে অসম মুলুকত জন্ম গ্রহণ কৰিছে, হাতে হাতে প্রমাণ পালোঁ৷
এই ঘটনাৰ কেইমাহমান পিছতেই মই এটা মাষ্টৰৰ চাকৰি পালোঁ৷ ভূটান সুঁতিৰ নেপালী গাঁও এল পি স্কুলত৷ গাঁওখনত সোমাই গম পালোঁ এইখন গাঁৱতো ৰাভা সোমাইছে৷ মাটি আন্দোলনৰ ওপৰত মেল–মিটিং কৰি ঘূৰি ফুৰিছে৷ ইয়াৰ নেপালী আৰু বডো মানুহৰ বাবে ৰাভা মধ্যমণি৷ এদিন ৰাতি মোৰ ঘৰত আহি ওলাল৷ কিছুদিন থাকি অইন ঠাইলৈ গুচি গ’ল৷ পিছত মোৰ নামত এখন ৱাৰেণ্ট পালোঁ৷ মোৰ অপৰাধ চৰকাৰী মানুহ হৈ বে–আইনী মানুহক আশ্রয় দিছেছা৷ স্কুললৈ যাব নোৱৰা হ’লোঁ৷ উপায় নাপাই চাকৰিকে ইস্তফা দিলোঁ৷ ৰাভাৰ আৰ চি পি দলত সক্রিয়ভাৱে লাগি গ’লোঁ৷
আধিয়াৰ আন্দোলনটো আমাৰ দীঘেলীত বে’চ সুদৃঢ় কৰি তুলিছিল৷ মোৰ দাদা ৰতি স্বর্গীয়াৰী, উমেশ স্বর্গীয়াৰী গাঁৱৰ ডেকাচামে ইতিমধ্যে হাতে–কামে খাটি আছে৷ ময়ো চাকৰি বাদ দি পার্টীত লাগি গ’লোঁ৷ মাটিৰ মালিকক আধি–ঠিকাৰ ধান নিদিওঁ বুলি কৈ দিলোঁ৷ মোৰ ওপৰত পার্টীয়ে তেতিয়ালৈকে দায়িত্ব নির্দিষ্ট কৰা নাছিল৷ নিজৰ গাঁৱতে ৰাভাই গঢ়া ভেটিতে সংগঠনটো আৰু মজবুত কৰিবলৈ লাগি গ’লোঁ৷ কম দিনৰ ভিতৰতে দীঘেলীক কমিউনিষ্ট গাঁও কৰি তুলিলোঁ৷ কংগ্রেছীবোৰে মুখ ফুটাই ক’ব নোৱৰা হ’ল৷ তেনেতে খবৰ আহিল ৰাভাক মছলপুৰলৈ লৈ যাব লাগে৷ আঠিয়াবাৰীৰ মাণিক মৌজাদাৰ নামজ্বলা কংগ্রেছী৷ মোক কৰা নির্দেশ মর্মে সেই মাণিক মৌজাদাৰৰ ঘৰত ৰাভাক সুমুৱাই দিব লাগে৷ মোৰ ভয়, কংগ্রেছী লোকৰ ঘৰত বে–আইনী লোকৰ আশ্রয় কথাটো বা কি হয় মই হ’লোঁ ৰখীয়া৷ ৰাভাই নির্ভয়ে তেওঁৰ ঘৰতে তিনি ৰাতি থাকিল৷ বুজিবলৈ বাকী নাথাকিল চৰকাৰে বে–আইনী, উগ্রবাদী সজালেও ৰাভাক সকলোৱে শ্রদ্ধা কৰে, যথোচিত সন্মান দিয়ে, ভিতৰি ভিতৰি ৰাভা সমর্থিত সংগঠনলৈ সমর্থন দিয়ে৷ তাত তেওঁ মিটিং এখনত ভাষণ দি কৈছিল, মাণিক মৌজাদাৰৰূপী অসমত যিবোৰ ভূ–স্বামী আছে তেওঁলোকে আমাৰ হিয়াৰ আমঠুসকলক যুগ যুগ ধৰি কেনেকৈ ঠগি আছে, সেই কথা৷ ভাবিলে আচৰিত লাগে, মৌজাদাৰৰ ঘৰৰ পৰাই কেনেকৈ প্রতিবাদ কৰিবলৈ সক্ষম হৈছিল ৰাভাই৷ ইয়াৰ পিছত আমি তেতিয়াৰ কংগ্রেছী বিধায়ক মছলপুৰৰ ধৰণী বসুমতাৰীৰ ঘৰত সাত দিন থাকিলোঁ৷ আজিৰ নেতা–পালিনেতাৰ নিচিনা তেতিয়াৰ কংগ্রেছীৰ মনবোৰ ঠেক নাছিল৷ বসুমতাৰীয়ে ৰাভাৰ কোনো কামতে হকা–বধা কৰা নেদেখিলোঁ৷ বৰং চৰকাৰ লগত আলোচনাৰ মাধ্যমেৰে বিপ্লৱী কমিউনিষ্টৰ দাবীবোৰ সমাধান কৰিব পাৰি নেকি বহুবাৰ বুজাই চাইছিল৷ আন্দোলন কৰক, সাংস্কৃতিক দিশটো এৰি নিদিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল৷ বসুমতাৰীৰ ঘৰত থকা দিনকেইটাত শীতল বসুমতাৰী, চাৱাৰাম ব্রহ্ম, দীঘল বসুমতাৰীয়ে সংগঠনৰ নির্দেশত গা–ৰখীয়াৰ কাম কৰিছিল৷ সেই সাত দিনৰ ভিতৰত আমি অপাৰেচন কৰিছিলোঁ৷বৰমাৰ ওচৰৰ গৰমাৰাত৷ গৰমাৰাৰ মাটিবোৰ আছিল কনক মজুমদাৰ আৰু এজন মাৰোৱাৰীৰ৷ সিহঁতে আমাৰ কমৰেড সূর্য ব্রহ্মৰ ওপৰত বহু টকাৰ কৰ বহুৱাইছিল৷ যথাসময়ত কৰ পৰিশোধ কৰিব নোৱৰাত কনক মৌজাদাৰ আৰু মাৰোৱাৰীয়ে মাটিবোৰ কাঢ়ি লৈছিল৷ কথাটো সবিস্তাৰে শুনি ৰাভাই মোক, দীঘেলীৰ কাবুল, গোৱালপাৰাৰ উকিলৰ ল’ৰা (নামটো মনলৈ অহা নাই) গৰমাৰালৈ পঠিয়ালে৷ সূর্য ব্রহ্মক কুৰিখনমান হাল যোগাৰ কৰিবলৈ দিলে৷ ৰাভাৰ কথা, ‘নাঙলেৰে সীৰলু টানো আমি, ফল ভোগ কৰিব সিহঁতে? আমাৰ স্পষ্ট কথা, মহাজনক খাজানা নিদিওঁ৷ খাজনা দিব লাগিলে চৰকাৰক দিম৷ এতিয়াৰ পৰা কোনো মালিকক আধিও নিদিওঁ, ঠিকা নিদিওঁ৷ নাঙল যাৰ মাটি তাৰ৷’ ৰাভাই আৰু কৈছিল, ‘প্রথম বুজাই চাবা৷ নামানিলে বল প্রয়োগ কৰিবা৷ লক্ষ্য হ’ব কাম হাচিল কৰা৷ মানুহ জীৱন্তে নামাৰিবা৷’ আমি তাত কুৰিখন হাল লগাই নিমিষতে মৌজাদাৰ আৰু মাৰোৱাৰীৰ জমিদাৰী উচ্ছেদ কৰিলোঁ৷ কি যে বিষ্ণু প্রসাদ ৰাভাৰ ৰণনীতি
ইয়াৰ পিছত সোমাওঁ দিহিৰা গাঁৱত৷ দাৰেন বসুমতাৰীৰ ঘৰত৷ তেওঁ আমাৰ পার্টীৰ লোক৷ তেওঁৰ লগত ধুমুহাৰ গতিত কেইবাখনো গাঁৱৰ ডেকা ল’ৰাবোৰক সংগঠিত কৰে৷ এইবাৰ তেওঁৰ লক্ষ্য ডুমুনী চাহ বাগিচাৰ কুলী সম্প্রদায়ৰ মাজত সোমোৱা৷ ধৰণী সিংহৰ সহায়ত ৰাভাই কুলী–মজদুৰৰ লগত জুমুৰ নাচিলে, গালেও৷ অভ্যাগত মজদুৰৰ লগত অকণো ভেদ ভাব নাৰাখি হাৰীয়ে হাৰীয়ে লোকেল মদ খালে৷ জনতাৰ মাজত নিজকে বিলাই দি বিপ্লৱী কমিউনিষ্ট পার্টীৰ কঠীয়া পাৰিছিল৷
ইয়াৰ পিছত আমাৰ কাম হৈ পৰিছিল ক’ত ক’ত আমাৰ জনগোষ্ঠীয় মানুহ আছে বিচাৰ–খোঁচাৰ কৰা৷ ক’লৈ গ’লে বাবা নিৰাপদে থাকিব সেই ঘাটিবোৰ উদঘাটন কৰা৷
তিনি মাহৰ ভিতৰত গোটেই উত্তৰাঞ্চলত সংগঠনৰ স্থিতি গজগজীয়া হৈ উঠে৷ শ শ যুৱক–যুৱতী ৰাভাৰ সবল ব্যক্তিত্ব আৰু দক্ষতাৰ অতুলনীয় প্রতিভাত অনুপ্রাণিত হৈ পার্টীৰ হকে কাম কৰিবলৈ ওলাই আহে৷ পিছলৈ বাবাৰ নিৰাপত্তাৰ দায়িত্ব নতুন ল’ৰাবোৰক দিয়ে৷ মোক যোগাযোগৰ কামত লগায়৷ যোগাযোগৰ কামত সঘনে কলিকতালৈ পঠিয়াইছিল৷ সেই সময়তে সর্বভাৰতীয় নেতা পান্নালাল দাসগুপ্তা ধৰা পৰে, ইয়াৰ মূলতে হ’ল অসমৰ নেতাৰ শ্লেকনেছ আৰু সময়ক গুৰুত্ব নিদিয়াটো৷ সিবাৰ পান্নালালক খবৰ দিয়া হ’ল অসমৰ পৰা মেচেঞ্জাৰ যাব৷ যোৱা তাৰিখ আনকি ৰে’লৰ নম্বৰ পর্যন্ত দিয়া হৈছিল৷ আমাৰ নেতাসকলৰ ভিতৰুৱা খেলিমেলিৰ বাবে সময়মতে নপঠিয়ালে৷ পান্নালাল নির্দিষ্ট ঠাইত ৰৈ আছিল আৰু তেওঁ ধৰা পৰিল৷
বিষ্ণু ৰাভাৰ লগত বহু নিশা দুর্গম ঠাইত কটাইছোঁ, নির্জন ঠাইত উজাগৰে আছেছা, ভূত–প্রেত, জীৱ–জন্তুলৈ ভয় কৰা নাছিলোঁ৷ ভয় আছিল বিষ্ণু মেধি চৰকাৰৰ গুণ্ডা বাহিনীলৈ৷ বর্তমানৰ সশস্ত্র সংগ্রামীৰ নিচিনাকৈ মানুহ মৰাটো আমাৰ লক্ষ্য নাছিল৷ তথাপি কেন্দ্রীয় কমিটীৰ নির্দেশত নিজৰ গা বচাবলৈ বেলশৰৰ বুদুক হত্যা কৰা হৈছিল৷ বহুত পিছতহে জানিব পাৰিছিলোঁ বুদুৱে যে সংগঠনৰ বিশ্বাসভাজন হৈ থাকি ৰাভাক দিয়া পিষ্টলটো হাত কৰিবলৈ চেষ্টা কৰি আছিল৷ কেন্দ্রীয় কমিটীৰ নির্দেশ ইমান গোপনীয় আছিল যে কাৰ দ্বাৰা বুদুক হত্যা কৰা হ’ল আমি বহুত দিনলৈ গমেই পোৱা নাছিলোঁ৷ পুলিচে অৱশ্যে বেলশৰৰ হেমোক সন্দেহ কৰিছিল৷
‘মেলকিয়ে গাঁও খায়, নেতাই জাতি খায়’ আমাৰ বিপ্লৱী কমিউনিষ্ট পার্টীৰো একে দশা হ’ল৷ ৰাভাৰ লগত যি ঠাইত গৈছেছা তাতে জনতাৰ অকুণ্ঠ মৰম, সঁহাৰি পাইছেছা, তথাপি খুব কম দিনৰ ভিতৰতে পার্টী ভাঙি থানবান হ’ল৷ ইয়াৰ মূলতে হ’ল– নিষ্ঠাৱান নেতাৰ সবল নেতৃত্বৰ অভাৱ৷ নেতৃত্বৰ খেলিমেলিৰ বাবে ময়ো এদিন ধৰা পৰিলোঁ৷
দীপৰ বিলৰ ওচৰত পার্টীৰ গোপনীয় মিটিং এখন বহাৰ কথা আছিল৷ আগদিনাই গুৱাহাটীলৈ আহোঁ৷ তৰুণ সেন ডেকাই পার্টীৰ পুস্তিকা এজাপ আৰু লেমৰ চিমনি কেইটামান মোৰ হাতত দি পঠিয়ায়৷ লগত আছিল ডিব্রুগডৰ ফালৰ কমৰেড এজন৷ আজাৰৰ মাজেৰে আগবাঢঁো৷ প্রবল বৰষুণ৷ তাতে ঠাইবোৰ আমাৰ বাবে নতুন৷ তিতি–বুৰি গৈ থাকোঁতে বিলৰ এটি পাৰত হৰিদাস ডেকাক লগ পাই যাওঁ৷ তেওঁ মিটিঙলৈ আহিছে৷ মেটেকাৰ দ’মত থিয় হৈ নেতৃত্বক মনৰ দুখতে গালি–গালাজ কৰিব ধৰোঁ৷ তেওঁলোকৰ ভুলৰ বাবে আমাৰ নিচিনা সৰু সৰু কর্মীবোৰৰ এনেকুৱা লটি–ঘটি হয়, স্পষ্ট ভাষাৰে জনাই দিলোঁ৷ দাসে স্বীকাৰ কৰিলে৷ আমি আৰু পুনৰ আগবাঢ়িব ধৰোঁ৷ হাজাৰ হক পার্টীৰ আদেশ অমান্য কৰো কি স’তে? অচিন ঠাই৷ আমাৰ চাল–চলন, ঘূৰণ–ফুৰণত সন্দেহ হ’ল বোধহয়৷ আমাক পুলিচে ধৰি পেলায়৷ কঁকালত পঘাৰে বান্ধি সদৰ থানালৈ লৈ আহে৷ বাকী দুজনৰ হাতত আপত্তিজনক একো নোপোৱাত খালাচ দিয়ে৷ মই ছয় মাহ জেল খাটিব লগা হ’ল৷ ইমানতে বিপ্লৱী কমিউনিষ্ট পার্টীৰ এজন সুদক্ষ সংগঠক কমৰেড বিষ্ণুপ্রসাদ ৰাভাৰ লগত সম্পর্ক নোহোৱা হৈ আহে৷ ৰাভাক কেন্দ্রীয় নেতৃত্বই কোকৰাঝাৰলৈ পঠিয়ায় দিলে৷

You might also like