আজি ৰক্তদান দিৱসঃ ৰক্তদানৰ কেইটামান লাভালাভ
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ আজি ৰক্তদান দিৱস। বিশ্বজুৰি ১৪ জুনত পালন কৰা এই দিৱসত ৰক্তদানৰ মহত্ত্ব, ৰক্তদাতাৰ প্ৰতি সন্মান আৰু ৰক্ত সঞ্চয়ৰ প্ৰয়োজন সম্পৰ্কে সজাগতা অনাৰ চেষ্টা কৰা হয়। অষ্ট্ৰেলিয়ান জীৱ বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্মদিনটোতে এই দিৱস পালন কৰা হয়। ২০০৪ চনৰ পৰা ৰক্তদান দিৱস বিশ্বৰ প্ৰতিখন দেশেই পালন কৰি আহিছে। ভাৰতত জনসংখ্যাৰ তুলনাত ৰক্তদাতাৰ হাৰ নিচেই কম হোৱা দেখা যায়, ইয়াৰ মূলতে আছে ৰক্তদান সম্পৰ্কীয় অজ্ঞানতা। ভয়, শংকাৰ বাবেও বহুতে ৰক্তদানৰ পৰা আঁতৰি থাকে। কিন্তু ৰক্তদানে আমাৰ স্বাস্থলৈ আনিব পাৰে বহুতো সুফল….
- ৰক্তদানৰ ৪৮ ঘণ্টাৰ ভিতৰত তেজৰ ৰঙা ৰক্ত কোষিকাবোৰ পুনৰ পূৰণ হৈ থাকে। এই প্ৰক্ৰিয়াই স্বাস্থ্য সতেজ কৰাত সহায় কৰে।
- তেজত আইৰনৰ মাত্ৰা বঢ়া মানে হৃদৰোগৰ আশংকা । ৰক্তদানৰ ফলত তেজত আইৰনৰ মাত্ৰা কম হয় আৰু হৃদৰোগৰ আশংকাও কমে।
- ৰক্তদানৰ বাবে প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ জৰিয়তে ৰক্তদাতাই বিনামূল্যে নিজ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জানিব পাৰে।
- ৰক্তদানৰ পিছত ৩ মাহলৈ পুনৰ ৰক্তদান কৰিব নালাগে।