নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি পি এফক নির্বাচন কিয় লাগে ?

যোৱা ২৮ এপ্রিলত বি টি এ ডিত শাসন ক্ষমতা ৰাজ্যপালৰ হাতলৈ গুচি যায়৷ এয়া অৱধাৰিত আছিল৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণে দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাত বি টি এ ডিত নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নাছিল৷ তদুপৰি পৰিষদীয় অঞ্চলত লকডাডন চলি আছিল৷ এনে অৱস্থাত নির্বাচিত প্রতিনিধিৰে চৰকাৰ এখনৰ কার্যকাল শেষ হ’লে তাত দুটাই বিকল্প থাকে৷ এটা হ’ল, চৰকাৰখনৰ কার্যকাল বৃদ্ধি কৰি সাংবিধানিক সংকট আঁতৰ কৰা নতুবা ৰাজ্যপালে নিজেই শাসন হাতলৈ অনা৷ বিটিচিৰ ক্ষেত্রত দ্বিতীয়টোকে ডত্তম আৰু সাম্প্রতিক পৰিস্থিতিৰ দাবী বুলি ৰাজ্যপালে বিবেচনা কৰিলে৷ ৰাজ্যপালৰ সিদ্ধান্তক প্রায় সকলো পক্ষই আদৰণিও জনালে৷ পৰিষদীয় অঞ্চলৰ বিভিন্ন দল–সংগঠনৰ লগতে বি পি এফৰ মিত্রদল বিজেপি, দলটোৰ পূর্বৰ মিত্র কংগ্রেছেও ৰাজ্যপালে পৰিষদৰ শাসন ক্ষমতা নিজৰ হাতলৈ অনাত সন্তোষ ব্যক্ত কৰিলে৷ কিন্তু ব্যতিক্রম বি পি এফ৷ দলটোৱে ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰাৰ লগতে সিদ্ধান্তটোক অসাংবিধানিক আখ্যা দি আদালতৰো কাষ চাপে৷ সকলো পক্ষই আদৰণি জনোৱাৰ বিপৰীতে বি পি এফে ইমান বিৰোধিতা কৰিলে কিয়? পৰিস্থিতি–পৰিৱেশ নির্বাচনৰ অনুকূল হ’লে আন ৰাজনৈতিক দলৰ লেখীয়াকৈ তেওঁলোকেও নির্বাচনত অৱতীর্ণ হৈ নিজৰ ভাগ্য পৰীক্ষা কৰিব পাৰিব৷ তালৈ অপেক্ষা নকৰি, বিশেষকৈ ক’ভিড–১৯ নামৰ মহামাৰীবিধে ত্রাস সৃষ্টি কৰাৰ সময়তো ৰাজ্যপালৰ শাসনৰ বিপৰীতে নির্বাচন অনুষ্ঠিতকৰণত দলটোৱে জোৰ দিছে৷ আজিৰ পৰিৱেশত ক্ষমতাৰ এনে নির্লপ্ত খঁকৰ ডদাহৰণ হয়তো দ্বিতীয়টো পাবলৈ টান হ’ব৷ নাপাবই বুলি ক’ব পাৰি৷ এই মুহূর্তত ক’ভিড–১৯ত সমগ্র বিশ্ব কম্পমান৷ কঠোৰ লকডাডনে চঞ্চল পৃথিৱীখনক স্তব্ধতাৰ নেদেখা বিন্দু এটালৈ লৈ গৈছে৷ পৃথিৱীজোৰা এনে স্থবিৰতা অভূতপূর্ব৷ এই পৰিৱেশত পৰি চৌদিশে মানুহৰ অভাৱনীয় কষ্ট হৈছে৷ ভোক–ভাৱে কোটি কোটি মানুহক জুৰুলা কৰিছে৷ তথাপি মানুহে মানুহৰ মংগল হওক বুলি কঠিন সময়ছোৱাত যথাসম্ভৱ ধৈর্য আৰু সংযমেৰে পাৰ কৰি গৈ আছে৷ এনে সময়ত নির্বাচনৰ কথা কল্পনাৰো অগোচৰ৷ কিন্তু বি পি এফক নির্বাচন লাগে৷ মানে ক্ষমতা লাগে৷ জনসাধাৰণৰ নির্বাচিত প্রতিনিধি হিচাপে একেৰাহে ১৫ বছৰ বিটিচি শাসন কৰা দলটোৱে যে এদিনৰ বাবেও শাসন ক্ষমতাৰ পৰা আঁতৰি থাকিব নোৱাৰে, এনে মানসিকতা সঁচা অর্থত ধিক্কাৰজনক৷ মানৱৰ প্রতি চৰম দায়িত্বজ্ঞানহীন আৰু অৱজ্ঞাসূচক৷ সভ্যতাৰ বিপদৰ সময়ত তেনে ধৰণৰ চিন্তা মনলৈ অনাটোও যে অপৰাধ, সেই কথা লকডাডনৰ বাবে দীর্ঘদিন ধৰি পথাৰলৈ যাব নোৱাৰা বা পদপথৰ দোকানখন খুলিব নোৱাৰি চৰম সংকট পৰা মানুহজনেও ক’ব৷ ক্ষমতাই শেষ কথা হ’ব নোৱাৰে৷ বিটিচি অঞ্চলত এই মুহূর্তত ভাইৰাছবিধে সংকটৰ সৃষ্টি কৰা নাই, ইয়াৰ অর্থ এইটো নহয় যে অঞ্চলটো সুৰক্ষিত৷ আজিৰ তাৰিখত কোনো অঞ্চলকে সুৰক্ষিত বুলি ক’ব নোৱাৰি৷ বিশেষকৈ প্রতিৱেশী বঙাইগাঁও, ধুবুৰী জিলাৰ লগতে পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত ভাইৰাছবিধৰ প্রকোপ যথেষ্ট হৈ থকাত বি টি এ ডিৰ বাসিন্দাক সজাগ আৰু সতর্ক হৈ থাকিবলৈহে আহ্বান জনাব লগিছিল৷ কিন্তু সেয়া পৰিলক্ষিত হোৱা নাই৷ কিয়?
বডো জাতীয়তাবাদী শিবিৰৰ পৰা ৰাজনৈতিক ক্ষেত্রখনলৈ অহা পি টি চি এৰ পাছত বি পি এফেই হ’ল একমাত্র দল, যিয়ে এইদৰে সুদীর্ঘ কালৰ বাবে তিষ্ঠি থাকিব পাৰিছে৷ বিশেষকৈ এবছু–বি পি এ চিৰ নেতৃত্বত ১৯৮৭ চনত আৰম্ভ হোৱা ছবছীয়া পৃথক বডোভূমিৰ আন্দোলনৰ পাছৰ পৰা আজিৰ বি টি এ ডি অঞ্চলত কোনো এটা ৰাজনৈতিক দলে এটা দশকো তিষ্ঠি থাকিবলৈ সক্ষম হোৱা নাই৷ আন্দোলনৰ ধামখুমীয়াৰ মাজতে পি টি চি এৰো মৃত্যু ঘটে৷ পৰৱর্তী কালত অর্থাৎ বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ সময়লৈকে কেইবাটাও ৰাজনৈতিক দলৰ আৱির্ভাৱ ঘটে আৰু কিছু বছৰৰ ভিতৰতে প্রেক্ষাপটৰ পৰা হেৰায়ো যায়৷ এই ধাৰাবাহিকতা বি পি এফ গঠনৰ পাছত স্তব্ধ হয়৷ অৱশ্যে মাজৰ সময়ছোৱাৰ দৰে সিমান সৰলতাৰে অন্ত পৰা নাছিল৷ অন্ত পেলাবলৈ বাধ্য কৰোৱা হৈছিল৷ বি পি পি এফক গুলী–ভাবুকি আদিৰ সন্মুখত পেলাই অস্তিত্বহীন কৰিবলৈ আঁৰৰ পৰা কোনে চক্রান্ত কৰিছিল, সেই সময়ছোৱাৰ বাতৰিকাকত পঢ়িলে সহজেই অনুমান কৰিব পাৰি৷ এক কথাত ক’বলৈ গ’লে, এটা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত পেলাই বি পি পি এফক প্রেক্ষাপটৰ পৰা আঁতৰাই পেলোৱা হৈছিল৷ এই সময়ছোৱাত বডো জাতীয়তাবাদী শিবিৰৰ দ্বিতীয়টো ৰাজনৈতিক দলে বিটিচিত ভয়বিহীন পৰিৱেশত কাম কৰিব, সেইটো কল্পনাৰো অতীত আছিল৷ পৰৱর্তীত এবছুৰ নেতৃত্ব লগত থকা বাবেই ইড পি পি এলে কঠিন পৰিস্থিতিৰ মাজত থাকিও নিজকে জীয়াই ৰাখিবলৈ সমর্থ হ’ল৷ এতিয়া বি এল টিৰ ধাৰাটো শেষ হোৱাৰ দিশে৷ বডো ৰাজনীতিত বি টি আৰৰ জৰিয়তে নতুন ৰাজনৈতিক ধাৰা আৰম্ভ হৈছে৷ চুক্তিত স্বাক্ষৰকাৰী এন ডি এফ বিৰ চাৰিওটা গোটে নতুন ৰাজনৈতিক দল গঠন নকৰি এবছুৰ প্রাক্তন সভাপতি প্রমোদ বডোক নেতৃত্বলৈ আনি ইড পি পি এলৰ জৰিয়তে ৰাজনৈতিক যুদ্ধখন চলোৱাৰ প্রস্তুতি লৈছে৷ নতুন দলটোৰ প্রতি বডো জনসাধাৰণৰ সমর্থন দেখি বিজেপি–কংগ্রেছকে ধৰি আন ৰাজনৈতিক দলেও বি পি এফৰ প্রতি গা এৰা মনোভাব দেখুৱাবলৈ আৰম্ভ কৰিছে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ স্থিতি ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ এনে অৱস্থাত ক্ষমতাত থাকি নির্বাচনৰ সন্মুখীন হোৱাৰ বিকল্প বি পি এফৰ বাবে নাই বুলিয়েই ক’ব পাৰি৷
ক্ষমতা নাথাকিলে বি পি এফৰো পূর্বৰ দলকেইটাৰ দৰে দুর্গতি হ’ব পাৰে৷ কোনো শক্তিয়ে ক’লা মেঘৰ দৰে ছানি ধৰি দলটোক ইতিহাসৰ পৃষ্ঠালৈ ঠেলিব পাৰে৷ দলটোৰ পৰা ব্যাপক হাৰত নেতা–কর্মীৰ আন দললৈ গমন চলিব পাৰে৷ অর্থাৎ দলটোক ধৰি ৰখা টান হৈ পৰিব পাৰে৷ পূর্বতে এনেদৰে নেতা–কর্মীৰ অভাৱত দুই–এটা দল নিঃশেষ হৈ যোৱাৰ নজিৰ আছে৷ বিগত সময়ছোৱাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন কার্যবাহী পৰিষদখনে চূডান্ত দুর্নীতি–নিময়ত লিপ্ত হোৱা বুলি বিভিন্ন পক্ষই অভিযোগ ডত্থাপন কৰি আহিছে৷ নির্বাচনৰ প্রাক্ক্ষণত কোনো ধৰণৰ তদন্তৰ সন্মুখীন হোৱাটো কোনো ৰাজনৈতিক দলে নিবিচাৰে৷ সবাতোকৈ ডাঙৰ কথা হ’ল, জনপ্রিয়তা হেৰুওৱা বুলি অনুভৱ কৰা দলেহে যেনে–তেনে শাসনত থাকি নির্বাচনৰ সন্মুখীন হোৱাটো সদায়েই বিচাৰে৷ কিয়নো শাসনত থাকিলে লাভ বহু৷ চৰকাৰী আঁচনিক দলীয় আঁচনিৰ দৰে ব্যৱহাৰ কৰিব পাৰি৷ প্রশাসনযন্ত্রক নির্বাচনত জয়ী হোৱাকৈ ব্যৱহাৰ কৰিব পাৰি৷ কৌশলেৰে শক্তিও প্রয়োগ কৰিব পাৰি৷ প্রতিপক্ষৰ শিবিৰত আতংকৰ সৃষ্টি কৰিব পাৰি৷ হয়তো এনে কাৰণতে বি পি এফে ৰাজ্যপালৰ শাসনৰ তলত থাকি নির্বাচন বিচৰা নাই৷ ইয়াৰ বিপৰীতে সময় মানৱ সভ্যতাৰ অনুকূল নহ’লেও একমাত্র পৰৱর্তী পাঁচ বছৰ যাতে শাসনত থাকিব পাৰি, তাৰ বাবে যেনে–তেনে নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে৷ নহ’লে এই পৰিৱেশত কোনেনো নির্বাচন বিচাৰে?

You might also like