নেতৃত্বহীনতাত ‘কা’বিৰোধী
আমাৰ সাংবাদিক জীৱনটোৰ সাধাৰণ পৰিক্রমাটোত এটা কথা ভালদৰেই বুজি উঠিছোঁ যে কেইবাটাও বিষয়ত একে মত অথবা চিন্তাধাৰাৰে গতি কৰিলেও সংগ্রামৰ ক্ষেত্রখনত সদৌ অসম ছাত্র সন্থা আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ মাজত সদায়েই এটা দূৰত্ব থাকে৷ ‘কা’বিৰোধী আন্দোলনটোতো দুয়োটা সংগঠনে ভিন্ন ভিন্ন স্থানৰ পৰাহে জঁপিয়াই পৰিছিল৷ ঠিক যেন কোনেও কাকো সহ্য কৰিব নোৱাৰে৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজতো সেই ধাৰাটো অব্যাহত আছে বুলি ক’লে বঢ়াই কোৱা নহয়৷ দেখাত দুয়োটা দল মিত্রতাত আবদ্ধ হ’লেও আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ দিনৰ পৰাই থকা ব্যৱধানৰ মানসিকতাটোৰ পৰা আজিও নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল দুটাৰ নেতৃত্ব আঁতৰি আহিব পৰা নাই৷ ইয়াৰ প্রভাৱ আসন বুজাবুজি, ৰাজনৈতিক বক্তব্য আদিত স্পষ্টকৈ পৰিছে৷ পৰস্পৰে পৰস্পৰৰ প্রার্থীৰ বিৰুদ্ধে কোনো হিচাপ–নিকাচ নকৰাকৈ প্রার্থী দিছে৷ প্রতিদিনেই দল দুটাৰ নেতৃত্বৰ অপৰিপক্বতা জনসাধাৰণৰ মাজত ক্রমশঃ অধিক ৰূপত ধৰা পৰিবলৈ ধৰিছে৷ এই অৱস্থাত প্রশ্ণ উঠিছে– অসমৰ ‘কা’বিৰোধী জনগণক নেতৃত্ব দি তেওঁলোকে ভোটকেন্দ্রলৈ আনিব পাৰিবনে? জাতিৰ স্বার্থত বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰা এই সংগ্রামী জনসাধাৰণৰ ভোটখিনিৰ সদউপযোগ হ’বনে? তেওঁলোকৰ ‘কা’বিৰোধী চৰকাৰ এখন দিছপুৰত গঠন কৰাৰ স্বপ্ণ পূৰণ হ’বনে? তাতোকৈ ডাঙৰ কথা, অসমত এই মুহূর্তত ‘কা’বিৰোধী জনগণ এবছৰ পূর্বে থকা অৱস্থানটোতেই আছেনে?
নির্বাচনী ৰাজনীতিৰ দিশৰ পৰা চালে অসমত ‘কা’বিৰোধীৰূপে জনাজাত জনসমষ্টিটো এখন চৰকাৰ গঠন কৰিব পৰাকৈ শক্তিশালী নহয়৷ নির্বাচনত প্রতিপক্ষ বুলি ধৰি লোৱা সকলো বৈধ নাগৰিকৰ ভোটাধিকাৰ থাকে৷ তেওঁলোকে আন্দোলন এটাত নিজৰ অৱস্থান কি, সেইটো দিশ বিবেচনা কৰি ভোটাধিকাৰ সাব্যস্ত কৰে৷ এতিয়া যদি অসমত ‘কা’বিৰোধী জনগণৰ সাধাৰণ হিচাপটো উলিয়াব লগা হয়, তেওঁলোক চৰকাৰ গঠনৰ ক্ষেত্রত কিমান অসহায়, সেইটো জলজল পটপটকৈ স্পষ্ট হৈ পৰিব৷ বৰাক উপত্যকাত এই জনসমষ্টিটো তেনেই নিশকতীয়া৷ পাহাৰীয়া জিলা দুখনো ‘কা’বিৰোধী আন্দোলনৰ পৰা মোটামুটিকৈ আঁতৰত আছিল৷ মধ্য অসম, নামনি অসমত আন্দোলনটোৰ প্রভাৱ কিছু বিশেষ মানুহৰ মাজতে সীমাবদ্ধ আছিল৷ বিটিআৰৰ ১২টা সমষ্টিতো ‘কা’বিৰোধী আন্দোলনৰ প্রভাৱ পৰাৰ সম্ভাৱনা কম৷ মাথোঁ উত্তৰ আৰু উজনি অসমত ই ব্যাপক হাৰত জনসাধাৰণক স্পর্শ কৰিছিল৷ ৰাইজ ৰাজপথলৈ ওলাই গৈছিল৷ অঞ্চল দুটাত কিন্তু ‘কা’ৰ সমর্থক নতুবা বিজেপিৰ গণভিত্তি যথেষ্ট৷ অর্থাৎ সাধাৰণভাৱে ক’বলৈ গ’লে, আন্দোলনটোৰ অভিকেন্দ্রতে শক্তিশালী প্রতিপক্ষ আছে৷ এতিয়া ‘কা’বিৰোধী ভোটখিনি ঐক্যবদ্ধ হৈ এটা শিবিৰত অৱস্থান নকৰিলে প্রতিপক্ষ অর্থাৎ বিজেপি লাভান্বিত হ’ব৷ দলটোৱে এনেয়েও ‘কা’ আৰু কেববিৰোধী আন্দোলন তুংগত থকা প্রতিকূল সময়ত অসমত ধাৰাবাহিকভাৱে সাফল্য লাভ কৰি আহিছে৷ অৱশ্যে তেতিয়া জাতীয়তাবাদী শিবিৰত ৰাজনৈতিক দল নাছিল৷ এইবাৰ আছে৷ কিন্তু এতিয়ালৈকে দুয়োটা দল যিদৰে আগবাঢ়িছে, অসমৰ কোনো এটা অংশতে মিত্রজোঁটটোৱে চৰকাৰ গঠন কৰিব পাৰিব বুলি আশা জগা নাই৷ তেনে বাতাৱৰণ সৃষ্টি কৰিব পৰা নাই৷ এইটোৱে দুয়োটা দলৰ মিত্রজোঁটক নীৰৱ, নিৰপেক্ষ ভোটাৰৰ সমর্থন লাভত হেঙাৰৰ সৃষ্টি কৰিব৷ বহু লোকে ক্ষমতালৈ আহিব পৰা সম্ভাব্য দলটোক ভোট দিয়ে৷ তদুপৰি, ধর্মীয় সংখ্যালঘুৰ ভোটো তেওঁলোকৰ পক্ষে যোৱাৰ সম্ভাৱনা কম৷ সাধাৰণতে ধর্মীয় সংখ্যালঘুৱে বিজেপিক হৰুৱাব পৰা শক্তিশালী দলক আঁকোৱালি লয়৷ অসমত বিগত সময়ছোৱাত হৈ যোৱা নির্বাচনকেইটাই ইয়াকে ক’ব বিচাৰে৷ সেয়ে কেতিয়াবা এ আই ইউ ডি এফ, কেতিয়াবা কংগ্রেছৰ পক্ষলৈ যায় ধর্মীয় সংখ্যালঘু৷
সংখ্যাৰ গণিতৰ দিশৰ পৰা অসমৰ ‘কা’বিৰোধী জনগণৰ অৱস্থান বিশেষ শক্তিশালী নহ’লেও নির্বাচনত তেওঁলোকৰ সমীকৰণ সলনি কৰিব পৰা ক্ষমতা কিন্তু আছে৷ সেইবাবে বিজেপিও এই জনসাধাৰণখিনিক লৈ চিন্তিত৷ ‘কা’ আন্দোলনৰ বিষয়টোক নির্বাচনী প্রচাৰৰ পৰা কৌশলেৰে আঁতৰাই ৰাখি নির্বাচনৰ প্রাক্–সময়ছোৱাত উমি উমি জ্বলি থকা জুইকুৰাত ঘিউ ঢ়ালিব বিচৰা নাই৷ শেহতীয়াকৈ অসমলৈ আহি কেইবাখনো নির্বাচনী সভাত ভাষণ দিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও নাম উল্লেখ নকৰাকৈ অজাপ আৰু ৰাইজৰ দলক সমালোচনা কৰি দল দুটাই ভোট বিভাজনৰ জৰিয়তে কংগ্রেছক সহায় কৰিব বুলি অভিযোগ কৰি আহিছে৷ তেওঁ আনকি এইদৰেও কয় যে যি কংগ্রেছে আন্দোলনকাৰীক গুলীয়াই শ্বহীদ কৰিছিল, সেই দলটোকে অজাপই সহায় কৰিবলৈ ওলাইছে৷ অর্থাৎ অসমৰ এই ‘কা’বিৰোধী জনগণৰ শক্তিক লৈ বিজেপিও চিন্তিত৷ অথচ ইয়াক সম্ভাৱনাৰ দিশে নিয়াত এতিয়ালৈকে চকুত পৰা ধৰণে সফল হ’ব পৰা নাই দল দুটা৷ এনে ধৰণৰ দুর্বল আৰু অপৰিপক্ব স্থিতিয়ে ‘কা’বিৰোধী জনগণক বিভ্রান্ত কৰিব পাৰে৷ হতাশ কৰিব পাৰে৷ তেওঁলোকে সময় থাকোঁতে ‘কা’বিৰোধী জনগণক একত্র কৰি এখন মঞ্চৰ তললৈ আনিব নোৱাৰিলে ক্ষুব্ধ, হতাশ, ৰুষ্ট ‘কা’বিৰোধী জনগণৰ মাজত বিভাজন সৃষ্টি হ’ব পাৰে৷ এটা বুজন অংশ আনকি বিজেপিৰ পক্ষলৈও যাব পাৰে৷ মানে লাভ বিজেপিৰ হ’ব৷ অনিশ্চয়তাত পৰিব নৱগঠিত ৰাজনৈতিক দল দুটাৰ ভৱিষ্যৎ৷